ফটাঢোল

টলষ্টয়ৰ প্ৰেৰণাদায়ক গল্প এটাৰ অনুবাদ – বিকু বৰা

এজন মানুহৰ দুজন পুত্ৰ — ৰাম আৰু শ্যাম । যদিও দুয়োজন সহোদৰ আছিল সিহঁতৰ স্বভাৱ-চৰিত্র এজন আনজনৰ সম্পূৰ্ণ বিপৰীত আছিল । ৰাম আছিল অতি কৰাইচ অন্যহাতে শ্যাম আছিল অতি হাতখোলা বিধৰ । তেওঁলোকৰ পত্নী সকলেও দুয়োজনৰ এই স্বভাৱৰ বাবে চিন্তিত আছিল । ঘৰৰ মানুহেও তেওঁলোকক বহুত বুজালে কিন্তু ৰাম বা শ্যাম কোনোৱে নিজৰ মত পৰিৱৰ্তন নকৰিলে ।
এবাৰ তেওঁলোকৰ গাঁৱলৈ এজন সাধু পুৰুষৰ আগমন ঘটিছিল । বৃদ্ধ দেউতাকে ভাবিলে এই সমস্যাৰ সমাধান তেওঁকে সোধা হওক আৰু পিছদিনা তেওঁ সাধুজনৰ ওচৰলৈ গ’ল ।
সাধুজনে একান্তমনে কথাখিনি শুনিলে আৰু পিছদিনা দুয়োজন পুত্ৰকে লগত আনিবলৈ ক’লে ।
পিছদিনা সঠিক সময়তে দেউতাকে দুয়ো পুত্ৰক লৈ সাধুৰ কাষ পালে ।
সাধুজনে নিজৰ হাতদুখন মুঠি মাৰি পুত্ৰ দুজনৰ ওচৰত ঘূৰাই ঘূৰাই কলে ,–” কোৱাচোন মোৰ হাতদুখন যদি সদায়ে এনেদৰে থাকে তেতিয়া কেনে লাগিব ?”
পুত্ৰ দুজনে কলে, – ” এনেকুৱা হলেতো এনে লাগিব যে আপোনাৰ পক্ষাঘাত ৰোগ হৈছে ।”
” ঠিক আছে যদি মোৰ হাত দুখন সদায় এনেকুৱা হৈ থাকে ?”– এইবুলি সাধুজনে হাত দুখন মেলি ধৰি দেখুৱালে ।
” তেতিয়াও আপোনাৰ পক্ষাঘাত হৈছে বুলিয়ে কব । “- পুত্ৰদুজনে উত্তৰ দিলে ।
তেতিয়া সাধুজনে গহীন হৈ কলে,– ” চোৱা বোপাহঁত, মই তোমালোকক এইটোকে বুজাব খুজিছো যে, সদায় হাতৰ মুঠি টান কৰি কৰাইচ হৈ থকা অথবা হাত খুলি ৰখি হকে বিহকে খৰছ কৰা ব্যৱস্থাটোও এই ‘পক্ষাঘাত’ৰ দৰে । সদায়ে হাতৰ মুঠি বন্ধ কৰি ৰখা মানে ধন খৰছ কৰিবলৈ মন নেমেলা জন যিমানেই ধনী নহওক কিয় তেওঁৱো নিৰ্ধনীৰ নিচিনাই । অন্যহাতে সদায় হাত খুলি ৰখা অৰ্থাৎ হকে বিহকে খৰছ কৰাজন যিমানেই ধনবান হওক কিয় দুখীয়া হবলৈ বেছি সময় নালাগিব । আচলতে ধনৰ ব্যৱহাৰ হল যে- প্ৰয়োজন সাপেক্ষে কেতিয়াবা হাতৰ মুঠি বন্ধ আৰু কেতিয়াবা খুলিব লাগে । তেহে জীৱনৰ ভাৰসাম্য ৰাখি চলিব পৰা যায় ।”
পুত্ৰ দুয়োজনে সাধুজনৰ কথা বুজি পালে আৰু বুজি-বাজি খা-খৰছ কৰিবলৈ সংকল্প ললে ।

☆★☆★☆

2 Comments

  • সুন্দৰ লিখনি, ভাল লাগিল।

    Reply
  • Padma Gogoi

    মহামানৱ টলষ্টয়ৰ মূল ভাৱটোত অসমীয়া ৰস-পিত দি বৰ উপাদেয় কৰি তুলিলে ৷ধন্যবাদ ! অনুবাদটি ভাল লাগিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *