ফটাঢোল

স্বয়ম্ভূ বিশেষজ্ঞ — ধূৰ্জ্জটি কাকতি

আমাৰ দেশত বহুত সমস্যা আছে,  মানে সমস্যাৰ আকাল কেতিয়াও নহয়। এইখন দেশত মধ্যবিত্ত হৈ জীৱন নিৰ্বাহ কৰা নিউজিলেণ্ডৰ চুইং পিটচত সাংঘাটিক পেচ বলিঙৰ বিৰোদ্ধে চেঞ্চুৰি মৰাৰ নিচিনাই কঠিন কাম৷ ট্ৰেফিক জাম,  বানপানী,  বৰষুণ সকলো নেওঁচি  ল’ৰা-ছোৱালীক সময়মতে স্কুলত থৈ ৰাতিপুৱা চাকৰিত সময় মতে গৈ পোৱাৰ পৰা সমস্যা যি আৰম্ভ হয়,  ৰাতি শোৱাৰ সময়ত কাৰেন্ট নথকাৰ ফলত বিচনী মাৰি থকালৈকে সমস্যা শেষেই নহয়৷ তাৰোপৰি মূল্যবৃদ্ধি,  ভেজাল খাদ্য,  ভ্ৰষ্টাচাৰ,  বন্ধ আদি এশ এবুৰি সমস্যা আছেই৷ কিন্তু তাৰ ওপৰিও মধ্যবিত্তৰ বাবে আন এটা ডাঙৰ সমস্যা হ’ল স্বয়ম্ভূ বিশেষজ্ঞৰ অনাকাংক্ষিত উপদেশ দিয়াৰ সমস্যা৷ মানে কিবা এটা কথাত আপুনি কাৰোবাক কৈ চাওকচোন, কাষে-পাজৰে থকা দহজন মানুহে আপোনাক এনে উপদেশ দিব যে আপুনি কোনটো লওঁ কোনটো নলওঁ বুলি বিবুধিতে পৰি যাব। কেতিয়াবা এনে হয় যে সেই উপদেশ দিয়া মানুহখিনিৰ মাজতে নিজৰ নিজৰ উপদেশবোৰ যে আনজনতকৈ ভাল সেইটো লৈ তৰ্ক-বিতৰ্কও হৈ যায়। আপুনি, মানে সমস্যাত পৰা জন সেই দৃশ্যটোৰ পৰাই হয়তো আঁতৰি যাবলৈ বাধ্য হৈ যাব, কিন্তু সমস্যা সমাধানৰ বাবে উপদেশ দিওঁতাসকলৰ যুক্তিৰ কেতিয়াও অন্ত নহয়।

আমাৰ দেশত খাবলৈ পৰিস্কাৰ পানী নেপালেও উপদেশ দিয়া মানুহৰ অভাৱ কেতিয়াও নহয়৷ মূৰ তুলিলেই চাৰিওফালে এনে পৰামৰ্শদাতা পোৱা যায়৷ এই মানুহবোৰৰ বিশেষত্ব হ’ল বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো বিষয়ৰ ওপৰত এওঁলোকৰ বিদগ্ধ জ্ঞান থাকে,  বিশ্বই নেলাগে মহাকাশৰ যিকোনো বিষয়তে এওঁলোকে উপদেশ দিব পাৰে৷ আইন, চিকিৎসা,  টেকনিকেল সকলো লাইনতে এওঁলোক পণ্ডিত হয়,  লাগিলে নিজে হায়াৰ চেকেণ্ডাৰীৰ পাছত আৰু একো নপঢ়কেই! ইয়াত তেনে কেইপ্ৰকাৰমান বিশেষজ্ঞৰ কথাই মূলতে আলোচনা কৰিছো৷

টেকনিকেল বিশেষজ্ঞঃ এই বিশেষজ্ঞ বিধে লাগিলে বিজ্ঞানৰ নামত ৰাজনীতি বিজ্ঞানো নপঢ়ক কিয়,  টেকনিকেল কথাত জ্ঞান দিয়াত এওঁলোক বহুত কাৰিকৰী জ্ঞান থকা মানুহতকৈ ওপৰত৷ এওঁলোক একো একোজন  টেকনো’ গুৰু৷ ধৰক আপুনি বহু ভাবি গুণী অলপ অলপকে টকা জমা কৰি,  নিজৰ সামৰ্থৰ বাহিৰৰ  দামী মডেল কেইটা বাদ দি,  অতি আশাৰে নিজৰ বাজেটৰ সম্পূৰ্ণ উজাৰি, ৰেঞ্জত পৰাকে নতুন মোবাইল,  টিভি বা ফ্ৰিজ এটা ল’লে,  এনে টেকনো’ গুৰুসকলে দেখাৰ লগে লগে ক’ব,-  “অমুক মডেলটো কিয় নল’লা,  অলপহে বেছি দাম,  এইটোতকৈ বহুত ভাল”৷

আপোনাৰ খঙে মুৰৰ চুলিৰ আগ পাবগৈ আৰু আপোনাৰ হয়তো ক’ব ইচ্ছা যাব,-“চাল্লা গাধ,  বাকী কম হোৱা টকাখিনি তোৰ বাপেৰে দিব নেকি?”  কিন্তু আপুনি নিজৰ ক্ৰোধ সম্বৰণ কৰি ক’ব লগীয়া হয়,- “নাই মোৰ এইটোৱে পচন্দ হ’ল, কিবা ভাল লাগি গ’ল”৷ লগালগ টেকনো’ গুৰুৱে ক’ব,-” মোক সুধি ল’ব লাগিছিল৷ অমুকক কিমান ভাল বস্তু লোৱাই দিছো, মোক সুধিবা নেক্সট টাইম৷”

মেদিকেল বিশেষজ্ঞঃ স্বয়ম্ভূ বিশেষজ্ঞৰ ভিতৰত আটাইতকৈ সহজলভ্য হ’ল এই বিশেষজ্ঞ বিধ। এইবিধ বিশেষজ্ঞ আমাৰ চাৰিওফালে পোৱা যায়৷ বেমাৰৰ লক্ষণ এটা শুনাৰ লগে লগে,  সি যিকোনো বেমাৰৰ লক্ষণ নহ’বও পাৰে,  এওঁলোকে সমস্ত বেমাৰটোৱে গম পাই যায়৷ এইমছ,  এপলো’ৰ ডাঙৰ ডাক্তৰেও যিবোৰ বেমাৰ টেষ্ট কৰাৰ পাছতহে গম পায় এওঁলোকে মানুহক দেখাৰ লগে লগে কৈ দিব পাৰে৷ এনে লাগে যেন বছৰ বছৰ ধৰি পঢা-শুনা কৰি উঠি কেবাবছৰো প্ৰেকটিছ কৰি ডাক্টৰ হিচাবে সুনাম অৰ্জন কৰা মানুহবোৰে কাম নাইকিয়া বাবেহে ডাক্টৰী পঢ়িলে৷ এওঁলোকৰ চকুৰে এক্সৰে,  এমআৰআই মেচিনৰ কাম কৰিব পাৰে। এওঁলোকৰ মগজু সম্পূৰ্ণ এখন দায়’গনেষ্টিক চেন্টাৰ৷ অকল বেমাৰ গম পোৱাই নহয়,  এওঁলোকে তাৰ এলো’পেথিক দৰৱৰ লগতে ঘৰুৱা দৰৱো দি দিব পাৰে ভাল হোৱাৰ গেৰান্টিৰ সৈতে! এওঁলোকৰ প্ৰত্যেকৰে মনত একো একোজন পংকজ পাঠক লুকাই থাকে,  কাৰোবাৰ গাত ৰোগৰ লক্ষণ দেখাৰ লগে লগে নিজৰ মনৰ মাজৰ সুপ্ত পাঠকজন জাগ্ৰত হৈ যায়৷ সাধাৰণ ডাক্তৰৰ দৰে অকল এটা বিষয়ত এওঁলোক পাৰ্গত নহয়,  হোমিও, এলোপেথিৰ পৰা আৰম্ভ কৰি বনদৰৱলৈ এওঁলোক সকলো বিষয়তে পাৰ্গত হয়৷

কেৰিয়াৰ বিশেষজ্ঞঃ এই বিশেষজ্ঞ বিধৰ মূল লক্ষ্য সাধাৰণতে শিক্ষাৰ্থীবোৰহে হয় যদিও কেতিয়াবা শিক্ষাৰ্থীৰ লগত অভিভাৱক বোৰো টাৰ্গেট হৈ যায়৷ কোনোবা শিক্ষাৰ্থীয়ে যদি কয় মই অমুক পঢ়িম,  লগালগ কয়,  সেইটো কিয় পঢ়া, একো লাভ নাই,  অমুকটো পঢ়া৷ তেওঁৰ কথা মতেই অমুকৰ লৰাই এইটো পঢ়ি এতিয়া ছিক্স ফিগাৰৰ ঘৰত দৰমহা পায়। এনে লাগে যেন তেওঁহে সেই চাকৰিটো দিছে! লাগিলে উপদেশ দিওঁতাজন নিজে যিমান পঢ়া-লিখা হওক বা নহওক, উপদেশ দিয়া দেখিলে এনে লাগে যেন পৃথিৱীৰ সমস্ত বিখ্যাত ডিগ্ৰী তেওঁৰেই হস্তগত। আনহাতে শিক্ষাৰ্থীজনে মুখতে ক’বও নোৱাৰে যে “ডাঙৰীয়া, মোৰ মগজু আৰু ঘৰৰ সামৰ্থৰ জোখাৰেই মই পঢ়িম,  মাৰুটিৰ গেৰেজত পাঞ্জাৱ বডী ট্ৰাক সোমোৱাব গ’লে গেৰেজটোৱে ভাঙিব, মাৰুটিখন পাঞ্জাৱ বডী ট্ৰাক হৈ নপৰে নহয়”৷

বিবাহ বিশেষজ্ঞঃ এই বিশেষজ্ঞ বিধ বিয়া নোহোৱা ডেকা-গাভৰুৰ কাৰণে সন্ত্ৰাস৷ এই ফিল্ডটো সাধাৰণতে মহিলাৰ দখলত থাকে৷ এইটো বিষয়ত মহিলাসকল বেছি ওস্তাদ হয়৷ বিয়া নপতাকৈ থকা চাকৰি কৰা ল’ৰা বা ২৫ বছৰ মানৰ ছোৱালী এওঁলোকৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে। এওঁলোকে তেনে ল’ৰা-ছোৱালী পালে বিয়া কৰাবলৈ ইমান উপদেশ দিয়ে যে সন্দেহেই হৈ যায় যেন এওঁলোকে পেণ্ডেল আৰু কেটাৰিঙৰ ব্যৱসায় কৰে আৰু সেই বিয়াখন পাতিয়ে নিজৰ ব্যৱসায়ৰ আগৰ ধাৰবোৰ আঁতৰাব৷ বিয়া নেপাতো বা দেৰীকে পাতিম বুলি ক’লেও এৰি নিদিয়ে। দেৰীকে বিয়ৈ পাতিলে কি কি সমস্যা হ’ব সাৱধানবাণী হিচাপে শুনাই দিব৷ “মোৰ লাইফ মোৰ ৰুল”ৰ সলনি এওঁলোকে “তোৰ লাইফ আমাৰ ৰুল”তহে বিশ্বাস কৰে৷ এওঁলোকে পাৰিলে নিজেই ঘটক প্ৰতিষ্ঠান হৈ তেওঁৰ কোনোবা চিনাকি পৰিয়ালৰ আটাইতকৈ ধুনীয়া,  ভাল ছোৱালীজনী বা ভদ্ৰ ল’ৰাজন চাই বিয়াখন পাৰিলে বহাগতে পাতি লোৱা বুলিয়েই কৈ দিব পাৰে। এনে লাগে যেন মেট্ৰিমনিয়েলৰ ৱেৱচাইটবোৰে এওঁলোকৰ পৰাই আইডিয়া লৈ বিজনেছ কৰি আছে। কোনোবাজনে আকৌ বিয়াৰ বাবে পেণ্ডেল,  বিবাহ বাহৰ কোনটো সস্তাত পাব পাৰি,  আগতে কোনে তেওঁৰ উপদেশ মতে একেবাৰে পানীৰ দামতে বিবাহ বাহৰ,  কেটেৰাৰ পাইছিল এনেদৰে উদাহৰণসহ বুজাই দিব যে বিয়াখন এতিয়াই পাতি থৈ ছোৱালী পাছত ঠিক কৰিম যেন লাগিব৷

ফেচবুক বিশেষজ্ঞঃ বৰ্তমান মাৰাত্মক ভাৱে বৃদ্ধি পোৱা বিশেষজ্ঞ হ’ল এইবিধ বিশেষজ্ঞ৷ এওঁলোকো ক্ৰিড়া,  ৰাজনীতি, সংগীত সকলো বিষয়তে বিশেষজ্ঞ৷ বিশ্ব-ব্ৰহ্মাণ্ডৰ জ্ঞান এওঁলোকে গুগুলৰ যোগেদি আহৰণ কৰে৷ কিবা বিষয় এটা ওলালেই সেই বিষয়ত জ্ঞান গৰ্ভ পোষ্ট দিয়াটো এওঁলোকে নিজৰ ধৰ্ম বুলিয়ে ভাবে৷ অকল নিজৰ ৱালে নহয় এওঁলোকে বেলেগৰ ৱালতো জ্ঞান দিয়ে। কিবা অসুবিধাত পৰিছোঁ বুলি ষ্টেটাছ এটা দিয়ক,  শ-হাজাৰৰ ঘৰত সেই বিশেষজ্ঞসকলৰ উপদেশেৰে আপোনাৰ ফেচবুকৰ ৱাল ভৰি পৰিব যে সেইটো খাটাং। নাৰী সকলৰ তাত এনে বিশেষজ্ঞই নিজৰ জ্ঞান জাহিৰ কৰি আৰু বেছি ভাল পায়৷

কেতিয়াবা ভাবোঁ চৰকাৰে যদি এই স্বয়ম্বূ বিশেষজ্ঞ সকলৰ পৰামৰ্শ গ্ৰহণ কৰিলে হয়, ভাৰতবৰ্ষ আজি বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী দেশ হ’ল হয়৷

☆★☆★☆

13 Comments

  • Rintumoni Dutta

    বাপৰে, এইখন এখন সৰু-সুৰা থেচিচেই দেখোন। চি জে এম ইউনিভাৰ্চিটি থকা হ’লে ডক্টৰেট চিউৰ আছিল। মইহে কোনোবিধত নপৰিলো।

    ভাল লাগিল পঢ়ি কাকতী, আগলৈও পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • anurag bhattacharyya

    Protito post fb post or doray aibaro 100/100…..kom ciyahi khoros kori val kotha kolay….bohut a val lagil porhi ……

    Reply
  • গীতিকা শইকীয়া

    বহুত ভাল লিখনি। পঢ়ি ইমান ভাল লাগিল যে বাৰে বাৰে পঢ়ি থাকিলেও আমনি নালাগে।

    Reply
    • ধূৰ্জ্জটি

      আপোনাৰ সহায় আৰু উপদেশৰ বাবে বহুত ধন্যবাদ

      Reply
  • মৃদুল শইকীয়া

    স্বয়ম্ভূ বিশেষজ্ঞসকল যে বিশেষভাৱে অজ্ঞ সেইকথা আপোনাৰ লিখনিটোৱে সুন্দৰভাৱে প্ৰকাশ কৰিলে৷ বৰ ভাল লাগিল৷

    Reply
  • পাঁচ প্ৰকাৰৰ বিশেষজ্ঞৰ বিষয়ে ভাল লাগিল।

    Reply
  • ভাল লাগিল পঢ়ি।

    Reply
  • Deepjyoti handique

    একেবাৰে হয় । ??? আৰু এবিধ আছে ফেচবুকত কিমান ভাল বুজাবলৈ বহু ওপাই অবলম্বন কৰে । বৰ ভাল লাগিল । একেবাৰে ফাটা ফাটি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *