ফটাঢোল

ফটাপ্ৰেমৰ প্ৰতিশোধ – পৰী পাৰবীন

কলেজত ভৰি দিছো মাত্ৰ৷ ৰেগিং পিৰিয়ড চলি আছে৷ প্ৰতিজনীকে থপিয়াই থপিয়াই লগৰ ল’ৰাকেইটাৰ লগত এটা এটাকৈ জোৰা দিয়াৰ পাছত বাকী ৰৈছোগৈ মই৷ কণাৰ বাবেও হেনো কাণী থাকে৷ মোৰ বাবেনো নাথাকিবনে? পিছে মোৰ সেই গহীন মুখখন যে, সতকাই ওচৰ আহিবলৈ হেনো সৱে ভয় খায়৷
সিদিনা নবাগতা সভা৷ আমি নবাগতসকল সিদিনাৰে পৰা জ্যেষ্ঠসকলৰ শাসনৰ পৰা মুকলি হ’ম বুলি ফূৰ্তিত তত নাই৷ লচপচকৈ সাজি-কাচি কলেজলৈ গৈছো, কোনোবাই গান গাইছে, নাচিছে, হাঁহিছে, ফূৰ্তি কৰিছে৷ সন্ধ্যা সময়ত জাকৰ মাজত খিলখিলকৈ হাঁহি হাঁহি ৰাস্তা আৱৰি কলেজৰ পৰা উভটিছো৷ তেনে সময়তে লাগি গ’ল নহয় অঘটনটো৷
কেণ্টিনৰ সন্মূখত পালো কি নাপালো, লগৰ ল’ৰাৰ জাকটোৰ পৰা এজনে ইংগিত দিলে, “অলপ ৰ’বাচোন৷ ”
কিবা তত ধৰিব পোৱাৰ আগতেই এটাক এৰি লৰাৰ জাকটো আঁতৰি গ’লগৈ৷ ছোৱালী জাকটোও কেতিয়া ওচৰৰ পৰা নোহোৱা হ’ল মই পাত্তাই নাপালোঁ৷ মুঠতে সি আৰু মই৷ মই আৰু সি৷ আৰু কলেজ চৌহদৰ বুঢ়া চকীদাৰৰ দৰে তলমূৰ কৰি ৰোৱা দেৱদাৰুকেইজোপা৷ এজনীয়ে আগৰ পৰা ঘূৰি চালে আমাৰ দুটালৈ, তাৰ পিছত মিচিককৈ হাঁহি যেন “ভয় নকৰিবি দেই” বুলি কৈ গুচি গ’ল৷ মোৰ বুকু ধান বনাদি মাৰিবলৈ ধৰিলে৷ কাষত তাৰ বুকুৰ ধানৰ মিলৰ শব্দ৷ সি মানে নীলিম সোণোৱাল৷ তথাপি ভয় খোৱা যেন নেদেখুৱাই গপচত মাত উলিয়ালো,

মই: কি হ’ল?

সি: মানে মানে?

মই: মানে মানে? কি মানে?

সি(কোনোমতে সেপ ঢুকি): মানে মই তোমাক ভাল পাওঁ৷

মই: অ’ হয়নেকি? পিছে নহ’ব নহয়৷ মোৰ বিয়া ঠিক হৈয়ে আছে৷

ফাঁকি দিবও নাজানো হেৰ’৷ তাতকৈ যদি ক’লোহেঁতেন যে, মোৰ বয়ফ্ৰেণ্ড আছে, নতুবা কাৰোবাৰ লগত হিয়া-দিয়া-নিয়া হৈ আছে৷ ক’লো কি, “বিয়া ঠিক হৈ আছে”, বাল্যবিবাহৰ যুগতহে আছো যেন৷
টেঙৰ শিয়ালজাকৰ আগত মোৰ এই বুদ্ধিয়ে কাম দিবনে? নীলিমৰ লগৰকেইটাৰ উৎপাত বাঢ়ি গ’ল৷ মোক দেখিলেই চিঞৰা হ’ল, “বিয়া ঠিক হৈ আছে দেই৷ বিয়া এখন খাবলৈ পাম আৰু”৷ তাৰ পাছত বিয়ানাম, জোৰানাম আৰু কত যে নাম!

“লাই হালে জালে জিকা ফুলে সন্ধিয়া

লফা হালে জালে জিকা ফুলে সন্ধিয়া

ৰামচন্দ্ৰ ৰৈ আছে দৈয়ন দিবা কেতিয়া? ”

স্বভাৱগতভাৱে নীলিম একদম ঠাণ্ডা-মুণ্ডা৷ লগৰ কেইটাহে শিয়ালৰ বংশধৰ যেন৷ সিহঁতৰ জাকটোৰ ভিতৰত সি অকলশৰীয়া আৰু আমাৰ ছোৱালীৰ জাকটোত মই অকলশৰীয়া৷ সেইমখাই এই সুযোগটো কিয় এৰি দিব? মুঠতে নীলিমৰ লগত মোক জোৰা লগাবলৈ লৈ বিভিন্ন উপায় অৱলম্বন কৰিলে৷ মোক দেখিলেই তাৰ নাম লৈ জোকাবলৈ ধৰে৷ দিনটোত “ফ্ৰী অৱ কস্ত” এটা গান নুশুনাকৈ নাথাকো,
“নীলে গগন কী তলে, ধৰতী কা চান্দ খিলে”
নাইবা
“নীলে নীলে অম্বৰ পে, চান্দ জৱ আয়ে”
মুঠতে নীল থকা গান হলেই হ’ল৷ আকাশৰ গোটেই নীলাখিনি যেন গাত ঢালিহে দিব৷ (বৰ মিছ কৰিছো দেহি ঐ)
ছোৱালী শিয়ালীৰ জাকটোৰ পৰা আকৌ মোলৈ অংক মিলায়, “চা, সি সোণোৱাল লিখে৷ গতিকে তই কোটাত পৰিলে তোৰ লৰা-ছোৱালীকেইটাৰ কি কি লাভ হ’ব চাচোন৷ ”
ঔ আই! একেবাৰে লৰা-ছোৱালীলৈকে চিন্তা সিহঁতকিজনীৰ৷ বেচেৰা নীলিমেও যে কিমান কামোৰ খায় ঠিক নাই৷ যি কি নহওক, এদিন আমাৰ কাজিয়া লাগিল৷ মই তাক লগ কৰিবলৈ মাতি পঠিয়ালো৷ সেই বুঢ়া দেৱদাৰুকেইজোপাৰ আঁৰত ঠিয় হৈ তাক সোঁৱৰালো, “চোৱা, মই কৈছিলো নহয় যে মোৰ বিয়া ঠিক হৈ আছে৷ “,কথাটো ক’বলৈহে পালো জোপোহাৰ আঁৰৰ পৰা শিয়ালৰ জুমৰ ‘হোৱা হোৱা টাইপ’ ইয়া্ৰ্কি এটা ভাঁহি আহিল, সিহঁতকেইটাৰ চিঞৰ শুনি মোৰ খংটো একদম তালু পালেগৈ,
“মানে অকলে আহিবলৈ সাহস নাই? লগৰমখা লৈ আহিছ”, হেন তেন কৈ কিবা কিবি গালি পাৰি সি অনা নতুন বছৰৰ কাৰ্ডখন দলিয়াই গুচি আহিলো৷
লাজ পালে বেচেৰাই৷ খুব লাজ পালে৷ বৰ সংবেদনশীল সি৷ মইনো বাৰু ইমান অপৰিপক্ব কিদৰে হ’লো, কথাটো তাক বুজাই দিলে নিশ্চয় বুজিলহেঁতেন বুলি মোৰো অনুশোচনা হ’ল৷ কিন্তুু ক্ষমা খুজিবলৈ যেন এটা সংকোচবোধ লাগিল৷ লগৰখিনিয়েও নোজোকোৱা হ’ল মোক৷ মুঠতে কেইদিনমান কিবা গোমা গোমা পৰিবেশ৷
জীৱন অবধাৰিতভাৱেই পৰিৱৰ্তনশীল৷ কোনো কাৰো বাবে ৰৈ নাথাকে৷ ময়ো ৰৈ নাথাকিলো৷ সংগ্ৰামৰ সোঁতত ভাঁহি আহি চাকৰি আৰু বিবাহসূত্ৰে ডিব্ৰুগড় পালোহি৷ সন্তানৰ মা হোৱাৰ পাছত আৰু চাকৰিৰ দায়িত্ব লোৱাৰ পাছত সৰুমতীয়া ছোৱালীৰ স্বভাৱটো এৰি বেচ গহীন হৈ পৰিলো৷ তেনে সময়তে আমাৰ বিভাগে প্ৰথমবাৰৰ বাবে অসমত টেট পৰীক্ষা অনুষ্ঠিত কৰিলে৷ টেট উৰ্ত্তীৰ্ণসকলৰ তথ্য-পাতি পুনৰীক্ষণৰ দায়িত্ব আমুকীৰ ওপৰতে পৰিল৷ এনে সময়তে এদিন এখন কাগজ লৈ চিনাকি মুখ এখন সোমাই আহিল,

“বাইদেউ! ”

মূৰ তুলি চালো৷ এখন অতি চিনাকি মুখ৷ আগন্তুকলৈ চাই মই ভাবি থাকিলো, মুখখন নীলিমৰ দৰে৷ এবাৰ সন্দেহ হ’ল, নীলিম নহয়তো৷ কিন্তুু সি ডিব্ৰুগড়ত কি কৰিবহি আক’? মনতে কথাবোৰ গুণাগঠা কৰি মাত দিলো,

“কওকচোন৷ ”

“মোৰ মিচেচৰ এই কাগজখন জমা দিব লগা আছিল৷ ”

কাগজখন লোৱাৰ পিছত তেওঁ ওলাই গ’ল, কিবা ভাবি মই পিছফালৰ পৰা দুনাই মাতিলো,

“একমিনিট ৰবচোন৷ ”

“কিবা কৈছে নেকি বাইদেউ? ”

“আপুনি নীলিম সোণোৱালৰ কোনোবা হয় নেকি বাৰু? ”

“হয় বাইদেউ৷ ময়েই নীলিম সোণোৱাল৷ ”

আচৰিত হ’লো বেচকৈ৷ নীলিমৰ দৰে দেখিলেও মই তাক নীলিম বুলি ভবা নাছিলো৷ কাৰণ পোন্ধৰবছৰৰ পিছত তাক মই পুনৰ সেই কলেজীয়া ৰূপত আশা কৰা নাছিলো৷ কিন্তুু ৰঙা টিচাৰ্টেৰে তাক সেই দেৱদাৰুৰ তলৰ নীলিমৰ দৰেই দেখাইছিল, বিপৰীতে চাদৰ-মেখেলা পিন্ধি ভব্যগব্য মহিলা হৈ মই যেন তাতকৈ বহুত চিনিয়ৰ৷ বয়সে পক্ষপাতিত্ব কৰিছে, মোক বয়সতকৈ আগুৱাই নিছে, সি বয়সৰ পাছত ৰৈ আছে৷ হতাশ হ’লো যদিও ইমানদিনৰ মূৰত তাক লগ পোৱাৰ উষ্মা মনৰ পৰা আঁতৰি নগ’ল৷ মাত লাগালো,

“মোক তুমি চিনি পোৱা নাই? ”( মোৰ ‘আপুনি’ সম্বোধনটো স্বয়ংক্ৰিয়ভাৱে ‘তুমি’লৈ আহিল)

সি মোৰ মুখলৈ চাই থাকিল, তাৰ পিছত হাঁহি হাঁহি ক’লে,

“আৰে ছায়া বাইদেউ৷ আপুনি যে বহুত সলনি হ’ল দেই৷ ”

বাইদেউ! !
উঠি অহা খংটো সামৰিলো৷ বাইদেউ সম্বোধনটো সদায় বয়সৰ লগত সম্পৰ্কিত নহয় বুলি বুজি পালোঁ৷ তাৰ পাছত আমি বহুতদেৰি কথা পাতিলো৷ সিও কিদৰে চাকৰিসূত্ৰে ডিব্ৰুগড় পালেহি, বিয়াও পাতিলে, পত্নীয়ে শিক্ষকৰ পদৰ বাবে আবেদন কৰিছে, সেইবোৰ জনালে৷ ময়ো মোৰ পৰিয়ালৰ বিষয়ে ক’লো৷ পুৰণা বন্ধুজনক লগ পাই খুব ভাল লাগিল, কিন্তুু এটাই আখজা লাগিল, কথাই প্ৰতি তাৰ মুখত লাগি থকা “বাইদেউ” শব্দটো৷ সি গুচি যোৱাৰ পাছত মোৰ বৰ কান্দিবলৈ মন গ’ল, কিয় সি মোক বাৰে বাৰে বাইদেউ বুলি মাতি আছিল, অলপ শকত হলোৱেই যেনিবা, বয়সত ডাঙৰ হৈ গ’লো নেকিবা?
ফোন লগালো দিল্লীত থকা দিপ্তীলৈ,

“অই জাননে, আজি নীলিমক লগ পাই গ’লো নহয়? সি তাৰ মিচেচৰ কাৰণে ডট ডট ডট………কিন্তুু কিয় যে সি মোক বাৰে বাৰে বাইদেউ বুলি মাতি থাকিল৷ বৰ খং উঠিছে মোৰ৷ “, এইবুলি এগালমান কৈ মুখ ফুলালো লগৰজনীৰ ওচৰত৷
তাই উৎসাহিত হৈ, “হয়নেকি? তই প্ৰভৰাজক ফোন কৰচোন, সি তাক ভাল দম এটা দিব৷ তোক বাইদেউ বুলিবলৈ আহিছে৷ হুহ! ”, বুলি কৈ খিকখিককৈ হাঁহি উঠিল৷
তাইৰ হাঁহিটোত যেন কিবা এটা ৰহস্য সোমাই আছে৷ প্ৰভৰাজ মানে তাইৰ হাছবেণ্ড, যিজন কলেজত আমাৰ লগৰে আছিল৷ মানে আমাৰ গ্ৰুপৰ দুয়ো শিয়াল আৰু শিয়ালী৷
প্ৰভৰাজলৈ ফোন লগালো, সিফালৰ পৰা ফোন ৰিচিভ কৰি হেল্লো কোৱাৰ সলনি আকৌ নাৰীকণ্ঠৰ খিকখিক, খিকখিক৷

“কিহ’ৰ ইমান খিকখিক হা? মোক বাইদেউ বুলিছে যেতিয়া তোক মা বুলি মাতিব বুইছ ঢেপেচী? ” অনৰ্গল গালি পাৰি থাকিলো ফোনটো কাণত লৈ৷ গালি পৰাটো মোৰ জন্মস্বত্ব অধিকাৰ, বিশেষকৈ এই শিয়ালজাকৰ আগত৷
হাঁহি হাঁহি তাই ক’লে, “বেচেৰাৰ আজিহে প্ৰতিশোধ পূৰণ হ’ল বুইছ৷”
“প্ৰতিশোধ! সেয়া কেনেকৈ আক’? ”, এইবাৰ মোৰ আচৰিত হোৱাৰ পাল৷
তাই কৈ গ’ল, “সিদিনা তই গালি পাৰোতে সি বৰ অপমানবোধ কৰিছিল, গোটেই ৰাতিটো ছটফটাই আছিল হোষ্টেলত৷ লগৰখিনিয়ে সিদিনাই তাক শপতবাক্য পাঠ কৰাইছিল, বোলে, ‘তাইক মতাতো দূৰৰ কথা, মুখলৈকো নাচাবি৷ কেতিয়াবা মাতিবলগা হলেও বাইদেউ বুলি মাতিবি৷ তেতিয়াহে তোৰ প্ৰতিশোধ পূৰণ হ’ব বুজিলি’৷ এইবোৰ প্ৰভৰাজে মোক বিয়াৰ পাছত কোৱা কাহিনী৷ “
মা কচম!
বিদ্যা শপত!
আৰু কি কি ক’ব লাগে নাজানো৷ প্ৰতিশোধৰ জুইকুৰা যে পোন্ধৰবছৰ কঢ়িয়াই ফুৰিলে সেই কথা গম পাই মোৰ তালৈ খং উঠা বাদ দি মৰমহে জাগিলচোন৷ হওক দে, ভাইটি এটাও নাছিলতো মোৰ৷

(কাহিনী শেষ৷ কাপোৰ কানি ক’লা হোৱাসকলে ঘৰলৈ গুচি যোৱাই ভাল)

☆★☆★☆

8 Comments

  • অবিনাশ

    বাঃ মজা লাগিল ফটাপ্ৰেম

    Reply
  • ৰাস্না বৰা

    নাকৰ আগত খঙ থকা বাইদেউ জনীলৈ বেয়া লাগিল। ফটা প্ৰেমৰ প্ৰতিশোধৰ প্ৰকাশ সুন্দৰ হৈছে।ভাল লাগিল পঢ়ি।

    Reply
  • Rintumoni Dutta

    মোৰ বিয়ানামটো বেছি ভাল লাগিল দেই।

    প্ৰেমৰ অভিজ্ঞতা বৰ্ণনা কৰাত পাৰবীন সিদ্ধহস্ত, এটাই শব্দ, তামাম

    Reply
  • Jahnovi

    হিঃ হিঃ
    বাইদেউ

    Reply
    • অনুৰূপ মহন্ত

      আকৌ এবাৰ পঢ়িলোঁ। বৰ ভাল লাগিল “বাইদেউ”!?

      Reply
  • আকৌ এবাৰ পঢ়িলোঁ,ভাল লাগিল।

    Reply
  • ভাল লাগিল বা

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *