মানিক দেউৰ টিকনিডাল – প্ৰান্তৰ ভাগৱতী
আশীৰ দশকৰ প্ৰথম ভাগৰ কথা। আমি আঠ দহ বছৰীয়া। সেই সময়ত আমাৰ অঞ্চলত মানিক দেউৰ বেলেগ ডিমাণ্ড। মানিক দেউ মানুহজনো সৰবৰহী। মিঠা বৰণীয়া শীৰ্ণকায় শৰীৰ, পিন্ধনত ধুতী- পাঞ্জাবী, মুখত ধেমেলীয়া হাঁহি।পাতল চুলিকোছাৰ পিছফালে দীঘল টিকনি এডাল । এই বোলে পূজা এভাগ হে পাতিব লাগে,বিদ্যালয়ত সৰস্বতী পূজা, বিয়াৰ দিন চোৱা,অন্নপ্ৰাশন,ঘৰ লোৱা, দোকান লোৱা, কোনোবা ছোৱালী পুষ্পিতা হ’ল – যোগ কি পৰিল ? পতি হিতা নে পতিহীনা নে বেশ্যা নে আৰু কিবা কিবি !!! দান কি দিব লাগিব ; ৰাজহাঁহ এযোৰ নে ক’লা ছাগলী নে আন কিবা, ইত্যাদি নানান কামত মানিক দেউ বিনা বিফল ।
বিয়াততো মানিক দেউক লাগিবই । আমাৰ খুৰা এজনৰ বিয়া। সকলো ধৰ্মীয় কাম-কাজৰ দায়িত্ব মানিক দেউৰ ওপৰতেই। সেই সময়ত বিয়া বুলিলে সকলো কাম ঘৰখনতে হৈছিল। মিঠাই বনোৱাৰ পৰা ভোজৰ ছাগলী কটালৈকে । কচাইৰ মাংস সেই সময়ত নাছিল বুলিয়ে ক’ব পাৰি ; সেইবাবে আমাৰ দৃষ্টি ভোজলৈ বুলি আনি থোৱা ছাগলী কেইটাৰ ওপৰতেই। ডাঙৰ কেৰাহীটোত ৰঙা জোল খিনিৰ ওপৰত ওপঙি থকা বগা তেল খিনি ! বৰ লোভৰ আছিল। ওচৰৰ বিদ্যালয়খনৰ পৰা ডেস্ক-বেঞ্চ আনি বিয়াৰ আগৰাতি ডেস্কৰ ওপৰত কাগজ পাৰি তাত গোলাপ,নাৰ্জী, তগৰ আদি ফুলবোৰ চিঙি চিঙি দি ওপৰত পলিথিন দি তলফালে টিপ গজাল মাৰি দিয়া হৈছিল । এই ফুল গোটোৱা, সজোৱা আদি কামবোৰ আমাৰ সৰু বোৰৰ দায়িত্বত আছিল । ছোৱালীবোৰে আম পাতৰ মালা বনাই দুৱাৰ বোৰত আৰি দিয়াৰ দায়িত্ব পালন কৰিছিল। বিয়াৰ দিনা কৰোবাক দায়িত্ব দিয়া হৈছিল মিঠাইৰ গুদাম ৰখীয়া, কাৰোবাক মানুহ মতা, কাৰোবাক ধৰ্মীয় কাম কাজৰ, কাৰোবাক ৰান্ধনিশাল চোৱা-চিতা ইত্যাদি । সেই সময়ত এসপ্তাহ মান আগতেই পেহী মাহী জেঠাই আদি আহিছিল বিয়া বুলি বহু কামত সহায়ও কৰি দিছিল। সেয়ে কোনো ৰসিক লোকে কিছু ধেমেলীয়া কামো কৰিছিল। দিনত পূজা- পাতল কৰি মানি়কদেউ ভাগৰত আবেলি ক্ষন্তেক জিৰণি লৈছিল মিঠাই থোৱা ৰুমটোৰ সৰু বিচনাখনত। ৰাতি আকৌ দৰাৰ লগত গৈ বিয়াৰ কৰ্মখিনি আছেই। ৰসগোল্লা বুন্দিয়া ক্ৰীম দৈ আদিৰে ৰুমটো ঠাহ খাই আছিল । কোনবা টলকত কোনোবা এটাই আহি শুই থকা মানিক দেউৰ দীঘল টিকনি ডালৰ পিছফালে বনগুটিত চিলাই লোৱা বুন্দিয়াৰ টিকনি এডাল যুৰি দিলেহি নহয়! দেউ সন্ধিয়া বিয়াৰ ভৰপক সময়ত উঠি আহি যেনিয়েই গৈছে বুন্দিয়াৰ টিকনিও এবাৰ জাপান এপাক চাইনা ফুৰি আহিছে । দেউৰ টিকনিৰ তলত গুজি দিয়া বনগুটিত চিলাই দিয়া হালধীয়া বুন্দিয়াৰ গুটিবোৰ দেখি কোনেও মুখেৰে একো ক’ব পৰা নাই।
সকলোৰে মুখত দেউক দেখি মিচিকি হাঁহি। শেষত কিবা সন্দেহ হ’ল নেকি! মূৰৰ পিছফালে খেপিয়াই বনগুটিত চিলোৱা বুন্দিয়াৰ মালাডাল আঁতৰাই খঙত অগ্নিশৰ্মা হৈ ক’লে “মই আজি নাযাওঁ। কোনে বিয়া পাতি দিয়ে দিব। মই কিন্ত কেতিয়াও নাযাওঁ ।”
কথা বিষম দেখি ডাঙৰ সকলৰ বহুত বুজনিৰ অন্তত দেউ দৰাৰ লগত যাবলৈ ৰাজি হ’ল। অৱশ্যে সন্দেহজনক দুটামান খটাসুৰ যি এই কামটো কৰিব পাৰে সিহঁত কেইটামানক দৰাৰ লগত নিনিয়াৰ বিনিময়ত মানিক দেউ যাবলৈ মান্তি হ’ল। তেতিয়াৰ দিনত দৰাৰ লগত যোৱাটো এটা সাংঘাতিক কথা। দৰাৰ লগত যাবলৈ বাচত সৰুবোৰে স্থান লাভ কৰাটো আজিকালিৰ APSC ত স্থান লাভ কৰাৰ দৰে কথা আছিল। এজন ডাঙৰ গহীন গম্ভীৰ খুুৰা বা বৰদেউতাই পেন কাগজ লৈ এখন লিষ্ট তৈয়াৰ কৰে য’ত আমাৰ দৰে ধিটিঙা বোৰৰ স্থান লাভ কৰাৰ আশা খুবেই ক্ষীণ থাকে। যি লিষ্ট বনায় তেওঁক কিবাকিবি সিধা যোগান ধৰিলেহে লিষ্টত নাম উঠিব। যেনে- তামোল-পাণ, গুৰত তিয়োৱা মান ধপাত, স্পেচিয়েল চাহ ইত্যাদি । সেইদিনা দৰাৰ লগত যাবলৈ এখন বাচ, এখন মেটাদৰ ( মেটাদৰ খন মনত পৰিলে মনটো কিবা লাগি যায়। বহুত ভাগ্যৰ মূৰত আমি সেইখনত উঠিছিলো। আজিৰ প্ৰজন্মই নেটত চালেহে গম পাব মেটাদৰ কি বস্তু।) আৰু আমাৰ এম্বেচাডৰ গাড়ী খন আৰু এখন ফিয়েট গাড়ী। মানিক দেউ উঠিল ফিয়েট গাড়ীত। সেইখনতে আছিল আকৌ একেই বদমাছি কৰা দুটামান। সেইসময়ত আজিৰ দৰে পানীয় বিধৰ প্ৰচলন প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি । কোনো কোনোৱে শিৱ বাবাৰ প্ৰসাদ ভাগ গ্ৰহণ কৰিছিল বিশেষকৈ বিয়া বাৰু , মাঘৰ বিহু ইত্যাদি ফূৰ্তিৰ দিনবোৰত। মানিক দেউৱে সাধাৰণতে বিড়ি বা পেপৰ হোঁপে। সেয়ে কোনোবা এটাই চিগেৰেটত অলপ ভাং মিলাই এটা মানিক দেউক খাবলৈ দিলে। তেতিয়াৰ দিনত চিগেৰেট অলপ বিলাসী বস্তুৱে। সকলোৱে খাব নোৱাৰেই। গতিকে মানিক দেউৱে কইনা ঘৰলৈ গৈ থাকোতেই বিনা চিন্তাই চিগেৰেট পাই সেই ভাং মিলাই থোৱা চিগেৰেটত কেইটান মান মাৰিলে। কইনাৰ ঘৰ দৰা ঘৰৰ পৰা তিনি ঘন্টা মানৰ দূৰত্বত। সেয়ে অলপ জিৰণি ল’বলৈ দৰা পাৰ্টিৰ ব্যৱস্থা বেলেগ এটা ঘৰত কৰিছিল । তাত জিৰাই মেলি মহিলা সকলে মেক আপ আদি কৰি কইনা ঘৰলৈ যাব। মানিক দেউৱে গাড়ীৰ পৰা নামিয়ে যি বিচনা ল’লে, নমাৰ নামেই নাই । অলপ পিছত “মোক উৰাই নিলে,উৰাই নিলে ” বুলি চিঞৰিবলৈ লাগিল। সকলোৰে তেতিয়াহে হুচ্ আহিল। লগে লগে নানান জন কবিৰাজ ওলাল । এই বোলে বেলপাতৰ ৰস খুওৱা, কলগছত ছুৰী মাৰি তাৰপৰা ওলোৱা পানী খুওৱা, চেনি খুওৱা ইত্যাদি নানান চিকিৎসাৰ অন্তত মানিক দেউৱে চকু মেলিলে। তাৰ পিছত গা-পা ধুই কইনাৰ ঘৰলৈ দৰা লৈ ওলাল। লগতে সইত সইত কৈ শপত খালে আৰু কোনোৱে দিয়া পেপৰ নাখাওঁ বুলি ।সকলোৱে ভগবানক ধন্যবাদ দিলে। কিবা কাৰণত সেইদিনা মানিক দেউৰ নিচা নফটা হ’লে যে কি হ’ল হেঁতেন ! কিজানি ৰুক্মিনী হৰণৰ লেখীয়া কাহিনীয়ে হ’লহেঁতেন! কোনে জানে!!
☆★☆★☆
11:13 am
আগৰ কণ পঢ়িছিলোঁ৷ পিছৰখিনিও তামাম৷ ভাল লাগিল৷