ফটাঢোল

ৰাশিফল বিচাৰ- ৰিণ্টুমণি দত্ত

এই মাহটো আপোনাৰ কেনে যাব? দিনে ৰাতিয়ে ফেচবুকত গ্ৰীণ লাইট জ্বলাই, পু্ৱা গধূলি ইনবক্সত গুড মৰ্ণিং, হাই, হেল্ল’ কৰি পৰম আশাৰে বাট চাই থকা আপোনাৰ জীৱনলৈ কাৰোবাৰ সঁহাৰি আহিবনে? সন্ধিয়া অলপ ‘বহি’ দেৰিকৈ ঘৰ সোমালে আপোনাৰ পত্নীয়ে আপোনাক কি উপকৰণেৰে স্বাগতম জনাব? কাষ ঘৰৰ নেওগৰ ল’ৰা-ছোৱালীয়ে পঢ়া বিখ্যাত স্কুলখনত ছিট পাবনে আপোনাৰ পোনাটিয়ে? মাৰ্চ এণ্ডিং বুলি বাঢ়িবনে অলপ টেবুলতলীয়া সৰবৰাহ? নে ২৫ লাখ টকাৰে আপুনি কব নোৱাৰাকৈয়ে ক্ৰয় কৰিলে এটি ৰঙাঘৰৰ পেট্ৰন টিকেট? কিমান লাইক পৰিব আপোনাৰ বিউটি প্লাছ লগোৱা ৯০খন চেলফিত? তাকে দেখি হিংসাত জ্বলিবনে আপোনাৰ প্ৰতিবেশী? দৈনন্দিন জীৱনৰ এনে অযুত গম্ভীৰ সমস্যাৰে ভাৰাক্ৰান্ত আপুনি? দিক নিদৰ্শন দিবলৈ কোনো নাই। অনিশ্চিয়তাৰ কুটিল খেলত দিক বিদিক হেৰুৱা আপোনাৰ ভৱিষ্যত পৰিকল্পনা!! আপোনাক লাগে সহায়ৰ প্ৰসাৰিত হাত। আপোনাক লাগে অলপ আগতীয়া খবৰ, যাতে আপোনাৰ পৰৱৰ্তী খোজ নপৰে কদৰ্যময় পংকিলতাত। আপোনাৰ এই সমস্যা সমাধানৰ বাবেই আমি লৈ আহিছো এক নিৰ্ভৰযোগ্য ভৱিষ্যতবাণীৰ শিতান। সম্পূৰ্ণৰূপে মানিবেক গেৰাণ্টি থকা এই ৰাশিফল বিচাৰ কৰিছে এই সময়ৰ সকলোতকৈ বিতৰ্কিত তথা বিখ্যাত জ্যোতিষী কুৱেইটি দাৰুৱালাই। আহকচোন ভূমুকিয়াই চাও আপোনাৰ ভৱিষ্যতলৈ।

মেষ: (অ, ল) অত্যন্ত অহেতুক ব্যস্ততাৰ বাবে আপোনাৰ ফেচবুকলৈ আহিবলৈ সময়ৰ নাটনি হব। ইয়াৰ বাবে আপোনাৰ ইনবক্স বান্ধৱীসকল অসন্তুষ্ট হব পাৰে। মাজে মাজে আপোনাৰ ধৰম পত্নীয়ে চপিং মলত বজাৰ কৰি থকাৰ সময়ত দুই এবাৰ হাই হেল্ল’ কৰিবলৈ চেষ্টা কৰিব। অনিয়ম, অত্যাচাৰ নকৰিলে স্বাস্থ্য ভালেই থাকিব ৷ মহিলা সকলে চুলি ষ্ট্ৰেইট কৰি চেলফি দিলে বেছি লাইক পোৱাৰ সম্ভাৱনা। আপোনাৰ বনকৰা সৰু ছোৱালীজনী ঘৰলৈ গ’লে ঘুৰি নহাৰ সম্ভাৱনা আছে।

বৃষ: (ই, উ, ব) কৰবাত নলগা জেঙত সোমাই পৰিব আৰু লম্ফ জম্ফ কৰি থকাৰ সুযোগ পাব ৷ সময় থাকোতেই তাৰ পৰা পলায়ন নকৰিলে গৰু পিটন খাই যাব পাৰে। বিপৰীত লিংগৰ সহায় সহযোগ লাভ কৰিব, মহিলাসকলে ডিভান খোচৰোতে আজি তিনিবছৰৰ আগতে – ‘এক্কো এটাই পিন্ধিবলৈ নাই’ বুলি কাৰোবাৰ লগত কাজিয়া কৰি কিনি অনা আৰু কেতিয়াও নিপিন্ধা চেলোৱাৰ ছুটৰ পিছ আৱিষ্কাৰ কৰি পৰম আনন্দ পাব। কাতি মাহত বলীয়া ফাগুনৰ কবিতা লিখিলে বেছি লাইক পোৱাৰ সম্ভাৱনা।

মিথুন: (ক, ছ) আৰ্থিক স্বচ্ছলতাৰ যোগ দেখা যায়। হালধীয়া কাপোৰ পিন্ধি হালধী খেতি কৰিলে অৰ্থলাভ হব। ফেচবুকত ব্লক/ৰিপৰ্ট খোৱাৰ সম্ভাৱনা প্ৰবল, গতিকে বিতৰ্কত টেপচকৈ মুখ নেমেলাই শ্ৰেয়। বিবাহিতা মহিলা সকলে পতিৰ পাৰ্চৰ পৰা পইচা হৰলুকি কৰাৰ সুযোগ পাব ৷ দাম্পত্য জীৱনত অপত্য সুখৰ যোগ আছে, কেৱল কথাটো আপোনাৰ জীৱন সংগীজনে নেজানিলেই মংগল। বাংলাদেশলৈ চোৰাংকৈ গৰু চালানৰ ব্যৱসায় কৰিলে লাভবান হব।

কৰ্কট: (ড, হ) অত্যধিক ব্যস্ত হৈ থাকিব। শৰীৰত শৰ্কৰাৰ অভাবে দেখা দিব পাৰে৷ বিপৰীত লিংগৰ পৰা দুৰত্ব অৱলম্বন কৰিব ৷ আপোনাৰ বুদ্ধিজীৱি ইমেজৰ ক্ষতি হোৱাৰ সম্ভাৱনা, গতিকে ইমেজ মেক অভাৰ কৰিবলৈ চেষ্টা কৰক ৷ “ম” আখৰৰ শব্দ বা মানুহৰ পৰা সাৱধান। ছিটিবাছত মহিলাৰ ছেফটি পিনৰ খোঁচ খোৱাৰ সম্ভাৱনা প্ৰৱল। সুৰাপান কৰি গাড়ী চলালে বীৰাংগনাই আটক কৰিব পাৰে। দেশ আৰু জাতি উদ্ধাৰৰ ব্যৱসায় কৰাসকলৰ শুভ, নতুন নতুন ইছুৱে আপোনালোকক হেৰুৱা সন্মান পুনৰোদ্ধাৰ কৰাৰ সুযোগ দিব।

সিংহ: (ম, ট) আপোনাৰ জয়যাত্ৰা অব্যাহত থাকিব। পঞ্চাশোৰ্ধৰ পুৰুষসকলৰ ফেচবুকত সুন্দৰী যুৱতীৰ ‘ফ্ৰেণ্ড ৰিকুয়েষ্ট’ পোৱাৰ আশা আছে। ক্ৰীড়াবিদসকলৰ বাবে মাহটো শুভ, দেৱালীত ৰামীখেলি হেৰুৱা ধন পুণৰোদ্ধাৰৰ সম্ভাৱনা। পুৰুষসকলে নিজৰ পত্নীৰ পৰা নিৰাদ দুৰত্ব অৱলম্বন কৰিব। মংগলৰ বক্ৰদৃষ্টিৰ বাবে আপোনাৰ ফেচবুকৰ পাছৱৰ্ড আপোনাৰ পৰিবাৰৰ হস্তগত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয় ফিল্মষ্টাৰ গৰাকীৰ বয়ফ্ৰেণ্ডে আন কাৰোবাক

কন্যা: (প,ঠ) আপোনাৰ কাৰ্যদক্ষতাত সুনাম অৰ্জন কৰিব যদিও আঞ্জাত নিমখ বেচি বা কম হোৱাৰ বাবে বিপৰীত লিংগৰ পৰা গালি গালাজ খোৱাৰ যোগ আছে। আপোনাৰ নামত চৰকাৰী চাকৰিৰ লিখিত পৰীক্ষাৰ দুই বা ততোধিক উত্তৰ বহী উদ্ধাৰ হোৱাৰ আশংকা। ড্ৰাগছ বেপাৰীসকলৰ বাবে এই মাহটো শুভ; আপুনি যদি হিৰইন সহ ধৰা পৰি কাৰাগাৰত আছে, তেনে এই মাহতে সেই হিৰইনখিনি আচলতে আটা বা ময়দাহে আছিল বুলি ফৰেনচিকৰ পৰা ৰিপৰ্ট আহিব। গড়ৰ খড়্গ বিলাকো বাঁহেৰে সজা মেমেণ্ট’ বুলি প্ৰমাণিত হব।

তুলা: (ৰ, ত) শুক্ৰৰ অত্যাধিক প্ৰভাৱৰ বাবে এই ৰাশিৰ জাতক জাতিকাৰ জন্মসুত্ৰেই কমোৱা তুলাৰ দৰেই উৰণীয়া মন যদিও আজিৰ দিনটো বৰ এটা শুভ নহয় ৷ অলপ সাবধানে থাকিব৷ চৰকাৰী বীজ লৈ কৃষিকৰ্ম কৰা সকলৰ পথাৰত ধানৰ সলনি মোনে মোনে পতান উৎপাদন হোৱাৰ সম্ভাৱনা।মাজৰাতি হাইৱে’ত বাইক ষ্টাণ্ট কৰাৰ পৰা বিৰত থকাই মংগল। ৰাইজক খুলি কব নোৱাৰা স্থানত বিহফোঁহা হব পাৰে।

বৃশ্চিক: (ন,য) জ অক্ষৰৰ পুৰুষ/মহিলাৰ পৰা দুৰত থাকিব৷ ছয় ৰিপুৰ বশবৰ্তী হৈ কোনো কামত আগ নাবাঢ়িব৷ বগীবিল দলঙৰ ঠিকা কৰা সকলে কাম নকৰিলেও ‘ৰানিং বিল’ৰ পইচা পাব। পঞ্চায়তৰ সভাপতিক মেনেজ কৰিব পাৰিলে ঘৰৰ সকলোৰে নামত এনৰেগাৰ জব কাৰ্ড উলিয়াব পাৰিব। বৃহস্পতিৰ প্ৰভাৱৰ বাবে বি পি এল চাৰ্টিফিকেট এখনো পাইযাব পাৰে। মিড ডে’ মিলৰ চাউল হৰলুকি কৰা সকলৰ ৰাজহুৱা ভাৱে অপদস্থ হোৱাৰ যোগ আছে।

ধনু: (ভ, ধ,ফ) শুভ ৷ আৰ্থিক স্বচ্চলতা আছে যদিও দাম্পত্য কলহৰ যোগ আছে ৷ মবাইল-টো লক ৰাখিব। শিক্ষক সকলে কেইবা বছৰৰ মুৰত দৰমহা পাব। গুৱাহাটীত মাটি কিনিম বুলি ভাৱি থকা সকলে দীপৰ বিলৰ মাজত ম্যাদী পট্টাৰ মাটিৰ খবৰ পাব পাৰে। নকলি দুহেজাৰ টকীয়া নোটৰ পৰা সাৱধানে থাকিব। আজিও এন আৰ চিৰ লিগেচী ডাটা বিছাৰি হাঁহাকাৰ কৰি থকা সকলে চেষ্টা কৰিলে আধাৰ কাৰ্ড পাই যাব। অত্যধিক সুৰাপান কৰি খালত পৰি থকা সকলে ব্ৰেকিং নিউজত স্থান পোৱাৰ সম্ভাৱনা।

মকৰ: (খ, জ) আপোনাৰ চাৰিওফালে বিপৰীত লিংগৰ মানুহে পিটপিটাই ঘুৰি ফুৰিব, কিন্তু সাবধানে চল চাইহে কঠীয়া পাৰিব। চাকৰিত শুভ, এই মাহটোত বিভাগীয় মন্ত্ৰীয়ে আপোনাৰ অফিচত ‘ৰেইড; মৰাৰ সম্ভাৱনা নাই। আই চাই হে ব্যয় কৰিব, নহ’লে মাহৰ শেষত গেলামালৰ দোকানীয়ে বাকী বিছাৰি গ’লে অপমান কৰিব পাৰে।ব্ৰইলাৰ ফাৰ্মৰ মালিক সকল সাৱধানে থকা ভাল, নহ’লে বাৰ্ড ফ্লুয়ে আপোনাৰ ব্যৱসায়ত লালবাতি জ্বলাব পাৰে। ভাইৰেল ফিভাৰে আমনি দিব।

কুম্ভ: (গ, স, শ) বিবাহৰ ক্ষেত্ৰত বাধা দুৰ হব। নতুন গায়ক সকলে কণ্ট্ৰভাৰ্চিয়েল গানেৰে বিপুল সফলতা লাভ কৰাৰ আশা আছে। ফিল্ম নিৰ্মাতা সকলৰ বাবে অশুভ, আপোনালোকৰ চিনেমা হাউচ ফুল হৈ চলি থাকিলেও চালমান খানৰ নতুন চিনেমাখনৰ বাবে হলৰ পৰা ‘লাঠ মাৰি’ উলিয়াই দিয়া হব। অৱশ্যে সেই ইছুৰটোৰ বাবে আপুনি টিভিৰ পৰ্দাত ওলোৱাৰ সুবিধা লাভ কৰিব। চোৰাং কাঠৰ ব্যৱসায়ীসকলৰ বাবে এই মাহটো অতি শুভ, আপোনালোকে নিশ্চিন্ত মনে হাবি বন কাটি খাস্তাং কৰিব পাৰিব।

মীন: (দ,চ) মহিলা সকলৰ বাবে শুভ দিন৷ পুৰণা কোনো বন্ধু বান্ধবীয়ে মনত আনন্দ দিব৷ পুৰুষ সকলে পেটৰ অসুখত ভোগাৰ চান্স আছে ৷ ধাৰ কৰি অনা টকা ঘুৰাই দিবলৈ মন নাযাব। উগ্ৰপন্থাৰ ব্যৱসায় কৰা সকলে চীন আৰু পাকিস্তানৰ পৰা সহায় পাব। ক্ৰিকেট খেলুৱৈ সকলে পাব্লিক পিটন খোৱাৰ সম্ভাৱনা প্ৰৱল। হালধীয়া সাংবাদিক সকলে ডাঙৰ ডাঙৰ মানুহৰ গুপুত খবৰ পাব আৰু তাৰ সহায়ত ব্লেকমেইলিং কৰি ধনলাভ কৰিব পাৰিব। ষ্ট্ৰাগলিঙ মডেল আৰু ফিল্ম এক্ট্ৰেছ সকলে ‘কাষ্টিং কাউচ্ছ’ত বহিবলৈ পোৱাৰ যোগ আছে।■■

13 Comments

  • Ramanuj G.

    বঢ়িয়া লাগিল পঢ়ি, ৰসে চৌ চৌ…

    Reply
  • ৰিন্টু দা এই কলম যাতে থমকি নৰয় ৷ আমোদ দিলে লেখাটোৱে শুভেচ্ছা ৷

    Reply
  • Kalyan Nath

    Good one, keep it up.

    Reply
    • ৰিণ্টু

      ধন্যবাদ কল্যাণ

      Reply
  • পিকুমণি

    তই ইমান ধুনীয়াকৈ লিখিব পাৰ বুলি মই ভবাই নাছিলো । ।

    Reply
  • সিংহ ৰাশিত থকা বাক্যংশৰ শেষৰ ফালে ভুল খিনি ৰৈ যোৱাত আমি দুঃখিত ৷
    সম্পাদনাত অনিচ্ছাকৃত ভাবে হলেও ভুল ৰৈ যোৱা বাবে পাঠকৰ ওচৰত ক্ষমা বিচাৰিঁঁছো!

    Reply
  • Sidss

    Superb rintu..moi last 15 mint hahi asu..aaru kibake mur rashifol mili goise purapuri..mur korkot rashi

    Reply
    • ৰিণ্টু

      ধন্যবাদ সিদ্ধাৰ্থ

      Reply
  • Noyan moni Dutta

    Moi janu , Toi issha korile likhib par, likhi thakibi…..

    Reply
  • samiran neog

    Moja lagil …..

    Reply
  • Monali Gogoi

    বঢ়িয়া হৈছে দাদা ।

    Reply
  • So happy is chanal

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *