কৰ্পোৰেট-অমিতাভ মহন্ত
আবেলি চাৰিটামানত এয়াৰপোৰ্টৰ পৰা ওলাই আহি গাড়ীত বহিলোঁ৷ ইয়াৰ পৰা বাহিৰে বাহিৰে হোটেললৈ৷ হোটেলত চেক্ ইন কৰিয়েই গা পা ধুই সৰুকৈ পেগ এটা সাজু কৰি লেপটপ অন কৰিছিলোহে মাত্ৰ, সেই সময়তেই ইন্টাৰকমটো বাজি উঠিল৷ ফোনটোৰ সিপাৰে এটা মিঠা নাৰীকন্ঠ৷
– গুড ইভিনিং চাৰ৷ হোটেল গ্ৰেণ্ড অবেৰয়লৈ আপোনাক স্বাগতম জনাইছোঁ৷
কি মিঠা কন্ঠ! তাতে আকৌ অসমীয়াত স্বাগতম জনাইছে৷ মনটো ভৰি পৰিল৷
– আৰে আপুনিও অসমীয়া৷ ভাল ভাল৷
আকৌ এটা মিঠা হাঁহি৷ উফফ্!
– মোক তুমি বুলিয়েই ক’ব চাৰ৷ মই আপোনাতকৈ সৰু হ’ম৷ বাই দ্যা ৱে, মোৰ নাম চাহিন আফ্ৰিন৷ মই ইয়াৰে বেংকুৱেট্ মেনেজাৰ৷ আপোনাৰ সতে কথা হৈ খুবেই ভাল লাগিল চাৰ৷
ভাল যে মোৰ বেছি লাগিছে সেয়া কোৱা বাহুল্য৷ কিন্তু মনত সৰুকৈ সন্দেহ এটাও নোহোৱা নহয়৷
– থেংকচ্ এ লট্ চাহিন৷ কিন্তু মইটো জাষ্ট ইণ্ডিভিজুৱেল কাষ্টমাৰ৷ তেনেক্ষেত্ৰত বেংকুৱেট……?
আকৌ হাঁহি! আজি মই “চেচ্”!
– নাই নাই চাৰ৷ মই আপোনাৰ সৈতে কেৱল কথা ক’বলৈকে ফোন কৰিলোঁ৷
হঠাৎ তাইলৈ খুব মায়া ওপজিল৷ বেচেৰীয়ে ঘৰ বাৰী এৰি ইমান দূৰত আছে৷ মাকলৈ হয়তো খুব মনত পৰে৷ বিহুত ঘৰলৈ যাবলৈ ছুটী নাপালে চাগে৷ পাক্কা তাইৰ এটা লম্পট্ বদমেজাজী বছ্ আছে৷ বেয়া লাগিল তাইলৈ৷ দৰদভৰা কণ্ঠ এটাৰে কথা আগুৱালোঁ৷
– ঘৰৰ পৰা ইমান দূৰত, কষ্ট হয় ন’?
টেলিফোনে জানো দীৰ্ঘশ্বাসৰ শব্দ কঢ়িয়াই নিব পাৰে? বিদ্যুতবাহী তাঁৰে জানেনে, কত কষ্ট পাৰ হৈ যায় ইপাৰৰ পৰা সিপাৰলৈ৷
– নাই চাৰ, এতিয়া আৰু আগৰদৰে কষ্ট নহয়৷ আগতে খুব মনত পৰিছিল ঘৰলৈ, এতিয়া এডজাষ্ট হৈ গৈছে৷
– গুড গুড৷ অসমৰ ক’ত ঘৰ তোমাৰ?
– গুৱাহাটীত ছাৰ, শিলপুখুৰীত৷
– পঢ়া শুনা?
– চাৰ মই মাছ কম্ কৰিলোঁ৷ চাকৰি বাকৰিত বৰ এটা সুবিধা কৰিব নোৱাৰিলোঁ৷ ইয়াতেই সোমাই আছো আৰু৷
– ভাল ভাল৷
– মই কালিয়েই গম পালোঁ আপুনি আহি আছে বুলি৷ তেতিয়াৰপৰা আপোনাক ফোন কৰিবলৈ ৰৈ আছিলোঁ৷
চেন্টী! ইয়াকে কয় অসমীয়া চেন্টী৷
– ফোন কৰা বাবে বেয়া পোৱা নাই ন’ চাৰ?
পাগল, সুন্দৰী মহিলাই নিজে ফোন কৰিছে৷ আৰু মই বেয়া পাম? পোৰা কপালত এনে সৌভাগ্য কেইদিন আহে৷ দেখাদেখি হ’লে চাগে খুৰা বুলিয়েই মাতি দিব, এতিয়া ইমান ধুনীয়াকৈ মাতিছে যেতিয়া সৰুসুৰা ফোন-প্ৰেম এটা চলাই নিয়াত কি ক্ষতি? মাতটো মিহি কৰি, মিহি মানে যিমানখিনি সম্ভৱ আৰু…
– নাই নাই, বেয়া কিয় পাম আকৌ৷ বাই দ্যা ৱে, ইয়াতে ক’ত থাকা? ৱিকেণ্ডত কি কৰা?
( মানে আজিয়েইতো ৱিকেণ্ড, ‘ হেল্লো, ইজ ইট মি ইউ আৰ লুকিং ফৰ?’)
– কোম্পানী একোমোডেশ্বন চাৰ৷ ৱিকেণ্ডত কিনো কৰিম, ইফালে সিফালে ওলাই যাওঁ৷
লাহেকৈ ৰাহুল দ্ৰাবিড়ৰ দৰে সাৱধানী শ্বট্ এটা খেলি দিলোঁ৷
– অকলে?
– উমম, মাজে মাজে ৰূমমেটো লগত যায়৷ কিন্তু প্ৰায়ভাগ অকলেই বুলিব পাৰি৷
জয় কামাখ্যা! এইবাৰ কাৰবাৰটো সাৱধানে, খুউব সাৱধানে লাহেকৈ আগুৱাই আগুৱাই……
– মোৰ কিন্তু চাৰ আপোনাৰ লগত কথা হৈ খুবেই ভাল লাগিছে।
মোৰ যে তাইতকৈ বেছি ভাল লাগিছে সেয়া তাইক কোনে বুজাব বাৰু৷ গহীন অস্ত্ৰ এপাট্ এৰাৰ সময় হৈছে৷ ইংৰাজীতেই এৰো নেকি, ইমপ্ৰেছ্ কৰিবলৈ সুবিধা হয়৷
– গুড্ টু নো ডেট্ চাহিন৷ কিন্তু মই আহিম বুলি তুমি কেনেকৈ গম পালা? আই মীন…
– আমাৰ ফ্ৰন্ট ডেস্কৰ ডায়েনা শ্বিলঙৰ৷ তায়েই ক’লে আপোনাৰ বুকিঙৰ কথা৷ তেতিয়াৰ পৰাই আপোনাৰ সৈতে কথা হ’বলৈ ৰৈ আছো চাৰ৷
নিজৰ কাণকেই বিশ্বাস হোৱা নাই৷ গাৰ নোম শিঁয়ৰি উঠিছে৷
– কিয় চাহিন? কোৱাচোন৷
– মই আপোনাক ফেচবুকতো ফলো কৰোঁ চাৰ৷ মই আপোনাৰ ডাঙৰ ফেন৷ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিওৱাৰ সাহসহে হোৱা নাই৷
মনতে ভাবিলোঁ৷ পাগলী৷ মইটো চবৰে হেৰি একচেপ্ট কৰোঁ৷ পৰহি চাগে ‘বৰলা কাই’ আৰু ‘ফুল হৈ উজলিম তোমাৰ বুকুত’ৰ ৰিকুৱেষ্ট একচেপ্ট কৰিছোঁ৷ তোমাৰটো আহিলে জপিয়াই মেলি একচেপ্ট কৰিম৷
– পঠিয়াব পাৰিলাহেঁতেন৷ কিনো ইমান ডাঙৰ কথা৷
– এইবাৰ পঠিয়ামেই চাৰ৷ মই কেতিয়াবা সৰুসুৰাকৈ লিখা মেলা কৰোঁ৷ একেবাৰে বেয়া লিখোঁ, তথাপি আৰু৷
গাড়ী এইবাৰ ট্ৰেকত আহি হৈছে৷ এতিয়া লাহে লাহে……
নিশ্চয় এইজনীয়ে মোৰ লেখা পঢ়িছে৷ নহ’লে কথা পাতিবলৈ কিহৰ ইমান আকুল বিয়াকুল? ঘপককৈ নিজৰ ওপৰত শ্ৰদ্ধা বাঢ়ি গ’ল৷ এই যে মাজে মাজে কিবা কিবি লিখোঁ, ৰাইজে সেয়া মিষ্টাৰ ৰাজকুমাৰৰ লগত তুলনা কৰে, ভাষা আৰু বানানৰ শ্ৰাদ্ধ নকৰিবলৈ ইনবক্সত গালি দিয়ে সেইবোৰে চাহিনক লগ পাব লাগে৷ মই জানো অসমত ভাল কামৰ কদৰ নাই৷ সেইবাবেই ভূপেনদা কলিকতালৈ গুছি আহিছিল৷ ময়ো অসমত আজি অতদিন লিখাৰ বাবে গালি, ঠাট্টা- মস্কৰাকেই শুনিছো৷ কলিকতাই টেলেন্টৰ মোল বুজে৷ চাহিনেই প্ৰমাণ৷
খুউব প্ৰেম প্ৰেম কণ্ঠৰে সুধিলোঁ,
– কাইলৈ কি প্লেন?
– তেনেকৈ বিশেষ একো নাই চাৰ৷
ধৰা হ’ল কাইলৈ গোটেই দিনটো আমি একেলগে কটালোঁ৷ ৰাতিপুৱা কালীঘাট্, দুপৰীয়া পিটাৰ কেট্ বা মোকেম্ব’৷ আবেলি পাৰ্ক ষ্ট্ৰীটৰ ৰোল, ৰিক্সা ৰাইড? ৰুমালেৰে তাইৰ গালত লাগি থকা চ’চখিনি মছি দিয়া? ৰাতি ‘প্ৰিয়তমাৰ চিঠি’ কবিতাটো মুখস্থ কৰি থ’ব লাগিব৷ নে ‘ সন্দিকৈ কলেজৰ সাগৰিকা’ মুখস্থ কৰিম৷
তাৰপিছত হয়তো ভিক্টৰিয়াৰ বাহিৰত ঘোঁৰাগাড়ীৰ ৰাইড্৷ আঙুলিত আঙুলি, কান্ধত মূৰ, হয়তো অবাধ্য চুলিবোৰ মোৰ মুখত!
ঘপককৈ থাৰ্ড পেগটো এটা শ্বটত মাৰি দিলোঁ৷ জপিয়াই থকা কলিজাটোক বাওঁহাতেৰে চেপা মাৰি ধৰি মাত দিলোঁ৷
– হোৱাই ডন্ট ইউ হেল্প মি টু এক্সপ্লোৰ দিছ্ বিউটিফুল চিটী অফ জয় টুমৰো? লান্স ইজ অন মি৷
ধক্৷ ধক্৷ ধক্৷
– অফ ক’ৰ্চ চাৰ৷ ইট্ ৱিল বি মাই প্লিজাৰ৷
অই কোন আছ আহ ঐ! শঙ্খ বজা, উৰুলি দে৷ গৈয়েই কামাখ্যাত পঠা বলি দিম মা৷ এই বয়সতো মূৰ তুলি চাইছে যে!
অনুভৱ কৰিলোঁ অলপ গহীন ডাইলগ এৰাৰ সময় হৈছে৷
– মই একো নভবাকৈ কলোঁ দেই৷ তোমাৰ একো অসুবিধা নহয়তো?
– না না চাৰ৷ কি যে কয় আপুনি৷ মোৰ কিমান বছৰৰ পৰা ইচ্ছা আপোনাক এবাৰ লগ পোৱাৰ৷ মই আপোনাৰ দেউতাৰো ডাঙৰ ফেন!
– কি!
– এই যে আপোনাৰ দেউতাৰ গানটো আছিল, “পাৰৰ পাখিত”, ইটজ্ জাষ্ট এমেজিং চাৰ৷ আপোনাৰ কথাতো ক’বই নালাগে৷
ঠককৈ ফোনটো কাটি দিলোঁ৷
শ্বিলঙৰ ডায়েনা! এ মহন্ত মানেই অঙ্গৰাগ মহন্ত নহয়৷ আৰু মোৰ লগত ৰিচিপচন্ কাউন্টাৰত অহা জপৰা চুলীয়াটো অঙ্গৰাগ নাছিল, কলকাতাৰ চেলচ্ অফিচাৰ বিট্টু মণ্ডল আছিল৷
লাষ্ট পেগটো নীট্ মাৰিম৷ কাইলৈ পুৱা চাহিনে সাৰ নাপাওঁতেই চেক্ আউট্। ধুৰৰ চাল্লা!
*****
2:29 pm
হা হা হা
10:48 pm
😉
2:33 pm
হা হা হা, টিপিকেল অমিতাভ পাঞ্চ। অকলে অকলে হাঁহিছো
10:49 pm
থেংকু দেই৷
4:25 pm
হাহাহা । চুপাৰ্ব ফিনিচিঙ। ধনীৰ চিক্সাৰ ।
5:50 pm
মজ্জা৷
5:52 pm
এ(অংগৰাগ) মহন্ত।???? বৰ ভাল লাগিল।
7:10 pm
মজ্জা!, অমিতাভ কিছু লিখিছা দেই। ভাল লাগিল। লিখি থাকিবা।
7:40 pm
সুন্দৰ। অতি সুন্দৰ।।
8:36 pm
বৰ মজা লাগিল অমিতাভ৷
9:31 pm
এনেকুৱা উপস্থাপন অমিতাভৰ বিশেষত্ব। বঢ়িয়া।
1:14 am
হা হা হা হা বহুত ভাল লাগিল।
7:20 am
???
11:55 am
বহুত পৰিপক্ক লেখা মহন্তদেউ, ধন্যবাদ।
4:03 pm
হাঃ হাঃ?মজা মজা ৷ভাল লাগিল
10:50 pm
পঢ়ি চোৱা সকলোকে ধন্যবাদ দেই৷
2:01 pm
ধেৎ তেৰি। কি টুইষ্ট অ’। মজ্জা লাগিল অমিতাভদা।
2:06 pm
ছেহ্! বৰ দুখ পালোঁ।
7:57 pm
কি টাৰ্ণ এণ্ড টুইষ্ট অ’। মজ্জা লাগিল অমিতাভদা
9:36 pm
ইমান ধুনীয়া উপস্থাপন শৈলী ,খুউব ভাল লাগিল
1:20 am
উপস্থাপন বৰ সুন্দৰ। ভাল লাগিল পঢ়ি।
11:31 pm
হা হা হা ???
6:19 am
বাঃ বাঃ। বেলেগ লিখছি হে আপনি। মইও আপনাৰ “FAN” হৈ গেচু।
10:53 am
চুপাৰ্ব ! অনন্য