ফটাঢোল

দুৰ্নীতি প্ৰতিষেধক ভেক্চিন– পূণ্য শইকীয়া

সন্তৰামঃ এনেকুৱা হ’ব পাৰে নেকি?

দন্তৰামঃ এনেকুৱা? মানে কেনেকুৱা?

সন্তৰামঃ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ প্ৰতিষেধক এটা ভেক্চিন বা টেবলেট বা এণ্টিবা’য়টিক কেপচুল আৱিষ্কাৰ কৰিব নোৱাৰিনে?

দন্তৰামঃ তাৰ মানে তুমি দুৰ্নীতিৰ নতুন এখন ক্ষেত্ৰ তৈয়াৰ কৰাৰ কথা কৈছা। আচ্ছা ঠিক আছে-কামটো কোনে কৰিব.. WHO

সন্তৰামঃ অ’, WHO এ কৰিব, মানে বিশ্ব স্বাস্থ্য সংস্থাই কৰিব?

দন্তৰামঃ ঠিক আছে তোমাৰ কথামতেই বাৰু ভেক্চিন ওলাল। তাৰ পাছত?

সন্তৰামঃ দুৰ্নীতি পৰায়ণ আৰু ভ্ৰষ্টাচাৰী মানুহবোৰক ধৰি ধৰি ঠিক পাছফালৰ টপিনাতে এই ইঞ্জেকচনটো দি দিব লাগে। এমাহতে চৰকাৰী প’লিঅ’ নিৰ্মূল হোৱাৰ দৰে দুৰ্নীতি-ভ্ৰষ্টাচাৰ সমুলঞ্চে নিপাত হ’ব।

দন্তৰামঃ তুমি আকাশত নহয় আকাশৰো ওপৰ ফালে চাং পাতিছা। আমাৰ পৰম পূজনীয় দুৰ্নীতিৰ চৰ্দাৰসকলে তোমালোকৰ সমুখত টিকাবোৰ পাতি দিব নহয়নে? তেনে এটা ইঞ্জেকচন থকা বুলি জানিলে তেওঁলোকে কোনো বেমাৰৰে ইঞ্জেকচন ল’বলৈ মান্তি নহ’ব। চেলাইনো নল’ব। সকলো দৰৱ-জাতি খোৱা বন্ধ কৰি দিব। প্ৰেছাৰ, ডায়েবেটিছৰ ঔষধো বন্ধ কৰি দিব। চিকিৎসা নোহোৱাকৈ সকলো মৰি হাজি শেষ হ’ব।

সন্তৰামঃ এ, সেইটো বৰ বেয়া কথা হ’ব। দুৰ্নীতি কৰিলে বুলিয়েই তেওঁলোকক তেনেকৈ লেলাই-ধেন্দাই মৰিবলৈ এৰি দিব পাৰি নেকি? কৰ্তাবোৰ মৰিলে কৰ্ম, কৰণ, সম্প্ৰদান, অপাদান, অধিকৰণসকলৰ কি অৱস্থা হ’ব?  বিভক্তি, প্ৰত্যয়, উপসৰ্গ, অনুসৰ্গ, বিসৰ্গ, চন্দ্ৰবিন্দু, ৰেফ-আলেফ বিলাকৰ অৱস্থা কি হ’ব? দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰী ডা-ডাঙৰীয়াসকল নাথাকিলে গোটেই মৰ্ত্যলোকত মৰিশালীৰ নিৰ্জনতাই বিৰাজ কৰিব। গতিকে তেওঁলোকক প্ৰাণে মৰাৰ ব্যৱস্থা নকৰিবা।

।।এটা সমসুৰীয়া কৌতুক।।

ধনৰ বলত এজন ভ্ৰষ্টাচাৰী মানুহে কেনেকৈ ৰক্ষা পৰিল তাৰে কাহিনী। সন্তৰামে আৱিষ্কাৰ কৰা দুৰ্নীতি নিবাৰক ইঞ্জেকচনটো ভ্ৰষ্টাচাৰীৰ টিকাত দি দিয়া হ’ল। ভ্ৰষ্টাচাৰীয়ে একো গমেই নাপালে। ডাক্টৰে আচৰিত হৈ ক’লে,-

“ইমান ডাঙৰ ইঞ্জেকচনটো দিলোঁ, আপুনি দেখোন কেটকুটকে নকৰিলে! কথাটো কি?”

কথাটো আন একো নহয়- ধনৰ বল। ডাক্টৰে ভ্ৰষ্টাচাৰীৰ বেক পকেটত থকা মানি বেগটোতে আচলতে ইঞ্জেকচনটোৰ সমস্ত ঔষধ ঢালি দিলে। মানিবেগত পাঁচ হাজাৰ টকা আছিল। টকাৰ জোৰতে তেওঁ এক মহা অথন্তৰৰ পৰা ৰক্ষা পৰিল।

☆★☆★☆

13 Comments

  • পঢ়ি খুব ভাল লাগিল।??????????????????????????????????

    Reply
  • Padma Gogoi

    কৰ্ম , কৰণ,সম্প্ৰদান, অপাদান, অধিকৰণসকলেই কৰ্তাক কাতি হ’বলৈ নিদিয়ে , মিহি মিহিকৈ তেওঁলোকো জড়িত যে !

    Reply
  • Asomi Gogoi

    কি সুন্দৰ!

    Reply
  • ছয়নিকা বৈশ্য

    ধুনীয়া ?

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    ভাল লাগিল পঢ়ি। আগলৈও এনেকৈ এইখন আলোচনীত আপোনাৰ লেখা পঢ়িবলৈ পাম বুলি আশা ৰাখিলোঁ‌ ছাৰ।

    Reply
  • বৰ্ণালী

    অৰ্থব্যহ ব্যঙ্গ৷বৰ ভাল পালোঁ পঢ়ি

    Reply
  • অবিনাশ

    ভাল লাগিল

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰ, বৰ ভাল লাগিল

    Reply
  • গীতালি

    খুব ভাল লাগিল পঢ়ি চাৰ

    Reply
  • খুবেই ভাল লাগিল।

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply
  • Arup Das

    Mojaah

    Reply
  • অশ্বিনী মোহন শৰ্মা

    হাঃ হাঃ হাঃ বৰ ভাল লাগিল ????? বৰ ধুনীয়া বিষয়বস্তু।আৰু তাৰ পাৰ্শ্বক্ৰিয়া সমূহৰ বিশ্লেষণ খিনি পঢ়ি বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *