শেষ পত্ৰ – মণিষা কাকতি
মৰমৰ প্ৰিয়তম,
মৰম ল’বা। তোমালৈ বুলি এইখনেই মোৰ অন্তিম চিঠি। আজিৰপৰা হয়তো আৰু তোমাক দেখা নাপাম, পালেও নেদেখা ভাও জুৰিম। কাৰণ মই অসহায়, অংগীকাৰবদ্ধ। ‘তুমি’ আৰু ‘ঘৰৰ মানুহ’ – যিকোনো দুটাৰ মাজত মই ঘৰৰ মানুহখিনিকে বাছি ল’লোঁ। মোক ভুল নুবুজিবা প্ৰিয়তম। জানো! এইমুহূৰ্তৰপৰাই তোমাক ‘প্ৰিয়তম’ কোৱাৰ অধিকাৰ মই হেৰুৱাই পেলাইছোঁ। কিন্তু তুমি আমৰণ মোৰ প্ৰিয়তম হৈয়ে থাকিবা। অন্তৰৰ নিভৃত কোণৰ স্বীকাৰোক্তি এয়া।
নাজানো কিয়! আজি কলমটো বাৰে বাৰে থমকি ৰৈছে। জীৱনৰ শেষ দিনকেইটাত আহি উপনীত হোৱা মানুহক যেনেদৰে স্মৃতিয়ে বাৰে বাৰে লৈ যায় পিছলৈ, তেনেদৰে পুৰণি কথাবোৰেও পছোৱা বতাহ এছাটি হৈ মোৰ মনটো উৰুৱাই নিছে অতীতলৈ। তোমাৰ লগত চিনাকি হোৱা সেই বিশেষ দিনটোলৈ। কিমাননো বয়স আছিল মোৰ! সাত আঠতকৈ বেছি নহ’ব। চুবুৰীয়া খুড়ীহঁতৰ ঘৰত ফুৰিব গৈছিলোঁ মাৰ লগত। চাহপৰ্বৰ পিছতে খুড়ীয়ে তোমাক লৈ আহিছিল আমাৰ ওচৰলৈ। প্ৰথম দেখিয়ে তোমাক ভাল লাগিছিল মোৰ। বগা-ৰঙা চেহেৰাটোৰে তুমিয়ো যেন মোলৈকে চাই আছিলা। সেউজীয়া চোলা আৰু বগা হাফপেণ্টটো শুৱাই পৰিছিল তোমাৰ গাত। লাহে লাহে সেই ভাললগাই কেতিয়া প্ৰেমৰ ৰূপ ল’লে ধৰিবই নোৱাৰিলোঁ। দিনটোত চাৰি পাঁচবাৰ তোমাক নেদেখিলে মই থাকিব নোৱাৰা হৈ পৰিলোঁ। তোমাৰ অনুভৱে মোৰ সমগ্ৰ সত্তা গ্ৰাস কৰি পেলালে। চকু মুদিলেই যেন তোমাক দেখা পাওঁ, দূৰৰপৰাই তোমাৰ চিনাকি গোন্ধ পালে মতলীয়া হৈ পৰোঁ। কি যে এক দুৰ্বাৰ আকৰ্ষণ তোমাৰ প্ৰতি!
সময় আগবঢ়াৰ লগে লগে তোমাৰ নতুন নতুন ৰূপে মোক পগলা কৰিবলৈ ধৰিলে। আগৰ সেই সেউজীয়া চোলা আৰু বগা হাফপেণ্ট পিন্ধা তোমাৰ চেহেৰা চহৰলৈ গৈ সলনি হৈ গৈছিল। সকলোৱে কৈছিল তুমি হেনো বেয়া হৈ গ’লা। হীৰা আৰু মতি – এই দুই অযোগ্য বন্ধুৰ সংগই তোমাৰ স্বভাৱ বাৰুকৈয়ে নষ্ট কৰিলে, মানুহে তেনেকৈয়ো কোৱাকুই কৰিছিল। মই কিন্তু অলপো বিশ্বাস কৰা নাছিলোঁ। বৰং তোমাৰ নতুন ৰূপটো বিৰাট ভালহে পাইছিলোঁ। ওপৰত ভমকাফুলীয়া জেকেটটোৰে সেউজীয়া ছাৰ্টটো আৰু খয়াৰি ৰঙৰ পেণ্টটোৰে তোমাক একদম চিনেমাৰ হিৰ’ গোৱিন্দাৰ দৰে লাগিছিল। বেনাৰস গৈ পূৰাপূৰি বেনাৰসী আদব-কায়দা শিকি লৈছিলা তুমি। অহংকাৰ কৰিছিলোঁ তোমাক লৈ মই। হয়তো সেয়াই কাল হ’ল মোৰ বাবে। আমাৰ দুয়োৰে ভালপোৱাৰ মাজত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিলে মোৰ ঘৰখনে। ডাক্তৰ দাদাৰ ভূমিকা এইক্ষেত্ৰত আৰু নিষ্ঠুৰ আছিল। প্ৰতিক্ষণতে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল যাতে মই তোমাৰ ওচৰ চাপিব নোৱাৰোঁ। তথাপি লুকাই-চুৰকৈ সকলোৰে চকুত ধূলি দি কলেজলৈ আহোঁতে, টিউচনলৈ যাওঁতে সেই নিৰ্দিষ্ট দোকানখনত তোমাক লগ কৰি থাকিলোঁ। এইটোয়ো এটা বেলেগ মজা আছিল, নহয় নে? কিন্তু এই মজা বেছি দিন টিকিব নাপালে। এদিনাখন বেয়াকৈ ধৰা পৰি গৈছিলোঁ। আচলতে চাবলৈ গ’লে সেইদিনা ভুলটো মোৰেই আছিল। তুমিতো জানাই! যেতিয়াৰপৰাই ঘৰৰ বাধ্যবাধকতা আহি পৰিল, তেতিয়াৰপৰাই নিৰ্দিষ্ট দোকানখনত তোমাক লগ কৰি উঠি এটা চকলেট বা চিপচ্ এপেকেট খোৱাৰ অভ্যাস গঢ়ি উঠিছিল মোৰ। ইয়াৰ একমাত্ৰ কাৰণটো হ’ল যাতে তোমাক লগ পোৱা ফূৰ্তিৰ নিচা মোৰ গালে মুখে বিয়পি নাথাকে। কিন্তু সেইদিনা মোক কিহে পালে নাজানো! তোমাৰ মৰমৰ নিচাই সকলো পাহৰাই পেলালে আৰু মোৰেই দুৰ্কপাল যে ঘৰত ভৰি থৈ চিধাই মুখামুখি হৈছিলোঁ ডাক্তৰ দাদাৰ। মোৰ সমগ্ৰ মুখমণ্ডল জুৰি বিয়পি আছিলা তেতিয়া, তুমি মাথো তুমি। আৰু তাৰ পৰিণতি আজিৰ এই ‘শেষ পত্ৰ’খনি।
মোক ভুল নুবুজা বুলি আশা ৰাখিছোঁ। অহা জনমত যেন আকৌ তোমাকেই প্ৰিয়তমৰ ৰূপত পাওঁ। তুমি দিয়া ৰঙাখিনিৰ অভাৱ কোনেও পূৰণ কৰিব নোৱাৰিব। ৰঙা ৰং দেখিলেই চাট্ কৈ তোমালৈ মনত পৰিব। দুখবোৰ বুকুয়েদি উজাই আহি দুচকুত থিতাপি লৈছে। ৰুদ্ধ কৰিছে কলমৰ বাট। হাতৰ আঙুলিয়েও অসহযোগ কৰিব ধৰিছে। আৰু নোৱাৰো লিখিবলৈ। বিদায়! হে প্ৰিয়তম তামোল, তোমাক বিদায়!
ইতি,
তোমাৰ ‘মই’
বি. দ্ৰ.: ডাক্তৰ দাদাই চেণ্টাৰ ফ্ৰেছ, টিকট্যেক আৰু হেপ্পীডেণ্টৰ লগত চিনাকি কৰাই দিছে। চিনাকিৰ আচল উদ্দেশ্যেটো বুজি পাই ময়ো খাটাং কথা শুনাই দিছোঁ যে তোমাৰ ঠাই সিহঁতে কাহানিও ল’ব নোৱাৰিব।
☆★☆★☆