ফটাঢোল

সময়ৰ বিড়ম্বনা – পৰিস্মীতা গগৈ

হঠাৎ হৰেশ্বৰৰ মূৰত টান কিবা এটা পৰি উফৰি যোৱাত মূৰটো পিহি পিহি পিচলৈ চাই দেখিলে; আলিটোৰ সিটো মূৰত হাতত কেটেপাখন লৈ ৰত্নেশ্বৰে তাৰ তামোল খাই মামৰে ধৰা কটাৰীৰ পিঠিখনৰ দৰে দাঁতকেইটা নিকটাই হাঁহি আছে৷

“ঐ কিহে পাইছে তোক, ইমান জোৰেৰে মাৰিলি যে৷ লাগে তোক …” এইবুলি আঁঠু মূৰত পিন্ধি থকা চুৰীয়াখনৰ পোন্ধটো আৰু অলপ টানকৈ মাৰি তাক খেদি যাবলৈ উদ্যত হওঁতেই পথাৰখনৰ মূল বাটটোলৈ চকু গ’ল৷ ৰাতিপুৱাৰ জলপানৰ টোপোলাটো লৈ মেখেলাখন আঁঠুৰ ওপৰত পিন্ধি সৌজনী ৰমলা বোকা খচি খচি তাৰ ফাললৈকে আহি আছে৷ তাইক দেখিয়ে ৰত্নেশ্বৰৰ ওপৰত উঠি অহা খঙটো কৰ্পূৰৰ দৰে থাউকতে উৰি গ’ল৷

ৰমলাজনীক দেখিলেই আজিকালি তাৰ সুখ দুখ দুয়োটা ক্ৰিয়াই একেলগে আহি মনত বাহ বান্ধেহি৷ যোৱাবেলি বিহুতে গঞাক সাক্ষী কৰি তামোল পাণ আৰু চাহ টুপিৰে ৰাইজক আপ্যায়ন কৰি ৰমলাক আনি ঘৰ সুমুৱাইছিলহি৷ এইটো বিহুৰে সৈতে এবছৰ হৈ গ’ল আজিকোপতি তাইক এযোৰ ভাল কাপোৰ দিব পৰা নাই সি৷ লোকৰ আধিয়াৰি খেতিত হাল বাই যেনেতেনে দুটা মানুহৰ ভাত মুঠি যোগাৰ কৰি খাই আছে৷ সংসাৰ বঢ়াবলৈকো ভয়৷ তথাপি তাই সাহস দিয়ে

“ৰ’চোন তই ইমানকৈ চিন্তা কৰি নাথাকিবি৷ সময়ত সকলো হ’ব৷ সময়ৰ ওপৰত এৰি দে সব৷”

সি মুখ টিপি হাঁহে৷ তাইৰ খামুচীয়া কঁ‌কালটোত দুয়োহাতেৰে জপটিয়াই ধৰি ভাবে; কেতিয়াও স্কুলৰ মুখ দেখি নোপোৱা মানুহজনীৰ মুখত ইমান গধুৰ কথা!

হয়তো তাই হৰেশ্বৰৰ মনৰ ভাব ধৰিব পাৰে৷ কঁ‌কালৰ পৰা হাত দুখন আঁ‌তৰাই তাৰ চুলিকোছাত এখন হাতেৰে খামুচি পিছলৈ টানি কৈ উঠে

“হুঁহ হাঁহিব আহিছ৷ তইচোন মোক বোধেশ্বৰৰ চাইকেলৰ কেৰিয়াত বহুৱাই পলুৱাই অনাৰ কথাহে আছিল৷ কিন্তু দেখিছ সময়ে কি কৰিলে৷ সেয়া হ’বলৈ নিদি গঞাৰ সাক্ষাতত মাই পিতাইৰ সন্মতিত বিয়া হ’ব লগা কৰিলে৷ মই মিছা কৈছো নেকি ক’৷ মোৰ সময়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে৷ এদিন ভাল দিন আহিবই৷”

অৱশ্যে কথাটো নোহোৱা নহয়৷ সময়ে যে ভাবি থকা কথাও ওলট পালট কৰি দিব পাৰে আৰু কস্মিনকালেও নভবা কথাও সংঘটিত কৰিব পাৰে তাৰ প্ৰমাণ পাই থৈছে সি৷ আজিও তাৰ বিয়াৰ ঘটনাটো মনত পৰিলে গালে মুখে লাজ এমুকুৰাই বেঢ়ি ধৰেহি৷

ৰমলা আৰু তাৰ প্ৰেম কৈশোৰৰ পৰাই৷ দুয়োটাই যেতিয়াই জীৱন সংগিনীৰ কথা ভাবিছে সদায় ইটোৰ সিটোৰ মুখ দুখনৰ বাদে অন্য একো মনলৈ নাহে৷ কিন্তু সিহঁতৰ বিয়াৰ প্ৰাচীৰ ৰূপে থিয় হৈ আছিল দুয়োখন ঘৰৰে মাজৰ বহু পুৰণি পাৰিবাৰিক কন্দল৷ হৰেশ্বৰে ভালকৈয়ে বুজিছিল এই বিয়াৰ কথা উলিয়ালেই যে দুয়োখন ঘৰে আকৌ দা ধৰাব৷ সেয়ে শৈশৱৰে নলে গলে লগা বন্ধু বুদ্ধেশ্বৰৰ বুদ্ধি মতে ৰমলাক গাঁৱৰ বছৰেকীয়া ভাওনাৰ দিনাই পলুৱাই আনিবলৈ বুলি থিৰাং কৰিলে৷ কথামতেই কাম৷ আগদিনাই চহৰলৈ গৈ তাইলৈ বুলি এযোৰ পাটৰ নহ’লেও বগাত গুণাৰ ফুল থকা কাপোৰ আনি তাইৰ হাতত দিলেহি৷

“হুঁ ল’ কাইলৈ এইযোৰ পিন্ধি ৰেডি হৈ থাকিবি সীতাক ৰাৱণে হৰণ কৰাৰ পিছতেই তই আহি মুহীকান্তহঁ‌তৰ আমজোপাৰ তলতে ৰ’বিহি৷”

“হ’ব৷ তই খালি এবাৰ মোক চকুৰে ইংগিত দি যাবি৷”

“নাই নহ’ব বুইছ৷ মই ভাওনাত নাথাকিম৷ বহুত কাম থাকিব তাতে তোৰ ঘৰৰ মানুহে দেখা পালে পলুৱাই নিয়াৰ সাহসকণো নোহোৱা হ’ব৷ মই মুহীকান্তৰ দোকানতে থাকিম দে৷”

কথামতেই পিছদিনা সীতাৰ বিলাপ শুনাৰ দুইমিনিটৰ পিছতেই সাউতকৈ আগতেই খুজি আনি থোৱা চাইকেলখনৰ পেডেল মাৰি সি নামঘৰটো পাৰ হৈ মুহীকান্তহঁ‌তৰ আমজোপাৰ তাৰ লক্ষ্যস্থানলৈ বুলি উৰা মাৰিলে৷ তেতিয়ালৈ ভাওনাত ৰামৰ বিলাপ চলি আছিল৷ কিন্তু এয়া কি!

“জহনীমৰতীক কালিয়েই ক’লো সীতা হৰণৰ পিছতেই ওলাই আহি আমজোপাৰ তলত ৰ’বলৈ৷ তাই মৰতীয়ে আজিও চানাকেইটা নোচোবালেই নহয়৷”

মুখৰ ভিতৰতে ভোৰভোৰাই সি জয়াৰামৰ অস্থায়ী চানাদোকানখনৰ ওচৰত সি কালি দিয়া বগা কাপোৰযোৰ পিন্ধি ৰৈ থকা ৰমলাক একো ক’বলৈ সুবিধা নিদি টান মাৰি আনি চাইকেলৰ আগত বহুৱাই ফুল স্পীডত চাইকেলখন চলাই দিলে ঘৰ অভিমুখে৷ এমুখ চানাৰে ভৰি থকা মুখেৰে চাইকেলৰ আগৰ পৰা “কোন কোন” কৈ বিৰবিৰাই থকা কথাটোত অলপো গুৰুত্ব নিদি সি মনৰ প্ৰাপ্তিত সুহুৰিয়াই সুহুৰিয়াই সজোৰে চাইকেল চলাই গৈ নিমিষতে ঘৰ পালেগৈ৷

ইফালে নামঘৰত হাঁহাকাৰ লাগিল৷ ৰাম-লক্ষ্মণৰ বিলাপৰ পিছতে ৰাৱণৰ সৈতে জটায়ুৰ যুদ্ধ৷ সেই যুদ্ধত সীতাৰ উপস্থিতি অপৰিহাৰ্য৷ কিন্তু সীতা নাই৷ ৰাৱণে হৰণ কৰাৰ পিছতে সীতাই বিলাপ কৰি কৰি পিয়াহ লাগিছে বুলি ওলাই গৈ এতিয়ালৈকে দেখা দেখিয়ে নাই৷ ইফালে বায়নে খোলত চাপৰ মাৰেহে মাৰে ৰাৱণ সহিতে সীতা ওলাই নাহে৷ উপায়ন্তৰ হৈ নামঘৰৰ আনটো মূৰে ৰাৱণ সীতাৰ অপেক্ষাৰত থকা জটায়ু আগবাঢ়ি বাহিৰলৈ গৈ ৰাৱণক কি হৈছে সুধিলতহে উৰহী গছৰ ওৰ পালে৷ সীতা নাই৷ পিয়াহ লাগিছে বুলি কৈ ওলাই যোৱা সীতাই বোলে জয়াৰামৰ তাত লুকাই চুৰকৈ দুগিলাচমান গলাধঃকৰণ কৰি পইচা চইচা নিদি সাউতকৈ নোহোৱা হ’ল৷

আবেলিৰ পৰা ঘৰৰ কামত যদিও ৰমলাই লাচনি পাচনি কৰি আছে তথাপি মনৰ ভিতৰত ভয় এটাই বাহৰ পাতি আছেহি৷ ইফালে আজি নামঘৰত বয়সষ্ঠসকলে অনুষ্ঠিত কৰা ভাওনাত সাজ সজ্জা কৰিবলৈ বুলি সিহঁতৰ ঘৰটোকে নিৰ্বাচন কৰিলে৷ ইমানবোৰ কামৰ মাজতে সকলোৰে চকুত ধূলি দি হৰেশ্বৰলৈ পলাই যোৱাৰ কথাটোও কম বিড়ম্বনা নহয়৷ তথাপি বাহিৰত শান্ত হৈ থাকিয়ে নিৰ্দিষ্ট সময়ত বৌয়েকহঁ‌তৰ লগত ভাওনালৈ যাবলৈ বুলি সাজু হ’বলৈ আহি দেখে আলনাত জাপি উলিয়াই থোৱা সেই বিশেষ কাপোৰযোৰ নাই৷ গোটেইখন পিটপিটকৈ চলাথ কৰিও বিচাৰি নাপালে৷ হৰেশ্বৰে সেইযোৰ পিন্ধিয়ে তাৰ ঘৰত সোমাবলৈ কৈছিলে৷ বৌয়েককো সুধি চালে এবাৰ৷ নাই দেখা বুলি কোৱাৰ পিছত বৰকৈ সুধি থাকিবলৈ তাইৰো ভয় লাগিল; কিজানি বৌয়েকৰ সন্দেহ হয় বা সুধি পেলাই নতুন কাপোৰ ক’ত পালে বুলি৷ উপায় নাপাই অৱশেষত নিজেই বোৱা নিপিন্ধা কাপোৰ এযোৰকে উলিয়াই পিন্ধি ভাওনালৈ বুলি ওলাই গ’ল৷ ৰামৰ বনবাস যাত্ৰাৰ আগতেই ভাওনাৰ ঘৰৰ পৰা ওলাই তাই হৰেশ্বৰৰ কথা মতেই নিৰ্দিষ্ট ঠাইখিনিত ৰৈ থাকিলগৈ৷ তাৰ ঠিক কিছু দেৰিৰ পিছতেই আন্ধাৰ ঠাইখিনিৰ পৰা তাই স্পষ্টকৈ দেখিবলৈ পালে কোনোবা এটাই তাইক হৰেশ্বৰে দিয়া কাপোৰযোৰ পিন্ধি নামঘৰৰ পৰা কোবাকোবিকৈ ওলাই আহি জয়াৰামৰ দোকানত ৰৈছেহি৷ ভালদৰে জুমি চাই দেখে সেয়াচোন সীতাৰূপী তাইৰ বাপেক৷ তাই কিবা বুজি পোৱাৰ আগতেই নামঘৰৰ পৰা ছিটিকি অহা লাইটৰ পোহৰত ছয়াময়াকৈ দেখিলে কোনোবাই এটাই, নহয় সেইটোচোন হৰেশ্বৰ৷ হয়, হৰেশ্বৰেই হয়৷ সি বাপেকক একে আজোৰে টান মাৰি আনি চাইকেলৰ আগত বহুৱাই হোঁ‌ হোঁ‌ৱাই তাইৰ সন্মুখেৰেই চাইকেলখন লৈ উৰা মাৰিলে৷ ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ কি কৰোঁ নকৰোকৈ তায়ো মেখেলা উজাই চাইকেলৰ পিছে পিছে দৌৰিবলৈ ধৰিলে৷

ইফালে সীতাৰূপী ৰমলাৰ বাপেকক বিচাৰি নাপাই নামঘৰত হুৱাদুৱা লাগিলত ভাওনা চাই থকা বোধেশ্বৰে যেন কিবা এটাৰ উমান পালে৷ সি লগৰ দুটামানক লৈ হৰেশ্বৰৰ ঘৰ ওলালগৈ৷ ৰমলাও সেইখিনি গৈ পাইছিলগৈয়ে৷ তেতিয়ালৈ ভিতৰত হৰেশ্বৰ আৰু ৰমলাৰ দেউতাকৰ থৈয়া নথৈয়া ৰণ আৰম্ভ হৈ গৈছে৷

পৰিস্থিতি বিষম দেখি কোনোবা এটাই গৈ নামঘৰত ৰাইজৰ আগত কথাটো অৱগত কৰিলত সকলো গঞা যেনিবা উধাতু খাই আহি পৰিস্থিতি চম্ভালি ল’বলৈ সক্ষম হ’ল৷ দুয়োফালৰ যুক্তি শুনাৰ পিছত আকোৰগোজ ৰমলাৰ বাপেকক গঞাই বুজালে

“বোলো ৰমলাৰ বাপেক অ’ যি হ’ল হ’ল৷ তোৰো ছোৱালীৰ কথা ভাওনা চাবলৈ অহা ইখন সিখন গাঁৱে গম পালে৷ হৰেশ্বৰৰো কমখন নগুৰ নাকটি নোহোৱাকৈ নাথাকিল৷ দুয়োটাৰে মন মিলিছে যেতিয়া বিয়াখন পাতি দে৷ কথাটো গাঁৱৰ ভিতৰতে থকা হ’লেও বেলেগ আছিল৷ এতিয়া তোৰ ছোৱালীলৈ ল’ৰা পোৱাও সহজ হৈ নাথাকিল৷”

কথাখিনি ৰমলাৰ বাপেকৰ বোধগম্য হ’ল৷ কথাটো নোহোৱা নহয়৷ ইখন সিখন গাঁৱে গম পালে যেতিয়া এইলৈ দৰা বিচৰা সহজ নহ’ব৷ “জহনীটোৱেও আজি দিনটোহে পালে৷” এইবুলি দাঁত কৰচি অলপ পৰ তভক মাৰি থাকি “ৰাইজে যি ভাল দেখে কৰক” বুলি হাতযোৰ কৰি কৈ উঠিল৷ লগে লগে মহিলাসকলৰ উৰুলিৰ ধ্বনিত কোনোবা কেইগৰাকীমানে ৰমলাক গাত ধৰি ভিতৰলৈ সুমুৱাই লৈ গ’ল৷

“উফ”…আকৌ এটা বাটলু গুটি আহি তাৰ কপালত পৰিলতহে সি সম্বিৎ ঘূৰাই পাই সন্মুখলৈ চাই দেখিলে এইবেলি ৰমলাই ৰত্নেশ্বৰৰ কেটেপাখন লৈ তালৈকে টোৱাই হাঁহি হাঁহি চাই আছে৷ অতীতৰ কোলাত সাঁতুৰি নাদুৰি থাকোঁতেই তাইনো কেতিয়া আহি তাৰ ওচৰ পালেহি সি তলকিবই নোৱাৰিলে৷ সুখৰ হাঁহি এটা তাৰ গালে মুখে ছিটিকি পৰিল৷

☆★☆★☆

8 Comments

  • তৃষ্ণা সো.

    বৰ সুখ পালো পঢ়ি।

    Reply
  • ৰাস্না বৰা

    হাঁহি মৰিছোঁ দেই ,বাপেকক যে জীয়েক বুলি পলুৱালে। ভাল লাগিল

    Reply
  • ৰাজদ্বীপ বৰা

    মজ্জা ৷ জীয়েক বুলি বাপেককে হৰণ কৰিলে ৷ হাঃ হাঃ হাঃ

    Reply
  • Mousumi gogoi

    ভাল হহুৱালা দেই।

    Reply
  • তামাম ??

    Reply
  • হাঃ হাঃ বাপেককে হৰণ কৰি আনিছে, ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    মজ্জা লাগিল পৰিস্মীতা৷

    Reply
  • parishmita

    সকলোলৈকে অশেষ ধন্যবাদ জনালোঁ‌।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *