ফটাঢোল

আকৌ কুৰুক্ষেত্ৰৰ আখৰা – দেৱজিত শইকীয়া / মানস শইকীয়া

বাপ্পা ঐ যেন তেন তিৰিমখাক কিবা কিবিকৈ সৈমান কৰি আহিছো দিয়া৷ গোটেইসোপাই বগৰাই লৈ মোক বখলিয়াব লৈছিল৷ পিচে মইও হেমন্ত কাকতি কম বস্তু নহয়৷ এনাই পাঠ পঢ়ালো একে আষাৰে সৱ সৈমান হৈ গ’ল৷ পিচে বুজিছা মাষ্টৰ সোপাকে নাটকত ৰ’ল লাগে৷ ৰ’ল নাপালে কিন্তু মই দিনতে ৰাষ্টাত ওলাব নোৱাৰিম৷ এই বিজয়ে টেটুত এইখন কি লগালে নাজানো কিবা এটা কৰা হে বাপ্পাহাৰে৷

মানস শইকীয়াই বোলে আমাৰ গাঁৱত যিমান মহিলা আছে ব্যাসদেৱৰ মহাভাৰততো দেখোন সিমান মহিলা ৰ’ল নাই৷

কাকতিঃ- ৰামায়ণৰ পৰা দুটামান ৰ’ল টানি আনিব নোৱাৰিনে?

মানস শইকীয়াঃ- কি কয় হে কাকতিদা, ৰামায়ণৰ লগত মহাভাৰত আকৌ কেনেকৈ লেটিয়াব?

কাকতিঃ- মই সেইবোৰ নাজানো বুজিছা, লাগিলে ৰামায়ণ, মহাভাৰত, বেদ-পূৰাণ, উপনিষদ সকলো মিলাই কিবা এখন বনোৱা৷ তাতো যদি নহয়গৈ চাহজাহান, মমতাজ, আকবৰ, টিপু চুলটান সৱকে টানা৷ মুঠতে লাগিলে মোকেই ৰ’ল নালাগে কিন্তু তিৰিমখাৰ কথা ৰাখা, নহলে মোৰ সভাপতিৰ চকী নাথাকিব৷ বাপ্পা ঐ কেনে জকি আছে তুমি দেখা নাই বুলিহে৷ মাতেই মাতবা পৰা নাই মই, কিবা কলিয়ে ঘেংকে মাতে৷ তুমি হোৱা হয় ধূতি খুলি দাউৰিলা হয়৷

শইকীয়াদা আছেনে বুলি বিজয় পোনচাটেই ড্ৰয়িং ৰুমলৈ সোমাই আহিল, লগতে ৰিণ্টুমণি দত্ত, সোণটো আৰু ভাস্কৰ বৰ ডেকাও সোমাই আহিল৷

ৰিণ্টুমণি দত্তঃ- কাকতিদা কিবা মেনেজ হ’ল নে?

কাকতিঃ- এহ, মই গৈছো যেতিয়া মেনেজ নহবনে?

বিজয়ঃ- পিচে নাট কি মেলিব?

মানসঃ- তাকেই বোলো আলোচনা কৰোঁ, সেয়ে তোমালোকক ফোন কৰি মতাই আনিলো৷ কথা হ’ল মহিলা পাৰ্টি ফায়াৰ৷ সিহঁতক মহিলাৰ ৰ’ল লাগিবই৷ পিছে এতিয়া ইমানসোপাকে মহিলাৰ ৰ’ল থকা নাটক পাবা ক’ত?

বিজয়ঃ- একো নাই দৰকাৰ পৰিলে দ্ৰৌপদীৰ স্কুলত পঢ়ি থকা দিনৰ বান্ধৱী বুলিয়েই ৰ’ল বনাই দিব৷

ৰিণ্টুমণি দত্তঃ- তেনে নাটক নাপালে কাৰোবাৰ হতুৱাই এখন লিখিব লাগিব আৰু নহ’লে কি কৰিব?

ভাস্কৰ বৰ ডেকাঃ– পিছে ইমান সোনকালে তেনে নাটক কোনে লিখি দিব হয়নে?

সোণটোঃ- মই কথা এটা কওঁনে? আমাৰ দেৱজিত শইকীয়াদাক লিখিবলৈ কৈ দিয়ক৷ মানুহটোৱে ফেচবুকত যা তা কিবা কিবি লিখি থাকে৷ গাঁওৰ কাৰণে কিবা এখন লিখিবলৈ ক’লে নিলিখাকৈ নাথাকে৷

কাকতিঃ- সোণটোৱে ঠিকেই কৈছে৷ মই আজি ফোন কৰি কম ৰ’বা৷

বিজয়ঃ- নালাগে, মই নিজে গৈ সকলো বুজাই আহিম৷ মই ক’লে না নকৰে৷ লগতে ভাল ৰ’ল এটা নিজে লৈ ল’ব ক’লে খাটাং লিখিব৷ এনেও মানুহটোৰ এইবোৰত বৰ চখ৷

ৰিণ্টুমণি দত্তঃ- বাৰু দেৱজিতে লিখে যদি নাটক হৈ যাব পিচে ডাইৰেকচন কোনে দিব?

বিজয়ঃ- কিয় আমাৰ ভাস্কৰজ্যোতি দাস মানে ভাস্কো মহাজন আছেই দেখোন৷ গাঁৱৰ ল’ৰা বুলি সি বনোৱা গানৰ ভিচিডিবোৰ আমি পাট্টা নিদিলে কি হ’ল বাগান এৰিয়াবোৰত কিন্তু সি ডাইৰেকচন দিয়া ভিচিডিবোৰৰ তামাম ডিমাণ্ড৷
সেই যে নতুন অসমীয়া গানটো ওলাইছে

“শ্ৰীদেৱী মৰিল বুলি ফেচবুকত দেখিলো,
গধূলি এবটল গিলি লৈ ইনাই বিনাই কান্দিলো”

অসমীয়া চেনেলকেইটাত দিনটোত বিশবাৰ দেখাই থাকে, সেইটো সি ডাইৰেকচন দিয়াহে”৷

সোণটোঃ- ভাস্কৰদাকে ডাইৰেকচন দিবলৈ দিয়ক৷ সি দিলে দুটামান এক্টৰ এক্ট্ৰেচকো ফকটিয়াকৈ আনিব পৰা যাব৷

কাকতিঃ- তেনেহ’লে ঠিক আছে৷ বিজয়ে দেৱজিতৰ লগত কথা পাতা আৰু ৰিণ্টুৱে ভাস্কৰক মেনেজ কৰা৷ বাকী লাইট, মিউজিক আৰু কষ্টিউমৰ কি হ’ব?

ভাস্কৰ বৰ ডেকাঃ- লাইট মই যোগাৰ কৰিম৷ কষ্টিউম আমাৰ নৱকৃষ্ণদাক চিলাবলৈ কওঁক৷ বাকী মিউজিক বা এতিয়া কাক দিয়ে৷

ৰিণ্টুমণি দত্তঃ- মিউজিক আমাৰ শেখৰ আৰু হিমাশ্ৰীক দিয়া৷ গাঁৱতে আমাৰ মিউজিকৰ পৰা ডাইৰেক্টৰলৈকে সকলো আছেই, বেলেগত বিচাৰি যোৱাৰ কি দৰকাৰ?

বিজয়ঃ- পিচে শেখৰক যোৱাবাৰ বিহুত গান গোৱাৰ পইচা কাকতিদাই আজিলৈকে দিয়া নাই৷ সি কৰিব জানো?

ৰিণ্টুমণি দত্তঃ- মোক যদি ভাল ৰ’ল এটা ৰাইজে দিম বুলি কয় তেন্তে মিউজিক আৰু ষ্টেজ চকী এইবোৰৰ খৰচ মোৰ ফালৰ দিম বুলি কথা দিলো৷

সোণটোঃ- তেন্তে হৈয়ে গ’ল৷ বিজয়, দেৱজিতদাক কওঁতে ৰিণ্টুদাৰ বাবে স্পিচিয়েল ৰ’ল এটা লিখিব কৈ দিব৷

কাকতিঃ- তেনেহ’লে সকলো মেনেজ হ’লেই, মাত্ৰ এতিয়া আমাৰ বয়োজেষ্ঠকেইজনক কনভিঞ্চ কৰিব পৰাটোহে কথা৷ ভাওনাৰ ঠাইত নাটক তাকো ষ্টেজত৷ কোনোবাই আকৌ তাকে নিচিঞৰিলেই হ’ল বোলে সংস্কৃতি বিকৃত কৰিছে বুলি৷

বিজয়ঃ- আৰে, সেইটো কি কথা, যি সকলে সংস্কৃতি ৰক্ষা কৰাৰ কথা কয় কেৱল মাইকৰ আগত গামোচা পিন্ধি বিশিষ্ট অতিথিৰ ভাষণতহে কয়৷ যদি নিমন্ত্ৰণ দি গাড়ীত উঠাই আনি মিটিঙত গামোচা দি দিয়ে সকলো ঠিক হৈ যায় আৰু যদি নিদিলে বদনাম গোৱা চুৰু৷

সোণটোঃ- আৰু এটা কথা নহয়, আমি চান্দা তোলাৰ পৰা আৰ্টিষ্ট মতাৰ পৰা, মঞ্চলৈকে সকলো দিন ৰাত একাকাৰ কৰি এই বিহু, উৎসৱ পাৰ্বনবোৰ পাতি আছো৷ মাইকৰ আগত চিঞৰা কেইজনে আগ ভাগ লৈ কেইটা অনুষ্ঠান পতা দেখিছে হে? কেৱল টেটুৰ সিৰ ফুলাই বৰ বৰ কথা কয়৷ কেতিয়াবা এনে খং উঠে বিহু নাপাতোৱেই যাচোন চাওঁ সংস্কৃতি ৰক্ষা কৰাকেইটাই গামোচা নাপালে আৰু মাইকৰ আগত ভাষণ দিব নাপালে কেনেকৈ সংস্কৃতি ৰক্ষা কৰে৷ আমিও চাম৷

কাকতিঃ- হ’ব দিয়া৷ মিটিঙত এইবোৰ নিচিঞৰিবা৷ যেন তেন মিলাই মেলি অনুষ্ঠানটো মুঠতে পাতিব লাগে৷

ভাস্কৰ বৰ ডেকাঃ- পিচে খৰচবোৰৰ কালেকচনৰ কথা কি ভাবিছে?

কাকতিঃ- মিটিঙতে কিবা এটা সিদ্ধান্ত ল’ম কিমানকৈ উঠোৱা যায়৷ তেন্তে ৰিণ্টু, তুমি অহা শনিবাৰে ৰাজহুৱা মিটিং এখন দি দিয়া৷ নাটক যদি আহি যায় তেন্তে সকলোৰে ৰ’ল বোৰ সেইখন মিটিঙতে ভগাই দিম৷ সময় হাতত নায়েই৷

হেল্লো… হেল্লো…. চেক… চেক… ৱান…. টু ….থ্ৰী ৱান ….টু ….থ্ৰী

“হেই বাজিছেহে, শুনা নোপোৱা নেকি? গুচি আহা৷” কাকতিদাই বিজয়ক ধমক দি বোলে কাৰ্যসূচীখন দিয়া৷

আজি নাট মেলিবৰ বাবে বুলি দিয়া প্ৰথম ৰাজহুৱা মিটিং৷ সকলোৰে সুবিধা হোৱাকৈ স্কুলঘৰৰ বাকৰিতে মিটিংখন পতা হৈছে৷ কংকন বৰা আৰু ৰাজুকুমাৰ নাথ ৰাতিপুৱাৰ পৰা মিটিংৰ কামত লাগি আছে৷ স্কুলঘৰৰ বেঞ্চত মতা মানুহখিনি বহাৰ দিহা কৰিছে৷ প্ৰণিতাবা, কংকনাবা, পলাবা, সম্পাদিকা পূৰৱী আদি কেইজনীমানৰ বাহিৰে আন মহিলাসকল স্বইচ্ছাই মাটিত তিৰ্পালৰ ওপৰত বহিছে৷ দায়েচত সভাপতি কাকতিদা, পুৰণি সভাপতি জ্যোতিৰূপম দত্ত , সোমেশ্বৰ দা, সদা খুড়া, বায়ন ললিতাদিত্য দাদা,নতুনকৈ গায়নৰ বাব লোৱা নৱজ্যোতি বৈশ্য, চিদানন্দ বৰা ঠিকাদাৰ, মানস শইকীয়া প্ৰমুখ্যে গণমান্য ব্যক্তিসকল৷ মহিলাসকলৰ কেইজনীমানৰ কোলাত অহাকেইটাৰ ৰাউচি আৰু উপস্থিত সকলৰ ভুনভুননিৰ মাজতে কাকতিদাই সভাৰ কাম আৰম্ভ কৰিলে,

“শ্ৰদ্ধেয় ৰাইজ, আইমাতৃ সকল তথা গাঁৱৰে উঠি অহা যুৱক যুৱতীসকল৷ আমি সকলোৱে জানো যে সমূহ ৰাইজে মিলি এখন নাট অহা দৌল উৎসৱত পাতিবলৈ মনস্থ কৰিছো৷ সেই উপলক্ষে এইখন প্ৰথম ফৰমেল মানে আনুষ্ঠানিক সভা৷ গতিকে, ৰাইজসকলে সভাৰ সৌষ্ঠৱ ৰাখি সহযোগিতা কৰিব৷ এতিয়া মই সভাৰ কাৰ্যসূচীখন গাই দিছোঁ-

কাৰ্যসূচীঃ-
১/ সভাপতিৰ আসন গ্ৰহণ, এইটো হলেই বাৰু,
২/সভাৰ উদ্দেশ্য ব্যাখ্যা
৩/ নাটৰ স্থান নিৰ্বাচন,
( বিজয়ৰ কাণে কাণে ‘এইটো কিয় দিলা৷’ বিজয়ে প্ৰস্তাৱ ল’ব লাগিব নহয় বুলি কৈ খনীন্দ্ৰক প্ৰচিডিং লিখিবলৈ কাগজ এখন দিবলৈ উঠি গ’ল৷)
৩/ নাট নিৰ্বাচন,
৪/ নাটকৰ পৰিচালক আৰু ব্যৱস্থাপনা সম্পৰ্কে
(মাষ্টৰ আছেই দেখোন, বেয়া পাব নেকি,কাকতিদাই ফুচফুচাই সোধাত বিজয়ে কিবা এটা ক’লে৷)
৫/নাট মেলা আৰু দিন নিৰ্ধাৰণ,
(এইটো ঠিক হ’লেই দেখোন, প্ৰস্তাৱ ললেই হ’ল৷ আলোচনা কেলেই? কাকতিদাৰ প্ৰশ্নত বিজয়ে আকাৰে ইংগিতে কিবা এষাৰ ক’লে)
৬/ভাও বিতৰণ,
৭/ অন্যান্য,
৮/সভাপতিৰ মন্তব্য আৰু
৯/সভাভংগ৷

এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ নতুন সম্পাদকে৷”

কথাকেইটা কৈ কাকতিদাই নিজেই হাততালি দিলে৷ ৰিণ্টুমণি দাই কঁপা কঁপা মাতেৰে বোলে মোৰ মাইক দেখিলেই জ্বৰ উঠে৷ এইডাল নোহোৱাকৈয়ে বিজয়ে লিখি দিয়া খিনি পাঠ কৰিব লৈছো….মানে মোৰ কথাখিনি ক’ব লৈছো৷ সকলোৱে হাত তালি দিয়াত ৰিণ্টুদাই একো নোকোৱাকৈয়ে ধন্যবাদ জনাই বহি দিলে৷

বিজয়ে ৰিণ্টুদালৈ পোন্দোৱাকৈ চাই হাতৰ পৰা কাগজখন নি মহিলাৰ অংশগ্ৰহণক দোহাই দি নাটখন ষ্টেজত পতাৰ বিষয়ে অৱগত কৰোতেই সদানন্দ দত্তই বহাৰ পৰা উঠি লৈ বোলে এইখিনিতে ৰাইজ মোৰ ক’বলগীয়া আছে৷ ৰামানুজ গোঁসায়ে সিদিনা নামঘৰত ভাওনা পতাৰ কথাহে কৈছিল৷ আমাৰ পুৰণি সভাপতি দত্ত খোদ তাত উপস্থিত আছিল৷ ভাওনা পতাৰ কথা আছিল নামঘৰত৷ এতিয়া নামঘৰৰ ঠাইত ষ্টেজত আকৌ নাট মেলাৰ কথা ক’ৰ পৰা আহিল? সাতামপুৰুষীয়া নিয়ম ভংগ কৰি ভাওনা ষ্টেজত কিয় পাতিব? সোমকান্ত খুড়ায়ো কথাষাৰ হয়ভৰ দি ক’লে বোলে ভাওনাক মাটিৰ পৰা উঠাই নি ষ্টেজত কৰাটো যুগুত নহ’ব৷

এনেতে, বেঞ্চত বহি থকা ভাস্কৰজ্যোতি মানে ভাস্কো মহাজনে উপায়টো উলিয়াই ক’লে বোলে “খুড়াদেউ, আমি ভাওনা মাটিতে কৰিম, কিন্তু নামঘৰত নহয়৷ এই ফিল্ডতে পেন্দেল সাজি কৰিম৷ মাত্ৰ প্ৰৱেশ আদি কিছু নাচবাগ ৰাসৰ দৰে মঞ্চত হ’ব৷ হয়নে ৰাইজ?” বুলি চকু টিপিয়াই পিছত বহি থকা ৰাইজলৈ চালে৷ পিছফালৰ সকলোৱে “হ’ব হ’ব , বঢ়িয়া” বুলি কওঁতেই ইতিমধ্যে মেনেজ কৰি থোৱা প্ৰণিতা গোস্বামীয়ে মই ভাস্কৰৰ প্ৰস্তাৱটো সাদৰৰে সমৰ্থন কৰিলো বুলি মুখনি মাৰিলে৷ কাকতিদাই বোলে খনীন্দ্ৰ প্ৰচিডিঙত লিখি থোৱা৷ সদানন্দ দত্তই ইফালে সিফালে চাই বহি থাকিল।

কাকতিদাই মাইকটো নিজৰ ফালে টানি নি বোলে,” এতিয়া আহো নাট নিৰ্বাচনৰ কথালৈ৷ এই ক্ষেত্ৰত মই মাষ্টৰৰ লগত কথা পাতিছিলোঁ৷ মহিলা পুৰুষ সকলোৰে সমান পাৰ্ট থকা তথা অলপ ফাইটিং মানে যুদ্ধ তুদ্ধ থকাৰ দৰে কিবা এখন হ’লে ভাল আছিল৷ পিচে মহিলা ৰ’ল বেছি থকা নাট আমাৰ পূৰ্বপুৰুষ সকলে কিয় লিখি থৈ নগ’ল নাজানো৷ মহিলাৰ প্ৰতি এনে মনোভাৱক আমাৰ গাঁৱৰ ৰাইজে সদায় নস্যাৎ কৰি আহিছে৷ সেয়ে, আমি বিজয়ক দায়িত্ব দিছিলোঁ, কাৰোবাৰ হতুৱাই কাল্পনিক হ’লেও নাট এখন লিখি উলিয়াবলৈ৷ বিজয় কিবা কোৱাহে৷”

সুবিধাটো পাই বিজয়ে মাত লগালে,
“আমাৰ নাট ৰেদি৷ দেৱজিতদাৰ লগত কথা পাতিলোঁ৷ দেৱজিতদা এই কেইদিনতে ছুটিত ঘৰলৈ আহিব৷ মোক নাট দিয়েই পঠাইছে, নাম ‘আকৌ কুৰক্ষেত্ৰ’৷ বৰ ভাল নাট৷ মই পঢ়িলোঁ৷ দেৱজিতদাই লিখা৷”

বিজয়ৰ কথাত সকলোৱে মত দিলে৷
প্ৰণিতা বাইদেৱে হাতচাপৰি মৰাৰ লগতে ক’লে বোলে আমাৰ মহিলা সকলৰ ফালৰ পৰা সকলো সহযোগিতা আগবঢ়াম৷ মাষ্টৰ অলপ সেমেনা সেমেনি কৰিলেও খেলখন কি হয় চাওঁ মনোভাৱত ৰ’ল৷

সভাপতিয়ে নাটকৰ পৰিচালনা আৰু ব্যৱস্থাপনা সম্পৰ্কে আলোচনা বুলি কওঁতেই শংকৰে উঠি বোলে যিহেতু নাটকখন আধুনিক টাইপত হ’ব গতিকে নতুন এজন মানে ভাস্কো মহাজনকে পৰিচালনাৰ দায়িত্ব দিলে কেনে হয়?

জ্যোতিৰূপম দত্তই বোলে গোৱা-বোৱাবোৰ মাষ্টৰ নহ’লে কোনে শিকাব? মোৰ বোধৰে আমাৰ শইকীয়া মাষ্টৰ আৰু দেৱজিতক এচিচ্‌টেণ্ট কৰি দিয়ক৷ বিজয়হঁতৰ মাষ্টৰক লোৱাৰ মন নাছিল যদিও প্ৰাক্তন সভাপতিৰ প্ৰস্তাৱটো মানি লোৱাটোৱেই ভাল হ’ব বুলি হয়ভৰ দিয়াত হাতচাপৰিৰে প্ৰস্তাৱ গৃহীত হ’ল৷

আগতেই ফিটিং দি ৰখা ইণ্ডিমাই বোলে বাকী ব্যৱস্থাপনাৰ ভিতৰত ভাস্কৰ বৰডেকাই য’তে ত’তে লাইট মাইকৰ দিহা কৰিয়েই থাকে যেতিয়া দুপইচা বাচিব বৰডেকাকে দিলে কেনে হয়? ৰাইজে ভাৱকচোন৷ ইণ্ডিমাৰ প্ৰস্তাৱত সকলোৱে সহমত দিলে৷ লগতে, নৱক ড্ৰেছৰ দায়িত্ব দিয়াৰ কথা ক’লে৷

এনেতে বিজয়ে সগৌৰৱে ঘোষণা কৰিলে,
“ৰাইজ, এটা ভাল খৱৰ৷ আমাৰ নতুন সম্পাদকে ষ্টেজ, চকীৰ আদিৰ লগতে মিউজিকৰ খৰচটো দিয়াৰ কথা মোক ঘোষণা কৰিবলৈ কৈছে৷ ৰাইজ, তেখেতৰ কাৰণে এটা বহল হাত চাপৰি৷”

সকলোৱে হাত চাপৰি মাৰি ৰিণ্টুমণিক বাঃ বাঃ দিলে৷ কাকতিদাই ৰিণ্টুক খোচ এটা মাৰি কলে,”হেৰা উঠি নমস্কাৰ দিয়া৷” ৰিণ্টুমণিয়ে উঠি হাতযোৰ কৰি থেংকিউ থেংকিউ কৈ থকাত কাকতি দাই বোলে হৈছে, বহা এতিয়া৷

দেৰিকৈ আহি দায়েচত বহি থকা পাৰ্থ সাৰথি ডাক্তৰে উঠি গম্ভীৰ ভাৱে ক’লে,
“ৰাইজ, মই ভাওনাৰ পেইণ্টাৰৰ খৰচটো দিম বুলি ভাৱিছোঁ৷ (বিজয়লৈ চাই) বিজয়, তুমি হিচাপটো কৰি পইচাটো মোৰ চেম্বাৰৰ পৰাই লৈ আহিবা ৷” ৰাইজে হাত চাপৰিৰে ডাক্তৰক ধন্যবাদ দিলে৷ এনেতে, চিদানন্দ ঠিকাদাৰে উঠি ক’লে,
” ৰাইজ সকল, সেইকেইদিনৰ খানা-পিনাৰ খৰচ মোৰ৷ কংকন, তুমি যি য’ত লাগে মাৰোৱাৰী গোলাৰ পৰা লৈ আহিবা৷”
হাতচাপৰিৰ লগতে, পিছফালৰ পৰা কোনোবাই মাত লগালে বোলে আজিৰ পৰা এইজনে ঠিকাদাৰৰ ঘৰতে খোলা পাতিব৷ ধ্ৰুৱজ্যোতি অৰ্জুনে বোলে “এই দুজনক খাদ্য উপসমিতিৰ সভাপতি সম্পাদক পাতি দিয়ক ৰাইজ৷” সকলোৱে গিৰ্জনি মাৰি হাঁহি দিলে৷

ইয়াৰ পিছতেই কাকতি দাই আগৰ সম্পাদক শেখৰজ্যোতি বৰা আৰু তেওঁৰ পত্নী হিমাশ্ৰীকে মিউজিকৰ দায়িত্ব দিয়াৰ পৰামৰ্শ দিয়াত, কস্তুৰীয়ে বোলে শেখৰ দাই জুগু কাশ্যপৰ গানো মিউজিক দিছে৷ ঘৰতে এনে এজন মিউজিক ডাইৰেক্টৰ থাকোতে বেলেগত কেলেই বিচাৰিব লাগে? শেখৰে আৰ্টিষ্টৰ তাও এটা দেখুৱাই ব্যস্ততাক দোহাই দি না কৰিব বিচাৰিছিল যদিও শেষত মান্তি হ’ল৷

কাকতিদাই এইবাৰ আকৌ আৰম্ভ কৰিলে,
“ৰাইজ আৰু আইমাতৃ সকল ভাওনাখন দৌলোৎসৱতে পতা হওক৷ সিদিনা নামঘৰত প্ৰায় ঠিকেই হৈছিল৷ ফৰমেল প্ৰস্তাৱ এটা ললেই হ’ল৷ খনীন্দ্ৰ লিখাহে৷ বাকী অহা সপ্তাহত ৰামানুজ গোঁসাইক কৈ ভাল দিন এটা চাই নাটখন মেলা হওঁক৷ নে ৰাইজে কি কয়? ললিত বায়নে বোলে নাট ভঙাৰ পিছদিনাৰ পৰাই ৬ বজাৰ পৰা আখৰা হওক৷ ল’ৰাহঁতে বোলে ইমান সোনকালে আখৰাত উপস্থিত হ’ব নোৱাৰি৷ ৰাইজে ৮ বজামানত আখৰাৰ সময় ঠিক কৰক৷ ল’ৰাহঁতৰ কথাত মহিলা সকলে আপত্তি কৰিলেও নৰজিল৷

ইয়াৰ পিছৰ কাৰ্যসূচী ঘোষণা কৰাৰ লগে লগে লাগিল নহয় পয়মাল৷ সকলোকে ভালৰ ভাল ভাওখন লাগে৷ লাহে লাহে পৰিস্থিতি সভাপতি, বিজয়, প্ৰাক্তন সভাপতি সকলোৰে আয়ত্বৰ বাহিৰত গ’ল৷ বিজয়হঁতে অৱশ্যে সেইটোকেই বিছাৰিছিল৷ তেনেতে সোমেশ্বৰ দাইটিয়ে মাইক্ৰ’ফোনটো কাকতিদাৰ পৰা কাঢ়ি লৈ প্ৰস্তাৱ দিলে,”আজিৰ সভাত ভাও বিতৰণ কৰিব নালাগে৷ ভাওৰ ভাগ-বতৰাৰ বাবে এখন কমিটি বনোৱা হওক৷” ৰাইজ বিশেষকৈ মহিলাসকল কিছু শান্ত হোৱাত কাকতিদাই বোলে বৰাই সজ কথাই কৈছে৷ এখন সাতজনীয়া কমিটি গঠন কৰা হওক৷ কমিটিৰ সিদ্ধান্তই চুড়ান্ত হ’ব৷ এতিয়া কমিটিৰ সদস্য বাচনি কৰক৷

কাকতিদাৰ কথামতেই সাতজনীয়া কমিটি গঠন কৰা হ’ল৷ কমিটিত সভাপতি, সোমেশ্বৰ বৰা, মানস শইকীয়া মাষ্টৰ, ভাস্কো মহাজন, দেৱজিত শইকীয়া, প্ৰণিতা আৰু কংকনা বাইদেউক ৰাইজৰ ফালৰ পৰা নিৰ্বাচন কৰিলে৷ নাট মেলাৰ দিনাই ভাও আৰু বচন বিলোৱাৰ সিদ্ধান্ত লোৱা হ’ল৷ ভাস্কো মহাজনে বোলে “ৰাইজে এই অভাজনক নাট পৰিচালনাৰ দায়িত্ব দিলেই যেতিয়া কোনে কোনে ভাও ল’ব নামবোৰ মোক দিয়ক৷ খনীন্দ্ৰ তুমি নামবোৰ লিখি লোৱা৷”

সদৌ শেষত, কাকতিদাই আগৰদৰে সেই একেখিনি কথা (যিটোক বিপৰীত পক্ষই একেখন ৰেকৰ্ড বজোৱা বুলি কয়) কৈ সভাপতি মন্তব্য সামৰাৰ লগে লগে সভা সেইদিনালৈ ভংগ হ’ল৷

(আগলৈ)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *