ফটাঢোল

চোৰৰ ইতিবৃত্ত – মণিষা কাকতী

আগকথাঃ
নমস্কাৰ। মোৰ নাম চোৰ। হয়, মোৰ নামটোৱেই চোৰ। ‘চোৰক চোৰে পাই’ বুলি মই মোৰ নামটোৱেই ‘চোৰ’ ৰাখিছোঁ । ক’বতো নোৱাৰি! কি ঠিক! নামটোও যদি চুৰি হৈ যায়। চোৰৰ যিহে উপদ্ৰৱ আজিকালি।  আগে-পিছে, সোঁৱে-বাঁৱে, ওপৰে-তলে-চাৰিওফালে সুন্দৰ, সুন্দৰ একোটা নাম লৈ মোৰ আজোককাৰ দিনৰে বৃত্তিটোক চুৰ কৰি বহি আছে প্ৰায়ভাগে। অৱশ্যে স্পেচিফিকেলি মোৰ পৰিচয় দিবলৈ গ’লে মই হ’লোঁ ‘ফে’চবুকৰ চোৰ’।

আজি আপোনালোকৰ সমুখত মই মোৰ নিজৰ কিছু কথা ব্যক্ত কৰিব ওলাইছোঁ। ইয়াৰ মূলতে হৈছে দুৰ্নাম। আজি কিছুদিন ধৰি একাংশই মোৰ নাম বদনাম কৰিবলৈ উঠি-পৰি লাগিছে। গতিকে আপোনালোকক মোৰ বিষয়ে এক সম্যক ধাৰণা দিয়াটো অতীৱ প্ৰয়োজনীয় হৈ পৰিছে।

মোৰ প্ৰকাৰঃ
চোৰৰ আকৌ কি প্ৰকাৰ? চোৰ চোৰেই। আপোনালোকৰ মাজত এইটো ভুল ধাৰণা সোমাই আছে যে চোৰৰ প্ৰকাৰ থাকে। আচলতে চোৰৰ প্ৰকাৰ নাথাকে। চোৰে কৰা চুৰি কাৰ্যৰহে প্ৰকাৰ থাকে। যেনে, আপডেট (ষ্টেটাছ, কবিতা, গল্প আদিকে ধৰি যিকোনো মৌলিক লেখা)চোৰ, ফটোচোৰ, কাৰ্টুনচোৰ, কমেণ্টচোৰ, কনচেপ্টচোৰ, বায়’চোৰ ইত্যাদি। সাধাৰণতে আপডেটবোৰ সৰু হ’লে মই ব্যক্তিগতভাৱে ভালপাওঁ। ‘মিম্’ বনাই যিকোনো কৌতুক গ্ৰুপত দি হাজাৰোধিক লাইক, কমেণ্ট, শ্বেয়াৰ পাব পাৰি আৰু সেইবোৰত ধন্যবাদ জ্ঞাপন কৰি কৰি যি এক অবুজ মাদকতা পোৱা যায় তাক ভাষাৰে বুজাবলৈ মই অলৰেডি কেইশাৰীমান ধুনীয়া বাক্য চুৰি কৰি থৈছোঁ। মোৰ কৰ্মৰ সাৰ্থকতা তাতেই।

মোৰ পদ্ধতিঃ

ফে’চবুক ফ্ৰেণ্ডলিষ্টখন কিছু আহল-বহল হ’ব লাগিব। লিষ্টখন ভাল ভাল ক্ৰিয়েটিভ মাইণ্ডেৰে ভৰপূৰ হৈ থাকিব লাগিব। সকলোতকৈ ফলপ্ৰসু কিটিপ হ’ল-যিমানবোৰ ফে’চবুক গ্ৰুপ আছে, সকলোতে নিজৰ মূৰটো সুমুৱাই চকু দুটাৰে পিত্‌পিতাই ফুৰিব পাৰিব লাগিব আৰু পছন্দৰ মাল পালেই লগে লগে ক্ষিপ্ৰতাৰে আঙুলি সঞ্চালন….আই মিন ‘কপি-পেষ্ট’। লেখকৰ নামটো উল্লেখ কৰাতকৈ ‘কপিড’ বুলি লিখি বেছি মজা লাগে। নিজৰ ওজনটোও অলপ থাকে তেতিয়া। পাৰিলে নিজাকৈ গ্ৰুপ এটা খুলি, এডমিন হৈ ব্যৱসায়টো চলাব পাৰিলে বজাৰ ৰমৰমীয়া। কেতিয়াবা কিছুমানে মন গ’লে চাই-চিতি, চুচুক-চামাককৈ আনৰ লেখাত নিজৰ নিজৰ সুন্দৰ নামটোও ভৰাই দিয়া মই নিজ চকুৰে দেখিছোঁ। কথাতে কয় নহয়-চোৰেহে দেখে চোৰৰ ঠেং। অ’,পাহৰিছিলোঁৱেই.. বিজিনেছ গ্ৰ’ কৰাৰ আন এটা মেথ’ড হৈছে হোৱাটচ্এপ। মোৰ  ‘লিখনি এক্সপ’ৰ্ট-ইমপ’ৰ্ট’ বিজনেছটোৰ হোৱাটচ্এপ শাখা এটাও খুলি লৈছোঁ সেয়ে। আৰু ইনষ্টাগ্ৰাম ডিষ্ট্ৰিবিউশ্যনতো মাথা মাৰি আছোঁ।

মোৰ উপকাৰিতাঃ

মই বৰ উপকাৰী জীৱ,বুজিছেনে?এটা ভাল লেখা বা ছবি চাৰিওফালে বিয়পি পৰাত মই সহায়ৰ আঙুলি আগবঢ়াওঁ। দেশ-বিদেশ ভ্ৰমি ফুৰে এটা লেখা,একমাত্ৰ মোৰ জহত ৷ নিজৰ খাই লৈ এনে মহান কাম কেইজনে কৰিব পাৰিছে হে? অৱশ্যেই আজিকালি বহুতো লোক আগবাঢ়ি আহিছে ৷ নিতান্তই ভাল লক্ষণ কিন্তু এইটো।

মোৰ সাহসঃ

সকলো গ্ৰুপৰ এডমিনসকল যিয়ে অকণো বাছ-বিচাৰ নোহোৱাকৈ মোৰ ‘কপিড’ মালবোৰ চকু মুদি এপ্ৰোভ কৰে আৰু আনে ভুল আঙুলিয়াই দিলেও পাত্তা নিদিয়ে৷ সেইসকল লোক মোৰ সাহস যিয়ে প্ৰকৃত উৎসৰ প্ৰতি অকণো উৎসাহ প্ৰদৰ্শন নকৰি মাত্ৰ য’তে পাই ত’তে ফ’ৰৱাৰ্ড, শ্বেয়াৰ কৰোঁ-কৰোঁকৈ থাকে। হোৱাটচ্এপ মোৰ বাবে বৰদান। তাৰ ফায়দাও পূৰ্ণোদ্যমে উঠাওঁ মই।

মোৰ সমস্যাঃ

সমস্যা বুলিবলৈ বৰ বিশেষ নাই। মাত্ৰ কেতিয়াবা দুই-এজন লোক ভুটুংকৈ মাল ডেলিভাৰী হোৱা জেগাত ওলাই অলপ আহুকালত পেলায়। লাজ যিহেতু নায়েই, গতিকে মেনেজ হৈ যায়। পাল্লা বেছি ওপৰলৈ গ’লে লাহেকৈ দুদিনমান ডিএক্টিভেট হৈ যাওঁ। কিন্তু এটা সমস্যা আহি পৰিছে লাহে লাহে৷ প্ৰতিদ্বন্দ্বী বাঢ়িছে মাৰ্কেটত৷ ফলত কৰ্মত ‘ফাষ্ট’ হ’বলগাত পৰিছোঁ। টেকনিকেলি ‘ষ্ট্ৰং’ নহ’লেও চলা টান হৈ পৰিছে। ক্ৰেডিট আনে কাঢ়ি লৈ যোৱাৰ চান্স বেছি।

সামৰণিঃ

ধন্যবাদ,মোৰ মনৰ কথাখিনি ধৈৰ্যসহকাৰে শুনাৰ বাবে। আশা কৰিছোঁ-মোৰ বিষয়ে কিছু ধাৰণা হ’ল আপোনালোকৰ। ‘গলতফেমি’ পুহি নাৰাখিব;লাগিলে কুকুৰ, মেকুৰী পোহক। মিছাতে মোৰ বদনাম গাই নুফুৰিব, গাব মন আছে যদি ‘ষ্টাৰমেকাৰ’ত গাওক৷ মোৰ এই বৃত্তিটোত কিমান ধৈৰ্য,কষ্ট নিহিত হৈ থাকে তাক আপোনালোকৰ দৰে এলেহুৱা লোকে কি বুজি পাব! মই হ’লোঁ জনহিতকৰ ফে’চবুকীয়া প্ৰাণী। ফে’চবুক থাকে মানে মই থাকিম। কোনেও একো কৰিব নোৱাৰে। কাৰণ মোৰ দৰে লোক বাংলাদেশীৰ দৰে দিনক-দিনে বাঢ়ি গৈ আছে,কিন্তু চিনাক্ত কৰি বাহিৰ উলিয়াই পঠিয়াব কোনেও নোৱাৰে। চিনাক্তকৰণ কৰিলেও মই দুদিন লুকাই থাকিলেই খেলা খতম,পৰিৱেশ হজম।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *