মাজুলী যাত্ৰা – অনুৰূপ মহন্ত
১৯৮৪ চনৰ কাহিনী। মোৰ আচল ঘৰ দেৰগাঁৱত যদিও কৰ্মসূত্ৰে মই তেতিয়া নগাঁৱত থাকোঁ। নতুনকৈ বিয়া কৰাই পত্নী ৰেখা আৰু মই চৰকাৰী বাসগৃহত থাকোঁ।
সেই সময়ত টেলিফোনৰ সু-ব্যৱস্থা নাছিল। চিঠি পত্ৰৰেই খবৰ বাতৰিৰ আদান প্ৰদান হৈছিল। সেইদিনা মই আনদিনাৰ দৰেই চাকৰিৰ পৰা ঘূৰি আহি ঘৰ সোমাই দেখোঁ, ৰেখা কান্দিকাতি বিয়াকুল। কি হ’ল সুধি বুজিলোঁ মাজুলীৰ আহঁতগুড়িলৈ বিয়া দিয়া মোৰ বাই শাহুৰ স্বামী অৰ্থাৎ মোৰ শালপতিৰ অকাল বিয়োগ ঘটা বুলি চিঠি আহিছে। চিঠিৰ তাৰিখ চাই বুজিলোঁ ইতিমধ্যে তিলনী পাৰ হৈ গৈছে কালি।
ৰেখাই বায়েকৰ ওচৰলৈ যাবলৈ মন কৰিলে। বিপদৰ সময়ত আপোন মানুহক মাত এষাৰ লগোৱাটো কৰ্তব্য। সেইবাবে দেৰি নকৰি তিনি দিনৰ ছুটি লৈ পাছদিনা দেৰগাঁৱৰ ঘৰলৈ গৈ তাৰ পাছদিনা দেৰগাঁৱৰ পৰাই মাজুলীলৈ যাম বুলি ঠিক কৰিলোঁ।
সেই মতেই পাছদিনা আমি দেৰগাঁওলৈ আহিলোঁ। মোৰ চিনাকি ৰিক্সাৱালা এটা আছিল, তাকেই বন্দৱস্ত কৰিলোঁ পাছদিনা সি যাতে আমাক চিকাৰী ঘাটৰ ওচৰত থৈ আহে, আৰু তাৰ পৰাই মেচিন নাৱেৰে আমি মাজুলীলৈ যাত্ৰা কৰিম। সেই সময়ত মাজুলীলৈ চিকাৰী ঘাটৰ পৰা দিনত এখনেই নাও চলিছিল, এখন এইফালৰ পৰা যায় আৰু এখন ইফালৰ পৰা ঘূৰি আহে। গতিকে সময় মতে ঘাটলৈ গৈ নাওখন ধৰিবই লাগিব পাছদিনা।
বজাৰলৈ ওলাই গৈ বৰতীয়া দিবলৈ ফলমূল, চাগু, বিস্কুট আদি বজাৰ কৰি আনিলোঁগৈ। পাছদিনা আমি ৰাতিপুৱা ন মান বজাত যাত্ৰাৰ বাবে সাজু হলোঁ।
বেছি টালি-টোপোলা লোৱা নাই লগত, কিমান দূৰ বাট বা খোজ কাঢ়িব লগা হ’ব ঠিক নাই বুলি! অত্যন্ত আৱশ্যকীয় বস্তু কেইটা আৰু বৰতীয়া দিবলৈ নিয়া টোপোলাটো লৈ ৰিক্সাত উঠি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ।
ঘৰৰ পৰা ওলাই আধা কিলোমিটাৰ মান গৈছোঁহে, এনেকুৱাতে দেখিলো নহয় আমাৰ গাঁৱৰ অমংগলীয়া বুলি খ্যাত মহেশ দাইটিক। তেখেতে আনকি নিজেই কয় ক’ৰবাত ভাল কামৰ বাবে যাবৰ সময়ত তেখেতৰ মুখ দেখিলে পুনৰ ঘৰলৈ ঘূৰি যোৱাই মঙ্গল বুলি। এতিয়া তেখেতক দেখা পাই মোৰ মনটো কোঁচ খাই আহিলেই নহয়, কাৰণ আগতেও দুবাৰমান মই প্ৰমাণ পাই থৈছিলোৱেই। মই লাহেকৈ ৰেখাৰ আগত কথাটো কোৱাত তেওঁ একেবাৰে জকজকাই উঠিল। বোলে এই বিজ্ঞানৰ যুগত বিজ্ঞানৰ শিক্ষক হৈ এইবোৰ অন্ধ বিশ্বাসীৰ কথাতনো মন দিব লাগেনে! যা হওক, ভগৱানক চিন্তি আগ বাঢ়িলো।
ঘাটলৈ ঘৰৰ পৰা প্রায় সাত কিলোমিটাৰ। তাৰেই আধা ৰাস্তা পকা, আধা কেঁচা। পকা ৰাস্তা শেষ হোৱাৰ পাছত দুই কিলোমিটাৰমান আগৰ মথাউৰিটোৰ ওচৰলৈকে ৰিক্সা যায়, তাৰ পাছত প্ৰায় ডেৰকিলোমিটাৰমান খোজ কাঢ়ি ঘাটলৈ যাব লাগে। পিছে পকা ৰাস্তা শেষ হৈ আধা কিলোমিটাৰ মান যাওঁতেই ৰিক্সা খনৰ চকা ফুটিলে। ওচৰত চাইকেল ভাল কৰা দোকানো নাই। ইফালে সময়ত ঘাটত গৈ নাপালে নাওখনো গুছি যাব। গতিকে পাছদিনা পাছবেলা তিনি বজাত আহি আমাক ঘাটৰ পৰা ঘৰলৈ লৈ যাবলৈ কৈ ৰিক্সাৱালাক তাতেই এৰি আমি দুয়ো খোজ কাঢ়িয়েই ঘাটৰ ফালে আগ বাঢ়িলো।
প্ৰায় তিনি কিলোমিটাৰ ৰাস্তা বাকী আছে ঘাটলৈ। চাৰিও ফালে কেৱল ঝাওবন আৰু ফুটুকানী হাবি, মাজে মাজে লুংলুঙীয়া পথটোৰে আমি আগ বাঢ়িছোঁ। সময়ত যদি ঘাট নাপাওঁগৈ আৰু নাও এৰি দিয়ে, তেতিয়া যে আমাৰ কি অৱস্থা হ’ব সেইটো ভাবিয়েই যিমান পাৰোঁ খৰকৈ খোজ দিবলৈ চেষ্টা কৰিছোঁ।
তেনেতে মন কৰিলোঁ, আমাৰ আগে আগে প্রায় আধা কিলোমিটাৰ মান আগত ৰঙা শাৰী পিন্ধা মহিলা এগৰাকী আৰু লগত কোনোবা এজন খোজ কাঢ়ি ঘাটৰ ফালেই গৈ আছে। দেখি মনটো ভাল লাগিল, ৰঙা শাৰী খনৰ বাবে তেওঁলোক দূৰৰ পৰাই সহজে নাৱৰীয়াৰ চকুত পৰিব। গতিকে তেওঁলোকক দূৰৰ পৰাই দেখি নাওখন ৰৈ থাকিব। তেওঁলোক নাৱত উঠেগৈ মানে আমিও নাৱৰ ওচৰ পামগৈ। মনৰ ভিতৰতে এইবোৰকে হিচাপ নিকাছ কৰি কৰি খৰ খোজেৰে আগ বাঢ়িছোঁ। এটা সময়ত ভবা মতেই হ’ল আৰু নাও এৰাৰ আগে আগে কোনোমতে নাও ধৰিলোগৈ। ইতিমধ্যে দুপৰীয়া বাৰ বাজিছিল।
এইবাৰ আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰৰ মাজেৰে আমাৰ আচল যাত্ৰা। মেচিন নাওখন দুখন নাও জোৰা লগাই বনোৱা। পাছফালে ইঞ্জিন আছে। মাজত চালি দিয়া। তাতেই বেঞ্চ পাৰি থোৱা আছে, সকলো তাতেই বহিছে। যাত্ৰী প্ৰায় ষাঠি জন মান হব। বেছিভাগ যাত্ৰীয়েই প্ৰায়েই এই নাও যাত্ৰাত অভ্যস্ত। তেওঁলোকে কোনোবাই কথাৰ মহলা মাৰিছে, কোনোবাই টাছ খেলিছে ইত্যাদি। আমি পিছে প্ৰাকৃতিক দৃশ্য চোৱাতহে ব্যস্ত। ইমান সুন্দৰ পৰিবেশ। বালিচৰ বিলাকৰ কাষেৰে নাওখন পাৰ হৈ যাওঁতে টুপুং টুপুং কৈ কাছ বিলাকে পানীলৈ জাপ দিয়াৰ দৃশ্য, কোনো কোনো ঠাইত বালি চৰ বিলাক পানীত খহি পৰাৰ দৃশ্য এইবিলাক চাই আমি বেছ আমোদ পাইছিলোঁ।
এক ঘন্টামান এনেদৰেই যাত্ৰা কৰাৰ পাছত ঘটিল অঘটন। নাওখনৰ তলফালে কিহবাত খুন্দা লাগি নাওখন কঁপি উঠিল, আৰু তাতেই ৰৈ গ’ল। এনেকুৱা খৰালি দিনত ব্ৰহ্মপুত্ৰত পানী কম হয় বাবে এনেকুৱা হোৱাটো স্বাভাৱিক। নাৱৰ চালক আৰু সহযোগী কেইজন তৎপৰ হৈ উঠিল। দুজন মান যাত্ৰীয়েও সহযোগ কৰিলে তেওঁলোকৰ লগত, ফলত নাওখনৰ তলিখন মুক্ত হ’ল যদিও দেখা গ’ল নাৱৰ তলিৰ এফালে ফাট এটা ওলালে। সম্ভৱ গছৰ মুঢ়াত খুন্দা লাগিছিল আৰু সেই ফালেৰে সোঁ সোঁৱাই পানী সোমাই আহিব ধৰিলে।
আমাৰ চিন্তাত তত নাই, মাজ ব্ৰহ্মপুত্ৰত নাওখন ডুবিলে এতিয়া আমাৰ কি অৱস্থা হ’ব বুলি! ইফালে ভালকৈ সাঁতুৰিবও নাজানো। ওচৰে পাজৰে বালিচৰ আছে নে নাই চকু দিবলৈ ধৰিলো আৰু নাৱৰীয়াজনেনো কি কৰে তাকে ভাবি উৎকণ্ঠাৰে বাট চালোঁ।
নাৱৰ চালকৰ সহযোগী ল’ৰা এটাই সৰু বাল্টি এটা লৈ যিমান পাৰে পানী সিঁচিবলৈ চেষ্টা কৰিছে। নাৱৰীয়া জনে ক’ৰবাৰ পৰা গজাল দুটা মান যোগাৰ কৰিব পাৰে নেকি ইফালে সিফালে বিচৰাত লাগিল। এসময়ত দুই তিনিটা গজাল আৰু এটুকুৰা কাঠৰ পাটি যোগাৰ কৰি তাৰেই ফুটা বন্ধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু তথাপিও পানী ৰোৱা নাই। এজন যাত্ৰীৰ বুদ্ধি মতে চালকৰ গামোচা খনকে ফালি সেই ফুটাত ঠেছি ঠেছি ভৰাই দিয়া হ’ল। মিটদা এখনেৰে খুঁচি খুঁচি গামোচাখন ফাটটোত সুমুৱাই দিয়াত কোনো ৰকম পানী সোমোৱা বন্ধ হল। ভগৱানৰ নাম লৈ আকৌ যাত্ৰা আৰম্ভ হ’ল। এনেদৰেই বহুত উৎকণ্ঠাৰ মাজেৰে ভগৱানৰ নাম লৈ লৈ প্রায় দুঘণ্টা পলমকৈ বিপদ-সংকুল অৱস্থাৰেই সন্ধিয়া পাঁচ মান বজাতহে আমি মাজুলীৰ ফালৰ ঘাটত উঠিলোঁগৈ।
ইতিমধ্যে বেলি ডুবিবই হৈছিল। সন্ধিয়া লাগিবৰ সময় হৈ আহিছে। নাৱৰ যাত্ৰী সকলে নাৱৰ পৰা নামি চিনাকি চমু বাটেৰে দিহাদিহি গ’ল। আমিহে এখন ডাঙৰ সৰিয়হ তলিৰ মাজতে ভাগৰত ৰৈ গ’লো। পিয়াহ আৰু ভোকত অৱস্থা কাহিল। ভৰি কেইটাও ভাগৰত নচলা হৈ আহিছে। উপাই নাপাই পথাৰৰ মাজৰে ৰখীয়াৰ বাবে সজা চালি এখন দেখি তাতেই বহি দিলোঁ। ৰাতিপুৱাই ঘৰত ভাত খাই যোৱা, ভোকত পেটৰ কেঁচু-কুমটি মৰিছিল। সেইবাবে উপাই নাপাই বৰতীয়া দিবলৈ বুলি নিয়া বিস্কুটৰ পেকেট এটাকে খুলি বটলত নিয়া ঠাণ্ডা পানীৰে সৈতে খাই ললোঁ।
ৰেখা বিয়াৰ আগতেই এবাৰ বায়েকৰ ঘৰলৈ আহিছিল। তেওঁ ৰাস্তা চিনি পাব বুলি সেই ভৰসাতে মইও গৈছিলোঁ। পিছে এনেকুৱা দিনত মাজুলীত গড়া খহনীয়াৰ বাবে বাট পথ বিলাক ঘনাই সলনি হয়। সেয়ে ৰেখাইও ৰাস্তা চিনি পোৱা নাই। তথাপি উৎকণ্ঠাৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ। ক্ৰমে আন্ধাৰ হৈ অহাৰ লগে লগে ৰেখাৰ মুখখন চিন্তাত শুকাই গৈছে। তেনেকুৱাতে মিছিং সম্প্ৰদায়ৰ মহিলা এগৰাকীক লগ পাই ঠিকনাটো সুধি বুজিব পাৰিলো আমি ঠিক ৰাস্তাৰেই গৈ আছোঁ।
প্ৰায় আধা ঘণ্টামান যোৱাৰ পাছত যেনিবা আমি মূল ৰাস্তাৰ কেঁকুৰিটো দেখা পালোঁ। তেতিয়াহে ৰেখাৰ মুখলৈ পানী আহিল। তেওঁ সেইখিনিৰ পৰা চিনি পালে। সন্ধিয়া ছয় বজাত আমি গৈ ৰেখাৰ বায়েকৰ ঘৰত উপস্থিত হলোঁগৈ। আমাক যোৱা দেখি সকলোৱেই বৰ আলহ-উদহ কৰিলে। বায়েক ভনীয়েকে ভিতৰত কন্দা-কটা কৰা মই বাহিৰত চোতালত বহি থকাৰ পৰাই শুনা পালোঁ। সৰু সৰু ল’ৰা-ছোৱালী হালৰ মুখ দুখন দেখি মোৰো মনটো বেয়া লাগি গ’ল।
যা হওক, সকলো ভগৱানৰেই ইচ্ছা বুলি ভাবি গা পা ধুই অলপ “ফ্রেশ” হৈ ল’লো। সিজোৱা আলুৰ গাখীৰৰ সৈতে দিয়া জলপান আগতে কেতিয়াও খাই পোৱা নাছিলোঁ যদিও ভোকত আছিলোঁ বাবে বৰ তৃপ্তিৰে খালোঁ। ৰাতি ন মান বজাত বৰতীয়া সিদ্ধ ভাতসাঁজ খাই শুই গ’লো। দিনটোৰ ভাগৰৰ বাবে বৰ সুন্দৰ টোপনি হ’ল!
ৰাতিপুৱা শুই উঠিয়েই ওভতনি যাত্ৰাৰ বাবে সাজু হ’লো। সকলোৱে সেইদিনাও থাকিবলৈ জোৰ কৰিছিল যদিও চাকৰিৰ ছুটি নাই বাবে নাথাকো বুলি আহিবলৈ ওলালোঁ।
ওভতনি নাও দিনৰ এঘাৰ বজাত আছিল। আমি ৰাতিপুৱা ন বজাত ঘৰৰ পৰা ওলাই আহিলোঁ। বাটতে মোৰ চিনাকি হৰেন নামৰ ল’ৰা এটাক লগ পালোঁ। আমাৰ ঘৰতে থাকি আগতে পঢ়া শুনা কৰি মেট্ৰিক পাছ কৰিছিল। এতিয়া সি আমি যাব লগীয়া নাৱৰ ঘাটৰ পৰা কাৰোবাক আগবঢ়াই আনিবলৈ যাবলৈ বুলি আহিছে। ঘাটলৈকে একেলগে যোৱা লগ এটা পাই ভালেই পালোঁ। ৰেখাৰ সৈতেও তাক চিনাকি কৰাই দিলোঁ।
অলপ দূৰ আগবাঢ়োঁতেই খবৰ পালোঁ আমি কালি যিটো ঘাটত নামিছিলোঁহি সেই ঘাটটো গৰাখহনীয়াৰ বাবে নদীত জাহ গ’ল। মাজুলীত বোলে এনেকুৱা প্ৰায়েই হয়। তেওঁলোকৰ মানুহ অভ্যস্ত, আমাৰহে ভয়ত তত্ নাই কি হ’ব বুলি।
হৰেনে খবৰ লৈ গম পালে নাও নতুন ঘাট এটাত লাগিছে। আমি নতুন ঘাটৰ ৰাস্তা চিনি নাপাওঁ যদিও হৰেনৰ কথা মতেই এতিয়া আমি বেলেগ এটা ৰাস্তাৰেই আগ বাঢ়িলো। এইটো ৰাস্তা অলপ দীঘল যদিও নতুন ঘাটটোৰ ওচৰতে ওলাবগৈ পাৰি। সেই মতেই আগবাঢ়িলো। বাটত দুডাল বাঁহৰ সাঁকো পালোঁ। কোনো দিনে সাঁকো পাৰ হোৱাৰ অভিজ্ঞতা নাছিল যদিও বহুত কষ্ট কৰি খুপি খুপি যেনে তেনে আমি সাঁকো দুডাল পাৰ হ’লো। এইবাৰ গৈ গৈ ঘাটৰ পৰা আধা কিলোমিটাৰ মান থাকোতে এটা সৰু সুঁতি পালোঁ। ইয়াত সাঁকোও নাই, নাওও নাই। এতিয়াহে আমাৰ কি কি কৰোঁ কি নকৰোঁ অৱস্থা। সুঁতিটোত প্রায় একঁকালৰ ওচৰা ওচৰি পানী, এতিয়া পাৰ হওঁ কেনেকৈ! কাপোৰ-কানি সমস্ত তিতি শেষ হব!
তেনেতে হৰেনে মাত দিলে, “ছাৰ মই থাকোতে চিন্তা নকৰিব। আপোনাৰ বিয়াত আপোনাক দাঙিবলৈ সুবিধা নাপালোঁ, আজি ইয়াতেই দাঙি পাৰ কৰাই দিম।” সেই বুলি সি পিন্ধি অহা চুৰিয়া খন ওপৰলৈকে কোঁচাই লৈ মোক দাং-কোলাকৈ উঠাই লৈ সুঁতিটো পাৰ কৰাই দিলে। এইবাৰ একেদৰেই ৰেখাকো পাৰ কৰাই আনিলে। খেতি-বাতি কৰা ঘৰৰ মাজুলীয়াল পাহোৱাল ডেকাজনৰ বাবেই আমি যেনিবা বিপদৰ পৰা পাৰ পালোঁ। তাক বহুত ধন্যবাদ জনালোঁ।
এইবাৰ আমি ঘাটত উপস্থিত হ’লো। নাওঁ চলিবলৈ তেতিয়াও অলপ সময় আছিল। সেই বাবে তিনিও জনে ঘাটতেই চাহ একোকাপ খাই ল’লো। সময়ত নাও চলিবলৈ ল’লে। আমি হৰেনক বিদায় জনাই নাৱত বহিলোঁ।
উভতনি নাও যাত্ৰাত কোনো বিপদ- বিঘিনি নোহোৱাকৈ আমি ভালে ভালে ব্ৰহ্মপুত্ৰ পাৰ হৈ চিকাৰী ঘাট পালোঁহি। মাটিমাহতলীৰ মাজে মাজে খোজ কাঢ়ি আগ বাঢ়িলো মথাউৰিটোৰ ফালে। তাতেই আমাৰ ৰিক্সাখন ৰৈ থকাৰ কথা। বাটে বাটে মাটি মাহ মগুমাহ দুই এজোপা উঠাই কেঁচা মাহ খাই খাই আগ বাঢ়িলো। আৰু মথাউৰিৰ ওচৰত আমাৰ ৰিক্সাৱালাটোক লগ পালোঁ আৰু তাৰ ৰিক্সাতেই আহি দেৰগাঁৱৰ নিজা ঘৰ পালোঁহি।
ঘৰ পাইয়েই মই ৰেখাক সুধিলো “মহেশ দাইটিৰ চেহেৰাটো যে সকলোৱে অমংগলীয়া বুলি কয়, তেওঁ বাৰু সঁচাই অমংগলীয়া নে এইটো অন্ধবিশ্বাসহে? তুমি কি ভাবা?” ৰেখাই একো উত্তৰ নিদিয়াকৈ ফোঁ-ফোঁৱাই ভিতৰলৈ সোমাই গ’ল। মইও ৰিক্সাৰ ভাড়াটো দি ঘৰত সোমালো।
আৰু এনেদৰেই উৎকণ্ঠা আৰু লটিঘটিৰে ভৰা আমাৰ মাজুলী যাত্ৰাটোৰ অৱশেষত অন্ত পৰিল।।
☆★☆★☆
11:25 am
ভাল লাগিল৷
1:17 pm
বিষম লটিঘটি দেখোন। সুন্দৰ বৰ্ণনা, ভাল লাগিল পঢ়ি ।
1:29 pm
বাপৰে! কমখন লটিঘটি হোৱা নাই। খোজ কাঢ়া, কোলাত উঠি পাৰ হোৱা, নাওঁত পানী সোমোৱা। ভাল লাগিল বান্ধৈ।
3:15 pm
ভাল লাগিল লটিঘটি খন
3:33 pm
সুন্দৰ লিখিছা। ভাল লাগিল।
4:06 pm
ভাল লটিঘটি দেই। পঢ়ি ভাল লাগিল।
6:16 pm
বৰ ভাল লাগিল
6:39 pm
পঢ়ি বৰ ভাল লাগিল৷
6:47 pm
মাজুলীলৈ যাওঁতে মোৰো লটিঘটি হৈছিল৷ মনত পৰি গ’ল৷
7:00 pm
সাংঘাতিক অভিজ্ঞতা দেখোন।
খুব ভাল লাগিল পঢ়ি
7:16 pm
এনে অভিজ্ঞতা বহুত আছে, কাৰণ মই মাজুলীৰ।আপুনি উল্লেখ কৰা সময় ছোৱাত আমি যোৰহাটৰ কলেজৰ ছাত্ৰ।কেতিয়াবা ফেৰী পলমকৈ ঘাটত পোৱাৰ বাবে ঘাটৰ পৰা প্ৰায় বিশ কি:ম:পথ সৰিয়হনী,মাহনীৰ মাজেৰে গৈ ৰাতি দুপৰত ঘৰ পাইছিলোঁ গৈ।আমি অৱশ্যে অভ্যস্ত।
ভাল লাগিল।
9:20 pm
সাংঘাতিক অভিজ্ঞতা দেখোন! পিছে এতিয়া মাজুলী গৈছেনে?
11:27 pm
বহুত লটিঘটি হল তাৰমানে ।সচাঁ কাহিনী নিকী ।
12:31 pm
উফ কি লটিঘটি! বহুত ভাল লাগিল পঢ়ি৷
12:56 pm
বৰ ভাল লাগিল পঢ়ি।
2:51 pm
সকলো লৈকে অশেষ ধন্যবাদ জনাইছোঁ। এই কাহিনীটো এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত আছিল। মই যোৱা বছৰও মাজুলীলৈ গৈছিলোঁ, নিমাতি ঘাট হৈ। সেই ফালে যাবলৈ ভাল, দিনে কেইবাখনো ফেৰী চলে সেইফালে। চিকাৰী ঘাটৰ ফালে কিন্তু এতিয়াও একেই অৱস্থাই আছে বুলি শুনিছোঁ।
6:18 pm
মজা বন্ধু লিখি থাকা ভাল হৈছে।
7:19 pm
সুন্দৰ কাহিনী ৷
12:27 am
Bohut Val lagil… Ghotona2 baru mur cinaki .. Val hoise o.
12:28 am
Val lagil. Ghotona2 mur cinaki. Val hoise