সফল ভাড়াতীয়া হোৱাৰ টিপছ্ – দিলীপ ৰঞ্জন কাকতী
পঢ়িবৰ বাবেই বহুতে ঘৰৰ পৰা দূৰত মেছ,হোষ্টেল নাইবা ভাড়াঘৰত থাকিবলগীয়া হয়। সেইসময়ত আপুনি যিমানেই ধনী ঘৰৰ নহওক কিয়,সদায় ‘ডেফিচিট’ বাজেটতেই চলিব লাগে। প্ৰতিটো মাহৰ শেষৰ দিনবোৰ বৰ দুখজনক হয়গৈ। এনে অৱস্থাত “আনৰ মূৰত কঁঠাল ভাঙি খোৱা” বা “আনৰ পিঠাৰে বিহু পতা” আদি যোজনাবোৰ মানি চলিবলগীয়া হয়। লগতে কেতবোৰ কথা মানি চলিলে ভাড়াঘৰীয়া জীৱনটো নিয়াৰিকৈ চলাই নিব পাৰি। তাৰে কেইটামান কিটিপ পাঠক ৰাইজৰ বাবে আগবঢ়োৱা হ’ল-
১) ঘৰৰ পৰা খৰছৰ বাবে কিমান টকা পায় কাকো নক’ব।
২) পাৰিলে অকলে থাকিব লাগে। যাতে কি কৰিছে,কি খাইছে কোনেও গম নাপায়।
৩) মেছ কৰি থাকিলে লগৰকেইজনৰ আৰ্থিক অৱস্থা আপোনাতকৈ টনকিয়াল হোৱাটো বিচাৰিব।
৪) আনৰ লগত থাকিলে লগৰজন ৰন্ধা-বঢ়া কৰিব পৰা ল’ব।
৫) কৃপণ হোৱাৰ অভ্যাস ভাড়াঘৰৰ পৰাই আৰম্ভ কৰক। পিছৰ জীৱনত কামত দিব।
৬) কিবা বস্তুৰ প্ৰয়োজন হ’লে নিলাজৰ দৰে ওচৰৰজনৰ পৰা খুজিব পাৰিব লাগিব।
৭) আনে কিবা খুজিলে “নাই অ’” বা “এইমাত্ৰ শেষ হ’ল” শব্দ দুটা লেনিয়াই ক’ব পাৰিব লাগিব।
৮) যিমান পাৰে সিমান স্থানীয় বন্ধু গোটাওক। বিপদত কামত দিব। উৎসৱ-সকামত এপাক যাব পাৰিব।
৯) মালিকক বাদ দিয়ক,মালিকনীক তেলিয়াবলৈ কেতিয়াও নাপাহৰিব। তেতিয়াহে মাছ/মাংসৰ বাতি পাই থাকিব।
১০) ৰাতিপুৱা আৰু গধুলিৰ চাহ/নাস্তাৰ বাবে যেনেকে হ’লেও দুটা টিউচন যোগাৰ কৰক। এটা ৰাতিপুৱা,এটা গধুলি।
১১) মেছত থাকিলে ‘ৰন্ধা বস্তু গৰমে-গৰমে খোৱাৰ অভ্যাস’ বুলি আগতে খাই লওক ৷ পিছত ঠাণ্ডা হোৱালৈ ভাগত নাপাবও পাৰে।
১২) বন্ধৰ দিনত চিনাকী আলহীবোৰৰ খবৰ লওক। দুপৰীয়াৰ সময়ছোৱাত যাব যাতে-ভাতসাঁজ পায়।
১৩) অকলে থাকিলে বাচন ধোৱাৰ সুবিধাৰ বাবে কাঁহীত খাবলৈ আৰম্ভ কৰি গামলা-চচপেন হৈ কুকাৰ কেৰাহীত শেষ কৰি তিনিদিনমান পিছত একেলগে ধোৱক।
১৪) ভাত কিমান খাব তাক বাদ দি কুকাৰত যিমান ধৰে সিমান বনাওক। প্ৰথমসাঁজ গৰমে গৰমে; দ্বিতীয়সাঁজ ঠাণ্ডা কিন্তু গৰম আঞ্জা, তৃতীয়সাঁজ ফ্ৰাইদ ৰাইছ আৰু চতুৰ্থসাঁজ পঁইতা কৰি খাওক।
১৫) কাপোৰ দৰকাৰ হ’লেহে ধুই পিন্ধক,আগতে ধুই থ’লে আনে পিন্ধাৰ সম্ভাৱনা থাকে।
১৬) ৰূমত আন কিবা থাকক নাথাকক,দেহাৰ দুৰ্গন্ধনাশক ‘ফুচ-ফুচ’ এটা সদায় ৰাখিব।
১৭) ম’বাইলত পোষ্টপেইদ চিম নাৰাখিব।
১৮) কিছুমান বস্তু আন আবাসীৰ পৰা লুকুৱাই থ’ব ৷ যেনে-ঝাৰু,চাহপাত,চানগ্লাছ,নতুন কলম,ধোৱা ৰুমাল,জেল,দেহাৰ দুৰ্গন্ধনাশক ফুচ-ফুচ আদি।
১৯) কাপোৰ চাৰ্ফত তিয়াই থৈ দুৰ্গন্ধ ওলালে ধোৱক;কষ্ট কম হ’ব।
২০) সুযোগ পালেই নিজৰ “দুখ ভৰি দাস্তান” মালিকনীক শুনাওক।
২১) পাৰ্চত টকা-পইচা কম;অদৰকাৰী কাগজ বেছিকৈ ৰাখিব লাগে।
২২) খুচুৰা পইচা বা সৰু টকা লগত একেবাৰে নাৰাখিব।
২৩) বস্তু সদায় অলপ অলপকৈ কিনিব নহ’লে আন আবাসীয়ে ‘হামলা’ দিব পাৰে।
২৪) ঠাণ্ডাৰ দিনত পানীৰ নাটনিৰ বাবে গা ধুই পানীৰ লগত সময়ৰ অপব্যয় নকৰিব। তাৰ সলনি ‘জেল’ আৰু ‘দেহা ফুছ-ফুছ’ ব্যৱহাৰ কৰক।
২৫) মালিকৰ জীয়েকৰ লগত দৃষ্টি-বিনিময় কৰি সময় নষ্ট কৰা আৰু খেদা খোৱাতকৈ বাইদেউ/ভণ্টি বনাই ককায়েক বা ভায়েক হওক ৷ লাভত থাকিব।
বাপ্ৰে, এটকাও নোলোৱাকৈ ইমানসোপা কিটিপ কৈ দিলোঁ দেখিলেনে ! আৰু নোৱাৰি দেই৷ আজিলৈ এৰিলোঁ।
☆★☆★☆