ফটাঢোল

হ’লেও আৰু – কেশৱ বৰা

অঞ্চলটোৰ এজন লেখৰ মানুহ মাঘৰাম পাঠেক৷ পাঠেক বা পাঠক তেখেতৰ পৈত্ৰিক উপাধি নহয়,বৃত্তিগতহে৷ সৰবৰহী সামান্য পৰোপকাৰী মানুহ,নলগা জেঙত সাধাৰণতে নালাগে৷ স্কুলীয়া শিক্ষা সামান্য,কেবা শ্ৰেণীতো দৰক লাগিবলগীয়া হোৱাত আমনি লাগি আদখনীয়াকৈ শিক্ষা সাং কৰিলে৷ পুথি-পাজি ভালেমান পঢ়িছে,প্ৰসঙ্গক্ৰমে ৰজিতা খোৱাকৈ সুললিতভাৱে গাবও পাৰে৷ অঞ্চলৰ বহু অনুষ্ঠানৰ সভাপতি,ডাঙৰকৈ হোৱা নাম-প্ৰসঙ্গৰ মূল মানুহ মাঘৰাম৷ পৰিধি বহলাই কিঞ্চিত চিন্তা-চৰ্চা কৰিবপৰা সমনীয়া বা বয়সত ডাঙৰ কিছুৱে বিদ্ৰুপভৰা উপনাম এটাৰে তেওঁৰ কথা উল্লেখ কৰে-‘মাঘপণ্ডিত!’

পৰীক্ষাৰ নম্বৰ তালিকাত গধুৰ অঙ্কৰে নহয়,প্ৰকৃতাৰ্থত চোকা বিবেকানন্দ অঞ্চলটোৰ এজন ব্যতিক্ৰমী ডেকা৷ লগ-সমনীয়াই তেওঁক ‘বিবেকা’ বুলিয়েই মাতে৷ বিবেকাই ৰস লগাকৈ মিছাকে সঁচা সাজিব পৰা মাঘৰামক বৰ বেয়া নাপায়৷ সম্বোধনো ‘দেদাইদেউ’ বুলিয়েই কৰে৷ দুয়ো লগালগি হ’লে বিভিন্ন বিষয়ৰ আলোচনা হয়,প্ৰধানকৈ পুৰাকথাই বেছি৷ দুয়োৰে মাজত হোৱা আজিৰ কথোপকথন এনেধৰণৰঃ

: হেৰ’ বিবেকা বোপাই,ৰাজহুৱা কামত লাগি বহুদিন তহঁতৰ এইফালে আহিবলৈ আহৰি পোৱা নাছিলোঁ৷ আজি আহৰি উলিয়াই সাউৎকৈ তোক লগ পাওঁ বুলি আহিলোঁ৷
: বৰ ভাল কৰিলে দেদাইদেউ,বহক৷
: বুজিছ বিবেকা,আজি গীতাৰ বিষাদযোগটো পঢ়ি মনটো বৰ দুখেৰে ভৰি আছে৷
: আপোনাৰ বাৰু গীতাৰ প্ৰথম শ্লোকটো মনত আছেনে-
ধৰ্ম্মক্ষেত্ৰে কুৰুক্ষেত্ৰে
সমবেতা  যুযুৎসবঃ৷
মামকাঃ পাণ্ডৱাশ্চৈব
কিমবুৰ্ব্বত সঞ্জয়৷৷
: মুখস্থ থাকিলেও সংস্কৃত শব্দবোৰৰ অৰ্থ নাজানো দেই৷
: বাৰু,কুৰুক্ষেত্ৰত ধৰ্মক্ষেত্ৰ বোলা হৈছে অৰ্থাৎ অন্যায় সমৰত কোনো লিপ্ত নহ’ব৷ কিন্তু আমি এই ধৰ্মক্ষেত্ৰত দুয়োপক্ষই কেবাবাৰো অন্যায় যুঁজত লিপ্ত হোৱা দেখা পাওঁ৷
: ওঠৰ অক্ষৌহিনী সেনাৰ মাজত লগা যুঁজত ক’ৰবাত ন্যায়ৰ হেৰ-ফেৰ হোৱাতো আচৰিত কথা নহয় দে৷
: দেদাইদেউ,এক অক্ষৌহিনী কিমান হয়,জানেনে?
: নাজানো ৷
: এক অক্ষৌহিনীত ১,০৯,৩৫০জন পদাতিক; ৬০,৬১০ টা ঘোঁৰা; ২১,৮৭০টা হাতী আৰু ২১,৮৭০খন ৰথ থাকে৷ ৰথৰ সাৰথি আৰু হাতীৰ মাউত বাদ দিলেও সংখ্যাটো ২,১৮,৭০০ হয়৷ ইয়াক ওঠৰেৰে পূৰণ কৰিলে হয়গৈ ৩৯,৩৬,৬০০৷ এই বিপুল সেনাৰ মাজত মুখামুখি সংঘৰ্ষৰ কথা কল্পনা কৰকচোন৷ যুদ্ধতো আৰু কুম্ভমেলা বা ইস্তেমা বা কণিষ্কৰ বৌদ্ধ মহামেল নহয় যে তাত সকলো কাম নিয়াৰিকৈ চলিব ! এই বৃহৎ সংখ্যক মানুহ আৰু জন্তুক খোৱাবলৈ ৰান্ধনি,শিবিৰ,খৰিভাৰী,পানীভাৰী আৰু চিকিৎসক কিমান লাগিব ভাবকচোন৷ খাদ্যৰ পেলনীয়া অংশ,শৌচাচাৰ আৰু স্নানৰ কথা নক’লোঁৱেইবা৷ মৃতদেহবোৰ ক’ত দাহ কৰা হৈছিল ? সৈনিকবোৰে ৰাতি জিৰণি ল’বলৈ আচ্ছাদিত শিবিৰ আছিলনে?

বিবেকাৰ কথা শুনি মাঘৰামৰ চকু কপালত উঠি মুখ মেল খালে৷

: মহাভাৰতৰ যুদ্ধৰ সময় খ্ৰীষ্টজন্মৰ তিনিহাজাৰমান বছৰৰ আগৰ বুলি ধৰিলেও সেইসময়ত জম্বুদ্বীপত আধাকোটি জনসংখ্যা আছিল নে নাই-সন্দেহৰ বিষয়৷ এইবোৰ কথা চালি-জাৰি চাই মই মহাভাৰতক এখন ৰূপক বুলিহে ভাবোঁ৷ অতিশয়োক্তি ইয়াৰ বিশেষত্ব৷

: তোৰ বিশ্লেষণ দলিয়াই দিব পৰা নহয় অৱশ্যে৷ কিন্তু আমি যুগযুগ ধৰি মহাভাৰতৰ যুঁজখন সঁচাই হৈছিল বুলি বিশ্বাস কৰি আহিছোঁ৷

: যুঁজখন নলগা বুলি ময়ো কোৱা নাই৷ কিন্তু মহাকাব্যত বৰ্ণনা কৰাৰ দৰে ইমান ব্যাপক হয়তো নহয়৷ আৰু এটা কথা ভাবকচোন দেদাইদেউ,মানুহে এটা চকু বেয়া ল’ৰাকো পদ্মলোচন,লাউলোৱা হ’লেও ধনীৰাম নাম দিয়ে৷ কিন্তু ধৃতৰাষ্ট্ৰই নিজ পুত্ৰ-কন্যাক কি নাম দিছে ভাবি চাওক-দুৰ্যোধন,দুঃশাসন,দুঃশলা৷ যুক্তি-তথ্যৰ বিশ্লেষণে কথাবোৰ আউল নলগাইনে?
: বিবেকা, তোৰ দৰে মই ভাবিব নোৱাৰোঁ৷ শ-শ বছৰ ধৰি আমি মহাভাৰতত থকা কথাবোৰ সঁচা বুলিয়েই মানি আহিছোঁ,সঁচা নহয় বুলি ভাবিবই নোৱাৰোঁ৷ তোৰ বিচাৰ মই খণ্ডন কৰিব নোৱাৰোঁ,কিন্তু হ’লেও আৰু….৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *