ফটাঢোল

দিল মাংগে ম’ৰ – ৰূপম কলিতা

বৰষুণজাক নেৰাই হ’ল। ছেহ! কাম এটাত শিলপুখুৰীৰ ফালে ওলাই আহিছিলোঁ এতিয়া দেখিছো আপদীয়া বৰষুণজাকৰ বাবে সময়ত গৈয়ে নাপামগৈ। চিগাৰেট এটা জ্বলাই শৰ্মাদাৰ চাহ দোকানখনত বোন্দা পৰ দি থাকোতেই কে……ৰে……ৰে……চ কৰি আদিত্যৰ বাইকখন আহি মোৰ নিচেই কাষতে ৰখিলেহি। বৰষুণত তিতি জুৰুলি জুপুৰি হোৱা তাৰ কেঁ‌টেলা পহুৰ দৰে চুলিখিনি জোকাৰি সি প্ৰায় চিঞৰি চিঞৰিয়ে দোকানখনৰ একমাত্ৰ এঢলিয়া চালিখনৰ তললৈ সোমাই আহিল।
:ঐ তোমাৰ বাবে এটা বেয়া খবৰ আছে।
:বেয়া খবৰ! কিনো?
:তুমি লাইন দি থকা যে সংগীতা, তাইৰ বয়ফ্ৰেণ্ড আছে।
:এ এ এ…… ৷ এনেই বেয়াদিন চলি আছে, তাতে ইমান  বেয়া খবৰ দিলা ৷ উঙা উঙা……
:হেঃ হেঃ কান্দা কান্দা। কান্দিলে মনটোৱে শান্তি পাব৷
:সংগীতাৰ যে লগৰ  পল্লৱী  তাইৰো বয়ফ্ৰেণ্ড আছে নেকি?
:আছে চাগে ! তাইকো লাইন দিছিলা নেকি?
:উম ৷ সংগীতাৰ ভনিয়েকজনীৰ?
:চাল্লা কি ফাল্টু চলি তুমি। আপি আপি কৰি পাগল ন! এজনীকে  ভালকৈ নোলোৱা কিয়?
:সেই এজনীক ল’বৰ বাবেইতো ইমান কেইজনীৰ মাজৰ পৰা এজনীক বিচাৰি আছোঁ‌।
:কিয়, আগৰ কেইজনীৰ এজনীকো কিয় নাৰাখিলা নিজৰ কৰি?
:আগৰ কেইজনী মানে?
:কি আগৰ কেইজনীমানে…… জীনা, পমী, কংকনা, দীপা……
:অ ৷ কিয়নো মনত পেলাই দিয়া সেই দুখভৰি দাচতানবোৰ……
:ইস! বৰ একেবাৰে ‘দুখভৰি দাচতান’……কোৱা একো নহয় দিয়া।
:এহ কিনো ক’ম! হায়াৰ চেকেণ্ডাৰী পঢ়ি থাকোঁ‌তে জীনাক পালোঁ৷ তামাম প্ৰেম৷ পালে নহয় ঘৰত গম৷ তাইৰ ককায়েকহঁতে মোক ‘খোদা কচম’ বুলি কৈ যিহে দম দিলে মইও ‘কৃষ্ণ কৃষ্ণ’ বুলি কৈ কিবাকৈ বাছিলোঁ৷
:হেঃ হেঃ হেঃ প্ৰথম প্ৰেমত ধৰ্মৰ বাধা৷ তাৰ পিছত পমীৰ লগত?
:অ পমী৷ গুৱাহাটীত আহি কলেজত পালোঁ পমীক৷ মজ্জা সেই দিনবোৰ৷ ঘূৰা-ফুৰা-চিনেমা চোৱা। মনোজ নামৰ লগৰজনে বাইক লোৱা পাৰ্টিত নিলোঁ তাইক, হা মোৰ কঁপাল, দুদিন পিছত পালচাৰ বাইকৱালা মনোজৰ পিঠিত আঠা লাগিল তাই……।
: হেঃ হেঃ হেঃ বেচেৰা। ইয়াৰ পিছত কংকনা, দীপা……
: অ কংকনা আৰু দীপা৷ ডুৱেল চিমৰ সুবিধাসমূহ প্ৰচাৰৰ বাবে মইও একেলগে দুজনী চলাই আছিলোঁ৷ ঠিক ঠাক চলি আছিলেই, লাগিল নহয় এদিন জেং। চিম দুখন লগোৱাত ওলট-পালট হ’ল আৰু গুচি গ’ল কংকনাৰ মেচেজ দীপালৈ, দীপাৰ মেচেজ কংকনালৈ … একেৰাতিত ডাবুল  ব্ৰেকআপ।
:হোঃ হোঃ হোঃ কেনে মজ্জা……এতিয়া ফেচবুকত লাইন দি দি ইজনী-সিজনীক ট্ৰাই কৰি আছা…।
:উপায়টো নাই৷ আমি হ’লো প্ৰেমিক চৰাই৷ বিচাৰি ফুৰোঁ এখন এখন সেউজীয়া অৰণ্য৷ যাৰ বুকুত ল’ব পাৰো শান্তি আৰু প্ৰাপ্তিৰ উশাহ……উশাহ বিচাৰি উশাহ হ’ব বিচাৰো এখন বুকুৰ।
:ৱাহ বৰ ৰোমান্টিক ডাইলগ কোৱা দেই। সেইবাবে এজনীয়ে এৰিলেও আনজনী পাই যোৱা……।
:দিল মাংগে ম’ৰ……!
☆★☆★☆

7 Comments

  • parishmita

    এইটো তামাম লিখিলা। মজ্জা লাগিল।

    Reply
  • হেমন্ত কাকতি

    পালচাৰ বাইকৱালা মনোজৰ পিঠিত আঠা লাগিল তাই……।
    তাৰ পিচত একে ৰাতিত বোলে ডাবোল ব্ৰেকআপ! !!!

    কি খাই লিখাহে? তামাম ঝাকাছ লাগিল দেই ৰূপম৷

    Reply
  • Mridula Gogoi

    বেলেগ প্ৰেমিক .. ভাল লাগিল

    Reply
  • মই যদুশৰ্মা মৰান

    বঢ়িয়া লাগিল দেই, নিজৰ কথা মনত পৰি গল দেই

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল.

    Reply
  • Manisha Kakati

    dil hai ki manta nehi,,hooo…oooo…dil hai ki manta nehi

    Reply
  • সাবধান মি টু ৰ দিন ।কুৰি বছৰ পিচতো বাব পাৰে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *