ফটাঢোল

আজিকালি – পৰিস্মিতা বৰদলৈ

স্নেপশ্বট-১

পুৱাই উঠি বাতৰি কাকতখন লৈ পৰিবাৰক চাহ একাপ খুজিছো মাত্ৰ ৷ তেনেতে আহিল নহয় বৰদৈচিলা গতিৰে মিষ্টাৰ ভৰদ্বাজ৷মুখত আকৌ তেওঁৰ হালধীয়া দাঁত দুপাৰিৰ হাঁহিটো আৰু তামোল খাই ৰঙা কৰা ওঁঠ দুটি লাগিয়েই থাাকে ফেবিকলৰ দৰে ৷ ইমান পুৱাই পুৱাই দাঁত নিকটাই আহি থকা মানুহজনৰ ফালে চাই চাই মই পুৱাতে অহাৰ কাৰণটোনো কি জানিবলৈ বাট চালো৷আচলতে পুৱাৰ গৰম চাহকাপ আৰু লগতে খবৰ কাগজৰ গৰম গৰম খবৰ মোৰ বৰ প্ৰিয় ৷ এই জুতিত যতি পৰিলে মোৰ টিঙিচকৈ উঠি আহে খং টো কিন্তু আলহীকটো আৰু “আপুনি যাওক এতিয়া মোৰ গৰম চাহ খাই খাই গৰম খবৰ পঢ়িবলৈ আছে ”বুলি কৈ পঠিয়াই দিব নোৱাৰো৷অগত্যা তেওঁক বহিবলৈ কৈ মেলা কাগজখন জপাই থৈ পৰিবাৰক ৰিঙিয়াই ক’লো “বোলো হে’ৰা চাহ আৰু একাপ আনিবা অ”৷মিষ্টাৰ ভৰদ্বাজে মুখত লৈ  থকা তামোল পকটিয়াই পকটিয়াই  “এঃ তামোলখনৰ পাগটো উঠিছিলহে এতিয়া চাহ খালে চোন নোহোৱাই হৈ যাব হে” বুলি হালধীয়া দাঁতপাৰিৰে পুনৰ সেই অৰিজিনেল হাঁহিটো মাৰিলে৷মইনো সেই কথাষাৰৰ উত্তৰত কি ক’ম ভাবি নাপাই মনে মনে থাকিলো৷ তেনেতে চাহ আহিল ভিতৰৰ পৰা ৷ অলপ আগতে “পাগ উঠা তামোল” ৰ দোহাই দিয়া মানুহজনে আগে ভাগেই চাহৰ কাপটো তুলি লৈ চুমুক দিবলৈ ধৰিলে ৷ময়ো চাহকাপ হাতত লৈ তেওঁক উদেশ্যি ক’বলৈ ধৰিলো “ৰাতিপুৱাৰ এই চাহকাপ আৰু লগত খবৰ কাগজৰ গৰম গৰম খবৰ” মোৰ দিনটোৰ ভিটামিন৷তেওঁ চাহকাপ কিবা যেন তিতালগা হে কিবা পালে তেনেকৈ মুখ খন বিকটাই ক’বলৈ ধৰিলে “আপুনিও যে আৰু কলিতা?কোন জামানাত আছে?আজিকালি মানুহে গৰম খবৰ বিচাৰিনো আৰু খবৰ কাগজলৈ বাট চাব লাগেনে?আজিকালি ইণ্টাৰনেটৰৰ যুগত মোবাইল টিপিলেই খবৰেই খবৰ তাকো এক্কেবাৰেই গৰম৷মই পাছে পুৱাই পুৱাই আপোনাক বেলেগ এটা কথা ক’বলৈহে আহিলো দেই ৷আপুনি ভাবিছে ছাগে এই ব্ৰহ্মপুৱাতেই নো মই আহি কিয় আপোনাৰ ঘৰত পদধূলা দিছোহি ৷ নহয় জানো?”মইতো মিষ্টাৰ ভৰদ্বাজৰ কথাত প্ৰায় থতমত খাই চৰ্চৰণি খোৱা অৱস্থা৷কেনেকৈনো জানিলে বা তেওঁ মোৰ মনৰ কথাটো৷ তথাপি তাক যিমান পাৰি বাহিৰত নেদেখুৱাকৈ ক’বলৈ ধৰিলো “নাই নাই তেনেকৈ একো নাই ভবা মই”৷তথাপি তেওঁ হালধীয়া হাঁহিটো মুখত ৰাখিয়েই ক’লে “বুইছে কলিতা ৷মোৰ আজিকালি মানুহজনীৰ লগত এক্কেবাৰেই নপতে সেয়েহে পুৱাতে ওলাই আহো আৰু এইদৰে আৰ ঘৰত চাহ,তাৰ ঘৰত ভাত খাই ঘূৰি ফুৰো৷এতিয়া চাহকাপৰ ব্যৱস্থাটো হৈ গ’ল৷পাৰিলে ব্ৰেকফাষ্টটো কৰিয়েই যাম৷নে কি কয়?কাৰোবাৰ ঘৰত ভাতমুঠি ধৰি ঘৰ গচকোগৈ মানে শ্ৰীমতীয়েও তেওঁৰ মোবাইলটোকো অলপ ৰেষ্ট দি নিজে পাকঘৰত মেগী নহ’লে আন কিবা এটা কৰি খাবগৈ৷ল’ৰা দুটাতো সেই বোৰ্ডিঙতে৷বেলেগ ঝামেলাতো নায়েই সেইবাবে তেৱোঁ মোবাইলটো লৈয়েই ব্যস্ত আৰু আজিকালি৷ময়োনো কি ক’ম৷এই যে খোৱাবোৱাত ৰাহি হোৱা টকাকেইটা মোবাইলৰ নেট পেক কিনোতেই সৎপ্ৰয়োগ কৰো আৰু”৷মই মিষ্টাৰ ভৰদ্বাজৰ কথা শুনি তবধ মানি ৰওঁ৷অলপ পৰ নিজেই ভাবো “আজিকালি বাৰু মোবাইলবোৰে আমাক গৰম খবৰ দিয়াৰ বিনিময়ত আমাৰ পৰা বহু কিবাকিবি কাঢ়ি লৈ গৈছে নেকি বাৰু?” সেই সময়ত মিষ্টাৰ ভৰদ্বাজে কাৰোবাৰ লগত ফোনত কথা পাতি আছিল “এঃ নক’ব আৰু আজিকালি মানে…”

স্নেপশ্বট-২

গধূলি বজাৰলৈ বুলি ওলাই গ’লো৷উদেশ্য মাছ অকণ কিনি অনাৰ ৷লগতে অলপ শাক পাচলিও ৷ মাছৰ বেপাৰীৰ লগত দৰদাম কৰি থাকোতেই দেখিলো মাছৰ বেপাৰীটোৱে মাছটো কাটিবলৈ লৈচোন হাতখন ওচৰৰে কাপোৰখনতে খুব মোহাৰি মোহাৰি চাৰ্টৰ ওপৰৰ জেপৰ পৰা ফোনটো উলিয়াই খুব ফটো মাৰিছে মাছকেইটাৰ বিভিন্ন এংগোলৰ পৰা আৰু মই বূৰ্বকৰ দৰে চাই থকা দেখি হাঁহি এটা মাৰি কৈছে “ৰেগুলাৰ কাষ্টমাৰ দাদা৷ মাছকেইটাৰ ফটো পঠিয়াই দিম হোৱাটচআপ কৰি ৷পচন্দ কৰিব তেখেতে আৰু বনকৰা ল’ৰাটোক পঠিয়াই দিব পচন্দ হোৱা মাছটো লৈ যাবলৈ৷আজিকালি এনেকৈয়ে বিজিনেছ হয় আৰু দাদা”৷মোৰ মুখৰ পৰা “এৰা” বুলি ওলাই হুমুনিয়াহ এটা সৰি পৰিল ৷আজিকালি মাছ কিনিবলৈও মোবাইল ফোন ,ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিব পাৰি ৷

স্নেপশ্বট-৩

গ্ৰীষ্মকালৰ আবেলি৷ভাবিলো কুমলীয়া নাৰিকল দুটাকে লৈ আনোগৈ নাইবা কুঁহিয়াৰৰ ৰসকে অলপ ৷ সেইবুলিয়েই পৰিবাৰৰ পৰা বটল এটা খুজি ওলাই গ’লো বজাৰৰ ফালে ৷ঘৰতে বহি দুয়ো শীতল পানীয়ৰ সোৱাদ ল’ব পাৰিম৷বহুপৰ বিচাৰি খোচাৰিও নাৰিকল নাপালো অগত্যা কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি থকা মানুহজনৰ কাষ চাপিলো৷মোনাত ভৰাই নিয়া বটলটো উলিয়াই দিলো কুঁহিয়াৰৰ ৰস দিবলৈ৷তেনেতে এহাল কলেজীয়া যুৱক যুৱতীয়ে চোন আহি কুঁহিয়াৰ ৰস বিক্ৰী কৰি থকা বেপাৰীজনৰ ওচৰতে আহি ৰ’লহি৷ইফালে মোৰো দেৰী হৈছে কিন্তু বেপাৰীজনেও লৰচৰ কৰিব পৰা নাই কুঁহিয়াৰ চেপি ৰস উলিয়াবলৈ কিয়নো ল’ৰা-ছোৱালী হালে চকুমুখ  জোঙা কৰি কুঁহিয়াৰ ৰসৰ গাড়ীখনৰ চাৰিওফালে প’জ দি দি চেলফি মাৰিবলৈ ধৰিলে৷শেষত ছোৱালীজনীয়ে “বেবী চোৱানা এইখন পাৰফেক্ট হৈছে৷সিহঁতক জ্বলাবলৈ মজ্জা হ’ব” বুলি বেবী কিন্তু যুৱক যেন লগা ল’ৰাজনক উদ্দেশ্য কৰি চূড়ান্ত ফলাফল ঘোষণা কৰিলে আৰু অহাৰ দৰেই তৰিৎ গতিৰে প্ৰস্থান কৰিলে বাইকখনত উঠি৷মই তধা লাগি চাই থাকিলো ধূলি উৰোৱাই যোৱা বাইকখনলৈ৷কুঁহিয়াৰ ৰস বিক্ৰী কৰোঁতাজনে যেন মোৰ মনৰ ভাব বুজি পালে আৰু ক’লে,“আজিকালি এনেকুৱাই ইহঁতে ফটো তুলিবলৈহে আহে৷ফটো ত প’জ দি দি এগিলাচো কুঁহিয়াৰৰ ৰস নিকিনাকৈ সিহঁতে ক’ল্ড ড্ৰিংকচৰ ষ্ট্ৰ’ চুপি চুপি পাৰ হৈ যায় ৷” এৰা পাই কি যে দিনকাল আহিল আজিকালি৷

স্নেপশ্বট-৪

বহুদিনৰ পৰা বৰুৱা বৰুৱানীৰ ঘৰলৈ এপাক মাৰিম মাৰিমকৈ হৈ উঠা নাই আমাৰ দুয়োজনৰে৷ভাবিলো বন্ধৰ দিন ৷তাতে বৰুৱা বৰুৱানীৰ পুতেকে অলপতে বিয়া কৰাই অনা ন বোৱাৰী গৰাকীকো চাই অহা হ’ব৷তাকে সাতে পাঁচে গুণি দুয়ো ওলালো আবেলি  সময়ত৷
আমি ঘৰ গৈ পাইছোহে ৷বৰুৱানীয়ে চোন হাততে এণ্ড্ৰইড ফোনটো লৈ ফুলনি খনৰ ফটো তুলি ফুৰিছে৷আমি গেট খুলি সোমাই যোৱা দেখি আমাকো দুগুণ উৎসাহেৰে ফটোত প’জ দিবলৈ ক’ব ধৰিলে৷আমিও অগত্যা ফটোত প’জ দিলো৷ মনতে ভাবিলো কোনোবা আলহী আহিলে ছাগে আজিকালি গৃহস্থই ফুলনিৰ সৈতে ফটো তোলাটোও এক ফেশ্বন৷
ফুলনিত ফটো মৰা পৰ্ব শেষ কৰি আমি চ’ৰাঘৰত ভৰি দিছোহে মাত্ৰ৷তেনেতে বৰুৱানীৰ মাত “ৰ’ব দেই আমাৰ নছোৱালীৰ লগতো একপি ফটো উঠিব আপোনালোকে তাই লগত অনা চোফাচেটৰ সৈতে৷মই আৰু পৰিবাৰে ইজনে সিজনৰ চকুলৈ চোৱাচুই কৰিবলৈ ধৰিলো৷ইয়াৰ পাছৰ সময়ছোৱাত আমি বৰুৱানীহঁতৰ ঘৰত থকালৈকে ডাইনিং টেবুলৰ খানাৰ পৰা আদি কৰি বিয়াৰ এলবাম চাই থকালৈকে সকলোতে ফটো উঠিবলগীয়াত পৰিল আমাৰ৷
কিবাকিবি এসোপা খাই ঘৰত আহি ভাবি আছোহি আজিকালি স্মাৰ্টফোনৰ যুগত হৃদয়ৰ ছবিবোৰ ক্ৰমান্বয়ে মচ খাই তাৰ ঠাই এণ্ড্ৰইড ফোনৰ ফটোৱে অধিকাৰ কৰিছে নেকি বাৰু?

এইবোৰকে ভাবি ভাবি থাকোতেই পৰিবাৰ আহি ওচৰতে আদাদিয়া ৰঙা চাহ একাপ আনি থ’লেহি আৰু মইনো তেওঁ কি ক’ব খুজিছে সেয়া শুনালৈ ৰৈ থাকিলো কাৰণ মই খাটাং যে মই নোকোৱাকৈয়ে প্ৰিয় চাহকাপ হাতত পৰিছে যেতিয়া নিশ্চয় কিবা আবদাৰ আছে৷মোৰ অনুমান যে এশ শতাংশই সঁচা তাকে প্ৰমাণ কৰি মোৰ পৰিবাৰে কৈ উঠিল,“হে’ৰি আজিকালি সবৰে হাতে হাতে চোন সেই ইস্মাট(স্মাৰ্ট)ফোন৷মোকো এটা দিবচোন দেই এইবাৰ৷বৰুৱানীয়ে কি ধুনীয়াকৈ কুকুৰ পোৱালিকেইটাৰ ফটো উঠাই থৈ দিছে মই এইবাৰ গাইজনীয়ে পোৱালি জগালে চেউৰী,দামুৰী যিয়েই নহওক ফটো উঠামেই উঠাম৷
মোৰ মুখখনৰ পৰা আপোনাআপুনি ওলাই গ’ল সেই শব্দ দুটা“এৰা আজিকালি”৷

☆★☆★☆

2 Comments

  • Papari Barman

    হাঃ হাঃ হাঃ , মোকো দিবা দেই স্মাৰ্ট ফোন ৷

    Reply
  • palash shivam

    nice

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *