ফটাঢোল

লাষ্ট ৱাৰ্নিং – কাজল প্ৰিয়া

তেতিয়া মই খুব সম্ভৱ তৃতীয় শ্ৰেণীত হবলা! আছিলো আকৌ বাঘৰ আগতেল খোৱা এজনী। গছে বনে বগাই ফুৰা এজনী বনৰীয়া বান্দৰী। স্কুল ছুটিৰ পিছত আনৰ বাৰীৰ গছে লতাই বগাই বগাই ঘৰ পাওঁহি মানে কেতিয়াবা দুপৰীয়াৰ পৰা আবেলি হয়, মায়ে বাটলৈ চাই চাই চকু বিষায়। এবাৰ লেটেকু গছত বগাওঁতে টুপুককৈ খহি পৰিলোহি বিহলঙনীৰ মাজত বৰ বিশেষ দুখ নাপালো যদিও ঘৰত গম পাই ভালকৈ এজাউৰী দিলে “লাষ্ট ৱাৰ্নিং”ও পালোঁ। সেইদিনাৰ পৰা জপিয়াই ফুৰা মুক্ত বিহংগৰ ঠেঙত এৰাল লাগিল। মোৰ বুকুত সাগৰ সদৃশ জোৱাৰ-ভাটা আহিল।দেউতাৰ ভয়ত সাগৰ সদৃশ গৰ্জন কৰি কান্দিব নোৱাৰিলেও চুক ভেকুলীৰ দৰে ঘৰৰ চুকত লুকাই লুকাই হিয়াধুনি কান্দিলো।

যদিও মোৰ ঘৰৰ বাহিৰ ওলোৱা বন্ধ হ’ল তথাপি কিন্তু মই ভীষ্ম প্ৰতিজ্ঞা কৰি থ’লো যেনেকৈ হ’লেও আবেলি খেলিবলৈ যামেই। কথা মতেই কাম, আবেলি হোৱাৰ লগে লগে কোন টলকত গৈ জেউৰাৰ ফাঁকেৰে চুচৰি ওলাই পথাৰ পালোঁগৈ মায়ে গমেই নাপালে। জেউৰাৰ ফুটাৰে সৰকোতে যদিও নিজকে নিজেই ছাগলী পোৱালীৰ নিচিনা “ফিলিংছ” আহিছিল তথাপি নিজকে কাৰাবন্দী বুলি কল্পনা কৰি মুক্তিৰ আনন্দত জপিয়াই জপিয়াই খেল পথাৰ পালোঁগৈ।

লগৰ বোৰৰ লগত ৰবাব টেঙাৰ বল গুৰিয়াই ফুৰোতে কেতিয়া গধূলি হ’ল গমেই নাপালো। ইফালে মায়ে গড়ালত হাঁহ সুমুৱাবলৈ মোক চিঞৰি চিঞৰি মাতিও বিচাৰি নাপাই ককাৰ নাহৰ কাঠৰ প্ৰকাণ্ড টাঙোন এডাল লৈ পথাৰ পালেগৈ। মাৰ ৰূপ দেখি মই সাক্ষাৎ কালি গোসাঁনী দেখা যেন পালোঁ। মোৰ অৱস্থা বেঙেমূতা গৰু যেন হ’ল। অ মোৰ গোসাঁই ক’তে লুকাও মই!

মাৰ ভৰিৰ তলেৰে সৰকি যি দৌৰ দিলো, পিছলৈ উভটি নোচোৱাকৈ। কেইবাৰ যে ঘৰমুৱা গৰুয়ে কুমলীয়া ঘাঁহ খাই চেৰেলিয়াই থোৱা গোবৰত পিছলি লুটিখাই পৰিলোঁ, কেইবাৰ উঠিলোঁ আজিও হিচাপটো মনত নপৰে। যেনে তেনে বগাই বগাই বিচনাৰ তলত সোমালোগৈ। মায়েও পিছে পিছে আহিল পিছে বিচাৰি নাপাই বকিবলৈ ধৰিলে ” আহ আজি ওলাই, টঙনীয়াই হাড় ভাঙিম”

মই বিচনাৰ তলতে টুপনিয়াই জুপুকা লগা কুকুৰা পোৱালী যেন হলো।  পিছে মই আছিলো সৰুৰে পৰা খুব “স্মাৰ্ট”।যদিও মোৰ নাকটো ভোটা , সেইটো খজুৱালেই তপকৈ বুদ্ধি এটা ওলাই। সেইদিনাও মোৰ ভোটা নাকটোৱেই মোক বচালে, নাকটো খজুৱাই খজুৱাই ৰঙা পেলাই হ’লেও বুদ্ধি এটা উলিয়ালো।

ঘড়ীত আঠ বাজে আৰু, তেনেকুৱাতে ভাওনাৰ সূত্ৰৰ খোজত পাকঘৰলৈ মোৰ প্ৰৱেশ ঘটিল। হাতত ঠাওকতে পোৱা ঝাড়ুটোও ল’লো। পাকঘৰত প্ৰৱেশ কৰিয়েই  ভাওনাৰ বচন মতাৰ সুৰত গালো-

  ” ও হে হামাৰ প্ৰাণপ্ৰিয়ে মাতা, আজু মই যি ভুল কৰলোহু ওহি ভুল  পাহৰি যা কে তোহাৰ চৰণে শৰণ দে দেহী, নহ’লে ওহি অস্ত্ৰ ডালে দি মুহুক ৰাম পিটন দেহী”..

মোৰ ৰূপ আৰু কাণ্ড দেখি মায়ে মোক টঙনিওৱা দূৰৰ কথা  মা হাঁহিতহে ফাটি পৰিল কিয়নো মাৰ খোৱাৰ ভয়ত তলে ওপৰে মই মুঠেই সাতটা চোলা পিন্ধি গৈছিলো , মূৰত দেউতাৰ হেলমেটটো।

যি কি নহওক, সেইদিনা বাৰু মই মাৰ পিটন খোৱাৰ পৰা বাচিলোঁ পিছে জেউৰাৰ ফাঁকেৰে সৰকোতে পেটত চোঁচা খাই যি ছাল ছিগিল, তিনিদিন মানলৈকে ফৰফৰাই থাকিল।।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *