সীতাৰামৰ ডিগ্ৰী – দেৱজিৎ শইকীয়া
“কা হৌ চকীয়াবাবু? আজকল দেখল নাই খে?”
সীতাৰামৰ দোকানৰ আগেদি তাক নেদেখাৰ ভাও ধৰি চাইকেলখন চোঁচোৰাই পাৰ হৈছিলোঁহে৷ মাতিয়েই দিলে নহয় ৰেডিঅ’টোৱে৷
মই বোলোঁ-“নাই অ’ ৷ চুলি কটাবলগীয়া হোৱা নাই৷ সেয়ে তোৰ তালৈও অহা নাই৷”
সীতাৰামে বোলে-“এ লাম্বা চুল লহি কিনে ৷ আপনি কহিছে কি ছুল না হৈছে?”
মই বোলোঁ-“এইটো ফেছন বুজিছ৷ আজিকালি মাজ-মূৰত দীঘল কৰি ৰাখি কাণৰ গুৰি দুটা তালুলৈকে গুৰি চপাই কটা ফেছন৷”
সীতাৰামে বোলে-“ঔ চব বাটচা লড়কা কৰিলে ভাল দেখে, আপনিটো বুঢ়া হৈছে না?”
টিঙিচকৈ খংটো উঠি আহিছিল৷ মই বোলোঁ–“ফ্ৰীতে কাটি দিয় যদি দে কাটি৷”
সিও বোলে-“আহক আহক ৷ আউৰ চুল লম্বা হ’লে হমনিকে ভি আপনাক নাই চিনিম৷”
ফ্ৰীটে কাটি দিম বুলি ক’লত মই গৈ তাৰ ওখ চকীখনত বহি দিলোঁ৷ সীতাৰামে মোক বহাই লৈ সাত পুৰণি কাপোৰখন গাত মেৰিয়াই দি ক’লে-“চকীয়া বাবু, হমনিকে একটা বস্তু চিখাই দিয়কচোন৷”
মই বোলোঁ-“কি?”
সি বোলে-“ৰখিব বটিয়াইছোঁ৷”
এইবুলি ভিতৰৰ সৰু ৰূমটোলৈ গৈ বহী-কাগজ এখন আনি দি বোলে-“হমনিকে ই ইংৰাজী এলফাবটিয়া মে চে “জী” কোনটো হয় লেখি কেনে দিয়কচোন৷”
মই বোলোঁ-“তোক আকৌ ইংৰাজী এলফাবেটৰ “জী”টো কেলৈ লাগে?”
সীতাৰামে বোলে-“কি কহিব চকীয়া বাবু, আজকল কে লড়কা চব কাণকে ওপৰ চুল মে ইংৰাজী এলফাবটিয়া লিখিব কয় ৷ হমনিকেতু কালে অকচৰ ভেইচ বৰাবৰ৷ কল একতু লৰকা আহি কিনে কহিলে কি তাৰ গাৰ্ল ফ্ৰেণ্ড কে নাম কে আদি অকচৰ “জি” তাৰ তালু মে লিখিব কহিলে৷ মই কহিছো কি ভাই ডিমাগ কে অন্দৰটো হৰ টাইম চেইজনীকে লৈ ফুৰিছ ফিন বাহৰ মে ভি লিখাই কি লাভ আছে ভাই?”
“চি কহিছে কি লাভ আছে তই কি চমঝিবি? দুচৰা লড়কা তাই কাৰণে হাত মে টেটু কৰিছে৷ হমনিকে নকৰোঁ৷ বাই চাঞ্চ ‘আই লাভ ইউ’ না কহিলে ইতনা কষ্ট এনেই যাব৷ তই চুলতে “জী” বনাই দে৷ চকীয়া বাবু,হমনিকে হাঁত-কঁপনি উঠি যি লিখিলোঁ,তাৰ বাপে ভি সেইটো কি লিখিলোঁ নাই বুজিব৷ লাক ভাল আছিল কি সি ভি ইংৰাজী নাই জানে৷”
মই বোলোঁ-“সৰুতে নপঢ়া এতিয়া গম পাইছ?”
সীতাৰামে বোলে-“আপনিকে পঢ়ি কিনে কি ঘোঁৰাকে ঘাঁচ কাটিছে ? অউৰ ওন জামানে মে পেপাৰ ওপাৰ ভি লিক না হৈছিল না? হোৱা হ’লে তু হমনিকেভি লাল বট্টি লগাই কিনে গাড্ডী মে ঘুমিলো হয়৷ একতু দিমাগৱালী চে চাদী কৰিলো হয়৷ চচুৰাকে কে কহিলো হয় কি ভাই দামাদ কালেকটৰ কি পৰীকচা দিব৷ বিচ তিচ লাখ দিবি ভাই দৌ চাল মে চুত চহিত ৰিটাৰ্ণ৷ আপনাকে দামাদ অফিচাৰ বনিব তু লড়কী তু আৰাম চে খাব না? ফিন পৰীকচা মে দিমাগৱালী ঔৰত কে কহিলো হয় কি ভাই যা মোৰ হৈ কিনে পৰীকচা মে লিখি দে৷”
মই মনতে বোলোঁ-ইও পাক্কা ৰাকেশ মানে ৰাহু কেতু শনীৰ পাল্লাত পৰি ৰঙা ঘৰত গ’ল হয়৷
সীতাৰামে বোলে-“চকীয়াবাবু৷ ই যে পেপাৰ মে লিখিছে কি অচম মে প্ৰফেচৰ চবকে ৬০০ চে ভি বেছি ভুৱা ডক্টৰেট আছে৷ ই ৰকম হমনিকেভি যদি কহিছে খৰিদ কিনে নাম কে আগে লিখো ও চব জেইচা হামনি ভি ডাঙ্গৰ মানুহ হৈ যাম৷”
মই বোলোঁ-“আজি চুলি নাকাটো দে৷ বৰ গৰম টপিক উলিয়ালি৷”
কাপোৰখন গাৰ পৰা খুলি চিধাই চাইকেলত জপিয়াই বহিলোঁ৷
সীতাৰামে পিছফালৰ পৰা চিঞৰি চিঞৰি বোলে-“চকীয়া বাবু !! হমনিকে অনপঢ় হ’ব পাৰোঁ৷ কিন্তু ও চব পঢ়া লেখা মানুচ জেইছা দৌ নম্বৰি কাম নাই কৰিম৷ চুল কাটি খাম কিন্তু অপনা নাক না কাটিম৷”
☆★☆★☆