ফটাঢোল

কৃষ্ণাই মূৰৰে বকুল ফুল এপাহি – পৰিস্মিতা বৰদলৈ

পিন্ধি থকা ফ্ৰকটোৰ ঠিক কঁকালৰ ওচৰতে মায়ে ৰছী এডাল বান্ধি দিয়ে ৷ মাৰ মেখেলাখনকে দুমোকোট কৰি পিন্ধাই দিয়ে এক বিশেষ কায়দাত ৷ চাদৰখন পকাই পকাই পিন্ধাই দিয়ে ৷ পেটুলি এজনী হৈ পৰোঁ৷ ইমানবোৰ কাপোৰ সোমাই থাকে যে পেটটোত ! তাৰ পাছত আইতাৰ নাইবা মাৰ নিজৰ ভাগৰে নকল চুলি (আইতাহঁতে টাৰ্চেল বুলি কোৱা মনত কৰে) লগাই খোপা এটা বান্ধি দিয়ে ৷ তাতে ওচৰৰ জুন বাইদেউহঁতৰ আমজোপাত ওলমি থকা কপৌপাহ দেউতাই খুজি আনেগৈ ৷ পুতু বৰ্তাৰ খং উঠে চাগে কপৌফুলপাহ খুজিবলৈ যোৱা দেখি ৷ পাছে নিদিয়াকৈ নাথাকে ৷ কপৌফুল মূৰত মৰাৰ পৰ্ব শেষ হোৱাৰ পাছতে আৰম্ভ মেক-আপ ৷ পেহীৰ ছোৱালী দুইজনী বিশেষকৈ সৰুজনী বাইদেউ চুমিবাই মুখত স্ন’ পাউদাৰ লগাই লিপিষ্টিক,কাজল,আই ব্ৰুৰে মোক একেবাৰে গোটেইজনী হেমামালিনী বনাই দিয়ে ৷ তাৰ পাছত মাৰ ভাগৰ ডাঙৰ ৰঙা ফোঁটটো লৈ জিনি বাহঁতৰ ঘৰলৈ যাওঁ ৷ তাতে আমাৰ হুঁচৰি পাৰ্টিটো লগ হয় ৷

আমাৰ হুঁচৰি পাৰ্টিটোৰ এটা বিশেষত্ব আছিল যে তাতে জাতি-ধৰ্ম নিৰ্বিশেষে চুবুৰীটোৰ আটাইবোৰ ল’ৰা-ছোৱালী লগ হৈ বিহু মাৰিছিল ৷ শংকৰ দাদা বুলি এজন বিহাৰী সম্প্ৰদায়ৰ লোকে ঘৰৰ ওচৰতে নাপিতৰ কাম কৰিছিল ৷ মই হাইস্কুল পোৱাৰ পাছতো তেখেতৰ চেলুনতে গৈ চুলি কাটিছিলোঁগৈ ৷ তেওঁৰ অকল ডাঙৰ ছোৱালীজনীৰ বাহিৰে (যিহেতু তাই মানে পুনম বা বিহাৰত আছিল সেই সময়ত) আটাইকেইটাই আমাৰ লগতে হুঁচৰি মাৰিছিল ৷ ডাঙৰটো ল’ৰা সঞ্জয় ধন-ভঁৰালী আছিল ৷ ধনঞ্জয় বোলাটোয়ে টকা বজাইছিল আৰু সৰুটো ল’ৰা বিতুৱে জঁপিয়াই জঁপিয়াই খুব নাচিছিল ৷ সিহঁতৰ ভনীয়েক এজনীও আছিল৷ তাইৰ নাম আছিল পিংকী ৷ তাই আমাৰ মাৰ ভাগৰে মেখেলা-চাদৰ এযোৰ পিন্ধি নাচনী হৈ খুব বিহু নাচিছিল ৷ মুঠতে হুঁচৰি বুলিলে আমি গোটেইবোৰৰ গাত তত নোহোৱা হৈছিল ৷

এনেকৈ হুঁচৰি গাই ফুৰোঁতে কেইবাটাও মজাৰ ঘটনা ঘটিছিল ৷ এবাৰ এঘৰ মানুহৰ ঘৰত বিহু মাৰি হোৱাৰ পাছত আমাক সকলোকে পিঠা,লাৰু এইবোৰ খাবলৈ দিলে ৷ যদিও এইবোৰ সকলোৰে ঘৰে-ঘৰে তৈয়াৰ কৰা হয় তথাপি আনৰ ঘৰত এনেকৈ খোৱাৰ অন্য এক মজা আছে ৷ গৃহস্থই পিঠা-লাৰুৰে ভৰ্ত্তি থালখন দিবলৈহে পালে ৷ আটাইবোৰে নোপোৱাই পোৱাদি মুহূৰ্ততে শেষ কৰিলে ৷ কিছুমানে নাপালে বুলি ভাবি পুনৰ বাইদেউ এগৰাকীয়ে প্লেট আনিলেগৈ ৷ এইবাৰ সেই বিতু বোলাটোলৈ চাই বায়ে সুধিলে “তুমি পালানে ভাইটি” ৷ সি সোঁৱে-বাঁৱে মূৰ জোঁকাৰি বুজালে যে “নাই পোৱা” ৷ বপুৰাই মাতিবনো কেনেকে মুখেৰে-যিহেতু তাৰ মুখত দুটা তিলৰ লাড়ু সোমাই আছে ! ককায়েকে তাৰ অৱস্থা দেখি লগে-লগে ক’লে,“ই মুখেৰে মাতিব নোৱাৰে বাইদেউ সৰুৰেপৰা, সেয়েহে তেনেকৈ কৈছে ৷” বাইদেউজনীয়েও মৰমতে দুটা নাৰিকলৰ লাড়ু দি সোমাই গৈছিল ৷ তাৰ পাছতে আহিল শৰাই দিবলৈ ৷ পাণ ঢকাৰ তলত খম্‌খমীয়া বিশটকীয়া নোট ৷ তেতিয়াৰ দিনত দহ-বিশ টকাই বহুত আছিল ৷ পঞ্চাশ টকা দিয়া মানুহজন আমাৰ বাবে হৈ পৰিছিল ধনী মানুহ ৷ এতিয়া অভ্যাসবশতঃ বিতুয়ে চিঞৰি উঠিলেই নহয়-
“খুঁটিতে পৰিলে ঐ জিঞা,
বাইদেউৰ বিয়ালৈ কেলেনো সাঁচিছ ঐ?
পঞ্চাশটকী উলিয়াই দিয়া৷”

বিতুৱে আচলতে পাহৰিয়ে গ’ল যে অলপ আগতে সেইজনী বায়েকৰ আগতে পিঠা লাড়ুৰ লোভত “বোবা” হোৱাৰ একটিং কৰিছিল ৷ কথাটো নিজে নিজে ধৰিব পাৰি তাৰ আৰু তাক চাপ’ৰ্ট কৰা ককায়েকৰ লাজতে সৰু পানী চোৱাৰ উপক্ৰম হৈছিল ৷ আচলতে সিহঁতৰ ঘৰত এই পিঠা-লাড়ু যিহেতু কৰা নগৈছিল সেইবাবে সিহঁতৰ বেছি লোভ আছিল ৷ কথাবোৰে কিন্তু সেই সময়ত আমাক বৰ আমোদ দিছিল ৷

কিছুমান মানুহ ধনী আছিল আমাৰ চকুত,কিন্তু শৰাইত এটকীয়া নোট বা দুটকা দিয়াৰো ৰেকৰ্ড আছে ৷ তেনেবোৰ মানুহে আমাৰ কাৰণে “চিকটা” নাম পাইছিল ৷ কিছুমান মানুহে বেছি পইচা দিলে খুব হাঁহি হাঁহি চিঞৰি চিঞৰি গাইছিলোঁ-
“এটি বাটিত নহৰু, এটা বাটিত পনৰু
এটা বাটিত খুতৰা শাক;
মূৰৰ চুলি ছিঙি আৰ্শীবাদ কৰিছোঁ
গৃহস্থ কুশলে থাক৷৷”

সঁচাকৈয়ে কি যে দিন আছিল সেইবোৰ ! আমি গোট খোৱা টকাৰে ভোজভাত খাইছিলোঁ ৷ এবাৰ আকৌ মই ভোজৰ দিনা থাকিব নোৱাৰিম বাবে হুঁচৰি গোৱাৰ বাবত মোক পইচাকে দি দিব বুলি থিৰাং কৰিলে ৷ সেইমতে মোক ষাঠি টকা দিলে ৷ মই ইমানেই বুৰ্বক আছিলোঁ যে মই দহ টকা ৰাখি বাকী পঞ্চাশ টকা ঘূৰাই দি কৈছিলোঁ , “মোক কি তহঁতে ৰাহু বুলি ভাবিছ নেকি যে ষাঠি টকাৰ জোখাৰে ভোজ ভাত খাম ! মই ইমানো খকুলি নহয় বুইছ? মোৰ এই দহ টকাই হ’ব ৷” মোৰ সৰু মগজুটোৱে তেতিয়া ইমানেই ঢুকি পাইছিল যে মই ভোজ-ভাত খাব নোৱাৰাৰ বাবে তাৰ সলনি মোক পইচা দিছে ৷ যিহেতু মই তেনেই অকণমান ভাত খাওঁ গতিকে ইমান পইচানো কেলেই ৷ সঁচাকৈয়ে একেবাৰে সৰল সহজ নিৰ্ভেজাল দিন আছিল সেইবোৰ ৷

এবাৰ এঘৰ মানুহৰ ঘৰত হুঁচৰি গাবলৈ গৈছিলোঁ ৷ তেওঁলোকৰ ঘৰৰ বাজনীক আগদিনা টিভিত বিহু নচা দেখা পাইছিলোঁ ৷ সেয়েহে মোৰ বৰ ফূৰ্তি আৰু ৷ সেই টিভিত দেখা বাৰ আগত বিহু নাচিম ৷ কম ডাঙৰ কথানে ? মনৰ ফূৰ্তিতে “টাকুৰি ঘূৰাদি ঘূৰা হে’ৰা নাচনী” বুলি গীত জুৰিলত ইমানেই ঘূৰিলোঁ যে কোন পাকত ৰছী খুলি মেখেলা সুলকি পৰিল গমেই নাপালোঁ ৷ এপাকত চাদৰখন আৰু ফ্ৰকটোৰেই নাচি নাচি যেতিয়া চাদৰখনে জুটি-পুটি খাই হামখুৰি খাই পৰি গ’লোঁ,তেতিয়াহে গম পালোঁ মোৰ বস্ত্ৰখনিৰ অৱস্থা যে তথৈবচ ৷

এনেকুৱা আছিল আমাৰ দিনবোৰ ৷ মিঠা মিঠা লগা ব’হাগৰ আমেজভৰা ল’ৰালি ৷ এতিয়াও যেন উভতি যাম সেই দিনবোৰলৈ ৷ যেন আজিও গাম সমস্বৰে-
“কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ’ল ঔ গোবিন্দাই ৰাম৷”

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *