জেঠাইৰ জীয়েকৰ বিয়া – শ্ৰীমন্ত শৰ্মা
“ অ’ মাইনা! কোন আহিছে চাচোন৷ ” কলিং বেল বজোৱা শুনি মাকে পাকঘৰৰ পৰাই চিঞৰিলে৷ বিৰক্তিৰে টেলিভিচনৰ সন্মুখৰ পৰা উঠি ‘মাইনা’ মানে গৌতমীয়ে দুৱাৰখন খুলিবলৈ বুলি আগবাঢ়িল৷
“ অ’ মা, ভিক্ষা খোজা জেঠাই এজনী আহিছে, তোমাক বিচাৰিছে৷ ” কথাকেইটা কৈয়েই গৌতমী আকৌ টেলিভিচনত ব্যস্ত হৈ পৰিল৷ মাকতকৈ ডাঙৰ যেন দেখা মহিলা মানেই তাইৰ বাবে জেঠাই, সৰু হ’লেই মাহী৷ ডেকাৰ পৰা আদহীয়ালৈকে সকলো অচিনাকি পুৰুষক তাই মামা বুলিয়েই মাতে, মাকে শিকাইছে৷ ‘ককা’ আৰু ‘আইতা’ সম্বোধন দুটাও তাই বয়স বুজি ব্যৱহাৰ কৰিবলৈ শিকিছে৷
গেচ ষ্ট’ভৰ জুইকুৰা কমাই, ততাতৈয়াকে হাতখন পখালি পূজা পাকঘৰৰ পৰা ওলাই আহিল৷ দুপৰীয়াৰ সময়কণত মগনীয়া মানুহ প্ৰায়ে আহে৷ ৰন্ধা-বঢ়াৰ মাজতে তেওঁলোকক কেতিয়াবা চাউল এমুঠি, কেতিয়াবা টকা দুটা দি তেওঁৰ ভাল লাগে৷
আজিও হাততে কেঁচা পাঁচটকীয়া এটা লৈ তেওঁ গৈ ঘৰৰ আগদুৱাৰ পালেগৈ৷
“ অ’ আই, আমি ভিক্ষা কৰি খোৱা মানুহ নহয় দেই৷ ” পাঁচটকীয়াটো লবলৈ অস্বীকাৰ কৰি মহিলাগৰাকীয়ে পূজাক ক’লে, “সাতদিনৰ পিছত ছোৱালীজনীৰ বিয়া৷ বানপানীয়ে যোৱাবাৰ আমাৰ খেতি-খোলা শেষ কৰি দিলে৷ উপায় নাপাইহে ওলাই আহিছোঁ৷ তাইক যেনে-তেনে মানটো ৰাখি গতাব লাগিব৷ পাৰা যদি দুটকামান বেছিকৈ দিয়া, আই৷”
পূজাই এইবাৰহে মানুহজনীৰ মুখলৈ ভালকৈ চালে৷ চিনাকি মুখ যেন লাগিল৷ মাতটোও যেন চিনাকি৷ হঠাতে মনত পৰিল তেওঁৰ; পকা চুলিকেইডাল আৰু মুখত বয়সৰ আঁচোৰ কেইডালমানৰ বাহিৰে সকলো একে৷ মাইনাৰ জন্মৰ চাৰিমাহমান পিচতেই অহা সাইলাখ একে মগনীয়াৰ মানুহজনীয়ে ঠিক একেখিনি কথাকে কৈ তেওঁৰ পৰা টকা পাঁচশ লৈ গৈছিল দেখোন! কামপুৰৰ মানুহ বুলি কৈছিল৷ নিজে ঘৰতে পিন্ধিবলৈ বুলি কিনি থোৱা সস্তীয়া মেখেলা-চাদৰ এযোৰো সেইদিনা পূজাই মানুহজনীক দিছিল, জীয়েকৰ লগত দিবলৈ বুলি৷
“আপোনাৰ ঘৰ ক’ত? “
“ কামপুৰত অ’ আই! ” কথাষাৰ শুনাৰ লগে লগে পূজাৰ টিঙিচকৈ খং এচাট উঠি আহিল৷ যথাসম্ভৱ নিজকে নিয়ন্ত্ৰণ কৰি পূজাই সুধিলে, “আজিৰ পৰা আঠবছৰ মানৰ আগতে আপোনাৰ জীয়েকৰ যে বিয়া ঠিক হৈছিল, শেষত নহ’লগৈ নেকি? “
“ দিবলৈ মন আছে যদি দিবা, নহ’লে নিদিবা৷ ” মহিলাগৰাকীৰ মাতটো টান হ’ল, “ মই মিছা কথা ক’বলৈ ইমান দূৰ অহা নাই৷ তোমালোক টকা-পইচা থকা মানুহবোৰৰ সন্দেহটো বৰ বেছি৷ তুমি একো দিব নেলাগে, যোৱা৷ “
সন্দেহ আৰু বিশ্বাসেৰে দোদুল্যমান মন এটা লৈয়েই ৰাস্তাৰ ফালে খৰকৈ পোনাই দিয়া মানুহজনীক পূজাই পিছফালৰ পৰা ক’লে, “ৰ’বচোন, মই সুধিছোঁহে৷ কিবা এটা লৈ যাওক৷ “
“হ’ব৷ তোমাৰো ছোৱালী এজনী আছেতো৷ জেঠৰ এই পকা ৰ’দত মই পোৱা দুখৰ বিচাৰ ভগৱানে কৰিব৷ ” মানুহজনীয়ে গৈ থাকোঁতেই কৈ কৈ গ’ল, পিছলৈ ঘূৰিকে নাচালে৷
“ অ’ মা, জেঠাইজনীৰ কিয় খং উঠিলনো? ” পিছফালে মাইনা যে ৰৈ আছিলহি পূজাই গমেই পোৱা নাছিল৷
“ ইয়ালৈ আহিবলৈ তোক কোনে কৈছিল? আজিৰ পৰা যদি যাকে-তাকে জেঠাই বুলি মাতি চাবি, মুখত জলকীয়া লগাই দিম!” উৰহৰ খং ভগা ঢাৰিত তুলি পূজা ফোঁ-ফোঁৱাই পাকঘৰ পালেগৈ৷
সদায় শুনি অহাৰ সম্পূৰ্ণ বিপৰীত কথা এটা হঠাতে মাকৰ মুখত শুনি মাইনা তভক মাৰি ৰৈ থাকিল৷ মাকে গালি পাৰিলে যে ভেঁ কৈ মুখখন মেলি দিব লাগে, সেইকথাটোও যেন তাইৰ মনত নপৰিল৷
☆★☆★☆
7:23 am
সুন্দৰ !
4:50 pm
ভাল লাগিল পঢ়ি৷ সঁচাই আজিকালি এনে ঘটনা সততে ঘটি থাকে৷