ফটাঢোল

মোৰ গান হওক – খনিন্দ্র ভূষণ মহন্ত

সেই মইনা পাৰিজাতৰ দিনৰ পৰাই গান গোৱাৰ অভ্যাস এটা গঢ় লৈ উঠিছিল। শনিবাৰে আবেলি গান এটা শিকায়, আমি দেওবাৰে সেইটো গাব লাগে। যিখিনি ল’ৰা-ছোৱালীৰ গান শুনি ছাৰজনৰ লগতে তাত উপস্থিত থকাকেইজনৰ কর্ণ-কুহৰত অসহনীয় কম্পনৰ সৃষ্টি কৰে তেওঁলোকক পোনছাতেই থিয় হৈ থকা শাৰীৰ পৰা বহিস্কাৰ কৰা হয়। বাকীখিনিক তবলা আৰু হার্মনিয়ামৰ হৈতে গানটোৰ আখৰা কৰায়। “ইহঁতৰ ভিতৰত কাৰোবাৰ যদি সেই দিনা কিবা অসুবিধা হয়, তেতিয়া তহঁতৰ মাজৰ পৰা কোনোবা এটাই স্থানটো পাবি।”-মনটো ভাল লগাবলৈ কোনোবা এজনে তেনেকৈয়ে কয়। অমুকা সদায় সেই বাহিৰৰ শাৰীত ৰৈ আনৰ গান শুনা শাৰীতে আসন পূৰাই থকাটো আমাৰ মইনা পাৰিজাতৰ ইতিহাসত সোণালী আখৰৰে নহ’লেও নীলা চিঞাহীৰে লিখা আছে। কেতিয়াবা কপাল ফুলি সমবেত সংগীত দলৰ একেবাৰে শেষৰ স্থানটো পাইছিলোঁ। মঞ্চত উঠি “সৰগৰ পাৰিজাত ফুলিছে আজি, মৰতৰ ফুলনীডৰাত…” নাইবা কেতিয়াবা “অসম আমাৰ জননী, আমি সন্তান” বুলি চিঞৰা এতিয়াও মনত আছে।

লাহে-লাহে বিভিন্ন কাৰণত গানৰ পৃথিৱীখনৰ পৰা নিজকে আঁতৰাই ৰাখিবলগীয়া হৈছিল। মানে মঞ্চত গোৱাৰ কথাটো কৈছোঁ। এনেই ঘৰতেই হওক বা হোষ্টেলতেই হওক, এফালে হে’ডফোনডাল লগাই ল’ব পাৰিলে মোক আৰু কোনে পায়! ভূপেন হাজৰিকাৰ পৰা জুবিন গার্গলৈকে (অসমীয়া চেণ্টি আছে যে! বেলেগ ভাষাৰ গান মই নাগাওঁ!)…সকলোৰে আত্মাই আহি মোৰ কণ্ঠত থিতাপি লয়হি। কিন্তু কি হ’ব! মই গাবলৈ আৰম্ভ কৰিলেই সেই আত্মাবোৰেই “তোৰ দ্বাৰা নহৈছে ঔ! এনেই অসমীয়া গানৰ শ্মশান যাত্রা চলি আছে, তই আৰু এনেকৈ টেটাই সেই গতি অধিক খৰতকীয়া কৰিব নালাগে” বুলি কৈ গালে-মুখে চৰ-গোৰ মাৰি গুচি যায়।

গানৰ সুৰ-তাল-লয়ৰ লগত মোৰ কণ্ঠই বিদ্রোহ ঘোষণা কৰিছিল যদিও মই আশা এৰি দিয়া নাই। কিয় এৰিম? “আশাত বন্দী জীৱন” বুলি কোনোৱে এনেই কৈ গৈছে নেকি! তেতিয়া মই স্নাতক মহলাৰ শেষ বছৰৰ ছাত্র। হোষ্টেলত আয়োজিত “বিদায় সভা”ত মোৰ অতদিনীয়া হেঁপাহটো পূৰণ কৰাৰ ভাল সুবিধা এটা তেৰাৰ কৃপাত মিলিল। গতিকে “জয় মা চচংকলী” বুলি কৈ ইউ-টিউব চাই চাই, পুৱাই পুৱাই ৰেৱাজ আৰম্ভ কৰি দিওঁ। হোষ্টেলৰ ‘চিনিয়ৰ’ বাবে কোনেও একো ক’বও নোৱাৰে। মুঠতে তামাম ‘প্রেক্টিচ’। তৰল ভাষাত একদম “ফালি আছোঁ।” বিদায় সভাত নিজৰ বক্তব্য ৰাখি এসোঁতা কান্দিলোঁ। স্বভাৱগতভাবে আবেগিক হৈছিলোঁ। তেনেকুৱাতে কোনোবাই “দাদা গান এটা লাগে”-বুলি ক’লে (নক’লেও মই গালোহেঁতেন বাৰু। সেইটো বেলেগ কথা।)। “বন্ধু, মেলি দে তোৰ দুখনি হাত……” প্রাণৰ লগতে আৰু কি কি ঢালি গানটো গাইছিলোঁ এতিয়া মনত নাই। একদম চকু মুদি ‘ফিল’ কৰি গাই দিলোঁ। আগদিনাই দুটামান জুনিয়ৰক ‘ফিটিং’ কৰি থৈছিলোঁ যাতে সিহঁতে মোৰ গান শেষ হ’লেই হাত-চাপৰি বজায় আৰু ওৱাঞ্চ ম’ৰ, ওৱাঞ্চ ম’ৰ বুলি কয়। কথামতেই কাম (চিনিয়ৰৰ কথা নামানিলে ৰাতিলে সিহঁতৰ অৱস্থা কি হ’ব সেয়া সিহঁতে ভালকৈয়ে জানে! গতিকে…)। এইবাৰ “কাল হৌ না হৌ” গাই সামৰিলোঁ। হাত-চাপৰিৰ শব্দ গোটেই প্রেক্ষাগৃহটোত বহু সময়লৈ গুঞ্জৰিত হৈ থাকিল। মা কচমৰ শপত, নিজকে ‘চিংগাৰ’ যেন লাগি গৈছিল তেতিয়া। “দাদা, আপুনি ইমান ভাল গায়! আগতে গমেই পোৱা নাছিলোঁ।”-সেইদিনাৰ পৰা দুই-একে এনেকৈ কৈ থৈ যায়। সঁচাকৈয়ে কয় নে মিছাকৈয়ে কয় একো পাত্তাই নাপাওঁ। যি নহওক, কৈছে যে!

এতিয়া এই স্মার্ট ফোনটো হোৱাৰ পৰা মোৰ বহুত সুবিধা হৈছে। ‘Smule’ আৰু ‘Star maker’ত নিজৰ সুপ্ত গানৰ প্রতিভাটো প্রকাশ কৰিবলৈ ভাল ‘প্লেটফর্ম’ এখন পাইছোঁ। দুই-এটা ৰেকর্ডিং কৰি WhatsAppত একেবাৰে নিকট দুজনমানক পঠিয়াওঁ। ভাল হোৱা বুলি ক’লে সেই সাহসতে আৰু এটা গাওঁ। মুঠতে গানৰ লিংক Facebook, WhatsApp, Messangerত দি দি নিজৰ ‘পাব্লিচিটি’ নিজেই কৰি আছোঁ। উপায়ো নাই বেলেগ। প্রথমে দীঘলীয়া প্রত্যুত্তৰ দিয়াসকলেও আজিকালি “ভাল হৈছে” বা বুঢ়া আঙুলিটো জাতীয় কিবা চিহ্ন এটা দি থয়। বুজি পাওঁ। ব্যস্ততাৰ বাবেই এনেকুৱা কৰে।

সিদিনাৰ কথা। প্রিণ্টৰ কাম কৰা বন্ধু এজনৰ লগত ফোনত কথা পাতি আছিলোঁ। কথাই কথাই মোৰ গানৰ কথা ওলাল। মই কৈ দিলোঁ বোলো আজিকালি Star Makerত A+ পাওঁ। তই শুনিবিচোন। লিংক পঠিয়াম। অহাবাৰলৈ “বিহু ফাংচন”ত নামিম বুলি ভাবিছোঁ। তোৰ সহায় লাগিব। বেনাৰ দুখনমান বনাই দিবি। লিংক দুটা পঠিয়াই দিলোঁ। সেইকেইটা শুনি সি দিয়া উত্তৰটো আছিল এনেধৰণৰ-“তোৰ কামটো হৈ যাব। দুযোৰৰ দুপাত জোটা পিন্ধিব লাগিব, এখন কাণত গজালৰ নিচিনা এটা খুচি ল’বি আৰু ডিঙিত শিকলি এডাল ওলোমাই ল’ব লাগিব। চুলি দীঘল নকৰিবি কিন্তু। কোনোবাই সোপাধৰা বুলি মাৰ-ধৰ কৰি দিব পাৰে। মই লগতে আৰু দুখনমান প্লে-কার্ডৰ দৰেও বনাই দিম। “দলিয়াই যদি দুইপাত দলিয়াব”, “গেলা কণী বা গেলা বিলাহী নদলিয়াব” ইত্যাদি লিখা।” খঙতে ময়ো কৈ দিলোঁ-“থ থ, তোৰ নিচিনা মানুহৰ বাবেই আমাৰ উন্নতি নাই। হেৰ’, তহঁতে জুবিন, পাপনৰ দৰে শিল্পীকে যথোচিত সন্মান দিব নাজান। আমিবোৰতো তেনেই লাপি-পুপা।” এতিয়া তাক Facebook, Whatsapp সকলোতে ব্লক কৰি থৈ দিছোঁ। নালাগে এনেকুৱা বন্ধু মোৰ। গানৰ পথাৰত নামিম বুলি কৈছোঁ যেতিয়া নামিমেই। ভগৱানে কৃপা কৰিলে অহা ব’হাগত মোক বিহু মঞ্চত পাব। আশীষ দিব ৰাইজ৷

☆★☆★☆

6 Comments

  • ৰাজদ্বীপ বৰা

    মজ্জা লিখিলা ৷ ভাল লাগিল !

    Reply
  • বৰ ধুনীয়াকৈ লিখিছে, মোকো whatsapp ত দিবচোন। ভাল লাগিল।

    Reply
  • গীতিকা শইকীয়া

    খুব ভাল লাগিল পঢ়ি। গতানুগতিকতাৰ মাজতেই অগতানুগতিক লিখনি। তোমাৰ লিখনি মোৰ সদায়েই প্ৰিয়।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল, গানৰ উন্নতি কামনা কৰিলোঁ আগলৈ

    Reply
  • হেমেন

    ভাল লাগিল৷

    Reply
  • ৰাস্না বৰা

    আশাত বন্দী জীৱ। ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply to হেমেন Cancel reply

Your email address will not be published. Required fields are marked *