ফটাঢোল

আপদীয়া পদ্য – ৰাজীব শৰ্মা

(১)
শ্ৰৱণ কুমাৰে পিতৃ-মাতৃক কান্ধে লৈ ভাৰ
খোজকাঢ়ি তীৰ্থ দৰ্শনেৰে সুজিছিল ধাৰ
পৌৰাণিক কাহিনীৰ ৰূপ
বৰ্তমান নিমিলে ধুৰূপ
এলাগী হ’লেই আজি কেৱে বোলে ধৰ মাৰ
 (২)
আগ চোতালত বহি তেওঁ তুলি আছিল কাঁঠি
ৰচীৰে মেৰিয়াই পুতেকে গালৈ টোৱালে যাঁঠি
কি কৰিছ হেৰ সোণ
বাপেৰকে বান্ধচোন
খিলখিলাই সি বোলে ককাকো বান্ধি থৈছাচোন
(৩)
সমাজসেৱক হ’বলৈ হৈছিল তেওঁ  এম পি
ঘৰ-বাৰী, টকা-পইচা
সকলোফালে এম টি
আজি দেশে-বিদেশে সম্পত্তি
দেখি প্ৰজাৰো নাই আপত্তি
ভোট আহিলে হাতযোৰে পাহৰি যায় ভেম কি
☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *