ফটাঢোল

বিভিন্নজনৰ একলম – জয়ন্ত শৰ্মা

ফেচবুকৰ গল্প কবিতা প্ৰবন্ধৰ বহুতো গ্ৰুপ আছে যদিও হাস্য ব্যংগ গ্ৰুপৰ সংখ্যা অতিকৈ কম আছিল। তাৰেই অভাৱ অনুভৱ কৰি কেইজনমানে নিজৰ মাজতে ধেমালিৰ বাবে গ্ৰুপ এটা খুলিলে, নাম দিলে ‘ফটা ঢোল’। লাহে লাহে ইজনে সিজনক সদস্য ভৰ্তি কৰোৱাত সদস্য সংখ্যা বাঢ়িল। তাৰ মাজতে বহু কেইজন লিখা-মেলাত হাত দিয়েই পৰিপক্কতাৰ পৰিচয় দিলে। লাহে লাহে গ্ৰুপত আলোচনা হ’বলৈ ধৰিলে যে সদস্য সকলৰ প্ৰতিভা আছে যেতিয়া, কথাটো অলপ আন ধৰণেৰে চিন্তা কৰা যাওক। যিহেতুকে অসমীয়া সাহিত্যত হাস্য ব্যংগ লিখা আৰু লিখক আঙুলিৰ মূৰত লিখিব পৰা। কিন্ত ব্যংগাত্মক সাহিত্যই সমাজলৈ যিমান শক্তিশালীভাৱে বাৰ্তা পঠায় সেই বাৰ্তাই সমালোচনাতকৈও তীব্ৰভাৱে খোঁচে। গ্ৰুপটো চলি থাকিল। নতুন নতুন সদস্যৰ আগমণে গ্ৰুপলৈ নতুন চিন্তাৰ নতুন নতুন লিখকৰ আমদানি ঘটালে। ব্যংগ সাহিত্যৰো মান উন্নত হৈ গৈ থাকিল। তেতিয়াই আন এটা চিন্তা আহিল যে ইমান মান বিশিষ্ট লিখা বিলাক গ্ৰুপতেই সীমাবদ্ধ থাকিবনে? এই লিখনিবিলাক বাহিৰলৈ উলিয়াই দিয়া যাওক। সদস্য সকলৰ প্ৰতিভাতো আছিলেই মাথোঁ প্ৰয়োজন আছিল দিকদৰ্শকৰ। যেতিয়াই কেইজনমান কম্পিউটাৰৰ কাৰিকৰী বিষয়সমূহৰ জ্ঞান থকা সদস্যৰ অন্তৰ্ভূক্তি হ’ল তেতিয়াই এওঁলোকৰ চিন্তাৰ ফচল হিচাবে 2017 চনৰ জুলাইত ‘ই আলোচনী’ ‘ফটা ঢোল’ৰ জন্ম হ’ল। গ্ৰুপৰ বাহিৰৰো বিখ্যাত লিখকসকলক অনুৰোধ কৰি লিখনি সমূহ আনিব ধৰিলে। সাক্ষাৎকাৰৰ বৰ আকৰ্ষণীয় শিতান এটাও যোগ কৰা হ’ল। ‘ফটা ঢোলে’ লাহে লাহে মানুহৰ অন্তৰত ঠাই ল’লে। প্ৰত্যেক মাহৰ এক তাৰিখে আলোচনীখন নিজৰ ৱেবচাইটত মুকলি কৰাৰ লগে লগেই “হিট”ৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। ইয়ে ভৱিষ্যতলৈ ইণ্টাৰনেটত অসমীয়া ভাষাৰ সুচলতাত সহায় কৰিব। ক্ৰমে সদস্যভৰ্তিৰ অনুৰোধ বেছি হৈ আহিব ধৰিলে। ইয়ে প্ৰশাসক সকলৰ উৎসাহ আৰু আত্মবিশ্বাস বঢ়াই তুলিলে। এতিয়া হয়তো কম দিনৰ ভিতৰতে আলোচনীখন ছপাশালো পাবগৈ। এনেকৈয়েই ফেচবুকৰ মাধ্যমেৰে সৃষ্টি হোৱা গ্ৰুপ এটাই মানুহৰ মাজত নিৰ্মল হাঁহি বিলোৱাৰ লগতে কৰ্মজীৱনৰ গভীৰ চাপৰপৰা সাময়িক সকাহ দিবলৈ তথা ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে।

চাওঁতে চাওঁতে ‘ফটা ঢোল’ ই-আলোচনীখন এবছৰীয়া হ’ল। ‘ফটা ঢোল’ দীৰ্ঘজীৱী হওক। জয়তু ফটা ঢোল। জয় আই অসম।

☆★☆★☆

One comment

  • ৰিণ্টু

    সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ। দিহা-পৰামৰ্শৰে আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলো

    Reply

Leave a Reply to ৰিণ্টু Cancel reply

Your email address will not be published. Required fields are marked *