ফটাঢোল

গীত – চৈয়দ আহমেদ শ্বাহ

এই পৃথিবীখনেই এক ফুটবল
তুমিও খেলিব পাৰিবা
লঠিয়াই ফুৰিব পাৰিবা
যদি আছে বাহুবল
ফুটবল ফুটবল
বিশ্বকাপ ফুটবল
যদিহে চাবলে বিচাৰা
নালাগে ৰুচিয়ালৈ যাব
নালাগে টিভিত চাব
ইতিহাস পঢ়িলেই হব
ফুটবল ফুটবল
বিশ্বকাপ ফুটবল
বিশ্বকাপ এটি সুৰাৰ পিয়লা
এই সুৰাৰ ৰাগীত তুমি আমি মতলীয়া
ৰাতি দিন এক কৰি অলীয়া বলীয়া
মোৰ দেশে যদি খেলা নাই কি হল
আনে যেতিয়া দিয়ে গল
লাজ মান কাটি কৰি আমিও চিয়ঁৰো
গ’ল…..গ’ল ….গ’ল
বোৱাওঁ উল্লাসৰ ধল
মোৰ দেশে যদি খেলা নাই কি হ’ল…
আমি জানো ভাৰতীয় নহয়
আমি কাৰো তলতীয়া নহয়
যাকেই ইচ্ছা তাকে চাপোৰ্ট কৰিম
আমাৰ ইচ্ছা কাৰো বহতীয়া নহয়
আমি জানো ভাৰতীয় নহয় ?
উদাৰ জানো আমাৰ সভ্যতা নহয় ?
আমি নিজে নিজিকিলে কি হ’ল
আন কোনোবা জিকিলেই হ’ল …
গ’ল গ’ল গ’ল গ’ল গ’ল
ফুটবল ফুটবল
☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *