ফটাঢোল

আজলী পেহী – ৰাস্না বৰা

দেখাত লনী তেজগোড়া চেহেৰাৰ মৰম লগা পেহীজনীৰ আমাৰ ঘৰলৈ দিনে-ৰাতিয়ে একোপাক মৰাটো যেন নিত্য-নৈমিত্তিক কাম৷ পেহী আহিয়েই মাক বৌদেও বুলি মতাৰ লগে লগেই মই য’তে যি কৰি থাকোঁ আহি হাজিৰ হওঁহি; কাৰণ পেহীয়ে ৰস লগাই কোৱা কথাবোৰ তেওঁ আমালৈ অনা আম,কঁঠাল,লিচু,বগৰী আদিতকৈও মিঠা৷
পেহীৰ আকৌ মালৈ বৰ মৰম৷ মাক কুঁৱাৰ পৰা পানী দুবাল্টি আনি দিয়া, পাচলি কাটি দিয়া, মচলাকণ পিছি দিয়া আদি কৰি সদায় সহায় কৰে৷ মানা কৰিলেও নুশুনে৷ পেহীয়ে গাঁৱৰ হাঁহি উঠা খবৰবোৰ; যেনে-কাৰ ন-বোৱাৰী শহুৰৰ আগতে চোতালত পিছলি পৰি কি অৱস্থা হ’ল, কাৰ নতুন জোঁৱাই আহোঁতে তৰকাৰীত শাহুৱে নিমখৰ সলনি চেনি দিলে আদিকে ধৰি নানা খবৰ৷ এবাৰ হেনো এঘৰ মানুহে পকী ঘৰ সজাই আছিল৷ এদিন হ’ল কি; মিস্ত্ৰীৰ যোগালিতো নাহিল৷ মালিকে নিজৰ হালোৱা লগুৱাটোকে মিস্ত্ৰীৰ লগত কাম কৰিবলৈ লগালে৷ মিস্ত্ৰীটোৱে তাক কৰণীখন আনি চিমেণ্ট বালি মিলাবলৈ ক’লে
বেচেৰাই কণী মিলাবলৈ দিছে বুলি ভাবি হাঁহৰ গঁড়ালৰ পৰা হাঁহৰ কণী কেইটামান আনি মিহলাই ৰেডী৷ পেহীয়ে এই কথাখিনি ইমান ৰস লগাকৈ কৈছিল যে আমি হাঁহিত বাগৰি পৰিছিলোঁ৷ এনেদৰেই পাৰ হৈছিল আমাৰ ল’ৰালি৷
কিন্তু এই সৰল হাঁহিমুখীয়া পেহীৰ লগতে আমিও এদিন বিশ্বাস-অবিশ্বাস,ভয়-শংকা,বাতৰি-উৰা বাতৰি আদিৰ কবলত পৰি হাঁহিবলৈ পাহৰি গৈছিলোঁ৷ সেই দিনবোৰ আছিল অসমৰ বিদেশী বহিষ্কাৰণ আন্দোলনৰ সময়৷ শিক্ষাৰ্থীয়ে এটা শিক্ষাবৰ্ষ হেৰুৱাৰ সময়৷ আমি দশম মানৰ ছাত্ৰী গতিকে আন্দোলনৰ কাৰ্যসূচীত ভালকৈ অংশ লওঁ৷ ৰাতি ৰাতি চি আৰ পি আৰু মিলিটেৰীৰ সন্ত্ৰাস গাঁওবোৰত৷ ল’ৰাবোৰ ঘৰৰ পৰা উঠাই নিয়ে৷ দেউতা চাকৰিসূত্ৰে অসমৰ বাহিৰত থকাত মাৰ সৈতে আমি ভাই-ভনীকেইটাই মৰণত শৰণ দি ৰাতিটো কটাওঁ৷ ডাঙৰ ভাইটিটো মানে সপ্তম মানত পঢ়ি থকাটো ৰাতি জংঘলত লুকায় গাঁৱৰ ল’ৰাৰ লগত৷ ঘৰৰ সমুখত গাড়ী ৰ’লেই মুখৰ মাত হেৰায়৷ পেহীৰ মাততো চেপা উত্তেজনা৷ মাজে মাজে উৰাবাতৰিবোৰ-বোলে হাজাৰৰ সংখ্যাত অহা ভাষিক সংখ্যালঘুয়ে যাঠি-জোঙেৰে সৈতে অসমীয়া গাঁৱত সোমালেই৷ ভাগ্য ভাল আছিল-কাৰণ তেতিয়া স্মাৰ্টফোন নাছিল৷ যিজনী পেহীয়ে ৰঙা টুপিৰ লাঠী লোৱা পুলিচকেইটা দেখিলেই ভয়ত ভিতৰ সোমায়; সেই পেহীয়ে বন্দুক লোৱা চি আৰ পি,মিলিটাৰী দেখি তিনিখনমান চামুচ খালে ৷ মানে ফিট হৈ দাঁতে-দাঁতে লাগি ধৰোঁতে ঘৰৰ মানুহে এৰুৱাবলৈ চেষ্টা কৰাত মুখত সোমোৱাওঁতে ভাগিল৷
এনেবোৰ দিনতেই আকৌ এদিন পেহীয়ে এনে এটা খবৰ ক’লেহি-আজিও মনত পৰিলে পেটৰ নাড়ী ডাল-ডাল হয়৷ গাঁৱৰে খুৰাদেউ মানে বিয়া-বাৰু কৰোৱা ডাঙৰ মানুহ এজনে ৰাতি ৰুলৰুলটোৰ ওপৰতে গামোচা এখন পিন্ধি শুই আছিল৷ মাজ ৰাতি মিলিটাৰী গাড়ী ৰোৱা হেন পাই ঘৰৰ পাছফালে থকা জেওৰাৰে জাঁপ মাৰি দৌৰি দৌৰি পেহীৰ দুৱাৰত টুকুৰিয়ালে৷ নিজৰ নাম কৈ দুৱাৰ খুলিবলৈ কাকূতি-মিনতি কৰিলে ৷ পেহীয়ে চাকিটো লৈ দুৱাৰ খুলিবলৈ আহি ফাঁকেৰে চাই বেহুঁচ৷ কাৰণ-বেচেৰাৰ ৰুলৰুলটোৰ ৰছিডালত মাত্ৰ পতাকা যেন এটুকুৰাহে ওলমি আছিল৷ বাকীখিনি জেওৰাতে ৰ’ল নে জেঙতে ৰ’ল গমেই নাপালে হেনো৷ তাৰ হুঁচ তেতিয়াহে আহিল যেতিয়া-পেহীয়ে গামোচা এখন দলিয়াই দুৱাৰ খুলিলে৷
এনেদৰেই আমাৰ যৌৱনৰ প্ৰথমছোৱা পাৰ হৈছিল যেতিয়া আমি প্ৰেমৰ কবিতা লিখাৰ সলনি বিপ্লৱৰ কবিতা লিখিছিলোঁ,গান গাইছিলোঁ দেশপ্ৰেমৰ৷ পঢ়িব লাগিছিল প্ৰেমিকৰ প্ৰেমৰ আকূতি,পঢ়িছিলোঁ শ্বহীদৰ ত্যাগৰ আহ্বান৷
তেতিয়াই যেন এই সৰলমনা মানুহখিনিৰ বুকুত বাহ লৈছিল অবিশ্বাস,ঘৃণা আৰু বহুত কিবাকিবি৷ হাঁহিবোৰচোন বুকুৰ ভিতৰৰ দুখ ঢাকিবলৈহে ব্যৱহাৰ হোৱা হ’ল৷ হাঁহিবলৈ পাহৰি যোৱা পেহীক কোন স’তে কওঁ সাম্প্ৰতিক সময়ৰ দুঃখবৰবোৰ৷ ক’ত লুকুৱাওঁ বুকুত গোট মৰা দুখৰ পাহাৰ৷ ক’ত বিচাৰি যাওঁ এজাক সেউজীয়া সপোন য’ত পাখি মেলি উৰে শান্তিৰ এজাক কপৌ চৰাই,যি ঠাইত বহি মই কণ-কণ প্ৰজন্মক বুজাব পাৰোঁ হাঁহিৰ সংজ্ঞা৷

☆★☆★☆

9 Comments

  • তৃষ্ণা সো.

    মই কিন্তু পঢ়ি হাঁহিলো বহুত। বৰ ভাল লাগিল।

    Reply
  • ৰাজদ্বীপ বৰা

    ভাল লাগিল !

    Reply
  • Manash Saikia

    বাইদেউ, সেই দিনবোৰলৈ লৈ গলি৷ দাদা, দেখাত অকণমান ডাঙৰ বাবে হাবিত কটায়,ৰাতিটো৷ খৱৰ/ উৰাবাতৰিবোৰ উৰি ফুৰিছিল বতাহত৷ মানুহবোৰ বিচলিত হৈছিল৷ পেহীৰ খৱৰবোৰে ভয়ৰ লগতে হা্হিৰ খোৰাকো দিছিল৷
    সুন্দৰ৷

    Reply
  • Rintumoni Dutta

    খুব ভাল লাগিল বাইদেউ “আজলী পেহী”ৰ কথা পঢ়ি

    Reply
  • Mitali saharia

    ভাল লাগিল …..

    Reply
  • আজলী পেহীৰ কথা পঢ়ি ভাল লাগিল।

    Reply
  • অনুৰূপ মহন্ত

    ভাল লাগিল

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *