মডেলৰ অৰ্ডাৰ – লক্ষ্য শইকীয়া
প্ৰায়েই ৰাতি এখুন্দা লাগোৱেই তেখেতৰ লগত! নালাগিলে ৰাতিৰ ভাত সাঁজো হজম নহয়, ৰাতি ভয়ানক ভয়ানক সপোন দেখো (তেখেতে মোৰ মূৰ পিটিকি আছে, গা মালিছ কৰি আছে, যিটো কেতিয়াও নহয়! এইবোৰ ভয়ানক সপোন নহয়নো কি?) আজিও সময়মতেই কল আহিল তেখেতৰ৷ মুদটো অলপ ভাল আজি (শনিবৰীয়া ৰাতি ফুল এজোপা শিপালৈকে চোবাই আছোতো! লগতে ডাৱৰ সৃষ্টি কৰি লৈছো ধূপ জ্বলাই, এৰোপ্লেন চলাম তলৰ পৰা বিছনাত উঠিবলৈ!) বিয়াৰ কথা কিবা কিবি কৈ আছিল, মোৰ মূৰতহে একো সোমোৱা নাছিল! কিবা ড্ৰেছৰ কথাও কৈ আছিল৷ যিকেইটা মূৰত সোমাল সেইকেইটা ঠিক এনেধৰণৰ
: আজি অমুকত কইনাৰ ড্ৰেছবোৰ চাইছিলো, ইম্মান ধুনীয়া লাগিছিল জানা!
: কৰক কৰক। (হাড় চোবাওঁতে ঠিক এনেকুৱাই শব্দ হয়)
: ময়ো তেনেকুৱা ড্ৰেছেই পিন্ধিম!
: কৰক কৰক! (আস! ইমান কাঢ়া!)
: সেইখনতে কইনাৰ কাপোৰবোৰ অৰ্ডাৰ দিবা!
: (মাৰিব খুজিছ! পানী দে!)
: কি হ’ল? কিবা ক’বানে?
: ড্ৰেছ পিন্ধা মডেলকেইজনীও মজ্জা লাগে ন?
: অঁ৷ কি হ’ল তাৰপিছত?
: মডেলকেইজনীও অৰ্ডাৰ দিলে পাম নেকি কাপোৰৰ লগত? তুমি কাপোৰ কেইযোৰ ল’বা, মই মডেল কেইজনীক!
: ঘটলং……
“আপুনি যিটো নং ডাইল কৰিছে সেইটো সংযোগ সীমাৰ বাহিৰত আছে!”
☆★☆★☆