ফটাঢোল

বিভিন্নজনৰ একলম – মৌচুমী দাস

অসমীয়া হাস্যব্যংগ ই-আলোচনী “ফটা ঢোল”ৰ বৰ্ষপূৰ্তি উপলক্ষে আলোচনীখনৰ লগত পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে জড়িত সকলো কৰ্মকৰ্তালৈ মোৰ ফালৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ৷ এই চেগতে লেখক, পাঠক আৰু প্ৰতিটো সংখ্যাৰ সম্পাদকৰ সহযোগিতাৰ ফলশ্ৰুতিত যেন আগন্তুক দিনত আলোচনীখনৰ গুণগত মানদণ্ড উন্নীত হৈ গৈ থাকে তাৰেই কামনা কৰিলোঁ৷ দৈনন্দিন জীৱনৰ খামখেয়ালি, সামাজিক আৰু ঘৰুৱা দায়িত্বৰ মাজতো যিসকলে ব্যংগৰ চৰ্চা বৰ্তমানেও কৰি আছে তেওঁলোকলৈ শতকোটি প্ৰণাম৷ হাঁহিৰে জগত জিনাৰ এই ‘কলা’ প্ৰতিজন মানুহৰ অন্তৰত ঠাই পাওক লগতে ব্যংগৰ চৰ্চা অব্যাহত থাকক সেই আশাৰে আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ৷

☆★☆★☆

One comment

  • ৰিণ্টু

    সুন্দৰ মতামতটোৰ বাবে আন্তৰিক ধন্যবাদ মৌচুমী। সহায়-সহযোগ সদায় আশা কৰি থাকিম তোৰ পৰা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *