চিঠি – মৌচুমী গগৈ
‘চিঠি’ দুটা আখৰেৰে গঠিত এটা সাধাৰণ শব্দ, কিন্তু এই সাধাৰণ শব্দটোৰ অসাধাৰণ অস্তিত্বক আমি কেতিয়াও উপেক্ষা কৰিব নোৱাৰো। চিঠি হৈছে, এজনৰ পৰা আন এজনলৈ যিকোনো খবৰ পঠোৱাৰ এবিধ মাধ্যম। আগৰ দিনত যিহেতু দূৰসংযোগৰ আহিলাসমূহৰ উদ্ভৱ হোৱা নাছিল, গতিকে চিঠিসমূহেই এই ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। একোখন চিঠিৰ মাজতেই যে কিমান ভাৱনা অন্তঃনিহিত হৈ আছিল তাক অনুভৱ কৰাটো সহজ নহয়। এখন চিঠিয়েই কঢ়িয়াই লৈ ফুৰিছিল হাজাৰ-হাজাৰ জনৰ মনৰ ভালপোৱাৰ খবৰ, দূৰণিবটীয়া পুত্ৰৰ সুকলমে থকাৰ বাতৰি, ভৱিষ্যতৰ কৰ্মসংস্হাপনৰ সপোন, কতজনৰ বিচ্ছেদৰ হা-হুমুনিয়াহ, পৰিয়ালৰ আপোনসকলৰ খা-খবৰ আৰু যে কত কি? সেই সময়তেই জনপ্ৰিয় হোৱা আন এটা শিতান আছিল, ‘পত্ৰবন্ধু শিতান’। তেতিয়াৰ আলোচনীসমূহৰ এটি অবিচ্ছেদ্য অংগ আছিল এই ‘পত্ৰবন্ধু শিতান’। এই শিতানৰ জৰিয়তেই সহস্ৰজনৰ মাজত চিঠিৰ জৰিয়তে ইজনৰ লগত সিজনৰ চিনাকি পৰ্ব ঘটিছিল। তাৰেই ডিজিটেল ভাৰ্চন যেন আজিৰ ফেচবুকৰ ‘ফ্ৰেন্ড-ৰিকুৱেষ্ট বিলাক..!’
ঐতিহাসিকভাৱে আখৰৰ জন্ম হৈছিল পোনপ্ৰথমে প্ৰাচীন ইজিপ্ত আৰু চোমেৰত। খ্ৰীষ্টৰ জন্মৰ বহু আগতেই ইজিপ্তত আখৰৰ ধাৰণা কৰা হৈছিল। তাৰ পৰা ই গ্ৰীচ, চীন আৰু ৰোম তথা প্ৰাচীন ভাৰতত বিস্তাৰিত হৈ লাহে লাহে সকলো দেশতেই জনপ্ৰিয় হৈ পৰিছিল।
১৭শ আৰু ১৮শ শতিকাত ব্যক্তিগত লিখা-পঢ়া কাৰ্যত আখৰৰ ব্যৱহাৰ হৈছিল। আত্মপ্ৰকাশক লিখনি, বিভিন্ন ধৰণৰ ধাৰণাৰ আদান-প্ৰদান, তৰ্ক-বিতৰ্ক আদিৰ কাৰণেও আখৰৰ ব্যৱহাৰ হৈছিল। পুৰণি যুগত আখৰ লিখিবলৈ বিভিন্ন লিখন সঁজুলি ব্যৱহাৰ কৰিছিল। ধাতু, লো, মাটিৰ কলহ, জন্তুৰ ছাল, গছৰ ছাল আদি ব্যৱহৃত হৈছিল। তাৰ পিছত সময়ৰ অগ্ৰগতিৰ লগে লগে কাগজ-কলমৰ সহায়েৰে আখৰ লিখাটো সহজসাধ্য হৈ পৰিল। ক্ৰমশ চিঠি হৈ পৰিল সৰ্ব-সাধাৰণৰ মনৰ ভাৱ প্ৰকাশৰ সকলোতকৈ জনপ্ৰিয় মাধ্যম।
মোৰ স্কুলীয়া জীৱনত চিঠিক লৈ এটা আমোদজনক ঘটনা ঘটিছিল। তেতিয়া মই নৱম শ্ৰেণীৰ ছাত্ৰী। মই আৰু লগৰ এজনী সদায় ৰাতিপুৱা ৫:৩০বজাত অংকৰ টিউচন কৰিবলৈ গৈছিলো। আমাৰ গেটৰ সন্মুখত প্ৰায়েই এখন ধুনীয়া লেটাৰ পেডত লিখা চিঠি পৰি থাকে।
আমি দুয়োজনীয়ে চিঠিখন লৈ গোটেই ৰাস্তাটো পঢ়ি যাওঁ আৰু চাৰৰ ঘৰ পোৱাৰ আগতেই সেইখন ফালি পেলাই দিওঁ। কোনে চিঠিখন কাক দিয়ে, সেইবোৰ এদিনো ভাবি চোৱা নাছিলো।
কিন্তু চিঠিখন ৰাস্তাত পঢ়ি যাওঁতে এটা ল’ৰাই সদায় বাইকেৰে আমাৰ কাষেদি কেইবাপাকো মাৰিছিল। বেচেৰাই আমি চিঠিখন পঢ়ি ফালি পেলোৱাও দেখে। এইদৰে কেইবামাহো পাৰ হোৱাৰ পিছতহে এদিন গম পালো যে সেই চিঠিবোৰ মোকেই দিছিল আৰু সদায় বাইকত অহা-যোৱা কৰা ল’ৰাটোৱেই দিছিল।
আকৌ এবাৰ নাম বিভ্ৰান্তিৰ ফলস্বৰূপে একে নামৰ বেলেগ এজনী বান্ধৱীৰ চিঠিখন আহি মোক হাতত দিলে। শেষত কেইবাদিনৰ উৎকন্ঠাৰ অন্তত আচল কথাটো ওলাল।
সেইদৰে সৰুকালৰ আৰু এটা কথা মনত পৰিলে আজিও হাহিঁ উঠে। তেতিয়া দেউতা কেতিয়াবা অফিচৰ কামত গুৱাহাটীলৈ যাব লগা হৈছিল। আগদিনা যেতিয়া মই গম পাওঁ যে কাইলৈ দেউতা গুৱাহাটীলৈ যাব, মই সদায়েই এখন সৰু চিঠি দেউতাৰ চাৰ্টৰ পকেটত সুমুৱাই থৈছিলো। মই সৰু চিঠিখনত কেইটামান বস্তুৰ নাম দিছিলো আৰু শেষত(ইতি আপোনাৰ ——)বুলি মোৰ ঘৰত মতা নামটো লিখিছিলো। দেউতাইও মাক নোকোৱাকৈ মই আনিব কোৱা গোটেইবোৰ বস্তু লৈ আহিছিল। পিছত মই আৰু দেউতাই মাৰ পৰা গালি খাইছিলো।
আজিকালি সময়বোৰ দ্ৰুতগতিৰে সলনি হৈছে। আমি সহজতে চন্দ্ৰলৈ বুলি মানুহ পঠিয়াব পাৰো, কিন্তু ৰাষ্টাটো পাৰ হৈ নতুন প্ৰতিৱেশীজনক মাত এষাৰ লগাবলৈ আহৰি নাই। খুঁত নথকা গণনাৰে পৃথিৱীৰ চৌপাশে আমি মিছাইল নিক্ষেপ কৰিব পাৰোঁ, কিন্তু ল’ৰা-ছোৱালীকেইটাক লৈ পুথিভৰাঁললৈ যাবলৈ আমি সময় নাপাওঁ। বিজ্ঞানৰ ন-ন আবিস্কাৰৰ ফলত চিঠিৰ প্ৰয়োজনীয়তা হ্ৰাস পাবলৈ ধৰিলে। এই ক্ষেত্ৰত চিঠিৰ ঠাই অধিকাৰ কৰিলে টেলিগ্ৰাম, ই-মেইল, ফেক্স, ডিজিটেল ফোন আদিয়ে। এতিয়া আমি ইচ্ছা কৰিলেই মোবাইলৰ বুটাম কেইটা টিপি হাজাৰ যোজন দূৰৈত থকা জনৰ খবৰ মূহূৰ্ততে পাব পাৰো। কিন্তু এখন চিঠিৰ জৰিয়তে কেইবাদিনৰ অপেক্ষাৰ অন্তত পোৱা খবৰৰ আমেজ যেন বেছি সুন্দৰ আৰু ৰোমাঞ্চকৰ আছিল। আমি সময়ৰ পিছত ইমানেই দৌৰিছো যে মানবীয়তাৰ সৈতে আমাৰ সংযোগ হেৰাই যোৱাৰ উপক্ৰম হৈছে। আমি যেন আমাৰ অন্তৰৰ আহ্বান উপেক্ষা কৰিব লৈছো।
সকলোৱেই নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অকনমান আহৰি উলিয়াই অন্তৰৰ মণিকোঠাত চিঠিৰ দ্বাৰা সিঁচৰিত হৈ থকা অতীতৰ সেই সোণসেৰুৱা অভিজ্ঞতাবোৰ ৰোমন্হন কৰি অলপ সময়ৰ কাৰণে হ’লেও ইচ্ছা কৰিলে মনটোক এতিয়াও জীপাল কৰি তুলিব পৰা যায়।
☆★☆★☆
7:37 am
ভাল লাগিল পঢ়ি
9:16 am
মোকো দিছিল চিঠি ৷ হাঃ হাঃ ৷ পঢ়ি ভাল লাগিল
7:48 pm
বৰ সুন্দৰ কৈ লিখিছে মৌচুমী বা। বৰ ভাল লাগিল।
7:49 pm
বৰ সুন্দৰকৈ লিখিলে মৌচুমী বা। বৰ ভাল লাগিল।
12:07 am
হয় চিঠিৰ আমেজেই সুকীয়া আছিল। ভাল লাগিল।
12:56 pm
সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো ।