ফটাঢোল

বিভিন্নজনৰ একলম – হিমাংশু ভাগৱতী

সময়ৰ জোখেৰে এবছৰ পাৰ হৈ যোৱাটো সাধাৰণ, গম নোপোৱাকৈ পাৰ হৈ যায়। এখন আলোচনীয়ে এবছৰ পাৰ কৰাটো কিন্তু সাধাৰণ নহয়। তাতে যদি আলোচনীখন মূলত হাস্য-ব্যংগ সাহিত্যক সমুখত লৈ আগবাঢ়ে এই কামটো অতি দুৰূহ হৈ পৰে। তেনে এখন ই-আলোচনী ‘ফটা ঢোল’ সফলতাৰে এবছৰ সম্পূৰ্ণ কৰাটো নিসন্দেহে উৎসাহজনক খবৰ।

আলোচনী এখন সংখ্যাৰ পিছত সংখ্যা আগুৱাই গৈ থাকোঁতে বহুসময়ত মানদণ্ডৰ উঠা নমা হৈ থকা দেখা যায়। ‘ফটা ঢোল’ আলোচনীখনৰ আটাইতকৈ ভাল লগা দিশটো হ’ল ইয়াৰ উৰ্ধমুখী মানদণ্ড। প্ৰতিটো সংখ্যা আগৰবাৰৰ সংখ্যাটোতকৈ উৎকৃষ্ট হৈ গৈ আছে।

সাধাৰণতে ই-আলোচনী এখনত ছপা মাধ্যমৰ প্ৰতিষ্ঠিত লেখকৰ লেখা পাবলৈ টান, তেখেতসকলে এইধৰণৰ আলোচনীলৈ লেখা আগবঢ়াবলৈ আগ্ৰহী নহয়। ‘ফটা ঢোল’ ক্ষেত্ৰত এই কথাটোৰ ব্যতিক্ৰম দেখি ভাল লাগিছে। নতুন লেখক সৃষ্টিৰ লগতে পুৰণি প্ৰতিষ্ঠিতজনকো আলোচনীখনৰ লগত জড়িত কৰাব পৰাতো সম্পাদনাৰ লগত জড়িত সকলৰ অন্যতম কৃতিত্ব।

অসমীয়া সাহিত্যত বিশেষ আগ নবঢ়া হাস্য-ব্যংগ বিষয়টোক আগবঢ়াই নিবলৈ কৰা এই প্ৰয়াসে নিসন্দেহে অসমীয়া সাহিত্যক নতুন মাত্ৰা দিব। ই-আলোচনী ‘ফটা ঢোল’ চিৰদিনলৈ প্ৰকাশ হৈ থাকক।
ধন্যবাদেৰে,

☆★☆★☆

One comment

  • Rintumoni Dutta

    সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ হিমাংশু।

    ভুল-ক্ৰুটীবোৰ আঙুলিয়াই দি আগলৈও গঠনমূলক পৰামৰ্শৰে আমাক উপকৃত কৰিবা বুলি আশা ৰাখিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *