ফটাঢোল

কদোঁবাহ – বিতোপন গৌৰাত্ৰ

ৰাতিবোৰ চুটি কৰাৰ কৌশল তাই লাহে লাহে আয়ত্ত কৰিলে৷ সোনকালে ভাত পানী খাই শুই থকাটো তাইৰ অভ্যাস হৈ পৰিল৷ কি কৰিব, কৰিব কি? মাতলৈ বোললৈ কোনো যে নাই! আগফালে বাঁহৰ দুৱাৰখনত দাংডাল লগাই চুৱাপাতনিত এৰেহাবোৰ ছটিয়াই আহিছিলহে মাথোঁ,

‘নবৌ শুলে নেকি..’

মাতলৈ বোললৈ এই প্ৰভাত বোলা ল’ৰাটোৱেই যি আহে৷ কেলৈ জানো সি আহিলে তাইৰ উদং বুকুখনে এসোপা জোনাক বিচাৰি পায়৷ আউসীৰ বিদীৰ্ণ হৃদয়ৰ চকুলোৰ ধাৰ সি দেখে নে নেদেখাৰ ভাও জোৰে তাই সেইটোও নাজানে৷

‘অ’ প্ৰভাত, নাই, ভাত কেইটা গিলিলো, অলপ ধোৱা পখলা..’

প্ৰভাত বেয়া নহয়, কিন্তু কিবা যেন নিশি কুটুম্ব টাইপ..! অৱশ্যে তাৰো গাত দোষ নাই, সমাজ বুলি কথা এটা আছে..!
বিধৱা মানুহৰ লগত গা ঘেলাই থাকে বুলি বদনাম ৰটিবলৈ লাগেনো কিমান পৰ..?

তাইক বিহুৱতী নাচনী হৈ থাকোঁতেই পলুৱাই আনিছিল, ঘৰখন পাতি থানথিত ল’বলৈকে নহ’ল,বগী-চগী, লাহি পাহি ধুনীয়া নাচনীজনীৰ হেঁপাহৰ ঢুলীয়াটো হেৰাল, ডগমগীয়া ৰঙা কপালৰ বেলিটো পশ্চিমত ডুব যোৱা আজি দুই কি তিনি বছৰ হ’ল৷
তাই শোৱনি কোঠাৰ বৰচাংখন পাটগাভৰুৰ উৰুৰ দৰেই আজিও নিমজ চাফা৷ আজিও ওলমি নাচিবলৈ সুবিধা পোৱা নাই এন্ধাৰ এন্ধাৰ এলান্ধু৷ পিছে মহা পয়মাল কৰিছে তাতে ওলমি থকা ঢোল যেন কঁদোৰ বাহটোৱে৷ উপায় নাপাই ঘৰৰ কাষতে লগা দেওৰ ভতিজা কেইটাক কৈছিল, কিন্তু নাহিল৷

‘কুলক্ষণী তিৰোতা..!’
পিছে শুনা মতে মাটি বাৰীৰ লেকেছকেছ। উপায়ন্তৰ হৈ প্ৰভাতক পুৱাই কৈছিল এই কঁদোবাহৰ কথা৷ পিছে প্ৰভাতৰনো ধৈৰ্য্য ক’ত? হালখন মেলি আহি তাইৰ ঘৰত পানী গিলাচ খালে আৰু গ’ল৷

‘মই পিছত আহিম বৌ।’
‘হ’ব।’

অৱশ্যে তাৰ কথাত বেয়া পাবও নোৱাৰি, কাৰণ ডেকা তেজ থাকিলেও তাৰ উদং গজগজীয়া দেহাটোত ভাগৰৰ চিন স্পষ্ট৷ অৱশেষত ৰাতিখন তাইৰ ঘৰত সোমাই সি অলপ ইতস্ততঃ বোধ নকৰা নহয়৷ সি ঘেঁহাই ঘেঁহাই ক’লে,

“মানে কি… ৰাতিহে কঁদোৰ বাহ ভাঙিবলৈ সহজ…!”
“মুঠতে এইটো ভাঙা, নহলে নবৌৱেৰক কোন দিনা মাৰে ঠিক নাই, দিনতো আঁঠুৱা তৰি সোমাওঁ জানা? এইয়া চোৱা উখহাই পেলালে।”
হঠাৎ মেখেলাখনৰ অৰ্ধেক দঙাৰ বিষয়টোৱে দুয়োকে অপ্ৰস্তুত কৰিলে৷

“খৰিচা পানী..?

“নাই।
কেনেকৈ জানো…!”,তাইৰ আউসীৰ চকুলোত প্ৰভাত এমুঠি জোনাক হৈ উঠিল। কঁদোৰ বাহ ভঙা নহ’ল৷ প্ৰভাতে তাইক কৈ গ’ল
,“কালিলৈ ভাঙিম।”

পিছে ক’ব নোৱাৰাকৈ হঠাৎ কঁদোৰ বাহটো আজি তাইৰ আপোন আপোন লাগিল৷

‘মাউৰী টেঙৰ কাউৰী টেঙৰ’,বুলি কথা এটা আছে৷ প্ৰভাত হায়াৰচেকেণ্ডাৰী ফেল যদিও জ্ঞান বিচাৰ বুদ্ধিৰে কিন্তু গাঁওখনৰ ভিতৰতে আগবঢ়া৷ শূন্যৰ পৰা সংখ্যা বঢ়োৱাৰ কৌশল সি জানে৷ হওক নহওক ছেকেণ্ডহেণ্ড হলেও তাৰ মটৰ চাইকেল এখনো হ’ল৷ গাঁৱৰ মানুহবোৰ লাহে লাহে যে জ্বলিছে সেইকথা সি জানে, সেইয়া লাগে তাৰ দোপতদোপে হোৱা উন্নতিৰ বাবেই হওক নাইবা গাঁৱৰ মানুহে কোৱাকুই কৰা ‘অধোগতি’ৰ বাবেই হওক৷
লাহে লাহে সিহঁত দুয়োটাই আবিষ্কাৰ কৰিলে যে সাইলাখ আৰু এটা কদোঁবাহ যেন তাইৰ তলপেটত ওলমিব ধৰিছে৷ কথাটো খাটাঙেই, কাৰণ দহকাঁহী মান ভাত খালেও তাইৰ দেহত এনেকুৱা অস্বাভাৱিক পৰিবৰ্তন অসম্ভৱ৷ লেটেকু, পনিয়ল, আম কঁঠাল যিয়েই পায়, সি তাইক নিদিয়াকৈ থাকিব নোৱাৰা হ’ল৷ আনকি তাৰ নিজৰ ঘৰত তিয়াই থৈ পিছৰাতি গাজি মাহ কেইটামানো মনে মনে এনেকৈয়ে মাজে মাজে দিয়াটো তাৰ ক’ব নোৱাৰা ৰুচি হৈ পৰিল। নৈক দেখি পিয়াহ লগা মানুহবোৰেও অৱশেষত গম পালে নৈত ফেনে ফোটোকাৰে পানী বঢ়াৰ কথা৷

“এই কদোঁবাহটোৱেই যতকূটৰ ঘাই! ইয়াক ভাঙিবই লাগিব, গাঁওখনৰ সন্মানৰ কথা আছে”, সিহঁত উঠিপৰি লাগিল৷ সংস্কাৰী মানুহৰ সমদলে সিহঁতক ঘেৰাও কৰিলে৷ গাওঁবুঢ়া, দণ্ড-খৰচা, এঘৰীয়া কৰা ইত্যাদি বহু কথা আহিল৷
দুটা কদোঁবাহৰ লগতে গৰাকীৰ বিদীৰ্ণ হৃদয়ৰ চকুলোৱে তাৰ অন্তৰত গোঁগোৱনী লগালে৷ যিখন সমাজে তাইৰ একাকীত্বক অনুভৱ কৰাৰ সলনি সুবিধা পূৰণৰ ৰটনা ৰটে, সেইখন সমাজৰ লগত কোনো দেনা পাওনাৰ হিচাপ নকৰে বুলি সি বদ্ধপৰিকৰ হ’ল৷
দুয়ো গৈ ৰাইজ মেলত উপস্থিত হ’ল৷ সিহঁতে ৰাইজৰ সন্মুখত ঘোষণা কৰিলে,
“আপোনালোকে আমাক এঘৰীয়া কৰিব নালাগে, আমি গাঁওখনক এঘৰীয়া কৰিলোঁ”!
কদোঁ-বিৰোধী শিবিৰৰ সন্মুখতেই পশ্চিমত হেৰোৱা সূৰ্যটো ধৰি আনি প্ৰভাতে তাইৰ উকা কপালখনত আঁকি দিলে৷ সূৰুযৰ উত্তাপ লগতে কদোঁৰ ওলোটা আক্ৰমণত সমাজখন বাৰুকৈয়ে ধৰাশায়ী হ’ল৷

আৰু সিহঁত দুয়ো হাতে হাত ধৰি ওলাই আহিল৷ নেপথ্যত বাজি থাকিল,

“আকৌ নতুন প্ৰভাত হ’ব,
কালৰাত্ৰিও নাথাকিব”৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *