ফটাঢোল

হৃদয় মোৰ এক যুদ্ধকক্ষ –ভাস্কৰ জ্যোতি বৰুৱা

চাহপাত ঢলাৰ ঠিক আগমুহূৰ্তটোত ষ্টো’ভৰ ওপৰত থকা পানীখিনিৰ দৰে মগজটো বকবককৈ উতলি উঠিল। হেৰৌ, আজি ডেৰ বছৰেও পাহৰিব পৰা নাইনে? আকৌ এই আক্ৰমণ যে! শান্তিৰ বাবে কৰা উপেক্ষাক বহুতে দুৰ্বলতা বুলিয়েই ভাৱে। শুভাকাংক্ষী (যুদ্ধাকাংক্ষী?)ৰ মো’বাইলেৰে বাগৰি অহা স্ক্ৰীণ শ্বটটো আকৌ এবাৰ পঢ়িলো। হঠাৎ মোৰ ভয় লাগি গ’ল নিজৰ খঙটোৰ উমান পায়। মনত পেলাবলৈ যত্ন কৰিলোঁ –  আজি ৰাতিপুৱা প্ৰেছাৰৰ দৰৱটো খালো নে নাই। খাইছোঁতো,  মনত পৰিল। এইবাৰ এটা সুৰক্ষা বেষ্টনীৰ মাজত থকা যেন অনুভৱ হ’ল। তেতিয়াহ’লে এটা সীমালৈকে খং খাব নিশ্চয় পাৰি। ইফালে দস্তুৰমত এই ক্ৰোধৰ ন্যাযতা আছে।

“হেৰা, বজাৰলৈ নোযোৱা কিয়? মোক প্ৰিপেৰেছন কৰিবলৈ সময় লাগিব নহয়।“– কোঠাটোলৈ সোমাই আহি পত্নীয়ে ক’লে। দ্বিতীয় বাৰৰ বাবে তেওঁ সোঁৱৰাই দিছে।

খঙটোৱে আৰু এটা স্তৰ অতিক্ৰম কৰিলে। হেৰৌ, মানুহটোক ছ’চিয়েল মেডিয়াত আনে অপমান কৰিছে,  এওঁৰ মন আক’ বিৰিয়ানীতেই আবদ্ধ। অলপতে খাদ্যৰ গ্ৰুপ এটাত সোমাই লৈছে মানুহজনী। ৰন্ধাৰ চখ নতুনকৈ উঠিছে। আজি বিৰিয়ানী ‘ট্ৰাই’ কৰে বোলে। চ’চিয়েল মিডিয়াত মোৰ খং প্ৰকাশ কৰিলেও তেনে ভুল ঘৰত নকৰিবলৈ চেষ্টা কৰোঁ।

“‘লোকেল’কেই আনো দিয়া।“– মই ক’লো।

“না নহ’ব,  ব্ৰইলাৰেই লাগিব। ৰেচিপিটোত ব্ৰয়লাৰ বুলি লিখা আছে। লোকেলৰ নামত বয়সস্থ এটা বা এজনী আনি দিবা। গোটেইখন বৰবাদ হ’ব।“- শ্ৰীমতীয়ে প্ৰতিবাদ কৰি উঠিল।

“হৌৰা, পুৰণি কালত ক’ত ব্ৰয়লাৰ আছিলহে?  ‘লোকেল’তেই ৰন্ধা নাছিল জানো মোগল বাদছাহৰ ৰান্ধনিয়েও?”

“ এই মানুহটোক নোৱাৰি আৰু! যি আনা আনা। টুকুৰাবোৰ ডাঙৰ লাগিব কিন্তু মোক। কিন্তু লোকেল আনি পাছত টানি থাকিবলগীয়া হ’লে মোক নুদুষিবা।“– উচাৎ মাৰি শেষ সিদ্ধান্তটো মোলৈ এৰি তেওঁ গ’লগৈ।

অলপ অসহায় অনুভৱ কৰিলোঁ। খোৱাৰ পাতত ৰান্ধনীক ভুল ধৰাৰ অধিকাৰকণ খৰ্ব কৰিবলৈ মন নগ’ল। প্ৰকৃততে আজি অন্য এটা বিষয়তহে মানুহজনীয়ে এনেদৰে উচাৎ মাৰি ‘যি কৰা কৰি থাকা’ বুলি মোক মোৰ ওচৰত এৰি দিয়াহেঁতেন পৰম সৌভাগ্য বুলি গ্ৰহণ কৰিলোঁ হয়। কিন্তু মই নিশ্চিত জানো, তেওঁ সেইটো প্ৰসংগত ওলোটাই ৰণচণ্ডী মূৰ্তিহে ধৰিব। তথাপি এবাৰ ভাবি চালোঁ। সপোন দেখাততো বাধা নাই! মোৰ কাল্পনিক আবেদন,-

“ হেৰা, আজি মুড বেয়াহে। দুই বা তিনি পেগ খাম কিন্তু।“

“ যিমান খোৱা খাই থাকা। মোক এইবোৰ নুসুধিবা। সেইবোৰ ওলালে মই কিন্তু একেলগে খাবলৈ ৰৈ নাথাকিম। ৰাতিৰ খানা যেতিয়া খোৱা খাই থাকিবা। মই ঢাকি থৈ দিম টেবুলত।“- উচাৎ মাৰি তেওঁৰ প্ৰস্থান।

আঃ, শ্ৰীমতীৰ ডায়লগৰ গোটেইখিনি শব্দ, বাক্য নিজৰ আকাংক্ষা অনুসৰি সজাই ল’লোঁ দেখোন! কিন্তু এক মিশ্ৰিত অনুভৱ। সুখৰ, কিয়নো এক গোলাপী সপোনত বুৰ যোৱা মাদকতাই খন্তেকৰ বাবে হ’লেও মোক চুই গ’ল। দুখৰো, কাৰণ ঠিক পাছ মুহূৰ্ততে মোৰ বিবেকে সোঁৱৰাই দিলে – এই কল্পনা বাস্তৱ হোৱাৰ কোনো আশা নাই। নাঃ, বাস্তৱক অস্বীকাৰ কৰি বেছি দূৰ আগুৱাব নাপায়। শেষত নিজেই কষ্ট পোৱা যায়। সেই সৌভাগ্য মোৰ কপালত যে নাই, সেয়া মানি লোৱা ভাল। যিদৰে চলি আছে মানে লুকাই চুৰকৈ অলপ ধৰি আহি তেওঁৰ সন্মুখত নিচা নধৰাৰ অপূৰ্ব বাস্তৱ অভিনয়ৰে পূৰ্বৰ দৰেই চলাই যাব পাৰিলেই হ’ল। দেৱালৰ ঘড়ীটোলৈ চালোঁ – ৰাতিপুৱা ৮ টা। অফিচলৈ যোৱাৰ আগতেই মই বজাৰখিনি আনি দি যাবলৈ সাজু হ’লো। চাল্লা, এতিয়াও কিছুমান অৰ্ধসত্য কৈ মিছা অপবাদ দি তাচ্ছিল্য কৰিবলৈ এৰা নাই, হুহ! আকৌ মোৰ মন উভতি গ’ল প্ৰাসংগিক বিষয়টোলৈ। এবাৰ আকৌ ঘূৰি চালো পলকতে সেই সমস্ত সময়।

ফেচবুক গ্ৰুপ এটাত দাদা এজনে ভৰাই দিছিল। এদল হাস্যৰসিকৰ এটা ক্লো’জড গ্ৰুপ। সোমায়ে অবাক। ধেমালি-ধুমুলাৰ পাঞ্চেই বেলেগ। যেনেকুৱা পৰ্যায়ত পুৰণি বন্ধুকে ক’বলৈ অসুবিধা তাৰ ওপৰৰ পৰ্যায়ত জেষ্ঠ – কণিষ্ঠ নিৰ্বিশেষে নিৰ্দোষ ধেমালি কৰি আছে। লাহে-লাহে ময়ো ভাগ লোৱা হ’লোঁ। কিন্তু সদায় ভাল দিনবোৰ অতি ক্ষীপ্ৰতাৰে শেষ হোৱাৰ তত্ত্বটো ইয়াতো প্ৰযোজ্য হ’ল। ভুল বুজাবুজি। মীমাংসালৈ আহিও মীমাংসা নোহোৱাত কেইজনমান সতীৰ্থৰ এটা নতুন গ্ৰুপ গঠন। এদিন দেখা পালো সেই নতুন গ্ৰুপৰ পৰা মোলৈ নিমন্ত্ৰণ। চিনাকি মানুহ দেখি সেই নিমন্ত্ৰণ গ্ৰ্হণ কৰিলোঁ। অভাৱনীয়ভাৱে মোক এজন অন্যতম এডমিন পাতিলে। মই না কৰিব নোৱাৰিলোঁ (প্ৰশাসক হোৱাৰ এটা সুপ্ত বাসনা মোৰো আছিল দিয়কচোন)।

নতুন গ্ৰুপটোৰ যাত্ৰা আৰম্ভ হ’ল। লগে-লগেই আৰম্ভ হ’ল পুৰণি গ্ৰুপৰ একনিষ্ঠ কিছু হাস্যকৰ্মীৰ লগত নতুন গোটৰ হাস্যকৰ্মীসকলৰ এখন গেং ৱাৰ। কোনো ব্যস্ত চহৰৰ ৰাজপথত অতৰ্কিতে আৰম্ভ হৈ যোৱা নিৰ্মম,  নৃশংস ধাৰাবাহিক আক্ৰমণ-প্ৰত্যাক্ৰমণবোৰত হোৱাৰ দৰেই ফেচবুকৰ আলি-পদুলি প্ৰায়ে ৰক্তাক্ত হ’বলৈ ধৰিলে। চিনাকি বহুজনে নিজৰ আবেগত হোৱা ক্ষত স্থান লুকুৱাবলৈ অক্ষম হৈ পৰিল। কিন্তু সকলোৰে নিজৰ সপক্ষে অকাট্য যুক্তি। পৰিণতি – ভুল বুজাবুজিৰ বৃদ্ধি। ক্ষোভত ৰ’ব নোৱাৰি যদি কোনোৱে অসংবিধানিক কিবা এষাৰ টাইপ কৰি পালে, কিছু সময়ৰ পাছত সন্বিত ঘূৰি আহি মছি দিলেও নিস্তাৰ নাপাইছিল। স্ক্ৰীণ শ্বটৰ ৰূপ লৈ সেইবোৰ সোমাইছিলগৈ বিপক্ষৰ সদস্যৰ মো’বাইলে মো’বাইলে। সেই বিলাককে সম্বল কৰি আকৌ একোটা প্ৰৰোচনামূলক আপডেট আহিছিল ঠিক বাংকাৰত থকা বিপক্ষৰ সৈন্যক মুকলিলৈ উলিয়াই আনিবলৈ কৰা চেষ্টাৰ দৰে। অন্য এটা ভুল কৰিবলৈ বাধ্য কৰোৱা এক মনস্তাত্ত্বিক যুদ্ধৰ কৌশল।

যেতিয়া দেখিলো দুয়োটা গ্ৰুপত একেসময়তে থকাটো বিপদজনক হৈ উঠিছে, দুই এজন নিমাখিত সদস্যক ইতিমধ্যেই চোৰাংচোৱা বুলি সন্দেহ কৰা আৰম্ভ হৈছে পুৰণি গোটটোত,  মই সেই গ্ৰুপটোৰ পৰা নিঃশব্দে আঁতৰি পৰিলো। ইচ্ছা – অন্ততঃ ব্যক্তিগত সম্পৰ্কবোৰ ভাল হৈ থাকক। কিন্তু নাথাকিল। সেই ঘটনাৰ ডেৰ বছৰৰ পাছত মই দিয়া এটা সাধাৰণ আপডেটক উদ্ধৃতি হিচাপে টানি লৈ (কিছু সংযোগ কৰি লৈছে গালি পাৰিবলৈ সুবিধা হোৱাকৈ) এয়া আকৌ মোক নতুনকৈ তাচ্ছিল্য।

“আহক দা, কিমান ডাঙৰ দিম?  মজ্জা মাল আহিছে”-  আব্দুলে মাত দিলে। লগতে “লোকেল”ৰ সঁজাটো খুলি সৰু পোৱালি এটাৰ ঠেঙত ধৰিলেই।

‘আজি “লোকেল” নালাগে দিয়া, ব্ৰয়লাৰ এটাকে দিয়া। পিচ্চবোৰ মাত্ৰ ডাঙৰ ডাঙৰ কৰিবা। বিৰিয়ানীৰ পিচ্চ, বুজিছা নহয়?’ -মই ক’লো। মনত পৰিল কেইদিন মানৰ আগতে “লোকেল” পোৱালি এটা কিনি ব্ৰয়লাৰ মাংসৰ অপকাৰিতাৰ বিষয়ে এটা দীঘলীয়া বক্তৃতা দি গৈছিলোঁ। অত্যধিক এণ্টিবায়টিক, হ’ৰমনৰ বেজি আৰু যে কত কি! যিবোৰ কথাত আব্দুলৰ আছিল পূৰ্ণ সমৰ্থন। সি ব্ৰয়লাৰৰ সঁজাটো খুলি এটা নে এজনী আনি পাল্লাত উঠালে আৰু ব্ৰয়লাৰৰ সম্পৰ্কে প্ৰশংসাসূচক মন্তব্য ৰাখিবলৈ ধৰিলে। বৰ বুজন ল’ৰা। গ্ৰাহকক অপ্ৰস্তুত হ’বলৈ নিদিয়ে। অ’, মোৰ ফেচবুক ফ্ৰেণ্ডও দেই এই আব্দুল। চেঞ্চ অৱ হিউমাৰ ভালেই ল’ৰাটোৰ। কিন্তু কিছুদিনৰ আগতে পাল্লাত মুৰ্গী এটা উঠাই “আল্লাই নিদিলে পাল্লাই দিব” -বুলি কেপচনেৰে ফটো এখন দি বিতৰ্কৰ চাকনৈয়াত পৰি কেইদিনমান ফেচবুকৰ পৰা অব্যাহতি লৈ আছে। সেয়ে হয়তো মোক কৰা আক্ৰমণ তাৰ চকুত পৰা নাই আৰু প্ৰসংগটো এতিয়ালৈকে সি  উলিওৱা নাই। হ’ব, ঠিকেই আছে। মই মাংসখিনি কাটিবলৈ দি গেলামালৰ দোকানলৈ গ’লো।

“এক কেজি ভাল বাচমতি দিয়াহে,”- মই ক’লো।

“দাদা, পায়স বনাব?”- হাঁহি হাঁহি জগদীশে সুধিলে। মাৰোৱাৰী ল’ৰা। ভাল অসমীয়া কয়। দেউতাকে পতা দোকান। ‘এম আৰ পি’তকৈ তলত দাম লয়। দোকান খুউব চলে। ভীৰ নুগুচেই। যদিও দোকানৰ নাম হনুমান ভাণ্ডাৰ,  অঞ্চলটোৰ মানুহৰ মুখত জনপ্ৰিয় ‘মাৰোৱাৰী হ’লচেল’ হিচাপে।

অলপ হতাশ হ’লো। জগদীশে বাৰু মই বিৰিয়ানী খাব পৰাকৈ সমৰ্থবান বুলি নাভাবে নেকি?  নিজকে প্ৰশ্ন কৰিলোঁ। হ’ব, ‘বিৰিয়ানী মছলা’টো খোজোঁতে গম পাব নহয় আজি।

“দাদা, এইটো লওক। এক নম্বৰ মাল,”- বাচমতি চাউলৰ এককেজিৰ পেকেট এটা মোলৈ আগবঢ়াই দিলে জগদীশে।

হাতত পেকেটটো লৈ চাউলৰ দৈৰ্ঘতা চোৱাতকৈ দাম চোৱাত লাগিলো। ১৩০ টকা! বয়লাৰ মাংসৰ সমানেই দাম দেখোন! খুব সম্ভৱ মোৰ মুখমণ্ডলৰ আতংকক লুকুৱাবলৈ সক্ষম নহ’লো।

“দাদা, এইটো ল’ব পাৰে। খোলা হ’লেও খুব বঢ়িয়া। এইবাৰ ঈদত এইটোৱেই মেক্সিমাম বেচিছোঁ,”- প্লাচটিকৰ বস্তা এটাৰ পৰা হাতত কেইটামান চাউল মোৰ চকুৰ আগলৈ আনি জগদীশে ক’লে। “৬৫ টকা কেজি,”- মোৰ আতংকক প্ৰশমিত কৰিবলৈ চেষ্টা কৰিলে সি। এইক্ষেত্ৰত সি সম্পূৰ্ণ সফল।

বজাৰ শ্ৰীমতীক জমা দি বাথৰুমত সোমালো। মগজুলৈ আকৌ ঘূৰি আহিল ফেচবুকৰ তাচ্ছিল্যৰ প্ৰসংগ (আঁতৰি গৈছিলোনো কেতিয়া?)। এঘড়ী যুঁজাৰ তীব্ৰ বাসনা এটা মনটোত জাগ্ৰত হ’বলৈ ধৰিলে। হুহ, কি বুলি ভাবিছে?  মোৰ কলমত কি জোৰ নাই? কিন্তু এইবাৰ এনেয়ে নহয়। সম্পূৰ্ণ অনুশীলন কৰিহে আগবাঢ়িম। শেষলৈকে যুঁজিম। গাত পানী ঢালিলো। গা শাঁত পৰিলেও নপৰিল হৃদয়। হৃদয় এতিয়া মোৰ যুদ্ধকক্ষ মানে ‘ৱাৰ ৰুম’।

*****

সন্ধিয়া লেপটপত গুগো’লত চাৰ্চ কৰিলোঁ ফেচবুক যুঁজ সম্পৰ্কীয় তথ্য বিচাৰি। এইবাৰ নেৰিছোঁ। গুগো’লত ‘ফেচবুক ফাইট’  বুলি টাইপ কৰি খুব জোৰেৰে ‘এণ্টাৰ’ কীটো টৰ্জ্জনী আঙুলিৰে খাটাককৈ ডবাই হাতখন ষ্টাইলত ওপৰলৈ তুলি ধৰিলোঁ। অলপ তল-ওপৰ কৰি থাকোঁতে চকুত পৰিল – ‘হাউ টু উইন অ্যা ফেচবুক আৰ্গুমেণ্ট,  একৰ্ডিং টু চাইন্স’। ৰৈ গ’লো। এৰা, মোক বিজ্ঞানসন্মত সমিধানেই লাগে। মোৰ সন্মুখত এতিয়া কৰ্ণেল ইউনিভাৰছিটিৰ গৱেষক চেনহাও টেনৰ উপদেশমালা –

“ৰেচপণ্ড টু দি ইনিচিয়েল ষ্টেটমেণ্ট চুনাৰ”।

আঃ, আগতেই যদি পঢ়ি ল’লোঁহেঁতেন এই উপদেশ। কাজিয়া নকৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ সলনি শক্তি শেলৰ সন্ধান কৰা উচিত আছিল। ভুল হৈ গ’ল।

“ৰেচপণ্ড ইন গ্ৰুপ”। এৰাতো, দলবদ্ধ আক্ৰমণৰ চোকেই সুকীয়া। কত অকলশৰীয়া শক্তিশালী যোদ্ধা বিধস্ত হোৱা দেখিছোঁ। পতিয়ন গ’লোঁ।

তৃতীয় উপদেশ – প্ৰতিদ্বন্দীক অলপ ‘যা তা’  দি দিব লাগে। মাত্ৰ লক্ষ্য ৰাখিব লাগে যাতে সেই ‘যা তা’ উত্তৰৰ সংখ্যা ৩-৪ টাতকৈ বেছি নহয়। ঠিকেইটো কাজিয়া দীঘলীয়া হ’ব নালাগে। পাঞ্চ শক্তিশালী হ’ব লাগে।

গৱেষকগৰাকীৰ এটা অন্যতম উপদেশ – ডু নট এক্ট টু ইনটেন্স। এৰা, চাপত থাকিও ‘কুল’ দেখাব নোৱাৰিলে মিছা।

লিখিত উত্তৰ দীঘল হোৱাটো বাঞ্চনীয় বোলে। শেষত যিটো কথা মোৰ আটাইতকৈ মনে খালে – বিপক্ষই যিটো প্ৰাৰম্ভিক বিষয়ত বিতৰ্কৰ সূচনা কৰিছিল তাৰ সঠিক উত্তৰ নাথাকিলে প্ৰত্যুত্তৰৰ ভিত্তি সলনি কৰিবলৈ যত্ন কৰিব লাগে সেইটো বিষয়লৈ, যিটোত সিজন দুৰ্বল। মানুহজনৰ গ্ৰহণযোগ্যতাক নস্যাত কৰিব পৰাটোহে মূল কথা। বাহ! কি কৌশল!! গ’ল দিব পৰা নাই,  গ’ল পষ্ট সলনি কৰক।

মোৰ মন ভৰি পৰিল। বিজয়ৰ গোন্ধ যেন আগতীয়াকৈ পালো।

“হেৰা, বিৰিয়ানীৰ গোন্ধ কেনে পাইছা?” – কোঠাত প্ৰবেশ কৰাৰ পুৰ্বেই প্ৰশ্নটো সুধি শ্ৰীমতী মোৰ কাষলৈ আহিল।

মন ভাল লাগি থাকিলে সকলো ধুনীয়া যেনেই লাগে। এটা দীঘলীয়া উশাহ ভিতৰলৈ টানি লৈ কলোঁ –

“ আঃ, সুন্দৰ” (অলপ অভিনয়ো আছে অৱশ্যে)।

সন্তুষ্টিৰ হাঁহি মাৰি শ্ৰীমতীয়ে ক’লে – “টেষ্ট কৰিবলৈ অলপ আনিম বাৰু। প্ৰেচাৰ কুকাৰটো অলপ ঠাণ্ডা হওক”।

তেওঁ গ’লগৈ। মই আকৌ লেপটপত চকু থ’লো – এনে ধৰণৰ আৰু সমীক্ষা আছে নেকি তাক চাবলৈ।

ই কি! যুদ্ধ বিজয়ৰ পৰিকল্পনাত থকা অৱস্থাত এনে ঋণাত্মক শিৰোনাম ভাল নালাগিল – ইউ কাণ্ট উইন ডেট ফেচবুক ফাইট। তথাপিও নপঢ়োঁ নপঢ়োঁ বুলি পঢ়িবলৈ আৰম্ভ কৰিলোঁ – ফেচবুকৰ যুদ্ধ বোলে উভয় পক্ষৰ পৰাজয়ৰে শেষ হয়। কাৰণ আমাৰ ৬৫ শতাংশ যোগাযোগ হেনো শব্দবিহীন। যিটোৰ ব্যৱহাৰ ফেচবুকত সম্ভৱ নহয়।

২০১২ চনৰ এটা সমীক্ষামতে ১৫ শতাংশ বয়স্ক আৰু ২২ শতাংশ কৈশোৰৰ বন্ধুত্ব শেষ হয় ফেচবুকৰ কথোপকথনত। ৩ শতাংশ বয়স্ক আৰু ৮ শতাংশ কৈশোৰৰ ফেচবুকৰ কাজিয়া বাস্তব জীৱন পাইগৈ! ইমান নিগেটিভ কথা! পঢ়া বাদ দিলো।

“খোৱা,” – শ্ৰীমতীয়ে সৰু বাতি এটাত বিৰিয়ানী অলপ আনি মোৰ কাষত থ’লে। মোৰ চৌপাশ ভোক লগাব পৰা গোন্ধ এটাৰে ভৰি পৰিল।

লেপটপটোৰ পৰা চকু আঁতৰালো। মোৰ ভিতৰৰ ফেচবুক যোদ্ধাজনক কাষলৈ ঠেলি এজন খাদ্যৰসিক আগুৱাই আহিল।

“নিমখেই নিদিলা দেখোন!”- মই চিৎকাৰ কৰি উঠিলোঁ।

“ইয়ে হয় নেকি?  গোটেইখিনি বিৰিয়ানী বাতি এটাত সজাই পেলালো নহয় ফটো ল’বলৈ,” –  শ্ৰীমতীয়ে ক’লে। “হ’ব দিয়া কাঁহীৰ কাষত নিমখ লৈ খাবা। ৰঙটো কিন্তু সঁচাই ধুনীয়া উঠিছে ন?  চোৱানা, লাইক কমেণ্ট আহিবলৈ ল’লেই।”। মোৰ চকুৰ আগত মো’বাইলটো ধৰি ফেচবুকত তেওঁৰ কিছু সময়ৰ আগতে দিয়া বিৰিয়ানীৰ আপডেটটোৰ ফটোকেইখন দেখুৱাবলৈ ধৰিলে। সেই মুহূৰ্তলৈকে অহা কমেণ্ট কেইটা পঢ়ি দিলে। আপডেটটো লাইক কৰা সকলৰ নাম উল্লেখ কৰি যাবলৈ ধৰিলে।

বুজিলো, ৬৫ শতাংশ অশাব্দিক যোগাযোগেৰেও মই তেওঁক একো বুজাব নোৱাৰিম। অলপ আগতে পঢ়া লেখাটোত ইউনিভাৰ্ছিটি অব নৰ্থ ফ্লৰিডাৰ মনস্তত্ত্ব বিভাগৰ এচ’চিয়েট প্ৰফেচাৰ ড° ট্ৰেছি এল’ৱে কোৱা কথাখিনি ঘপককৈ মনত পৰিল – ডপামাইন বোলে এটা ‘ফিল গুড’ হৰমন। যেতিয়া আমি নিজৰ কথা কওঁ তেতিয়া ই নিসৰণ হয়। ইয়াৰ ফলত কিবা সাংঘাতিক ভাল খোৱাৰ সমানেই আনন্দ পাওঁ। এই নিমখ বিহীন সেৰেকা বিৰিয়ানীৰ আপডেটটোৰেওতো শ্ৰীমতীয়ে নিজৰ ৰন্ধন কলাৰ সম্পৰ্কেই ফালি আছে। ফলত এতিয়া কিজানি এওঁৰো দেহৰ ভিতৰত ডপামাইন সৰসৰাই ওলাইছে! সেই ভাল লগাৰ বিৰোধ কি পৰ্যায়ৰ বুৰ্বকামী হ’ব সেয়া বুজিবলৈ মোৰ কি আজিও বাকী আছে?  মই আগ্ৰহ দেখুৱাই সকলো চাই গ’লোঁ,  শুনি গ’লোঁ। শেষত ক’লোঁ –

“কমেণ্ট কৰা সকলক লাইক নহয়,  লাভ চিন একোটাকৈ দিয়া আক’”।

উপদেশটো শ্ৰীমতীৰ হয়তো মনঃপূত হ’ল। শলাগ এটা লৈ তাই কোঠাটোৰ পৰা ওলাই গ’লগৈ। মই আকৌ লেপটপত গুগো’ল চাৰ্চ কৰোঁ বুলি ভাবোঁতেই মো’বাইলটো বাজি উঠিল।

বীৰেণ দেখোন! স্ক্ৰীণত বীৰেণৰ নামটো দেখিয়েই মনটো বুজাব নোৱৰা আনন্দৰে ভৰি পৰিল। বীৰেণৰ আগমণ ঘটিল যেতিয়া সমাধানো বেছি দূৰত থাকিব নালাগে।

“কোৱা ডেকা ল’ৰা,  বহু দিনৰ মূৰত। কি খবৰ?”

“আছো দাদা,  আপোনাৰ?

দেৰি নকৰিলোঁ। প্ৰসংগটো উলিয়ালো। জানি আচৰিত হ’লো – সেই আপডেটটো দেখিয়েই সি বোলে মোলৈ ফোন কৰিছে। অলপ আগতে পঢ়া সকলো জ্ঞান বমি কৰি তাৰ ওচৰত স্মাৰ্ট হোৱাৰ চেষ্টা কৰি থাকোঁতে সি হঠাৎ কৈ উঠিল –

“দাদা, পূৰ্ব প্ৰস্তুতিৰে শক্তিশালী আক্ৰমণ কৰিবলৈ হ’লে কৌশলী, নিয়মানুবৰ্তিতা মানি চলা চোৰাংচোৱা বাহিনী আপোনাৰ থাকিব লাগিব। ধৰিব নোৱৰা ফেক একাউণ্ট হৈ শত্ৰুপক্ষৰ শিবিৰত পৰি থাকিব লাগিব। ডাঁৰৰ বাতৰি ডাঁৰে আপুনি পাই থাকিব লাগিব। তেহে যুদ্ধ জয়ৰ সম্ভাৱনা বাঢ়িব আপোনাৰ।”

“ মানে কেনেকুৱা কৌশল আৰু নিয়মানুবৰ্তিতাৰ কথা কৈছা?”- বুজিব নোৱাৰি প্ৰশ্ন কৰিলোঁ।

“সেই যে অলকেশদাই লেখিছিল – একদম ‘মস্কো ৰুল’ ফ’ল’ কৰা চোৰাংচোৱা,”- বীৰেণে ক’লে।

লেখাটো ময়ো পঢ়িছোঁ। আমেৰিকাৰ চি আই এৰ চোৰাংচোৱাই মস্কোত থাকি চোৰাংচোৱাগিৰি কৰিবলৈ নিৰ্মাণ কৰা নিয়মানুৱৰ্তিতাৰ এলানি সাংঘাতিক নিয়ম। সেইসকল চোৰাংচোৱাই অনুমানত একো নকৰে। নিজস্ব অনুভূতিৰ বিৰুদ্ধে নাযায়। সকলো বিপক্ষৰ নিয়ন্ত্ৰণত আছে বুলি বিশ্বাস কৰে। পিছলৈ কেতিয়াও ঘূৰি নাচাই – কাৰণ চোৰাংচোৱাজনে বিশ্বাস কৰে যে তেওঁ কেতিয়াও একেবাৰে অকলশৰীয়া নহয়। এনেকুৱা ১০ টা নিয়ম আছিল। ৱাচিংটন ডি চিত থকা ‘ইণ্টাৰনেচেনেল স্পাই মিউজিয়াম’ত সেইকেইটাৰ উল্লেখ আছে বুলি উইকিপেডিয়াত পঢ়া মনত পৰিল। তথাপি বীৰেণৰ উপদেশটো মোৰ খাপচৰা যেন লাগিল।

“মই হাস্যকৰ্মীহে,  এনেদৰে এইবোৰ কামত যদি ব্যস্ত থাকোঁ, হাস্য-ব্যংগৰ প্ৰসাৰ কেতিয়া কেনেকৈ কৰিমহে? মানে লিখিম কেতিয়া?”-  প্ৰশ্ন কৰিলোঁ।

“দাদা, যিদৰে সীমান্তত সৈন্য-বাহিনীয়ে আমাৰ বাবে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি অহৰহ যুদ্ধ-বিগ্ৰহত ব্যস্ত থাকিব লগা হয়, তেনেকৈ হাস্য-ব্যংগৰ বাবে আপোনালোকৰ কেইজনমানে এনে কষ্ট স্বীকাৰ কৰিবই লাগিব দিয়কচোন”।– বীৰেণে ক’লে। “তদুপৰি মোৰ মনে কয়,  আপুনি লেখাতকৈ ফেচবুকৰ যুদ্ধ-বিগ্ৰহৰ জৰিয়তেহে ৰাইজক হাস্য-ব্যংগৰ সোৱাদ বেছিকৈ দিবলৈ সক্ষম হ’ব। ফেমাচো হ’ব পাৰিব”।

*****

কথা আমাৰ কেতিয়াবাই শেষ হ’ল। মাথো “ৰৈ গ’ল অৱশেষ অমিয়া জোকাৰ”!

বীৰেণৰ দৃষ্টিত হাস্য-ব্যংগৰ ক্ষেত্ৰখনলৈ মোৰ যোগ্যতাৰে দিব পৰা প্ৰকৃত অৰিহণা!!

এই বীৰেণটোও যে নহয়!!!

☆★☆★☆

17 Comments

  • সাংঘাটিক। বীৰেন আৰু বিৰিয়ানীৰে এক সবল উপস্থাপন। উচ্চস্তৰীয় ব্যংগ। ভাল লাগিল।

    Reply
  • Bijoy Mahanta

    ৱাহ ভাস্কৰদা ৱাহ।যুদ্ধত ব্যস্ত থাকিলে হাস্যৰস কেনেকৈ আহিব

    Reply
  • পাৰবীন

    এটা শব্দই নিগৰিল, “আঃ সুন্দৰ!”(অভিনয় অলপো নাই আপুনি লিখাৰ দৰে …

    Reply
  • Rintumoni Dutta

    সঁ‌চাই উচ্চস্তৰীয় ব্যংগ, খুব ভাল লাগিল ভাস্কৰদা।

    Reply
  • Asomi Gogoi

    অতি উচ্চমানৰ লেখা। ভাল লাগিল পঢ়ি।

    Reply
  • গীতিকা শইকীয়া

    অতি উচ্চমানৰ লিখনি। ব্যংগ আছেই, কিন্তু বৰ্তমানৰ সমাজৰ দৃশ্যবোৰ খুব সুন্দৰকৈ উপস্থাপন কৰিছে।

    Reply
  • Krishna Kanta Das

    ভাস্কৰ দা, পঢ়ি থাকোঁতে চকুত চলচিত্ৰ এখন চলি আছিল। বঢ়িয়া!!

    Reply
  • Manisha Kakati

    দাদা, ‘বীৰেণ’ চৰিত্ৰটো আপোনাৰ অনবদ্য সৃষ্টি। বীৰেণৰ হাতত হাতুৰি দি কামত লগাই দিয়ক পূৰা.. এফালৰপৰা গজাল মাৰি যাব।

    Reply
  • Krisshnaa

    দাদা, পূৰ্ব প্ৰস্তুতিৰে শক্তিশালী আক্ৰমণ কৰিবলৈ হ’লে কৌশলী, নিয়মানুবৰ্তিতা মানি চলা চোৰাংচোৱা বাহিনী আপোনাৰ থাকিব লাগিব। ধৰিব নোৱৰা ফেক একাউণ্ট হৈ শত্ৰুপক্ষৰ শিবিৰত পৰি থাকিব লাগিব। ডাঁৰৰ বাতৰি ডাঁৰে আপুনি পাই থাকিব লাগিব। তেহে যুদ্ধ জয়ৰ সম্ভাৱনা বাঢ়িব আপোনাৰ।”

    হাড়ে হিমজুৱে উপলব্ধি কৰা কথা ভাস্কৰ দা। বৰ ভাল লাগিল পঢ়ি।

    Reply
  • ৰাস্না বৰা

    ফেচবুকৰ আক্ৰমণ প্ৰতি আক্ৰমণৰ মহাৰণখনৰ আছিলাত গঢ় লৈ উঠা লেখাটো এটা উচ্চ ব্যঙ্গাত্মক ৰচনা বুলি একে আষাৰে কব পাৰি। ভাল লাগিল।

    Reply
  • ধূৰ্জ্জটি কাকতি

    নিজৰ কথা পঢা যেন লাগিল, বঢ়িয়া হৈছে

    Reply
  • Mayan Dev Choudhury

    বঢ়িয়া !?

    Reply
  • কুৰুক্ষেত্ৰ হওক যুদ্ধকক্ষয়ে হওঁক বীৰেণ থাকিবই। ভাল লাগিল পঢ়ি।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    সাংঘাটিক ভাস্কৰদা৷ধুনীয়া লাগিল৷

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    পঢ়ি চোৱা সকলোলৈকে আন্তৰিক ধন্যবাদ জনালোঁ‌।

    Reply
  • অবিনাশ

    বাঃ সুন্দৰ ব্যঙ্গ ৷

    Reply
  • বৰ ধুনীয়া লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *