ফটাঢোল

আপদীয়া পদ্য – হেমেন ডেকা

১)
বাদুলিয়ে কলঠোক খোৱা বুলি ক’বলৈহে পালে
বাদুলি বিচাৰি বহু ডেকাই বিম্বাশবদে লৰ দিলে
ক’লৈ পলাল নিশাচৰ
সৱেই বোলে ধৰধৰ
ধেই,কল দেখোঁ পকাই নাই-খেনোৱে আহি ক’লে৷
২)
বোন্দা মেকুৰী এটাৰ অন্তৰত বৰ দুখ
বহুদিন হ’ল- দেখাই নাই মাছৰ মুখ
বজাৰত দেখো জুই
ৰজাঘৰো আছে শুই
হতাশ বিড়ালে কাঁইট চেলেকিয়ে লভে সুখ৷
৩)
খাহী ছাগলীয়ে কি বুজিব ঘাতকৰ দৃষ্টি
কিয়নো বাৰু ইমান আদৰ-যত্নৰ বৃষ্টি
খন্তেকীয়া সুখৰ জীৱন
লাভ কৰে সশ্ৰদ্ধ তোষণ
নেজানিলে সি যে বৰভোজৰ বাবেই সৃষ্টি৷
☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *