ফটাঢোল

শেষ পৃষ্ঠাৰ ছবি – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

“এনেকুৱা ছবি ক’ত পাইছিলি সোনকালে ক ৷ নহ’লে আজি তোৰ পিঠিত এছাৰিৰে এনেকুৱা ছবি মই আঁকিম”৷ এছাৰি ডাল নচুৱাই নচুৱাই কলিতা ছাৰে সুধি গ’ল ধীমানক৷ কুমলীয়া এছাৰিৰ কোবত ধীমানৰ হাত-ভৰিত তেজ গোট মাৰি ৰঙা-ৰঙা দীঘলীয়া চিন বহি গৈছে৷

ধীমানেও সতী জয়মতীয়ে “মই মোৰ স্বামীৰ কথা নকওঁ,নকওঁ,নকওঁ” বুলি কোৱাৰ দৰে “এইখন ফটোৰ কথা মই নাজানো নাজানো নাজানো” বুলি তিনি সইত খালে৷ কলিতা ছাৰেও আমাক দিব পৰা পৰ্যায়ত থাৰ্ড ডিগ্ৰী ধীমানৰ ওপৰত প্ৰয়োগ কৰি থাকিয়েই বাকীকেইজনৰ ফালেও পিৰিক-পাৰাক চাই আছে৷ উদ্দেশ্য-ধীমানৰ পকেটৰ পৰা কালি মাকে উদ্ধাৰ কৰা সেই বিশেষ ফটোখনৰ ৰহস্য ভেদ কৰা৷

শ্ৰেণীৰ পিছৰফালৰ বেঞ্চত বহি থকা পৰশ,মই আৰু ৰাজুৰ অৱস্থা কাহিল৷ হাত-ভৰিবোৰ থৰ-থৰকৈ কঁপিব ধৰিছে৷ কিবাকৈ যদি ধীমানৰ মুখৰ পৰা আমাৰ নামকেইটা বাহিৰ হয় তেনেহ’লে ইমান সময় দেখি থকা এছাৰিৰ কোববোৰ যে দুগুণ হৈ আমাৰ ওপৰতো পৰিব সেইটো খাটাং৷

হে প্ৰভু! আজি উদ্ধাৰ হ’ব পাৰিলে,কাইলৈ জগদ্ধাত্ৰী মন্দিৰৰ সন্মুখত কাণত ধৰি দহবাৰ উঠা-বহা কৰিম ভৱিষ্যতে এনেকুৱা কাম নকৰোঁ বুলি৷ মনতে ভাবিলেও এনেকুৱা পৰিস্থিতিত নিজক দুৰ্বল নকৰাই ভাল হ’ব বুলি ভাবি চুপ-চাপ বহি কলিতা ছাৰ আৰু ধীমানৰ ফালে বুৰ্বকৰ দৰে মুখখন মেলি ভেবা লাগি চাই থকাৰ দৰে কৰিলোঁ-যেন কি হৈ আছে একো উৱাদিহেই পোৱা নাই৷

এপাকত কলিতা ছাৰৰ শেনদৃষ্টি মোৰ ওপৰত পৰিল৷

“ঐ, কি বেঙাটোৰ দৰে মুখ মেলি চাই আছ তই?”

“ছাৰ! এছাৰিকেইডাল ছিঙি থাকিল ধীমানক কোবাওঁতে,তাকে চাইছোঁ ছাৰ৷ নতুন এছাৰি কেইডালমান লৈ আনো নেকি ছাৰ অফিচ ৰুমৰ পৰা?”কৈয়েই থিয় হ’লোঁ মই৷

“যা৷ সৰহকৈ লৈ আনিবি, পায়কাৰি জৰিমনা দিম তহঁতক আজি, নহ’লে কোনেও সৈ নাকাঢ় তহঁতে৷”

একেকোবে শ্ৰেণীকোঠাৰ পৰা ওলাই আহিলোঁ৷ কিহে পাইছিল চাল্লা এছাৰিৰ কথা ক’ব! নিজে নিজৰ কবৰ খান্দিলোঁ ৷ পায়কাৰি হাৰত সকলোকে কোবাব এতিয়া কলিতা ছাৰে৷

এমুঠিমান এছাৰি লৈ আনি ছাৰৰ হাতত দি ৰাজু আৰু পৰশৰ মাজত বহিলোঁগৈ৷ সিহঁতৰ ভৰিকেইটা ট্ৰাকৰ গীয়েৰ লিভাৰডালৰ দৰে কঁপি আছে৷

কালি স্কুলৰ পৰা যাওঁতে ইয়াৰ লগত কোন কোন একেলগে গৈছিল, ধীমানৰ ফালে এছাৰিডালেৰে আঙুলিয়াই দি ছাৰে আমাৰ সোঁফালে বহি থকা ছোৱালীকেইজনীক সুধিলে৷

মৰিলোঁ এইবাৰ! মিতালী, নমিতা আৰু পাকিজাক জোকাই জোকাই আমি চাৰিটাই পিছে পিছে চাইকেল চলাই গৈছিলোঁ৷ ধীমানক গালিও পাৰিছিল পাকিজাই জোকোৱাৰ প্ৰকোপত৷

“পাকিজা, পাকিজা, তোৰ জোন যেন মুখনি এবাৰ দেখাই যা৷”

মৰ এতিয়া ! পাকিজাৰ মুখনি চাব বিচাৰোঁতে কাইলৈৰ পৰা যে স্কুলত নিজে মুখ দেখুৱাম নোৱাৰিম সেইটো খাটাং৷

কাইলৈ স্কুলৰ পিয়নটোৱে নটিচ বহীখন লৈ আহি প্ৰতিটো শ্ৰেণীতে নিজে মাতি শুনাব, “পকেটত হিন্দী চিনেমাৰ নায়িকাৰ অৰ্ধনগ্ন ফটো পোৱাৰ অপৰাধত ক্লাছ চেভেনৰ ছাত্ৰ ধীমান কলিতাক তিনিমাহৰ বাবে আৰু এই কাৰ্যত সহযোগ কৰাৰ বাবে ক্লাছ ছেভেনৰে অইন তিনিজন ছাত্ৰ ক্ৰমে সঞ্জীৱ ভট্ট, পৰশ শৰ্মা আৰু ৰাজু আলীক এমাহৰ বাবে স্কুলৰ পৰা নিলম্বন৷”

নাই, নাই আৰু ভাবিব নোৱাৰি৷ পায়কাৰি জৰিমনাই পাকিজাক ঢুকি পোৱাৰ আগতেই আমি নিজে নিজে সৈ কঢ়াই ভাল হ’ব, এনেও তাই নোকোৱাকৈ থকাৰ আশাৰ ক্ষীণ৷

ভয়ে ভয়ে ৰাজু আৰু পৰশকো কোনে কি ক’ব লাগিব ছাৰৰ সন্মুখত বুজাই দি তিনিওজন একেলগে থিয় হ’লোঁ৷

“ছাৰ, আমি সকলো জানো ছাৰ, ধীমানে ক’ৰ পৰা কেনেদৰে ফটোখন সংগ্ৰহ কৰিছিল সকলোবোৰ বিৱৰি কম ছাৰ৷”

“উঠি আহ তিনিওজন৷ মই জানিছিলোঁৱেই এইবোৰ তহঁত চাৰিওজনৰে কাম হ’ব৷”-গলগলীয়া মাতটোৰে কথাখিনি কৈ ছাৰে পিছফালৰ পৰা তিনিওজনৰে তপিনাত কেইটামান ফৰফৰাই যোৱা কোব সোধালেই৷

“কি ফটো আছিল তই ক’চোন সঞ্জীৱ?”

“ছাৰ,মই কলহ এটাহে দেখিছিলোঁ৷ সেইখনেই ইয়াৰ মাকে পালে চাগে পকেটত৷ দহকোব মান তপিনাতে দি ছাৰে আকৌ সুধিলে “অকল কলহটোৱেই আছিল নেকি?” “মই অকল কলহটোৱেই চাইছিলোঁ ছাৰ৷ বাকীখিনি ৰাজু আৰু পৰশে চাইছিল৷”

কেইকোবমান পৰাৰ পিচত ৰাজুৱে ক’লে, “ছাৰ, মই অকল নিজৰা এটাহে দেখা পাইছিলোঁ ছাৰ৷ বিশ্বাস কৰক ছাৰ৷ মই ফটোখনত বেলেগ একো দেখা নাছিলোঁ৷ “তৌবা, তৌবা” বুলি কৈ ৰাজুৱে দুবাৰ কাণদুখনত ধৰি নিজৰ স্বীকাৰোক্তি দিলে৷

এইবাৰ ছাৰৰ এছাৰিৰ কোবত পৰশৰ তপিনা ৰঙা হ’ল৷ “মই এইবোৰ কলহ, নিজৰা একো দেখা নাই ছাৰ৷ মই মাত্ৰ পানীৰ মাজত কিবা এটা বহি থকা যেনহে দেখিছিলোঁ-তাকো অস্পষ্টকৈ ছাৰ৷ ধীমানে আমাক ভালকৈ চাবই নিদিলে ছাৰ ফটোখন৷”

ইফালে ছাৰৰ এছাৰিৰ কোবৰ প্ৰকোপ বাঢ়ি গৈয়ে আছে,কেনেকৈ ক্লাছৰ পৰা ওলাই দৌৰিব পাৰোঁ-তাকে ভাবি আছোঁ৷

হঠাৎ ধীমানে “ছাৰ, মন্দাকিনীয়ে হাতত কলহ এটা লৈ নিজৰাৰ মাজত গা ধুই থকা ফটো আছিল সেইখন৷”

“এইমাহৰ বিস্ময়ৰ শেষ পৃষ্ঠাৰ ছবি ছাৰ ৷ ৰাম তেৰি গংগা মৈলি চিনেমাখনৰ৷” কৈয়েই চাৰিওজনে ক্লাছৰ পৰা ওলাই মাৰাথন দৌৰ দিলোঁ৷

☆★☆★☆

7 Comments

  • ৰিণ্টু

    আকৌ এবাৰ পঢ়িলো, বঢ়িয়া সঞ্জীব

    Reply
    • Padma Gogoi

      ভাল ল

      Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      ধন্যবাদ দাদা।

      Reply
  • ৰাজদ্বীপ বৰা

    তোমাৰ প্ৰতিটো লিখনিয়ে মন ভৰাই ! এইটো লিখনিও ব্যতিক্ৰম নহয় !

    Reply
  • অনুৰূপ মহন্ত

    আকৌ এবাৰ পঢ়ি সমানেই আনন্দ পালোঁ।

    Reply
  • Rituraj Borah

    ভাল লাগিল

    Reply
  • মন্দিৰা শৰ্ম্মা

    শেষ পৃষ্ঠাই ভাল লটিঘটি কৰালে। ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply to ৰিণ্টু Cancel reply

Your email address will not be published. Required fields are marked *