ক্ষুদ্ৰ দৰঙীয়া একাংকিকা – কুসুমাঞ্জলি শৰ্মা
চৰিত্ৰ চিনাকি
#বুদ্ধিৰাম :- বিয়াল্লিচ বছৰ বয়সৰ গৃহস্থ, পেচা হাটে বজাৰে বাৰীৰে হাঁহ-পাৰ, পাণ, তামোল বেচিবলৈ মাজে মাজে লৈ যায়। ঘূৰি আহোঁতে ঘৰত লগা টুকটাক কিবাকিবি কিনি আনে।
#গোলাপী: বুদ্ধিৰামৰ পৰিবাৰ। বয়স পঁইত্ৰিছ বছৰ মান হৈছে।
#স্থান ছিপাঝাৰৰ ভিতৰুৱা গাঁৱৰ পুৱাবেলা
বুদ্ধিৰাম :-অ শুন্চা ! এই ডাড়ি কাটা বিলেদ খানেদি কোনে কি কাটছিলেই ?
গোলাপী: কিয়ানো, কি হৈছি ?
বুদ্ধিৰাম:- ডাড়ি কেইদাল কাটা যাৱা নাই ! এখান নতুন বিলেদ !! কানীয়াৰ দোকানৰ পে পদ্ধিনা আইনছিলোঁ !
গোলাপী: – সেক খান্ কি আংবাং বকি আছানো ? পুৱা সৰু বাপাই কাঠ পেঞ্চুল জোঙেইছিল দেখোন ! ৰাম ৰাম! নিজৰ ডাড়িসোপা কাঠ পেঞ্চুলতকে টান হ’লনে ??
বুদ্ধিৰাম:- সেইকোন্তে মই ঝাড়ৰ মাঝৰ ঝিয়া বিয়া কৰাবা খোজা নাচ্চিলোঁ ! বুৰ্বকৰ সঁচ !
গোলাপী:- হ সঁচত ধল্লি বেয়া হ’বো কথা। পৈ চৈ নাচাওঁ। বাইহিনীৰে জাৰিম চবকে। মোক কি বুৰ্বক দেখছানো আপুনি? কি দেখছা?
বুদ্ধিৰাম:- একথালী এক্থালী দমৰা গৰুই চেৰবা নৰা দানা খাবা জানা ! হাথীয়া জোকৰ কামাৰ খাওতে জনমতি গেইছিল! মগজটোত গোবৰ ভৰেই ৰাখছা।
গোলাপী: -হ’ আপুনি কিয়ানো মোক বুৰ্বকেনীটোক আনছিলি পিছে ? মাষ্টৰৰ ঝিয়াকৰ লগত বইদেনিৰ তাকলেগি তিনবাৰ তিনবাৰ গেইছিলি বুলি মই নাজানো নিকি … ঘটি, বটা, কলহ সব বেচি ..উদ্ধাৰ হৈ আইছিলি বোলে চোন ! সেইসোপা চলি পলিৰ আগত মুখেদি ওলাবো ইট্টেই ….
বুদ্ধিৰাম:-অই সৌখাৰ তিনদাল টোকানৰ দুদ্দাল তোৰ পিঠিত চিঙচো ! ইদালে কৈ আছেই “আপৈ ! পুজা দি, পুজা দি !”
গোলাপী:- ফফৌ ফৌ বুঢ়া ! শাশানশালিয়ে মাতি আছেই আজি আহ কালি আহ বুলি ,টাঙান ঝোকেৰবা আইছি !!ছিকৌ ! ছিকৌ !!
বুদ্ধিৰাম:-তাই বেটীক আজি …..
গোলাপী: – (বুঢ়া আঙুলি দেখুৱাই)হেই দাল কৰবি !!
#ভাঙনি
বিলেদ/ব্লেড
ঝিয়া/ছোৱালী
সেক খান/সেই বিলাক
সেই কোন্তে/সেই কাৰণে
ঝোকেৰবা/জোকাৰিবা
বইদেনি/বৈদানী
চেৰবা/ জপিয়াই ডেই যোৱা
শাশান শালি/শ্মশান
চলি পলি /সন্তান
ইট্টেই/এতিয়া
পদ্ধিনা /পৰহিদিনা
বাইহিনী /বাঢ়নী
সৌখাৰ টোকান/সৌকাৰ লাঠি
আপৈ/বাপ
জনমতি/জনমটো
ছিকৌ/ধিক ধিক
☆★☆★☆
11:31 am
গোটত পঢ়িছিলোঁ৷ আকৌ পঢ়িলোঁ৷ সুন্দৰ৷
1:37 pm
ভাল লাগিলে ৰে বেটি কথা
5:27 pm
ভাল লাগিল।
5:32 pm
সুন্দৰ আৰু বেছ উপভোগ্য একাঙ্কিকা।
1:22 am
সুন্দৰ হৈছে।
6:16 am
বঢ়িয়া লাগছি। এনেহান লিখেনি পঢ়বা পালি ভাত নাখলিও হৈ।
1:39 pm
ভাল লাগলে ৰে বেটি কথা
6:13 pm
ভাল লাগিল, অসমীয়াৰ এই সুৰ বিলাকত আৰু বেছি সাহিত্যসৰ্চা হোৱা উচিত।