ফটাঢোল

ফটাপ্ৰশ্ন

১)অনুৰাগ হাজৰিকাঃ কুকুৰৰ সলনি শিয়াল দি চেকিয়াদাৰপৰা জ্ঞান আহৰণ কৰা শ্ৰীবিজয় মহন্তক ফটা আদালতত চেকিয়াদাই দোষী সাব্যস্ত কৰিব পাৰিবনে? নে দোষী সাৰি যাব?

উত্তৰ- দোষী সাব্যস্ত হ’লেও লণ্ডনলৈ পলাইহে যাব৷ গতিকে এইবোৰ কথাত সময় খৰচ কৰি কি লাভ?

২)চুইটলেনা দাসঃ ফটাঢোলত ইমান বোৰ বৰলা-বৰলীয়ে দেখ দেখকৈ চেনি খাই থাকে যে তেওঁলোকে এই সুযোগতে মনৰ কথাটো সঁচাকৈয়ে ক’ব বিচাৰে নেকি?

উত্তৰঃ হে হে৷ বোঁৱতী সুঁতিত নাও বাই বাই পৰৰ মূৰত কঠাল ভাঙি খোৱাৰ সুযোগ আৰু ক’ত পাব?

৩)সদানন্দ ভূঞাঃ ফটহুকাই, আমি সকলোৱে ইমান আপ্ৰাণ চেষ্টা কৰাৰ পিচতো বহু ফটাঢুলীয়া সদস্য সদস্যাই অসমীয়া লিপি ব্যৱহাৰ কৰাৰ সলনি ইংৰাজী লিপিয়েই ব্যৱহাৰ কৰি আহিছে৷ তেওঁলোকে আচলতে অসমীয়া ভাষাটোৰ চৰ্চা কৰিব নিবিচাৰে নে তেওঁলোকে অসমীয়া ভাষাটোৰ সোৱাদ তিতা-কেহা পায়?

উত্তৰঃ ইংৰাজীত লিখিলে বানান ভুল নহয় আকৌ৷ (ধেমালি বাদ দি)কথাটো উদ্বেগজনক৷ আমি সকলোৱে যিমান পাৰি অসমীয়া লিপি ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছো৷ বানান দুই এটা ভুল থাকিলেও প্ৰথমে সেয়া চলি যায়৷

৪)বিকাশ দত্ত:পতিৰ বিপৰীত শব্দ যদি পত্নী হ’ব পাৰে তেন্তে সভাপতিৰ বিপৰীত শব্দ সভাপত্নী নহয় কিয়?

উত্তৰঃ হয় আকৌ৷ পিছে সকলো সঁচা কথা স্বাস্থ্যৰ পক্ষে ভাল নহয়৷

৫)মাধূৰ্য গোস্বামীঃ মই এটা প্ৰশ্ন কৰোঁ, ফটাঢোলত সম্ভাৱনাপূৰ্ণ কিছুমান ভাল হাস্যৰসিক লেখক ওলাব যেন লাগে৷ এওঁলোকৰ বাবে এখন মঞ্চ হয়তো লাগিব, আৰু লগতে উৎসাহ৷ ককায়ে কি কয়?

উত্তৰঃ ফটাঢোল সেই মঞ্চই৷ নতুন ব্যংগ লেখক সৃষ্টি কৰা ফটাঢোলৰ অন্যতম লক্ষ্য৷ ৰাইজে ভয় শংকা দলিয়াই নখ জোকাৰিলেই হয়৷

৬)সোণটো ৰঞ্জন বৰুৱাঃ মবাইলৰ বিউটি প্লাছ আৰু ডি এছ এলআৰ চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে ফেচবুকত কি পৰিস্থিতিৰ ঊৎপন্ন হব?

উত্তৰঃ ফেচবুক বাৰু বিতৰ্কবোৰৰ কাৰণে চলি থাকিব৷ কিন্তু ইন্ষ্টগ্ৰামৰ দোকানত যে তলা ওলমিব সেইয়া ঠিক৷

৬)বিনয় কৃষ্ণ তামোলী ফুকনঃ ফটহু কাই ফটাঢোল ই-আলোচনীখনত ইমাহৰ পাছত সিমাহ নাৰীক সম্পাদিকা পাতি আছে৷ ই পুৰুষৰ প্ৰতি অন্যায় যেন লাগে৷ এয়া পুৰুষ বিদ্বেষ নহয়নে?

উত্তৰঃ পুৰুষ বিদ্বেষ বা পুৰুষৰ ওপৰত শাসন বুলি কোনো কথা নাই৷ একেটা কামকে নাৰীৰ বিৰুদ্ধে কৰিলে তাক বিদ্বেষ বুলিব পাৰি৷ হয়নে নহয়?

৭) অঞ্জন সাধনীদাৰঃ হঠাতে ফটাঢোলত বাজন পষ্ট বোৰ নোহোৱা হলে কি পৰিস্থিতি হব?

উত্তৰঃ কি কয়হে, ত্ৰিভুৱনত হাঁহাকাৰ লাগিব দেখোন৷

৮)অনুৰূপ মহন্তঃফটহু কাই, আমাৰ ঘৰৰ গৰু কেইটা চৰিবলৈ ৰাতিপুৱা মেলি দিওঁতে পূব ফালে যায় আৰু সন্ধ্যা ঘূৰি আহোঁতে পশ্চিম ফালৰ পৰা আহে৷ পৃথিৱীখন যে গোল, ইয়াৰ পৰা বুজা যায় নেকি বাৰু?

উত্তৰঃ নহয়৷ আপোনাৰ গৰুকেইটাই ঘাঁহ খাবলৈ যাওঁতে বোধহয় বেলিটো লৈ যায়গৈ৷ অলপ চকু ৰাখিবচোন৷

৯)বিজয় মহন্তঃ বিজয় মহন্তই পোষ্ট দিলে ৰাইজে আওকাণ কৰিলে৷ ৰিণ্টুমনি দত্তই ফটাপ্ৰশ্ন বিছাৰি পোষ্ট দিলে ৰাইজে আওকাণ কৰিলে৷ কিন্তু পৰী পাৰবীন যেতিয়া খেলপথাৰত নামিল ৰাইজে ফটাপ্ৰশ্নৰ নৈ বোৱালে৷ দেখা গ’ল প্ৰশ্নকৰ্তা বেছি ভাগেই পুৰুষ৷ এতিয়া ফটহু কাই মোৰ প্ৰশ্ন হ’ল পুৰুষ সকল নাৰীৰ প্ৰতি ইমান লালায়িত কিয়?

উত্তৰঃ নহ’লে কি পুৰুষৰ প্ৰতি লালায়িত হ’ব লাগে নেকি? এইটো প্ৰকৃতিৰ নিয়ম৷ ইয়াৰ বিৰোধিতা কৰিলে ৩৭৫ ধাৰা লাগি যাব৷

১০)সুপ্ৰিয়া সূত্ৰধাৰঃ ৰাধা আৰু কৃষ্ণৰ প্ৰেম হৈছিল, বিবাহ কিয় নহ’ল? আৰু বিবাহ যদি সম্ভৱেই নাছিল, প্ৰেম কিয় কৰিলে? প্ৰেমে যদি সামাজিক নিয়ম কানুনৰ ধাৰ নধৰে তেন্তে প্ৰেম কৰিলে তাক সামাজিক ৰূপ নিদিয়ালৈকে স্বীকৃতি কিয় দিয়া নহয়? আৰু এই আটাইবোৰ কথা জানি-শুনিও ৰাধা-কৃষ্ণক প্ৰেমত পৰিবলৈ কি খৰে পাইছিল?

উত্তৰঃ প্ৰেম কৰিলে বিয়া পাতিব লাগিবই বুলি নিয়ম নাই নহয়৷ ফটহুৱে বিয়া পতা নাই যদিও ৰভাতল গৰকি পাইছে৷ আৰু ফটহুৰ মতে প্ৰেমৰ সমাধিৰ ওপৰতহে হোমৰ জুই জ্বলে৷ আৰু যিটো কথা ফটহুৱে বুজি পাইছে ভগৱান শ্ৰীকৃষ্ণই নুবুজিবনে?

১১)জ্যোতিমণি বৰাঃ বজাই পোৱা সন্তুষ্টি আৰু বাজন খাই গা জোকাৰি পোৱা তুষ্টি, কোনবিধৰ কাৰণে লাগে প্ৰস্তুতি?

উত্তৰঃ দুইবিধৰ কাৰণেই চাগৈ৷ এবিধৰ কাৰণে তামোলৰ ঢকুৱা আৰু আনবিধৰ কাৰণে কাণৰ ঠিলা৷

১২)চাও খুন শিৱ ডেকাঃ পৌৰাণিক যুগত কামধেনুক পূজা কৰি মুনিয়ে যি বিচাৰে তাকেই পাইছিল৷ আজিৰ দিনত কামধেনুৰ পৰিপূৰক কি বাৰু?

উত্তৰঃ সেই যে ৰিজাৰ্ভ বেংকে ছপা কৰে ৰংচঙীয়া কাগজখিলা, ওপৰত কিবাকিবি সংখ্যা লিখা থাকে, কি আছিল জানো নামটো?

১৩)জয়ন্ত শৰ্মাঃ ফটহু কাই, চাৰি আশ্ৰমৰ কথা জানে নহয়৷ ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্যাস৷ বৰ্তমান যুগত চেনিচৰ্য বুলিও সময় এটা নালাগিছিল নে৷ আৰু এই গাৰ্হস্থ্য আশ্ৰমলৈ এণ্ট্ৰি বয়স কিমান?

উত্তৰঃ ক’বলৈ বেয়া যদিও চেনিচৰ্য বয়সটো বাকীকেইটা আশ্ৰমৰ লগে লগে গোটেই জীৱন চলি থাকে৷  দেখি শুনি লেখি সেয়াহে বুজিছোঁগৈ আৰু৷

১৪)ৰত্নদ্বীপ বৰাঃ ফটাঢোল কিয় সকলোৰেই প্ৰিয় হৈ পৰিছে? কেইটামান কাৰণ জনাবচোন৷

উত্তৰঃ কেইটামান নহয়, এটাই কাৰণ, সদস্যসকলৰ মৰম চেনেহ আৰু সক্ৰিয় যোগদানেই ফটাঢোলৰ জনপ্ৰিয়তাৰ একমাত্ৰ কাৰণ৷

১৫)ৰাণা গগৈঃ ফটাঢোললৈ আহিলে তপা হয় নে তপা ফটাঢোললৈ আহিলে চুলি হয়?

উত্তৰঃ ফটাঢোলত থাকিলে চুলি সৰেও, গজেও, শেষত হিচাপ বৰাবৰ হৈ থাকে৷

১৬)নাজিম হুছেইন মিণ্টুঃ ফটহুকাই, হাফপেণ্ট পিন্ধি যদি ফুটবল খেলিব পাৰি, ক্ৰিকেট কিয় হাফপেণ্ট পিন্ধি নেখেলে?

উত্তৰঃ খৰচ কমাবলৈ, নহলে বিৰাট কোহলিৰ ভৰিতো টাটু কৰিব লাগিলহেঁতেন৷ টাটু এটা কৰাও বুলিলেও জানো কম খৰচ?

১৭)মৃদুল শইকীয়াঃ ফটহুকাই, অনুসন্ধিৎসু মনৰ গৰাকী এজন ছাত্ৰই “আখৈ উপজিয়েই কিয় জঁপিয়ায়” তাক জানিবলৈ গৰম কেৰাহীৰ ওপৰত বহি দিলে৷ সেই ছাত্ৰজনৰ ভৱিষ্যৎ সম্পৰ্কে আপোনাৰ ধাৰণা কি?

উত্তৰঃ তেওঁৰ ভৱিষ্যত ঠিক উজ্জ্বলো নহয়, আন্ধাৰো নহয়, মানে twilight ধৰণৰ বুলিব পাৰি৷

১৮)হৃষিকেশ ডেকাঃ ফটহুকাই যদি মোবাইল চৰকাৰে নিষিদ্ধ কৰি দিয়ে তেন্তে যুৱক যুৱতীৰ মাজত কি পৰিস্থিতিৰ উদ্ভৱ হব?

উত্তৰঃ পানীত হাঁহ নচৰা, কুকুৰে কাঁইট নোখোৱা, চালত লাও কোমোৰা নুঠা, উঠিলেও তাক বৰলে বিন্ধা ধৰণৰ অৱস্থা হ’ব৷ পেটত গেছ হ’ব৷ সৰ্বদিশ ক’লা আন্ধাৰে ঢাকি ধৰিব৷ কালধুমুহাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিব৷

১৯)ৰাস্না বৰাঃ ফটহুকাই মই দেখোন ফটা ঢোলৰ পোষ্ট বাজন চাই কমেণ্ট লাইক কৰোঁতেই সময় যায়৷ ভাত পানী বনাবলৈ মনেই নাযায়৷ হিমালয়লৈকে যাওঁগৈ বুলি ভাবিছোঁ৷ তাত টাৱাৰ পামনে প্ৰভু?

উত্তৰঃ এইবাৰ ফটহুক ফটাঢোলৰ চিহ্নত ভোট দি জয়যুক্ত কৰক, ফটহুৱে আপোনাক মোবাইল টাৱাৰ এটা দি হিমালয়লৈ পঠাই দিব৷ লাগিলে ভাত ৰান্ধনিও দি পঠাব৷

☆★☆★☆

10 Comments

  • অনুৰূপ মহন্ত

    ফটহু কাই, উত্তৰ সমূহ পাই ধন্য হলো।

    Reply
  • ফটহুৰ জৱাব,
    লা জৱাব।
    এজন শ্ৰেষ্ঠ প্ৰশ্ন কৰ্তা নিৰ্বাচনৰ ব্যৱস্থা কৰিলে ভাল হয় বুলি ভাবো। তেতিয়া প্ৰশ্ন কৰ্তাৰ আগ্ৰহো বাঢ়িব ।

    Reply
  • Anjan Sadhanidar

    ফটহু খাই। সুন্দৰ হৈছে দেই উত্তৰ।

    Reply
  • ৰাস্না বৰা

    ফতহু কাইএই অভাজনীয়ে ভোটাধিকাৰ পালেই আপোনাক ভোট দি জয় যুক্ত কৰিম। ধন্যবাদ

    Reply
  • Ratna deep Borah

    মজ্জা

    Reply
  • ফটহু কাই উত্তৰ বোৰ ৰসাল হৈছে।

    Reply
  • মৃদুল শইকীয়া

    ৰসাল উত্তৰসমূহ বৰ ভাল লাগিল৷

    Reply
  • Manash Saikia

    সুন্দৰ প্ৰশ্নৰ বঢ়িয়া উত্তৰ৷

    Reply
  • Birinchi

    ৰসাল প্ৰশ্ন ৰসাল উত্তৰ ৷ ভাল লাগিল ফটহুকাই

    Reply
  • Bhaskar bor deka

    আাইলা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *