ফটাঢোল

মই পিন্ধা ঘড়ীটো আৰু সময় বোৰ – জিতু দত্ত

মোৰ স্পষ্টকৈ মনত আছে আমাৰ মাহঁতে সময় জানিবৰ বাবে ৰ’দ অথবা বেলিৰ পোহৰৰ আশ্ৰয় লৈছিল৷ বেলিৰ পোহৰ চোতালত পৰাৰ লগে লগেই মাহঁতে গম পাইছিল ৰাতিপুৱা ন বাজিছে নে আবেলি চাৰি বাজিছে৷ সময়বোৰ জানিবলৈ তেওঁলোকক কোনো ধৰণৰ ঘড়ীৰ প্ৰয়োজন হোৱা নাছিল৷ ঠিক সেইদৰে চৰাই চিৰিকতিৰ মাতৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰাতিপুৱা কেইটা বাজিছে মাহঁতে কৈ দিব পাৰিছিল৷ বিছনাত থাকোঁতে মাই ঘড়ী নোচোৱাকৈ কব পাৰিছিল – “বাবা, উঠ ৪টা বাজিল৷ মুখ হাত ধুই পঢ়িবলৈ ল’৷ এইখিনি সময়ত পঢ়িবলৈ ললে মনত থাকে৷”

ল’ৰালিকালত আমি সেই ষ্টেচনাৰী দোকানৰ পৰা ১০ টকীয়া ঘড়ী কিনি বন্ধু বৰ্গৰ আগত টাউ দিছিলো৷ পিছলৈ ৫৫/৬০ টকীয়া এটা ঘড়ী ওলাইছিল৷ কেৱল সময়টো দিছিল সেই জাপানীজ ঘড়ীটোৱে৷ তেনেকুৱা ঘড়ী এটা কিনি দিবলৈ পিতাক খুব খাটনি ধৰিছিলো৷ পিতাই প্ৰথমে দিয়া নাছিল যদিও পিছলৈ নলবাৰীৰ ৰাসৰ পৰা এবাৰ এটা আনি দিছিল৷ খুবেই ফূৰ্তি পাইছিলো যদিও কেইটামান দিন যোৱাৰ পিছত মই ওস্তাদি মাৰি কিবা খুচখুচাই থাকোঁতে ঘড়ীটো বেয়া হৈ থাকিল, সময় নেদেখুৱা হল৷ পঢ়া টেবুলৰ এচুকত পেলাই থলো৷ মাই টেবুল চাফা কৰিব গৈ এদিন ঘড়ীটো দেখা পাই “কিনো মৰি যোৱা ঘড়ী ৰাখি থৈছ৷ মৰা ঘড়ী ৰাখিবলৈ নাপায়” বুলি কৈ জাবৰৰ দমত পেলাই দিলে৷

মেট্ৰিক পৰীক্ষাৰ সময়ত ঘড়ী এটাৰ খুব প্ৰয়োজন বুলি অনুভৱ কৰিলোঁ৷ খবৰ ল’ব আহোঁতে ডাঙৰ দাদাক কলো ঘড়ী এটা হ’লে ভাল আছিল বুলি৷ ৩ ঘণ্টাৰ প্ৰশ্নৰ পেপাৰ৷ উত্তৰ লিখোতে সময়ৰ কথা গম নাপালে মোৰ দিগদাৰ হ’ব৷ দাদাই কথাটো সমৰ্থন কৰি তাৰ পিন্ধি থকা হাতঘড়ীটোৱেই মোক দি কলে, “ভালকৈ পৰীক্ষা দিবি৷ এটাও প্ৰশ্ন নেৰিবি৷ “পৰীক্ষা শেষ হোৱাৰ দিনাখন আনন্দতে দৌৰাদৌৰিকৈ ঘৰলৈ চাইকেলেৰে আহি ঘৰ পাই দেখিলো ঘড়ীটো হাতত নাই৷ ডেস্কত ঘড়ীটো থৈ সময় চাই চাই লিখি আছিলো৷ আনিবই পাহৰিলো ৷ কোনোবাই লৈ গ’ল৷ বেয়া লাগিল, ভয়ো লাগিল৷ কি কম দাদাক, ঘৰৰ মানুহক৷ দাদাই যেনিবা গম পাই কলে, “তোৰ ৰিজাল্টে মোৰ ঘড়ীটো মূল্যহীন কৰিব৷ একো নহয় দে, সেইটো মোৰ পুৰণা ঘড়ী আছিল৷ “

গুৱাহাটীত আহিলো চাকৰি কৰিবলৈ৷ ১০ বছৰ এজন বন্ধুৰ লগত মেচ কৰি আছিলো৷ সময়ৰ কথা জানিবলৈ মই তাক সোধোঁ৷ সি তাৰ ঘড়ীটো চাই ৯টা বাজিল বুলি কয়৷ মই জাপ মাৰি উঠি গাটো ধুই একো নোখোৱাকৈ অফিচলৈ যাওঁ৷ দিনত কিবা এটা হোটেলত খাই দিওঁ৷ বন্ধুজনক এনেকৈ সদায় সময়ৰ কথা সোধোঁতে খঙতে এদিন সি মোক কলে, “সদায় যে মোক সময়ৰ কথা সোধ, কম টকাৰে এটা ঘড়ী কিনি নলৱ কিয়?” লাজ পালো আৰু মনে মনে তাক সময়ৰ কথা নোসোধো আৰু ঘড়ীও নিকিনো বুলি ঠিৰাং কৰিলো৷ কিন্তু মোক আচৰিত কৰি সি HMT পুৰণি ঘড়ী এটা এদিন কৰবাৰ পৰা আনি মোক সময় চাবলৈ পিন্ধি থাকিব দিলে৷ মৰমতে দিয়া বাবে সি বেয়া পাব বুলি ভাবি দুদিনমান পিন্ধিলো৷ এদিন মই অফিচিয়েল কামত অৰুণাচলৰ ডাপৰিজোত গলো৷ ১৪ দিন থাকিলো৷ আহিবৰ সময়ত হোটেলত ঘড়ীটো এৰি আহিলো নে কৰবাত পৰি থাকিল গম নাপালো৷ পিছত গম পাইছিলো সি আনি দিয়া ঘড়ীটো আছিল- এজন মানুহে তাক দিব থকা ৩০০ টকাৰ সলনি মানুহজনে টকাতো দিব নোৱাৰি হাতৰ ঘড়ীটো দিয়াত মোৰ কামত আহিব বুলি সি লৈ আহিছিল৷

ঘড়ীটো এৰি অহাত বন্ধু জনে গম পাই কৈছিল, “ইমান কেয়াৰলেছ হ’লে এদিন তই নিজেও হেৰাই থাকিবি বন্ধু৷ গুৱাহাটী মহানগৰ হয়৷ ঘড়ী নিপিন্ধো বুলি তাৰ ওচৰত মই দৃঢ় প্ৰতিজ্ঞ হ’লো৷ তাৰ পিছৰ মাহত দৰমহাতো পাই ভৰালী ব্ৰাদাৰ্চৰ পৰা এটা ফিলিপ্স ৰেডিঅ কিনি আনিলো৷ ৰাতিপুৱা বন্দনাৰ পৰা আঞ্চলিক বাতৰি দিয়ালৈকে ৰেডিঅ তো বাজি থাকে আৰু সেই অনুযায়ী মোৰ কামবোৰ চলি থাকে৷ বাতৰি শেষ হলেই মই নটা বজা বুলি গম পাওঁ আৰু সকলো কাম পেলাই থৈ অফিচলৈ ৰাওনা হওঁ৷

এদিন ৰবিবাৰে দুপৰীয়া ভাত খাই কোঠাৰ খিৰিকীখন খুলি দি ফোল্ডিং বিছনাখনত বিবিধ ভাৰতীৰ গান শুনি আছো৷ টোপনি আহিল৷ সাৰ পাই দেখিলো ৰেডিঅটো নাই৷ ৰাস্তাৰে গৈ থকা কোনোবা অভাৱীয়ে মোৰ ৰেডিঅটো লৈ গল৷ নিজৰ কপালক ধিক্কাৰ দিলো৷ গান শুনিবলৈ বাদ দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ’লো৷

এনেকুৱা সময়ত গুৱাহাটীত আউটগোৱিং আৰু ইনকামিং কলৰ ওপৰত গ্ৰাহকৰ ওপৰত মাধমাৰ সোধাই ৰিলায়েন্সে  মোবাইল network চালু কৰিলে৷ মোবাইল এটা পালো অফিচৰ পৰা৷ মোবাইলত সময় চাবলৈ পাম বাবে বহুপৰিমাণে সময়ৰ পৰা চিন্তা মুক্ত হলো৷ ডিউটি কৰি আহি এদিন অফিচৰ পৰা চিটিবাছত আহি আছো৷ নামি পকেটত হাত দিছো৷ মোবাইলটো নাই৷ কৰবাত পৰিল নতুবা পকেট মাৰিলে৷

বিয়া পাতিলো৷ জোঁৱাই হিচাবে শহুৰ দেউতাৰ আশীৰ্বাদ ল’ব গৈছো৷ সেৱা লওঁতে মই দিয়া বস্তুটো তেখেতে লৈ বৰ ধুনীয়াকৈ পেকেটিং কৰি মোকো মৰমতে শহুৰ দেউতাই এটা উপহাৰ দিলে৷ ওচৰত থকা বাইদেউক ফুচফুচাই কলো, “ভালকৈ ৰাখিবি, এইটো সোণৰ কিবা হব৷” তাই ভিআইপি ত আচুতীয়াকৈ থৈ দিলে আথে বেথে৷ ঘৰত আহি প্ৰথম খুলি দেখো সেইটো সোণাটা কোম্পানীৰ এটা সুন্দৰ দামী হাতঘড়ী৷ চিৰিঙকৈ গল বুকুখন৷ কাহিনী শেষ হৈছিল হে মাথোঁন এতিয়া আকৌ আৰম্ভ হবলৈ আহিল৷ নিপিন্ধো বুলি কৈছিলো যদিও শহুৰ দেউতাই বেয়া পাব বুলি ভাবিয়েই আঠমঙলাৰ দিনাখন বাওঁহাতত ঘড়ীটো পিন্ধি গলো৷ সকলোৱে কোৱাকুই কৰা শুনিলো লৰাটোক ধুনীয়া লাগিছেদে৷ আমাৰ মাজনীৰ লগত বেছ মিলিব৷ শাহু মাক সেৱা কৰোঁতে মোৰ বাওহাতখনত চকু টোৱাই কলে, “ঘড়ীটো তোমাৰ হাতত ধুনীয়া লাগিছে, পিন্ধি থাকিবা৷ এখেতে দিছে৷” মই হ’ব মা বুলি কৈ বেলেগ কথা উলিয়ালো৷ এনেকৈ দিনবোৰ গৈ থাকিল৷ মাজে মাজে ঘড়ীটো দেখুৱাই বুকু ফুলাই বন্ধু বৰ্গৰ আগত গৌৰৱ কৰি কওঁ এয়া শহুৰ দেউতাৰ দান বুলি৷

এদিন অফিচত গৈ থাকোঁতে চিটিবাছত ছাত্ৰী এজনীয়ে সুধিলে, “আংকল, আপোনাৰ ঘড়ীত কেইটা বাজিল”? মই ঘড়ী চাই দেখো ৯ বজাৰ ঠাইত ১২ বাজি আছে৷ তাৰমানে সি মৰিল৷ দোকানত মেৰামতি কৰি ৮০০ টকা খৰচ কৰিলো৷ ভাল হল৷ তাৰপিছত পিন্ধা নাছিলো৷ এদিন ৰাতিপুৱা শ্ৰীমতীক মই ইটো সিটো কথা সুধি আছো, নেমাতে৷ মুখখন এপাচি৷ “কি হৈছে তোমাৰ, এনেকে ফুলি আছা যে? “
ফেঁকুৰি ফেঁকুৰি ক’ব ধৰিলে, “দেউতাই দিয়া ঘড়ীটো আপুনি কিয় নিপিন্ধে৷ পিন্ধিলে আপোনাক ধুনীয়া দেখি৷ ”
“হ’ব দিয়া, আজিৰ পৰা পিন্ধিম৷ “

শ্ৰীমতী য়ে মনত পেলাই দিলে – বেয়া পাব বুলিহে পিন্ধো কেতিয়াবা৷ নহ’লে গদৰেজৰ এওঁৰ কাপোৰৰ কাষতে পেলাই থৈ দিওঁ৷ ব্যৱহাৰ নকৰাকৈ থকাৰ বাবে নেকি সি এদিন বেয়া হৈ থাকিল৷ তথাপিও ঘড়ীটো গদৰেজতে ৰাখি থৈছো৷

যোৱাবাৰ মাঘৰ দোমাহীৰ দিনাখন শহুৰ দেউতা আৰু শাহুমাক সেৱা কৰিব গৈছোঁ৷ সেৱা কৰোঁতে আশীৰ্বাদ দিলে মা-দেউতাই ঠিক নিজৰ লৰাটোক দিয়াৰ নিচিনাকৈ৷ শাহুমাই শহুৰ দেউতাৰ ওচৰতে মোৰ বাওঁহাতখন লক্ষ্য কৰি সুধিলে, “আমাৰ এখেতে তোমাক দিয়া সোণালী ঘড়ীটো কি হল? পিন্ধা নাই যে?

তাৎক্ষণিক প্ৰশ্নৰ তাৎক্ষণিক উত্তৰ দিবলৈ মই বিব্ৰত হ’লো আৰু লাহেকৈ কওঁ নকওঁকৈ কলো, “আছে মা, আহিবৰ সময়ত দৌৰাদৌৰি হ’ল কাৰণে এওঁ মোক ঘড়ীটো দিবলৈ পাহৰিলে৷ খুবেই ভাল ঘড়ী সেইটো৷ তাক মই নেৰো৷ পিন্ধিয়েই থাকো৷”

বিহুৰ দিনাখন মা-দেউতাৰ ওচৰত জীয়া ফাঁকি এটা দি আজিলৈকে মই আত্ম দংশনত ভুগি আছো —

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *