ফটাঢোল

বাপ শাস্ত্ৰ – অতুল নাথ

যোৱা দেওবাৰে যে লগ পাইছিলো সেই বাপ, কালি গধূলি আহি ওলালহি। মুখৰ গোন্ধ, থৰক বৰক খোজতে উমান পালো নাড়ী শুদ্ধি কৰি একেবাৰে ৰজা হৈ আহিছে। বহিবলৈ দি অহাৰ কাৰণ সুধিলো। ভাবিলো শ্ৰীমতী খোজকাঢ়ি উভতি অহাৰ আগতে বাপক বিদায় দিব পাৰিলে ভাল।
“খুড়াৰ দহা কাজলে মাতিবলৈ আহিলো আৰু আপোনাকো কথা দুটামান ক’বলৈ আছে” বুলি দোৰোলখোৱা জিভাৰে বাপে আৰম্ভ কৰিলে-
“Man is mortal. মানুহ মৰণশীল, মহাত্মা গান্ধীয়ে গীতাত কৈছে আৰু ৰবীন্দ্ৰনাথেও পটঞ্জলীত কৈছে। কিন্তু আপুনি কিয় মোৰ জীয়াই থকা খুড়ীজনীক মৰিল বুলি মানুহৰ আগত কৈ ফুৰিছে? মোৰ খুড়াহে ঢুকাল। দস্তুৰমত মোক আপুনি আওপকীয়াকৈ consult কৰিছে।”
  আচলতে insult হে বুলি ক’ব খুজিও মই ৰৈ দিলো।
“ফোনত সেইদিনা আপুনি খুড়ী ঢুকাল বুলি কোৱা যেনহে লাগিল বাবে ভুল হ’ল। হ’ব বাৰু, অপৰাধ বিনাশন, মই ভুল স্বীকাৰ কৰিলো এতিয়া বেয়া পাই নেথাকিব আৰু।”
যিমান পাৰোঁ অপৰাধী অপৰাধী ভাবেৰে বাপক বুজাবলৈ চেষ্টা কৰিলো।
“অ’ আৰু এটা কথা,” বুলি বাপে আকৌ আৰম্ভ কৰিলে-
 “সিদিনা মোৰ ছুটীৰ applicationখন দিবলৈ যাওঁতেও আপুনি মোৰ তিৰীৰ আগত মোৰ বিষয়ে কিবা কিবি এসোপা লগাই পঠিয়ালে কিয়?” বুলি একেবাৰে দম দিয়াৰ সুৰত ক’লে।
“কথাটো আচলতে ঠিক তেনেকুৱা নহয় বাপ” – মই আৰম্ভ কৰিলো।
“সেইদিনা আপোনাৰ ৰুমত বহুত ভিৰ বাবে আপোনাৰ শ্ৰীমতী আমাৰ ৰুমতে বহিলেহি। ইটো সিটো ঘৰুৱা কথা পাতিছোঁ আমি সকলোৱে। কথাৰ মাজত এবাৰ তেওঁৱেই সুধিলে, ‘দাদা,আপুনি আমাৰ এখেতৰ খাচ দোস্ত, কওকচোন, আজিকালি আমাৰ এখেতে বাৰু আকৌ মদ খাবলৈ ধৰিছেনে কি?’ মই বোলো, “বৰ ধৰ্ম সঙ্কটত পেলালা হে। কিনো মিছা ক’ম, এই যে যোৱা বছৰ ৰিটায়াৰ হৈছিল আমাৰ সকলোৰে বুঢ়া পিতাই, তেওঁ আহিলে দুইটা মিলি বিয়েৰ তিনি বটলমান খাই, মদ নেখাই দেই। আকৌ কেতিয়াবা সেই বিয়েৰ নেথাকিলে ৰঙা হাফ বটল এটা ফ্ৰীজৰ পানী মিহলাই পনীয়াকে খাই হেনো। অ’ কেতিয়াবা আকৌ সেই দুয়োটাই নেথাকিলে ঘৰুৱা চুলাই বেচা বুঢ়ীজনীৰপৰা এবটল আনি এঘণ্টামান ফ্ৰীজত ভৰাই থৈ একেবাৰে ঠাণ্ডা কৰিহে খাই পিছে। আচলতে বুঢ়া পিতাইটো আকৌ সদায় সদায় নাহে যে।”
বাপে মোৰ কথা কিবা বুজিলে নে নাই নেজানো,”অ’ হ’ব তেন্তে, যাওঁ” বুলি থৰক বৰক খোজেৰে ওলাই গ’ল। ময়ো স্বস্তিৰ নিশ্বাস পেলালো। অন্ততঃ শ্ৰীমতী আহি পোৱাৰ আগতে এই আপদটোক বিদায় দিব পাৰিলো।
☆★☆★☆

4 Comments

  • ছোলেৰ অমিতাভে প্ৰশংসা কৰাদি কৰিলে, হাঃ হাঃ। ভাল লাগিল।

    Reply
  • বিজিত নাথ

    বাপৰে বাপ !

    বাপে আছলতে কথাখিনি consult কৰিবহে আহিছিল ।
    সি যেতিয়া বুজি পালে মিছেছৰ লগত জাচট আলোচনা হে হৈছিল , তাৰ গুণ বোৰহে উদঙাই দিছিল , চৌ কেনেকৈ insult !

    ধন্যবাদ । ভাল লাগিল ।

    Reply
  • বাপৰ কামাল, ভাল লাগিল।

    Reply
  • হিৰণ্যজ্যোতি দাস

    বঢ়িয়া

    Reply

Leave a Reply to Pranita Goswami Barthakur Cancel reply

Your email address will not be published. Required fields are marked *