ফটাঢোল

ইট্ ইট্ ফিচ এণ্ড মিট্ ইট্ – মৌচুমী দাস

“কাষৰ কোৱাৰ্টাৰত আজি কিবা আছে নেকি অ’,মাংসৰ আঞ্জাৰ গোন্ধটো বাৰে বাৰে আহি নাকত লাগিছেহি৷”
দুপৰীয়াৰ ভাতকেইটা খাই বেচিনত হাতখন ধুই ধুই অভিলাষ বৰুৱাই চিত্ৰাংগদাৰ মুখলৈ চাই কথাকেইটা ক’লে ৷
“ছাৰ,সিহঁতৰ ঘৰৰ বাচ্চাটোৰ কিবা আছে চাগৈ, ৰাতিপুৱাৰ পৰাই মানুহ৷”
“আচ্চা ছাৰ, বাইদেউ কেতিয়া উভতি আহিব বাৰু ?” ―লাহেকৈ সুধিলে তাই ৷
“বাইদেউ উভতি নাহিব যেনেই লাগিছে বুজিছ ৷ বায়েকৰ ঘৰলৈ গৈ মোক বনবাসত এৰি থৈ গ’ল ৷ মইহে গম পাওঁ মোৰ কি দুৰৱস্থা হৈছে৷ তইও বিয়া হ’লে তেনেকুৱাই কৰিবি৷”

তাই খিক্ খিককৈ হাঁহি আকৌ মাত দিলে ―
“ইইই ছাৰ !! মই বিয়া নহওঁ দেই,ইম্ফল এৰি ক’লৈকো নাযাওঁ ৷”

তামোল এখন মুখত ভৰাই অলসভাৱে চোফাখনত দেহাটো এৰি দি বৰুৱাই ক’লে,“তই বিয়া নহওঁ বুলি ক’লেই হ’লনে ! অহা মাহত বাবলু আৰু পংখী আহিব ৷ বাইদেউ আৰু ইহঁত দুটাৰ লগত তোৰ বিয়াখনৰ কথা পাতিব লাগিব ৷”

লাজ লাজকৈ মূৰটো তললৈ কৰি তাই ক’লে, “ছাৰ বাবলু দাদাৰহে বিয়া পাতি দিব লাগে ৷ মই ভি তেতিয়া ‘বৌ’টোক চাই যাব পাৰিম ৷”

বৰুৱাই ইতিমধ্যে গম পাইছে যে কথা ওলাল যেতিয়া এই এতিয়া এনেকৈ নাযাব ৷ চিত্ৰাংগদাক তেওঁ সৰুৰ পৰাই পাইছে ৷ নিজৰ ছোৱালী পংখীৰ দৰেই মৰম কৰে তাইক ৷ ইম্ফলৰ ছোৱালী তাই ৷ মণিপুৰী হোৱা বাবে অসমীয়া কওঁতে অলপ খোকোজা লাগে ৷ ঘৰৰ দুৰৱস্থাৰ বাবে বাপেকে তাইক বৰুৱাৰ ঘৰতে থৈ গ’ল ৷ বনকৰা ছোৱালী হিচাপে তাইক ৰাখিবলৈ টান পাইছিল বৰুৱাই ৷ কিন্ত তাইৰ প্ৰতি বৰুৱাৰ কিবা এটা মোহ জাগিল ৷ ৰাখি থ’লে তাইক ৷ তাইৰ পঢ়া-শুনা আদিৰ পৰা বিয়া দিয়ালৈকে সকলো দায়িত্ব লোৱাৰ সিদ্ধান্ত লৈ পেলালে বৰুৱাই সিদিনাই ৷ লাহে লাহে দুই এখন কামেৰে বৰুৱানীক সহায় কৰি দিয়াও হ’ল,লগতে তেওঁলোকৰ অকলশৰীয়া অনুভৱটোও নাইকিয়া হ’ল ৷ ল’ৰা-ছোৱালী দুটাক উচ্চ-শিক্ষাৰ খাতিৰত বিদেশলৈ পঠিয়াব লগা হোৱাত এতিয়া ঘৰখনত মানুহ বুলিবলৈ তিনিটি প্ৰাণীহে ৷ বৰুৱা-বৰুৱানী আৰু চিত্ৰাংগদা ৷ নিমাওমাও হৈ থকা ঘৰখনত তাইয়ে এতিয়া একমাত্ৰ সাৰথি ৷

“তই এতিয়া ইয়াৰ পৰা যাবিনে ৷ ন’হলে কিন্তু অহা বছৰলৈ কণা,কুঁজা,লেঙেৰা,বুঢ়া যিয়েই নহওক-এটা ধৰি আনিম আৰু তোক বিয়া দি দিম ৷”
বৰুৱাই লাহেকৈ চকুকেইটা টিপিয়াই ধেমালিৰ সুৰত তাইলৈ চাই ক’লে ৷

এনেতে কলিং বেলটো বাজিল৷ চিত্ৰাই দুৱাৰখন খুলি দিলে ৷ হাতত তামোল-পাণ এখন লৈ বৰুৱালৈ বুলি আগুৱাই আহিল মানুহজন ৷

“ছোৱালীজনীৰ জন্মদিন,আবেলিলৈ ভাতসাঁজ আমাৰ ঘৰতে গ্ৰহণ কৰিব,আটাইকে নিমন্ত্ৰণ জনালোঁ ৷”
বৰুৱাই বঁটাটো টেবুলত থৈ কাষৰ কোৱাৰ্টাৰটোলৈ নতুনকৈ অহা মানুহজনলৈ চাই ক’লে ― “অ’ নিশ্চয়! তোমালোকৰ লগত চিনাকিও হোৱা নাই নহয় ভালদৰে ৷ ভালেই হ’ব দিয়া,চিনাকি-পৰ্ব এটাও হ’ব ৷ পিছে ঘৰৰ বাকীবোৰ সদস্য নাই,এই( চিত্ৰাংগদা) আৰু মইয়ে যাম দিয়া ৷”
নতুন আলহীক বিদায় দি বৰুৱা টিভিটোৰ সন্মুখত বহিল ৷ ৰিম’ৰ্টৰ বুটামবোৰ পকাই পকাই এফালৰ পৰা চেনেলবোৰ চোৱাত লাগিল ৷
“আজিকালি এই টিভিটোও চাবলৈ মন নোযোৱা হ’ল, ইমানসোপো যে এডভাৰটাইজ দিয়ে অ’৷”-মুখৰ ভিতৰতে ভোৰভোৰালে বৰুৱাই ৷
“অই চিত্ৰা চাওঁ, চাহ একাপ আনচোন৷”

পানী এগিলাচ হাতত লৈ চিত্ৰাই বৰুৱাৰ সন্মুখত ৰৈ পানী গিলাচ আগবঢ়াই দি ক’লে-“এতিয়া চাহ নিদিওঁ ৷ দাৱাই খোৱা টাইম হৈছে,এইটো লওক ৷ দুপৰীয়া নাকত লাগি থকা মাংসৰ গোন্ধৰে আবেলিলৈ পেট পূৰাব লাগিব না… ঠিক আছে আপুনি যদি দাৱাই নাখায় তেনেহ’লে মই আলহীক কৈ দিওঁগৈ যে ছাৰ নাযায়, অসুখ ৷”
দুষ্টালিভৰা হাঁহি এটা মাৰি তাই বৰুৱালৈ চাই কথাষাৰ ক’লে ৷

― “হ’ব হ’ব দে ৷ তোৰ পৰা নোৱাৰি আৰু ৷”

“মানুহজনীও নাই৷ তাই  আক’ তাতে জ্বলা জুইত ঘিউ ঢালিছে ৷ আজি নিমন্ত্ৰণ এটা পাইছোঁ ৷ এইজনীয়ে আকৌ মুদাই মাৰিছিল৷”-খাওঁ-নাখাওঁকৈ বৰুৱাই ঔষধটো খালে৷

——————————————————————————————————————
আবেলি নতুন আলহীৰ ঘৰত,ভাতৰ টেবুলত আটায়ে বহি আছে৷ বহুত দিনৰ মূৰত বৰুৱাৰ আজি মন গ’ল অতীত-ৰোমন্থন কৰিবলৈ৷ সিপিনে শ্ৰোতাও ধেৰ৷ গতিকে বৰুৱাই ‘আখ্যান’ আৰম্ভ কৰিলে-

“মনিপুৰলৈ অহা আজি বহু বছৰ পাৰ হৈ গ’ল ৷ বেংকৰ চাকৰিসূত্ৰে মই আৰু প্ৰদীপ ইম্ফল পালোঁহি ৷ তেতিয়া আমি চফল ডেকা ৷ ইম্ফলৰ প্ৰায়বোৰ ছোৱালীৰ মাক-বাপেকৰ চকু আমাৰ ওপৰত ৷ ইয়ালৈ আহিহে গম পালোঁ সাংঘাটিক কেছ হৈ আছে বুলি ৷ অফিচৰ প্ৰায় সকলোৰে মুখে মুখে শুনিবলৈ পালোঁ যে ইয়ালৈ যিমানবোৰ ডেকা ল’ৰা আহে শেষত গৈ সকলোবোৰ ইম্ফলৰ জোঁৱাই হয়গৈ ৷ কথাটো নোহোৱাও নহয় ৷ অফিচৰ প্ৰায়বোৰ ল’ৰাৰে পত্নী মণিপুৰী ৷ ইম্ফললৈ অহা এবছৰ আগলৈকে সেই ঘটনা ঘটি আছিল ৷ আমাৰ দুটাৰ লাগিল ভয় ৷ ভয়ে ভয়ে চাৰি বছৰ চাকৰি কৰিলোঁ৷ ভাগ্য ভাল আছিল,অৱশেষত যেনিবা মনিপুৰৰ জোঁৱাই হোৱাৰ পৰা হাত সাৰিলোঁ ৷ বিয়া পাতিলোঁ,এদিন দুদিনকৈ সংসাৰ আগবাঢ়িল ৷ তেতিয়া দৰমহাও কমকৈ পাওঁ ৷ ঘৰলৈও পইচাও পঠিয়াব লাগে ৷ মাহৰ মূৰত যিকেইটা দৰমহা পাওঁ ল’ৰাই ছোৱালীয়ে কোনোমতেহে জোৰা-টাপলি মাৰোঁ ৷ আকৌ ঘৰলৈ পঠিয়াবলৈ হাতত ফুটাকড়ি এটাও নাথাকেগৈ ৷ বিয়া পতাৰ আগলৈকে যদিও সকলো ঠিকেই আছিল ৷ বিয়া পতাৰ পাছত এই কামফেৰা অলপ কমিবলৈ ধৰিছিল ৷

বিয়া নপতাৰ আগলৈ প্ৰত্যেক মাহে-মাহে ঘৰে পইচা পাইছিল ৷ বিয়া পতাৰ পাছত দায়িত্ব বাঢ়িল; সেয়েহে দুমাহ, তিনিমাহৰ মূৰতহে পইচা ঘৰ পাইছিলগৈ ৷ তেনেকৈ প্ৰায়  দুমাহমান ঘৰলৈ পইচা পঠোৱা নহ’ল ৷

এবাৰৰ কথা,অফিচলৈ টেলিগ্ৰাম এখন আহিল ৷ তেতিয়াৰ দিনত টেলিগ্ৰাম সদ্যহতে মানুহে নকৰিছিল ৷ বিশেষ কিবা জৰুৰী খবৰ থাকিলেহে পঠাইছিল ৷ তাৰ মাজৰ প্ৰায়ভাগ খবৰেই দুখজনক আছিল ৷

টেলিগ্ৰাম লিখোতে মানুহে যিমান পাৰি চুটিকৈ লিখিছিল ৷ প্ৰতিটো শব্দৰ বাবদ পইচা লোৱা হৈছিল ৷ খৰছীও আছিল ৷ পিয়নটোৱে আহি টেলিগ্ৰামখন হাতত তুলি দিয়াত মই থৰথৰকৈ কঁপিবলৈ ধৰিলোঁ ৷ বহু সাহস গোটাই টেলিগ্ৰামখন পঢ়িবলৈ আৰম্ভ ধৰিলোঁ ৷

আৰে এইয়া কি !!! মোৰ চকু কপালত উঠিল ৷ টেলিগ্ৰামত এইয়া কি লিখা আছে !! “Eat Eat Fish and Meat Eat” ৷ মই ভাবিবলৈ ধৰিলোঁ-দেউতাই এইখন কেনেকুৱা টেলিগ্ৰাম পঠাইছে ! কেইবাবাৰো পঢ়ি বুজিবলৈ চেষ্টা কৰিও মই বিফল হ’লোঁ ৷ অফিচ ষ্টাফৰ সকলোকে সেইখন দেখুৱালোঁ, অথচ কোনেও তাৰ অৰ্থোদ্ধাৰ কৰিব নোৱাৰিলে ৷ আচলতে সেইখনত কি বুজাইছিল দেউতাই ৷ উপায়ন্তৰ হৈ মেনেজাৰৰ কাষ চাপিলোঁগৈ ৷

মেনেজাৰে সেইখন লুটিয়াই মেলি মোৰ মুখলৈ চাই ক’লে, “বাপেৰলৈ পইচা নপঠিওৱা কিমান দিন হ’ল ?”

মই ক’লোঁ,“দুমাহ মান পঠিওৱা নাই ছাৰ ৷”

“হমমমম…৷ এইখন সেইকাৰণেই পঠাইছে ৷”-দীঘল হুমুনিয়াহ এটা কাঢ়ি মেনেজাৰে ক’লে৷

মেনেজাৰে সেইখনৰ অসমীয়ালৈ ভাঙনি কৰি দিলে৷ তেতিয়াহে উৰহীৰ ওৰ ওলাল ৷ বুজি পালোঁ- আচলতে দেউতাই কি বুজাইছিল ৷

তাত লিখা আছিল “Eat Eat Fish and Meat Eat” অৰ্থাৎ অসমীয়াত তাৰ পোনপটীয়া  অৰ্থটো হ’ল “খা খা মাছে মঙহে খা” ৷

দেউতাৰ টেলিগ্ৰামৰ অৰ্থ বুজি পাই গোটেই ষ্টাফ হাঁহিত বাগৰি পৰিল আৰু মোৰ অৱস্থা হৈছিল ভিঁজা মেকুৰীটোৰ দৰে ৷ সেই ঘটনা হৈ যোৱাৰ দুদিন পাছতেই দেউতা আহি ইম্ফল ওলাইছিলহি ৷ মই তেতিয়া কেচ কাউণ্টাৰত ৷  দেউতাই হতবাক ৷ টিঙিৰি তুলা হৈ মোৰ ফালে চাই দেউতাই ক’লে, “হে প্ৰভু ! মোৰ ল’ৰাই ইমানবোৰ টকাৰ ওপৰতে বহি কাম কৰে,অথচ মাহৰ মূৰত মোলৈ টকাকেইটাও নপঠায় ৷” বহুত বুজাই-বঢ়াই দেউতাক ঠাণ্ডা কৰি পইচা কেইটামান দি ঘৰলৈ পঠিয়াই দিলোঁ ৷ তেতিয়াৰ পৰাই মই দৰমহা পোৱাৰ লগে লগেই ঘৰলৈ টকাকেইটামান পঠিয়াই দিয়া হ’লোঁ ৷ কি ঠিক আকৌ বা কেতিয়া হঠাতে “Eat Eat Fish and Meat Eat” বুলি টেলিগ্ৰাম আহি যায় ৷”
——————————————————————————————————————-
নতুন আলহীৰ ঘৰত অভিলাষ বৰুৱাৰ এই কাহিনী শুনি ডাইনিং টেবুলৰ চাৰিওফালে বহি থকা আটাইবোৰে গিৰ্জনি মাৰি হাঁহিলে ৷ ভাত,মাছ-মাংসৰ সম্ভাৰ লৈ কণমানিজনীৰ মাক আহি বৰুৱাৰ ওচৰত ৰ’লহি ৷ মাংসৰ টুকুৰাকেইটা বাঢ়ি দিওঁতে কণমাণিজনীয়ে চিঞৰিলে, “ককা,Eat Eat Fish and Meat Eat”.(৷) ক্ষণিকতে বৰুৱাৰ মনটো পুনৰ উৰা মাৰিলে টেলিগ্ৰামৰ সেই দিনবোৰলৈ ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *