ফটাঢোল

ধান বাদ – পুণ্য শইকীয়া

শুনিবলৈ পোৱা মতে ধান গৱেষণা কেন্দ্ৰই “জ্যোতিপ্ৰসাদ” আৰু “বিষ্ণুপ্ৰসাদ”ৰ নামেৰে দুবিধ নতুন জাতৰ বড়ো ধানৰ নামকৰণ কৰিছে৷ ধান গৱেষণা কেন্দ্ৰই ইয়াৰ মাজেদিয়েই জাতীয়তাবোধৰ এক “জ্বলন্ত” উদাহৰণ দাঙি ধৰা বুলি নিশ্চয় দাবী কৰিব পাৰে৷ পিছে আমাৰ দৰে হোজা খেতিয়কসকল কেনে সমস্যাত পৰিম কেন্দ্ৰটোৱে এবাৰ চিন্তা কৰা হ’লে বৰ ভাল আছিল৷ জ্যোতিপ্ৰসাদৰ উখোৱা, বিষ্ণুপ্ৰসাদৰ আৰৈ, জ্যোতিপ্ৰসাদক ঢেঁকীত খুন্দি, বিষ্ণুপ্ৰসাদক মিলত খুন্দি, জ্যোতিপ্ৰসাদক বস্তাত ভৰায়, বিষ্ণুপ্ৰসাদক দোনলৈ সলায়, জ্যোতিপ্ৰসাদক বান্দৰ আৰু গৰু-ছাগলীৰ, বিষ্ণুপ্ৰসাদক নিগনিৰ খাদ্য হ’বলৈ দি আমি অভং অসমীয়া গাঁৱলীয়াবোৰে মহান অসম সন্তান দুজনৰ পৰালি পেলাওঁ বুলি ভয় হৈছে৷ আমি ইতিমধ্যেই “ৰঞ্জিত” ধানৰ (ৰঞ্জিত বৰপূজাৰী) ন খাইছোঁ, “বাহাদুৰ” ধানৰ (বাহাদুৰ গাঁওবুঢ়া) পিঠা খাইছোঁ, “লাচিত” ধানৰ পইতা খাইছোঁ, “চিলাৰায়” ধানৰ কৰ্কৰা খাইছোঁ৷ খাই ইতিমধ্যে জাতীয়তাবোধৰ পুষ্টি সাধন কৰি অসমক জাকত জিলিকা কৰিছোঁৱেই৷ এইবাৰ আহিল “জ্যোতিপ্ৰসাদ”, “বিষ্ণুপ্ৰসাদ”৷ এওঁলোককো পেট ভৰাই খাই “জয় আই অসম” উগাৰ মৰাহে কথা৷ পৰ্যায়ক্ৰমে ধানৰ অভিধানত শঙ্কৰ-মাধৱ সোমাব, আজান ফকিৰ সোমাব, আনন্দৰাম, হলিৰাম, গুণাভিৰাম, লক্ষ্মীনাথ, পদ্মনাথ, ৰঘুনাথ, বাণীকান্ত, চন্দ্ৰকান্ত, কৃষ্ণকান্ত, ডিম্বেশ্বৰ, মহেশ্বৰ, শৈলধৰ, পদ্মধৰ, বেণুধৰ, গোপীনাথ, নবীনচন্দ্ৰ, তৰুণৰাম সোমাই পৰিব৷ সোমাব ভূপেন হাজৰিকা, খগেন মহন্ত৷ সোমাব চাগে হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল মহন্তও৷ বেয়া নহ’ব নিশ্চয়৷ তেতিয়া অসমৰ ঐতিহাসিক বিৱৰণ বিচাৰি ঘূৰ্মুটিয়াই ফুৰিব লগা নহ’ব৷ আঘোণমহীয়া পথাৰখনলৈ কিম্বা চহকীৰ দুখলপীয়া ভঁৰালটোলৈ আঙুলিয়াই দিলেই খেলা খতম৷

এইখিনি গ’ল বাৰু ফাংচালি কথা৷ এতিয়া আহোঁ আচল কথালৈ৷ অসমৰ ধানৰ নামৰ মাজত যি লোক-জীৱনৰ মাদকতা ভৰা সুগন্ধ আছে পৃথিৱীৰ বোধহয় ক’তো নাই৷ আমাৰ নিৰক্ষৰ চহা মানুহখিনিয়ে কেনেকৈ ইমান সুন্দৰী কাব্যিক ধানৰ নাম দিব পাৰিছিল “ধান গৱেষণা কেন্দ্ৰই” তাৰ ওপৰতো গৱেষণা কৰা উচিত৷ তলত মই দূৰ অতীতৰ পৰা পৰম্পৰাগত ভাৱে চলি অহা বছা বছা কিছুমান ধানৰ নামৰ এখন তালিকা দিছোঁ৷ প্ৰতিটো নামৰ মাজেদি অসমীয়া চহা জীৱনৰ কি মধুৰ আৱেগ,কি মধুৰ ব্যঞ্জনাৰ্থ আৰু বাচ্যাৰ্থ প্ৰকাশিত হৈছে এবাৰ চাওকচোন–(১)সুৱাগমণি (২)বকুলবৰা (৩)ভোগপ্ৰসাদ (৪)শলপোনা (৫)নলচুটি (৬)জাহিঙিয়া (৭)আমপাখি (৮)বেতগুটি (৯)গেজেপশালি (১০)শিয়াল শালি (১১)মনোহৰ শালি (১২)গমিৰি (১৩)কাতি নেউলী (১৪)মালভোগ (১৫)কাঁড়শলি (১৬)লাওডুবি (১৭)মাগুৰি (১৮)সৰগফলা (১৯)বুদুমণি (২০)ঢৌ খৰ (২১)মাইগুটীয়া (২২)তিতাফুলীয়া বৰা (২৩)জেঙনি বৰা (২৪)কণজহা (২৫)ৰঙাজহা (২৬)বগা জহা (২৭)ক’লাজহা (২৮)পানী চাখৰু (২৯)দলকচু (৩০)ৰঙাদঁৰিয়া (৩১)বিড়িয়া ভঙা (৩২) পেঙেৰী (৩৩) গেঠু (৩৪) বেজী ৷ আৰু আছে — যেনে আহোম শালি,জুই শালি,আবৰ শালি,কুটকুটি শালি,মেম লাহি,অমনা বাও,ইন্দ্ৰ শালি,কণী ধান,মচুৰি ধান,কণা মুচৰি,নগঞা,ফাপৰি আহু ইত্যাদি৷এই নামবোৰ ইমান অনায়াস লব্ধ আৰু ইমান আলংকাৰিক যে মহৎ কবি প্ৰতিভা অবিহনে এনে নাম হঠাৎ মনলৈ অহা সম্ভৱেই নহয়৷ ধান গৱেষণা কেন্দ্ৰই উলিওৱা নতুন জাতৰ নামৰ মাজতো এনে কাব্যগন্ধী নাম দিবলৈ যত্ন কৰা দেখা যায়৷ গৱেষণা কেন্দ্ৰই সত্য,বসুন্ধৰা,আঘোণী,কেতেকী,ভোগালী,ৰঙ্গীলী আদি ধানৰ নাম ৰাখিছে৷ কিন্তু এইবোৰত কাব্যৰ গন্ধ থাকিলেও ধানৰ নাম হিচাপে গ্ৰহণ কৰিবলৈ টান৷ এই নামবোৰ পুৰণা চহা কবিসকলৰ বাছনিতো নুঠা এৰা পৰলীয়া নামহে৷যি কবিয়ে সুৱাগমণি,বকুলবৰাৰ দৰে নাম কল্পনা কৰিব পাৰে তেওঁ আঘোণী, ভোগালীৰ দৰে বহু চৰ্চিত নাম ব্যৱহাৰ কৰিবই বা কিয়?

কথা হ’ল — ধান ধানেই৷ তেহেলৈ সেয়া লাগে গৱেষণা কেন্দ্ৰই উলিওৱা হওক বা “চ’তৰে চকৰী ব’হাগৰ বগৰী জেঠৰে অমনা ধানেই হওক” তাত পূৰ্বাপৰ চলি অহা এটা গঞা জীৱনৰ স্পৰ্শ থাকিব লাগে৷ নামটোৰ মাজেৰেই কৃষক ৰাইজৰ ভাবানুভূতি আৰু উপলব্ধিৰ এখন জগত তুলি ধৰিব পাৰিব লাগে৷ গৱেষণা কেন্দ্ৰই “লুইত” “কপিলী”ৰ নামেও ধানৰ নাম ৰাখিছে৷ কিন্তু “লুইত” আৰু “কপিলী” দুখন নদীৰহে নাম- ধানৰ নামনো কেনেকৈ হয়?

পঞ্চাছ বছৰৰ পাছৰ অসমখনৰ কথা কল্পনা কৰকচোন৷ যদি তেতিয়াও অসমীয়া জাতি জীয়াই থাকে — যদি তেতিয়াও অসমৰ চিত্ৰ-বিচিত্ৰ ধাননি পথাৰখন জীয়াই থাকে — তেতিয়া সৰু অসমীয়া ল’ৰা এটাক যদি প্ৰশ্ন কৰা হয় — জ্যোতিপ্ৰসাদ কোন কচোন তেতিয়া সি যদি উত্তৰত “এবিধ ধান” বুলি কয় তেন্তে তাক জগৰীয়া কৰিব পৰা যাব নে?

☆★☆★☆

8 Comments

  • Anjan Sadhanidar

    সচাকৈ আচৰিত। কথাষাৰ আজিহে গম পালো। অলপ দিনৰ পাছত মূখ্য মন্ত্ৰী কৃষিমন্ত্ৰীৰ নাম আহিব।

    Reply
  • তৃষ্ণা সো.

    চিন্তাকৰ্ষক সুখপাঠ্য

    Reply
  • ইমান ধানৰ নাম জনায়ে নাছিলোঁ। ৰঞ্জিত ধান, ৰঞ্জিত বৰপূজাৰীৰ নামেৰে বুলি আজিহে গম পালোঁ।

    Reply
  • অনুৰূপ মহন্ত

    ইমান বিলাক ধানৰ নাম আজিহে জানিলো। বৰ ভাল লাগিল।

    Reply
  • Gitika Saikia

    বহুত ভাল লগা লিখনি। আচলতে চাৰৰ লিখনি পঢ়ি সদায়েই ভাল লাগে। ধানৰ ওপৰতো যে ইমান সুন্দৰ ব্যাখ্যা হ’ব পাৰে ভাবিয়েই ভাল লাগি গৈছে।

    Reply
  • Rintumoni Dutta

    চাৰৰ লিখনিৰ আগৰ পৰাই ভক্ত। খুব ভাল লাগিল পঢ়ি।

    চিন্তাকৰ্ষক বিষয়বস্তু, শুৱলা উপস্থাপন

    Reply
  • Mitali saharia

    কেইবিধমান ধানৰ নামহে জানিছিলোঁ আগতে।

    Reply
  • Dilip kr. Rabha.

    “ধান বাদ” লেখনিটো পঢ়ি ভাল লাগিল৷ আগৰ দিনৰ বুঢ়াবুঢ়ীৰ কথা- মাছৰ নাম আৰু ধানৰ নাম হেনো বহুত৷ মাছৰ নামতকৈ ধানৰ নাম এটা বঢ়া আছে বাবে আমি ধানক খেতি কৰি ভাত খাই থাকিব লগীয়া হ’ল৷ অন্যথা মাছক খাই থাকিব লগীয়া হলোহেতেন৷

    চাৰে বহু ধানৰ নাম উল্লেখ কৰাত ধানৰ তথ্য সংগ্ৰহ কৰাত বহু সমল আগবঢ়োৱা হ’ল৷ ধানৰ ফটো বোৰ সংগ্ৰহ কৰিব পৰা হলে ভাল হ’ব৷

    প্ৰশ্ন:- মাংস খোৱা চৰাইবোৰৰ নাম লিখা৷
    উত্তৰ:-
    (১) যিবোৰ চৰাইয়ে মাংস খায়৷ সেই চৰাইবোৰৰ নাম-
    (২) যিবোৰ চৰাইৰ মাংস আমি খাওঁ৷ সেই চৰাইবোৰৰ নাম-
    ইয়াত প্ৰশ্ন লিখাত ভুল বাবে উত্তৰ লিখাত সমস্যা৷

    তদ্ৰুপ:-
    জ্যোতিপ্ৰসাদ বুলিলে ধানকে বুজাব৷
    জ্যোতিপ্ৰসাদ আগৰৱালা বুলিলে মানুহক বুজাব৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক নুবুজায়৷

    সেয়ে জধেমধে দিয়া প্ৰশ্নত বহুত ভুল থাকে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *