ফটা কীৰ্তন – ৰূপল নাথ
(তৃতীয় অধ্যায়)
জয় জয় সভাসদ ফটাঢোল নিবাসী ৷
নিবেদিলো প্ৰণাম মই সভাৰ মধ্যে আসি ৷৷
নাৰী পৰ্ব নামে আজি তৃতীয় অধ্যায় ৷
বেকত কৰোঁ কিছু কথা ক্ষমিয়োক দায় ৷৷
গোটৰ মধ্যে আছে যত ৰমণী স্ত্ৰী গণ ৷
স্বৰূপ দেখাইবাক লাগি কৰোঁ আয়োজন ৷৷
নাম প্ৰকাশি মই নকৰি পাপ কৰ্ম ৷
নিজগুণে বুজি লৈলে হৈবে পৰম ধৰ্ম ৷৷
এক নাৰী আছে গোটে অনেক প্ৰসাধন ৷
অশ্ব পুচ্ছ যেন কেশ দেখিতে শোভন ৷৷
বিহা লেখী পিজলা নামে তিনি ভগ্নী ৷
সেই কেশে থাকে খেলি প্ৰহৰ নগণি ৷৷
পদযুগল দেখি মোৰ পৰাণ অসহায় ৷
গোৰোহাৰ ৰূপ চাই প্ৰাণ ফাটি যায় ৷৷
লোকলজ্জা ভয়ে পামচু কৰয় ধাৰণ ৷
যত মানে ৰাখে চেষ্টা ৰোগ নিবাৰণ ৷৷
মুখে মধু বাক্য কিন্তু কুৎসিত অন্তৰ ৷
সেহি নাৰী গোটে কিন্তু জনপ্ৰিয় বিস্তৰ ৷৷
পৰচৰ্চা পৰনিন্দা আদি যতমানে গুণ ৷
সেই নাৰীৰ সঙ্গে থাকে যেন আভূষণ ৷৷
সবে দেখে সুশ্ৰী ৰূপ মনোমুগ্ধকৰ ৷
প্ৰকৃত ৰূপ নিচিনে কেৱে অতি ভয়ংকৰ ৷৷
দাপোণে দেখিয়া কান্দে নিজ ৰূপ দেখি ৷
বাহিৰে চলয় পাছে অনেক প্ৰলেপ মাখি ৷৷
বহু প্ৰহৰ কাটে নাৰীৰ গৃহৰ বাহিৰে ৷
পুত্ৰ-কন্যা নষ্ট যায় মাতৃৰ বিষাদে ৷৷
স্বামীদেৱ ভক্ত সেই প্ৰখ্যাত নাৰীৰ ৷
গৃহে কৰি সমস্ত কৰ্ম অৱশ শৰীৰ ৷৷
উপাৰ্জন কৰিয়া ধন নাপায় সুখ-শান্তি ৷
কেৱল মৃত্যু ক্ষণ গণে ঈশ্বৰক চিন্তি ৷৷
বাকী যত নাৰী আছে এই গোটৰ মাজে ৷
লক্ষ্মী সৰস্বতী ৰূপ যেন দেৱৰ প্ৰসাদে ৷৷
এহি মতে নিবেদিলো তৃতীয় অধ্যায় ৷
শঙ্কা ভয়ে আছো মই প্ৰভুৰ চৰণ চাই ৷৷
☆★☆★☆