মোৱা মাছৰ ভাজি – নাজিয়া হাছান
“হৌৰা! হৌৰা শুনিছানে? হৌৰা! হৌৰা..ক’ত হে তুমি!? হৌৰাআ আ..”
পতিজনে উধাতু খাই পত্নীক চিঞৰি চিঞৰি ভিতৰলৈ সোমাই আহে৷
পত্নীগৰাকীয়ে এই গৰমত জুইহেন পাকঘৰটোত বহি বহি সৰু সুৰু মোৱামাছ এসোপামান মুখখন ফুলাই লৈ বাছি আছে। লগতে মাজে-মাজে মুখেৰে কিবা ভোৰভোৰাইও থাকে তেওঁ৷
পত্নীৰ ৰিপ্লাই নহাত পতিয়ে আকৌ চিঞৰিলে৷
“হৌৰা,হওঁৰা…”
মাছৰ হাত বাবে কপালৰ ঘামখিনি বাহুটোৰেই একেকোবে মচি পত্নীগৰাকী চিঞৰি উঠিল৷
“ইস ৰাম! কি হৌৰা-হৌৰাকৈ পগলাটোৰ দৰে চিঞৰি চিঞৰি ঘূৰিছেহে৷ নুশুনি ক’লৈনো উৰি গৈছোঁগৈ ঔ মই? জিন্দেগীভৰ শুনিকে ৰৈছোঁ দেখোন সকলোবোৰ কথা৷ হে! দেখা নাপায় নেকি! দেখা নেপায়?” কৈ তেওঁ মাছ কটা বঠীখনত এক ঠেকেচা মাৰি মাটিত থৈ কলটোৰ তললৈ মাছৰ চৰিয়াটো লৈ একে চোঁচাই ওলাই গ’ল৷
পত্নীৰ উগ্ৰমূৰ্তি দেখি মহাজনৰ মাত হৰিল৷ তেখেত থৰ হৰি কম্পমান হৈ ধুমাধুম কলটো টিপি পানী উলিয়াই দিবলৈ পত্নীৰ পিছে পিছে লৰি লৰি গ’ল৷
ঘোঁচৰ-ঘোঁচৰ নিমখ সানি পত্নীয়ে মাছৰ ৰং ফটফটীয়া বগা কৰি পেলালে একেকোবে৷
পতিয়ে মনে মনে ভাবিলে-খং হৌ তো এইছা৷ বাপ্পেকে মাছেও নিজৰ ৰং সলায় দিলে৷
সাউৎ কৰি পত্নীয়ে এইবাৰ চৰিয়াটো লৈ মুখেৰে আকৌ কিবা এগাল ভোৰভোৰাই পাকঘৰৰ পিনে খোজ ল’বলৈ গৈ ৰৈ গ’ল৷
“হইৰি কি চাই আছে মোলৈ থৰ হৈ? হা? কি চাই আছে? তিনি বাল্টি পানী মই গা ধুবলৈ আৰু দুবাল্টি ৰাতিলৈ বুলি কল টিপি টিপি উলিয়াই থৈ আহক বুলি কৈছোঁ৷”
কথাষাৰ কৈ তেওঁ আকৌ এসোপামান কিবা ভোৰভোৰাই,ঠাঁচ কৰি গেছ লাইটাৰটো জ্বলাই মাছ ভাজিবলৈ কেৰাহীখন ধামকৈ শব্দ কৰি গেছত উঠাই দিলে৷
পতিৰ চিঞৰ৷ “হৌৰা হৌৰা৷ এবাল্টিঙ পানীৰে নহয় নে অ’৷ দমকলটো বৰ টান হে ! পানীয়েই নোলায় অ’ মোৰ সোণজনী!!”
“ছেটচ ছেটছ”… ‘ৰিপ্লাই’ত মাছ ভজাৰ শব্দবোৰহে তেওঁৰ কাণত উৰি উৰি আহি গৈ থাকিল।
বেচেৰাই দমকলটোকে টিপি আছে এতিয়া।
পত্নীয়ে মনে মনে খিৰিকীৰে চাই মুখতে ভোৰভোৰাই কয়-“পা মজা ! সৰু সৰু মোৱা মাছসোপা এই গৰমত আনি দি মোৰ হতুৱাই বছাইছিল নহয় ! টিপি থাক এতিয়া টান কটকটীয়া দমকলটো…।হু হু৷”
☆★☆★☆
4:55 pm
খা এতিয়া মোৱা মাছ। হাঃ হাঃ, বঢ়িয়া??
7:49 am
মোৱা মাছ খোৱাৰ আনন্দই বেলেগ দেখোন !
8:24 pm
মোৰ পুখুৰীৰ মোৱা মাছ কেইটালৈ চেৰেঙকৈ মনত পৰি গ’ল
বঢ়িয়া
1:28 pm
মোৱা মাছ ভজাৰ স্পেচিয়েলিষ্টৰ পৰা মাছ ভজাৰ ইমান ধুনীয়া ৰেচিপি মজা লাগিল।
7:48 pm
খাই ভাল পাও কিন্তু বাছিবলৈ হ’লে…নকও আৰু। ভাল লাগিল।