বাৰিষা – কাজল প্ৰিয়া
বৰুৱা বর্তাৰ ল’ছালি মুঠেই সাতটা। নিচেই সৰু সংসাৰ, তাকে লৈ বর্তাৰ অন্তৰত অকণো দুখ নাই। ল’ছালিমখাও ইটোতকৈ সিটো চৰা । এটাই যদি মুঠেই বত্ৰিছ দিন গা নোধোৱাকৈ থাকে,আনটোৱে আকৌ নাকেৰে ওলমি থকা বৰলৰ টোপ নিজৰেই উৎপাদন বুলি সাউৎকৈ জিভাৰে টানি গিলি থয়।
পৰহি দিনাৰ কথা, বৰুৱা বর্তাৰ ডাঙৰটো পুতেক বাৰিষা চন্দ্ৰ বৰুৱাই কেৰপাইৰ মাজুজনী জীয়েক ভুদুকীলৈ চিঠি এখন দিছিন৷ তাকে লৈ হৈ-চৈ লগাই মেচি দা ঘূৰাই কেৰপাই আহি বর্তাৰ ঘৰ পালেহি। কেৰপাইৰ চকুত জুই দেখি বৰুৱা বৰ্তাই লাহেকৈ সুধিলে-
: কি হ’ল অ’ কেৰপাই! কিমান ক’ম বাবা, ভকতি অলপ কমাই কৰিবি৷ আজি দেখোন চকু বিহ জলকীয়াহেন হৈ আহিছে ৷ কথা কি !
: কাইদৌ, তোক মানো কাৰণে তোৰ পুতেৰ বাৰিষাক একো কৰা নাই, নহ’লে তাৰ ডিঙি ছিঙিলোঁ হয়। সি নেউলিয়াই মোৰ ছোৱালীক চিঠি দিবলৈ আহে !
: থ’ হেৰৌ, এনে পৰশুৰামটো ওলাইছে৷ হেৰৌ,ভুদুকীৰ মাকক চোৰ কৰিবলৈ গৈ যে বাপেক আৰু ককায়েকৰ মেচিদাৰ কোবত কাণ এৰাই গৈছিল,তেতিয়া বুজাই-বঢ়াই বাপেকক কোনে সৈমান কৰাইছিল!!
: আপুনিয়েই কাইদৌ।
:তেনে? কিয় হাল্লা কৰিছ, সিহঁতৰ নিচিনা চেঙেলীয়াকেইটাই পিৰিতি নকৰি তোৰ-মোৰ নিচিনা বুঢ়া টোকোনাকেইটাই কৰিম নেকি?
সাতে পাঁচে ভাবি কেৰপাইয়ো অহা বাটে ঘৰ পালেগৈ। যাওঁতে কেৰপাইয়ে ভুদুকীক বাৰিষাই দিয়া চিঠিখন দি থৈ গ’ল। বর্তা অৰ্ধশিক্ষিত হ’লেও চিঠি পঢ়াত পাকৈত৷ ডেকা দিনত কমখন পিৰিতি কৰিলে নে! মিচিকিয়া হাঁহি এটা মাৰি বৰ্তাই চিঠিখন পঢ়িবলৈ ল’লে-
“মৰমৰ
ব’হাগ মাহৰ কপৌফুল,ইউ আৰ ভেৰি বিউটিফুল৷ মৰম কুঁৱৰী মোৰ ঘৰৰ লখিমী(হ’বলগীয়া) ভুদ ভুদ,নিজৰ বুলি চিঠিৰ মৰমগাল সাবট মাৰি ধৰি গ্ৰহণ কৰিবি। ভুদু মোৰ মৰমৰ এফাল(হৃদয়ৰ),ব’হাগতে বিয়াখন পাতিম৷ তিতাভেকুৰীৰ দৰে থোপা-থোপে ওলমি ওলমি লগা মোৰ অন্তৰৰ মৰমবোৰ তোলৈ সাঁচোতে সাঁচোতে মামৰে ধৰিল,এলান্ধু লাগিল,ভেঁকুৰ উঠিল। অ’ পকা বিলাহী ভুদু,তোৰ বাপেৰৰ বৰ ফিতাহী। ভুদু অ’,এইবাৰ জালুক বেচি পোৱা পইচাখিনিৰে পিতায়ে নতুন তুলি এটা চিলাই ভৰাই থৈছে৷ সেইখিনি সৰকাব পাৰিলেই ‘এপাছি’ ভোটভটি এখন লম ‘চেকেন হেন’৷ তাতেই উঠাই তোক পলোৱাই আনিম। ব’হাগৰ চাৰি তাৰিখে সন্ধিয়া দলঙৰ ওচৰলৈ ওলাই আহিবি৷ মোৰ আমঠুৰ মৰমবোৰ ল’বি। সাজে গাত ধৰে জিন্ জিন্ জিন্, অ’ ভুদু এইবাৰ তোৰে মোৰে দিন।
ইতি
তোৰ বাৰিষা”
চিঠিখন পঢ়ি উঠি বৰুৱা বর্তাই এতিয়া কেৰপাইয়ে এৰি থৈ যোৱা মেচিদাখন হাতত লৈ বাৰিষাক বিচাৰি ফুৰিছে ৷
☆★☆★☆