ফটাঢোল

আড্ডা – উজ্জ্বল ফুকন

“তই কি ভাবি আছ৷ ঠাকুৰে ক’ব নেকি আমাক যাবলৈ?”-চুলি দীঘল ল’ৰাটোৱে চিগাৰেটৰ ধোঁৱাখিনি ওপৰলৈ উৰুৱাই তাৰ লগত বহি থকা শকত ল’ৰাটোক সুধিলে৷
“নাই একো নকয়৷ এইটো ফাৰ্ষ্ট ছিগনেল৷ ইয়াৰ পিছত আৰু এবাৰ আহিব ঠাকুৰ৷ তাৰ পাছত আৰু নাহে৷ কুংফুৱে ভুকি ভুকি যাবলৈ ক’ব৷” শকত ল’ৰাটোৱে পেটটোত হাতখন থৈ উত্তৰ দিলে৷
মুখৰ চিগাৰেটটো তাৰ কথাৰ লগে লগে কঁপি আছিল৷
“বাহ ! তই দেখোন ঠাকুৰৰ বহুত কথা গম পাৱ৷ কিন্তু কথাবোৰ আধা হৈ থাকিল নহয়৷ কিমান সময়ৰ পাছত আকৌ ঠাকুৰ আহিব জান নেকি?” চুলি দীঘলটোৰ প্ৰশ্ন৷
“আৰু আধা ঘণ্টামান আছে আমাৰ হাতত৷” শকতটোৱে ক’লে৷
“ঠিক আছে৷ আধা ঘণ্টা বহুত সময়৷ ক’চোন এতিয়া মই কেনেকৈ আৰম্ভ কৰোঁ৷ ইনভেষ্টমেণ্ট,ইঞ্চুৰেন্স,মিউচুৱেল ফাণ্ড, শ্বেয়াৰ এইবোৰে মিলি মোৰ মাথা খাই পেলাইছে৷” চুলি দীঘলটোৱে কথাখিনি কৈ চিগাৰেটটোত দীঘল হোঁপা এটা দিলে৷ যিটো টান মাৰিছে সি,চিগাৰেটটোৰ প্ৰাণ থকা হ’লে বিষত চিঞৰি উঠিল হয়৷
“ধৰি ল’ তোৰ পইচা নাই৷ তেতিয়া তই কি কৰিবি ক’চোন?” শকতটোৰ প্ৰশ্ন৷
“পইচা নাথাকিলে কি মূৰটো কৰিবি ইনভেষ্টমেণ্ট!” চুলি দীঘলটোৱে খঙেৰে উত্তৰ দিলে৷
“গীতাই কি কৈ গৈছে মনত নাই ! আমি কি লৈ আহিছিলোঁ আৰু কি লৈ যাম৷ উদং হাতেৰে আহিছিলোঁ,উদং হাতেৰেই উভতি যাম৷ পইচা নাথাকিলে ইনভেষ্ট কৰিব নালাগে;এই কথাবোৰ মনত পেলাব লাগে৷”-শকতটোৱে লাহেকৈ ক’লে৷
“কোন গীতা? সেই কলেজৰ দিনৰ ইংৰাজী বিভাগৰজনী নেকি?” চুলি দীঘলটোৱে চুলিখিনিৰ মাজেৰে আঙুলিকেইটা পাৰ কৰি অতীতৰ কথা মনত পেলাই সুধিলে৷
“ধেই এইডাল৷ ভাগৱত গীতাৰ কথা কৈছোঁ৷” শকতটোৱে ভেঁকাহি মাৰি ক’লে৷
“মাৰি পেলা মোক৷ থিয় গোৰ এটা মাৰি চন্দ্ৰবিন্দু লগাই দে মোৰ নামৰ আগত৷ এই বয়সতেই শাস্ত্ৰ-ভাগৱতৰ কথা ক’লে মই কেনেকৈ বুজি পাম৷ হেৰৌ,আমাৰ নামত মা-প্ৰসাদ ওলাবলৈ এতিয়াও বহুত সময় আছে৷”-চুলি দীঘলটোৱে ক’বলৈ ধৰিলে৷
“যদি মৰিম বুলি নাভাব,এক্সিদেণ্ট হ’ব পাৰে বুলি নাভাব,বেমাৰ তোৰ গাতে যায় বুলি গৌৰৱ ক’ৰ তেন্তে ইঞ্চুৰেন্স কিয় কৰিব লাগে৷” শকতটোৱে খোঁচ এটা দিলে৷
প্ৰশ্নটো ফাইনেল ইয়েৰৰ ইনঅৰগেনিক কেমেষ্ট্ৰিৰ কঠিন প্ৰশ্নটোতকৈও টান যেন লাগিল তাৰ৷ বহুত কিবা ভবাৰ দৰে দেখুৱাই দূৰৰ আকাশৰ পিনে চকু ঘূৰালে চুলি-দীঘলে৷
হলা গছত কুঠাৰ মাৰিবলৈ ভাল৷ শকতটোৱে এই সুযোগতে আক্ৰমণ অব্যাহত ৰাখিলে৷
“তই এতিয়া যিখন বাইক লৈ আহিছ সেইখনৰ ইঞ্চুৰেন্স কৰাটো জৰুৰী৷ এক্সিডেণ্ট হ’লে বা চুৰি হ’লে পইচা পাবি৷ আকৌ এক্সিডেণ্টেল ক’ভাৰ লাগিব তাৰ লগত৷ এল-আই-চি নিশ্চয় আছে তোৰ৷ চাকৰি আৰম্ভ কৰোঁতে কোনোবা এল-আই-চি পণ্ডিত এজনে টুপিটো পিন্ধাইছিল চাগৈ তোক৷ এতিয়ালৈ তোৰ বাইক, গাড়ী আৰু এল-আই-চি হৈ গ’ল৷ ইয়াৰ পাছৰ তিনিটা ইনভেষ্টমেণ্ট কিয় কৰিবলৈ কৈছোঁ মই নিজেও নাজানো৷ কিন্তু সকলোৱে কৰিব বিচাৰে৷ হেলথ ইঞ্চুৰেন্স-মানে বেমাৰ হ’লে চিকিৎসাৰ খৰচত সহায় কৰিব৷ চিকিৎসা কৰিছ কাৰণ তই জীয়াই থাকিব বিচাৰ৷ ইয়াৰ পাছৰটো ওলোটা৷ টাৰ্ম ইঞ্চুৰেন্স-মানে মৰিলেহে পইচা পাবি৷ তই নাপাৱ তোৰ পৰিয়ালে পাব৷ মানে প্ৰথমটো জীয়াই থাকিবলৈ ইনভেষ্ট কৰিছ আৰু দ্বিতীয়টো মৰিবলৈ ইনভেষ্ট কৰিছ৷ মূৰটো ঘূৰি গৈছে ন’৷ চিন্তা নাই,যদিহে তোৰ হেলথ ইঞ্চুৰেন্স আছে৷”-শকতটোৱে হাঁহি হাঁহি ক’লে৷
চুলি-দীঘলে আৰু দূৰলৈ চোৱাৰ চেষ্টা কৰিলে৷ তাৰ দৃষ্টিয়ে এতিয়া দূৰৰ মেঘচপৰা ফুটা কৰি গৈ আছে৷ একেলগে আগবাঢ়িছে চিন্তাও৷
“তিনি নম্বৰটো কি অ’৷ এই দুটাই চুলি পকাব যেন পাইছোঁ৷”-চুলি-দীঘলে লাহেকৈ মাত দিলে৷
“তিনি নম্বৰটো নিজেই কনফিউজদ্৷ সি এই দুটাৰ মাজত বহি থাকে৷ মানে ধৰি ল’ তই মৰাও নাই আৰু কিন্তু বেমাৰত বিচনাত পৰি থাকিব লগা অৱস্থা৷ তেতিয়া তোক কোনে চাব? তেতিয়া দুই ধৰণে তই বাচিব পাৰ৷ প্ৰথমটো হৈছে বেমাৰী হৈ বিচনাত পৰি থাকোঁতে অনবৰত এই বৰগীতটো শুনি থাকিব লগিব ‘পাৱে পৰি হৰি…কৰাহো কাতৰি .. প্ৰাণ ৰাখবি মোৰ’….”-শকতটোৱে হাঁহি হাঁহি ক’লে৷
“ধেমালি নকৰিবি৷ তিনি নম্বৰ ইনভেষ্টমেণ্টো ক’৷”-চুলি-দীঘলটোৰ মাত৷
“ধেমালি কৰা নাই৷ তোৰ পোৱালি থাকিব চাকৰিত৷ হয়তো বেলেগ চহৰ বা বেলেগ দেশত৷ কোনে চাব তোক৷ বৰগীতটোত কৈয়ে গৈছে ‘পুত্ৰ পৰিবাৰ হবহি অসাৰ’….”-শকতটোৱে খোঁচটো আকৌ দিলে৷
“প্ৰভু ইশ্বৰ !!! আপুনি দয়া কৰি ক’বনে তিনি নম্বৰটো?”-চুলি-দীঘলটোৱে নমস্কাৰ এটা দি সুধিলে৷
“সেই শোটোৰা পৰা ছালৰ দিনত মানে সেই দুৰ্দিনত হৰি ওৰফে ভগৱানৰ বাহিৰে তোক সহায় কৰিব পৰা আনজন হ’ল পইচা৷ পইচা থাকিলে তোক সহায় কৰা মানুহ নিজে নিজে আহিব৷ কিন্তু পইচা আহিব ক’ৰপৰা? ধেন টে টেন …পেন্সন প্লেন৷ দগৰা কিবা এটা খুলি দে৷ মোৰ নামত বুটমাহ নোলালে  মই তোৰ লগতে থাকিম৷”-শকতটোৱে চকু টিপিয়াই ক’লে৷
কথাটো শেষ নহ’লেই,ঠাকুৰ গহীন গহীন খোজেৰে সিহঁতৰ কাষেৰে পাৰ হৈ গ’ল৷ যাওঁতে কুংফুলৈ ঠাকুৰে চকুৰে এটা ইঙ্গিত দি গ’ল৷
শকতটো ততালিকে বেঞ্চৰ পৰা নামিল৷ চুলি-দীঘলটোৱেও তাক অনুসৰণ কৰিলে৷
“সময় হৈ গ’ল৷ বাকী আৰু বহুত ইনভেষ্টমেণ্ট আছে বুজিছ৷ তোৰ পোৱালীৰ এডুকেচন প্লেন, মিউচুৱেল ফাণ্ড, শ্বেয়াৰ ইত্যাদি ইত্যাদি৷”-শকতজনাই ক’লে৷
“ভৌ ভৌ ভৌ”-ইফালে কুংফুৱেও চাইৰেন বজাই দিলে৷
“ব’ল সোনকালে ৷ এইডালে তাৰ দাঁতকেইটা আমাৰ ভৰিত ইনভেষ্ট কৰিব নহ’লে৷”-চুলি-দীঘলে চিঞৰি উঠিল৷
কুংফুৱে অলপদূৰ সিহঁতক আগবঢ়াই থৈ আহিল৷ কুংফু ঠাকুৰৰ একমাত্ৰ সংগী৷ ঠাকুৰে নিজকে যুধিষ্ঠিৰ বুলি ভাবে৷ পাণ্ডৱৰ অন্তিম যাত্ৰাৰ সংগী কুকুৰটো মনত পেলাই তাৰ নাম দিছিল-‘পাণ্ডৱ’৷ কিন্তু আড্ডাৰ মানুহৰ মুখত লাহে লাহে পাণ্ডৱৰ পৰা পাণ্ডা হৈ,কুংফু পাণ্ডাৰ পৰা লাহেকৈ পাণ্ডা আঁতৰি ‘কুংফু’হে থাকিলগৈ৷ কুংফুক এতিয়া আড্ডাৰ সকলোৱে চিনি পায়৷
আড্ডাত নিজৰ নিয়ম সাজি থৈছে ঠাকুৰে৷ দোকানৰ সন্মুখত বাঁহৰ বেঞ্চখনেই আড্ডাৰ একমাত্ৰ নিগাজি ঠাই৷ আঁউজিবলৈ ভলুকা বাঁহ দুডালমান পুতি থৈছে৷ এঘণ্টাৰ ওপৰত কোনো থাকিব নোৱাৰে৷ চিঞৰ-বাখৰ বা কাজিয়া লাগিলে আড্ডাৰ পৰা জীৱনলৈ বিতাৰিত কৰা হয়৷ দোকানৰ কাষতে থকা গছ এজোপাই অনবৰত বেঞ্চখনত ছাঁ পেলাই থাকে৷

ইতিমধ্যে আন দুজন আহি বেঞ্চখনৰ শোভা বঢ়ালেহি৷ দেখাত কলেজীয়া ল’ৰা যেন লাগিল ঠাকুৰৰ৷ দুয়োটা খিন-মিন৷ অবিন্যস্ত চুলি৷ চিগাৰেটটো ইটোৰ ওঁঠৰ পৰা সিটো ওঁঠলৈ ঘূৰি ফুৰিছে৷
ইহঁত হয় কিবা কবি,সাহিত্যিক নতুবা প্ৰেমিক চৰাই-যি গান শুনাই গীটাৰ বজায়৷ কাষেৰে প্ৰথমবাৰ পাৰ হৈ যাওঁতে বুজি পালে তাৰ অনুমান সঠিক আছিল৷ সিহঁতে কিবা মেগাজিনৰ কথা পাতি আছে৷
“অ’ই কিমান আহিছে এতিয়ালৈ? লেখাতো বহুত লাগিব৷ যিমানেই হওঁক আমাৰ মেগাজিন আগৰবাৰতকৈ ভাল হ’ব লাগিব৷”-এটাই আনটোক ক’লে৷ ই সহকাৰী বা সহায়কাৰী হ’ব৷
“ছিৰিয়াছ লেখা কম আহিছে৷ চুটি গল্প দুটা আহিছে এতিয়ালৈ৷ কবিতা লেখা মানুহ ধেৰ৷ এগাল আহিছে৷ জাবৰবোৰ পেলাই ভাল দুটামান বাছনি কৰিব লাগিব৷ বেটুপাটখন তই আঁকিবলৈ আৰম্ভ কৰ৷ চুটি গল্প আৰু লাগে৷ মই কৈছোঁ দুটামানক৷ চাওঁ কি হয়৷ অণু গল্প ওলাইছে আজিকালি৷ তেনেকুৱা গল্পৰ শিতান এটা ৰাখিম এইবাৰ৷ অউ ! তাতোকৈ সৰু মানে এটা বাক্যৰ গল্প বিচাৰিম৷”-সম্পাদকৰ দৰে লগাজনে ক’লে৷
“ওৱান লাইনাৰ গল্প৷ সেইটো আকৌ কেনেকুৱা বস্তু৷ মই আজিলৈকে দেখা নাই৷”-সহকাৰীয়ে সুধিলে৷
“উদাহৰণ এটা দিছো ৰ’-‘ফেনেফুটুকাৰে বাঢ়ি অহা নদীখনলৈ চাই ঠিকাদাৰকেইজনৰ হাঁহিটো যিমানেই বাঢ়ি আহিছিল,সিমানেই নৈপৰীয়া মানুহঘৰে কান্দোনৰ মাজেৰে বয়-বস্তু বন্ধাত ব্যস্ত আছিল৷”
“আহ! বুজিলোঁ৷ কিবা মডাৰ্ন আৰ্ট টাইপ বস্তু হ’ব৷ মানে যিয়ে যেনেকৈ ভাবে তেনেকৈ বুজিব পাৰে৷”-সহকাৰীয়ে ক’লে৷
“ঠিক ধৰিছ৷”-সম্পাদকে মূৰ দুপিয়াই সন্মতি দিলে৷
“মইও এটা কৈ দিলোঁ-ওৱান লাইনাৰ গল্প ‘অসমীয়াই কপৌ ফুল ভাল পায়৷”-সহকাৰীয়ে কাষৰ গছজোপাত লাগি থকা কপৌ ফুলপাহলৈ চাই ক’লে৷
“সেইটো আকৌ কি গল্প হ’ল!ভাল পাই সকলোৱে জানে৷”-সম্পাদকে ভেঁকাহি মাৰি ক’লে৷
“মডাৰ্ন আৰ্ট টাইপ বন্ধু৷ যেনেকৈ মডাৰ্ন আৰ্টটো বহুদেৰি চাই থাকে; প্ৰথমে একো বুজি নাপায়৷ পিছলৈ নিজেই কিবা এটা মনৰ ভিতৰতে বুজি লৈ বাহ্ বাহ্ দিয়ে৷ ঠিক তেনেকুৱাই৷ তই সম্পাদক হিচাপে বহলাই ব্যাখ্যা কৰি দিবি পিছত৷”-সহকাৰীয়ে ক’লে৷
“কি মূৰটো বহলাম ! অসমীয়াই কপৌ ফুল ভাল পায়৷ অসমীয়াই নাহৰ ফুলো ভাল পায়৷ এনেকৈ বহলাম নে?” -সম্পাদকে তালৈ চাই সুধিলে৷
“তই বুজি পোৱা নাই৷ কপৌ ফুল পৰাশ্ৰয়ী বা পৰনিৰ্ভৰশীল৷ আমি অসমীয়াবোৰো একেই নহয় জানো ! সকলো ক্ষেত্ৰতে আনৰ ওপৰত নিৰ্ভৰশীল৷ সংস্থাপন লাগে৷ কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ বাবে ৰৈ থাকোঁ৷ একো উদ্যোগ নাই, সেয়েহে আমি নিবনুৱা৷ নিজে কিবা এটা কৰি আত্মনিৰ্ভৰশীল নহওঁ৷ বিহু ফাংছন পাতিব লাগে৷ মাৰোৱাৰী-বিহাৰীৰ চান্দাত সংস্কৃতি ৰক্ষা কৰিম৷ আলু-পিয়াজ,মাছ-কণী সকলোতে আমি মাৰোৱাৰী বা বহিৰাগতৰ গুদামৰ ওপৰত নিৰ্ভৰশীল৷ সেয়েহে আমি কপৌ ফুল ভাল পাওঁ৷ কাৰণ আমি নিজেও কপৌ ফুলৰ দৰে৷ বাহিৰৰ পৰা ধুনীয়া,কিন্তু লোকৰ গাত আশ্ৰয় লৈ জীয়াই থাকোঁ৷”-সহকাৰীয়ে ব্যাখ্যা কৰি দিলে৷
“ঠিকেই কৈছা৷ কিন্তু মডাৰ্ন আৰ্টৰ দৰে এই ওৱান লাইনাৰটোত ইমান কথা আছে বুলি বুজিব পৰা মানুহ বহুত কম আছে৷”-সম্পাদকে হাঁহি হাঁহি ক’লে৷
এনেতে কুংফুৱে চিঞৰি উঠিল -“ভৌ ভৌ ভৌ”৷ ঠাকুৰ তেতিয়ালৈ এবাৰো অহা নাছিল৷ ল’ৰা দুজনেও একো বুজি নাপাই ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে৷
ঠাকুৰ দৌৰি দোকানৰ পৰা ওলাই আহিল৷ কুংফুৱে ঠাকুৰক দূৰৈৰ কেঁকুৰিটোৰফালে দেখুৱালে৷
দূৰৈৰ কেঁকুৰিটোত কেইটমান মোটোহা-মোটোহ ল’ৰা আন এখন দোকানত সোমাইছে৷ কুংফুয়ে আকৌ ভুকি তাৰ ভাষাত ক’লে-“ভালকৈ চা৷”
আকৌ এবাৰ সিহঁতলৈ চাই এটাৰ হাতত ৰছিদ বহী এখন দেখি ঠাকুৰে বুজি পালে-কুংফুয়ে কিয় ইমান চিঞৰিছে৷
“ভাইটিহঁত,পাছত কেতিয়াবা আহিবা৷ আজি দোকান সোনকালে বন্ধ কৰিব লাগিব৷”-ঠাকুৰে ল’ৰা দুটালৈ চাই ক’লে৷
ল’ৰা দুজনেও ঠাকুৰৰ কথাত সন্মতি জনাই কেঁকুৰিৰ ফালে আগবাঢ়িল৷
“অ’ ! চান্দা দাদাসকল আহিছে৷ বিহু ফাংছন৷ সেয়েহে ঠাকুৰে দোকান বন্ধ কৰিলে৷”-সহকাৰীয়ে ক’লে৷
ইতিমধ্যে ঠাকুৰে দোকান বন্ধ কৰিছিল৷ বৰ বৰ হৰফেৰে জিলিকি আছিল “ঠাকুৰৰ দোকান৷ বাকী আৰু চান্দা খুজি লাজ নিদিব৷”
“সম্পাদকীয়তো চান্দাদাদাহঁতৰ ওপৰত লিখিব পাৰি দেখোন৷”-সম্পাদকে ক’লে৷
“লিখিব পাৰ৷ কিন্তু চান্দা দাদা নহয়,এইকেইটা মামা হ’ব৷ চান্দামামা৷”-সহকাৰীৰ উত্তৰ৷
“চান্দামামা বুলি ক’লে সেই ল’ৰালিৰ চান্দামামা মেগাজিনখনলৈ মনত পৰি যায়৷ বিক্ৰম বেতাল মোৰ প্ৰিয় আছিল তেতিয়া৷”-সম্পাদকে ক’লে৷
একোচা মোচেৰে ঠাকুৰক ৰজা বিক্ৰম যেনেই লাগিল তাৰ৷ আমাৰ সমাজ-জীৱনৰ বেতালকেইটাৰ মুখকেইখন ইতিমধ্যে সিহঁতৰ কাষেদি পাৰ হৈ গৈছিল৷
সহকাৰীয়ে লাহেকৈ গুণগুণালে “বিক্ৰম বিক্ৰম  বিক্ৰম…..বেতাল বেতাল বেতাল ….”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *