ফটাঢোল

বিহু বুলি – প্ৰাঞ্জল শইকীয়া

বিহু পাতে অসমীয়াই
হাতত নাই টকা,
দাবী ধমকিৰে চান্দা তুলি
বেলেগৰ খায় গঁতা ৷

পুঠি-কাৱৈ চিনি নাপায়
খায় চালানী ৰৌ,
বিহুৰ মঞ্চত তাণ্ডৱ কৰি
পিঠিত পৰিল ঔ ৷

ওঁঠত নাই বৰহমথুৰি
জেতুকা নাই হাতত,
অসমীয়া বুলি চিনাকি দিয়ে
বুকু ফিন্দাই বাটত ৷

নিমাই-গোমচেঙৰ চোলা নহয়
পিন্ধে গামোচাৰ চোলা,
নিশা এটুপি গিলি লংপেণ্ট পিন্ধি
বিহু মাৰিবলৈ ওলা৷

টকা-সুতুলি তেহেলে যা
গীতাৰখন লৈ আন,
হিন্দী গীতৰ মাজে বিহু ভৰাই
সংগীতৰ ধৰোঁ তান৷

সাতবিহুৰ নাম নাজানে
সংস্কৃতি ৰক্ষা কৰে,
বিহুৰকেইদিন গামোচা আঁৰি
শিল্পীক উভতি ধৰে ৷

চ’ত মাহৰ পৰাই ওলায়
ৰঘুমলা গায়ক,
নিউজ চেনেলৰ কৃপাদৃষ্টিত
দুদিনতে হয় নায়ক ।

সংস্কৃতিবান হ‌ওঁক মনে প্ৰাণে
বাহ্যিক ভাৱে নহয়,
হেঁপাহৰ বিহুটি বিজতৰীয়া হ’লে
নহ’বনে জাতিটোৰ ক্ষয় ?

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *