ফটাঢোল

সোণৰ কণী পৰা হাঁহ – প্ৰদীপ পাটগিৰি

‘ফটা-ঢোল’ত পদ্যৰ জোঁৱাৰ
আমিও নাথাকোঁ বহি,
পদ্য এটা আপলোডাম
নুঠিলেও নুঠক হাঁহি ৷
টে’ট পাছ কৰি শিক্ষক হ’লো
কৰিলো ডি এল এড,
টে’টনী এজনীৰ প্ৰেমত পৰি
সপোন দেখিলোঁ এ টু জেড ৷
পৰামৰ্শ মানি প্ৰিয় বন্ধুৰ
তেওঁলৈ কৰিলোঁ ফোন,
মনৰ কথা খুলি ক’লোঁ
তেওঁৰ উঠিল খং ৷
ফোনটো দিলে দেউতাকক
দেউতাক আকৌ ‘হিটলাৰ’,
ফোনতে দিলে মোক ধমকি
“ঐ বেটা হুচিয়াৰ ৷
নাচাবি মোৰ ছোৱালীৰ ফালে
পিঠি ফালি দিম তোৰ,
পুলিচৰ সৈতে মোৰ উঠা-বহা
দেখুৱাম ৰঙা-ঘৰ ৷”
ধমকি শুনি প্ৰেম পলাল
বন্ধুৱে ক’লে, “বাঃ শহুৰ বাঃ
জীয়েৰাক তই ঘৰতে ৰাখিবি
তাইযে সোণৰ কণী পৰা হাঁহ ৷”
☆★☆★☆

2 Comments

  • হাঃ হাঃ হয়টো সোণৰ কণী। ভাল লাগিল

    Reply
  • অনুৰূপ মহন্ত

    হাঃ হাঃ, হয় দিয়ক। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *