বিশেষ একো নাই – সোণটো ৰঞ্জন বৰুৱা
কিছুদিনৰ আগতে বিয়া এখনত তাৰ লগত বহু বছৰৰ পাছত মুখামুখি হলোঁ। মই বাৰু তাক দেখিলেই চিনি পালোঁ কিন্তু সিও পালে। পিছে সি মোক চিনি পোৱাতহে আচৰিত হলোঁ। নহ’মনো কিয়, কলেজ এৰাৰ পোন্ধৰবছৰৰ পাছত সহপাঠীয়ে এনেদৰে চিনি পোৱাটো আচৰিত কথাই দিয়কচোন। বিশেষকৈ তেতিয়া , যেতিয়া আপোনাৰ কঁকালৰ আশেপাশে চৰ্বীৰ পাহাৰ, আগৰ ফুলৰ দৰে চেহেৰাৰ ঠাইত ফুলি যোৱা শৰীৰ, কেইবা তৰপো মেকআপৰ তলত বয়স লুকুৱাবলৈ কৰা নিষ্ফল প্ৰচেষ্টা আৰু আঙুলিত ধৰি থকা ল’ৰা এটা অপোনাৰ লগত থাকে।ইফালে ল’ৰাৰো আচৰিত হোৱাৰ পাল, এবাৰ মাকৰ মুখলৈ চায়, এবাৰ আংকুলৰ মুখলৈ চাই। ল’ৰাৰতো বিশ্বাসেই নহয় সেইজনী তাৰেই মাক নে? কি আচৰিত, কথাই কথাই দেউতাকৰ লগত তু তু মে মে কৰি থকা মাকে কাৰোবাৰ লগত হাঁহি হাঁহিও কথা পাতিব পাৰে। কথাবতৰা আগবাঢ়ি গৈ থাকিল।
এবাৰত সি সুধিলে, “পিচে কি কৰি আছা আজিকালি?
প্ৰত্যাশিত প্ৰশ্ন।
উত্তৰ দিলোঁ, “নাই, এনেই।”
“কিবাতো কৰি আছা দিয়া, আজিকালি কোনো মহিলাই এনেয়ে নাথাকে। “
“চাকৰি এটা কৰি আছোঁ আৰু তাৰ বাদে একো নাই।”
“ৱাহ, চাকৰি”, শুনি সি চকু বহল কৰি দিলে।
এইবাৰ মোৰ পাল, “পিছে তুমি কি কৰি আছা, একো নাজানোৱেই নহয় কি কৰি আছা? “
সি ক’বলৈ লওঁতেই তাৰ ফোনটো বাজি উঠিল। সি জেপৰ পৰা ফোনটো উলিয়ালে আৰু ৰিচিভ কৰিবলৈ ইমান সময় ললে যিমান সময়ত মই তাৰ মোবাইলৰ ব্ৰেণ্ড আৰু মডেল কি তাক স্পষ্টকৈ দেখা পাব পাৰোঁ।
“বিশেষ একো নাই”, তাৰ উত্তৰ আহিল।
পিছে সি কিবা বিশেষ কৰিবই লাগিব৷ ম’বাইলেই দেখোন ২০/২২ হাজাৰৰ, যিটো মই ল’বলৈ মন কৰিও আজিলৈকে কিনিবলৈ সাহস কৰা নাই।
“তথাপিও কোৱাচোন।”
“নাই এনেকৈয়ে চলি আছোঁ”, সি উত্তৰ নিদি ফালৰি কাটিলে।
এনেতে ল’ৰা এটা আহি তাক ক’লেহি,”দাদা, বাইদেউ গাড়ীত আপোনালৈ অপেক্ষা কৰি ৰৈ আছে।”
“এইখন মোৰ কাৰ্ড, সময় পালে কথা পাতিম। এতিয়া লৰালৰি অলপ। ল’ৰা ছোৱালীক হোষ্টেলত থবলৈ যাওঁ। তোমাৰ কাৰ্ড দিয়া”
তাৰ কথা শুনি হাঁহি উঠিল। মই আৰু কাৰ্ড?
এগৰাকী শিক্ষয়িত্ৰীৰ পাৰ্চত আন একো নাথাকিলেও কাগজ কলমটো থাকেই। তাৰে এটুকুৰাত নম্বৰটো লিখি দিলোঁ।
“পিছে লৰা ক’ত পঢ়াইছা?”,স্কুলৰ নামতেই তাৰ ষ্টেটাছ প্ৰকাশ পোৱাৰ সম্ভাৱনা দেখি সুধিলোঁ।
“ডুনত।”
“ডুন মানে?” মোৰ কল্পনালৈ আমাৰ চহৰৰ নামবোৰ আহিল।
”দেৰাডুনৰ ডুনত, প্ৰিয়ংকাৰ লৰাই পঢ়ে যে।”
এইবাৰ মোৰ চকু কপালত উঠাৰ পাল।অলপ সময়ৰ বাবে একো নকৰাকৈ স্বয়ংক্ৰিয় ভাবে চকু মুখ মেল খাই মোৰ মুখখন গোল হৈ গ’ল। সি তাৰ গাড়ীলৈ খোজ ল’লে, ময়ো আগবঢ়াই দিবলৈ গলোঁ। গাড়ীখনৰ প্ৰথম বিজ্ঞাপন টিভিত দুসপ্তাহৰ আগতে দেখিছিলোহে,বেচ কিছু দামী। বৰকৈ চাবলৈও ভয় লাগিল, কিজানি চকুৰ দৃষ্টিটো নিচান বহি যায়। গাড়ীত বহি থকা পত্নীৰ হৈতে চিনাকী কৰাই দিলে। ধুনীয়া পত্নী, একেবাৰে চিনেমাৰ অভিনেত্ৰী হেন চেহেৰা। যেন ক্ৰমাগত ভাবে চিনেমা ফ্লপ হোৱাৰ বাবেহে বিয়াত বহিল।
“প’ষ্টিং ক’ত?”
তাৰ প্ৰশ্নত ভাবৰ জগতৰ পৰা বাস্তবলৈ ঘূৰি আহিলোঁ। মই ঠাইৰ নাম কলোঁ, সি দূৰত্ব কিমান সুধিলে।
“অহাযোৱা ১০০কিমি মানেই হয়গৈ।”
“হে ভগৱান, ইমান দুৰ? আগতে নক’লি কিয়? ইমান দূৰ অহাযোৱা কৰ? মোক এখন দৰ্খাস্ত লিখি দে। এসপ্তাহত ট্ৰেঞ্চফাৰ কৰি ঘৰৰ ওচৰলৈ আনি দিম। তোৰ কাম মই এনেয়ে কৰি দিম”।
সি যেন মোৰ বাবে চিন্তিত হৈ পৰিল। তাৰ কথা শুনি এনে লাগিল যে সি থাকোতে মই সদায় ইমান দুৰ অহাযোৱা কৰাটোৱে বৰকৈ ব্যথিত কৰিছে। মই নিজেই অৱশ্যে ইমান অসুবিধা পোৱা নাছিলোঁ। চিনাকি বাছ, চিট ৰাখি থয় মোলৈ। বাছত উঠি টোপনি মাৰোঁ, সময়ত জগাই দিয়াৰ দায়িত্ব কণ্ডাক্টৰৰ। অৱশ্যে কেতিয়াবা হঠাৎ কামত লাগে বুলি তেনে দৰ্খাস্ত এখন সকলো সময়তেই মোৰ লগত থাকেই। পটাপট উলিয়াই সেইখনকে তাক দিলোঁ।
ধূলি উৰুৱাই সি গলগৈ৷ এইবাৰ মই হাততে থকা তাৰ কাৰ্ডখন এনেয়ে চকু ফুৰালো। সভাপতি, তলত সংগঠন এটাৰ নাম। সংগঠনটোৰ নাম নিৰ্বাচনৰ আগত পেপাৰে টিভিয়ে শুনি থাকো।
এতিয়া মনলৈ আহিল, কলেজৰ দিন তাক চহৰখনৰ সকলো প্ৰতিবাদ ধৰ্ণাতেই আগভাগ লোৱা দেখিছিলোঁ।কলেজত আমিবোৰে প্ৰথমে নিজৰ ডিগ্ৰীৰ পাছত ঘুৰিলো, সি সেইবোৰত। পিছত চাকৰি বিচাৰি হাবাথুৰি খালোঁ। হাজাৰ ফৰ্ম ফিলআপ কৰাৰ পাছত যেনে তেনে এই চাকৰিটো পালোঁ, কিছুমানৰতো তাকো নহ’ল। চাকৰিও ইমান দূৰত পালোঁ অহাযোৱাতেই দিনটো যায়গৈ। কেতিয়াবা যদিও ছুটি পাওঁ, সেই দিনকেইটাও বিনা টকাই ট্ৰেঞ্চফাৰ কাম কৰি দিয়া মানুহ বিচাৰোতেই শেষ হয়গৈ। আজি সেই ‘বিশেষ একো নাই’জনৰ কাষতেই সকলো বিশেষ আছে। বিশেষ গাড়ী, বিশেষ পত্নী, বিশেষ স্কুলত ল’ৰা, বিশেষ অঞ্চলত ঘৰ, বিশেষ লোকৰ লগত সম্পৰ্ক। সকলো বিশেষেই তাৰ ওচৰত। সকলো দেখা বিশ্লেষণ কৰাৰ পাছত মোৰ বুদ্ধত্ব প্ৰাপ্তি হল। মই ভালদৰেই বুজি পাই গ’লো আজিৰ সময় এই ‘বিশেষ একো নাই’ কৰা সকলৰ বাবেহে।
☆★☆★☆
9:43 pm
বৰ ভাল লাগিল ।
7:23 pm
Thank you
9:50 pm
ভাল লাগিল সোনটো। আকৌ কৈছো, তোমাৰ কলম দিনক দিনে পৈণত হৈ গৈ আছে। চৰ্চা নেৰিবা
7:23 pm
উৎসাহিত কৰাৰ বাবে ধন্যবাদ দাদা
4:39 pm
সুন্দৰ দাদা।
7:22 pm
Thank you
7:34 pm
ভাল লাগিল।
7:22 pm
Thank u?
11:20 am
বিশেষ ব্যক্তি
7:21 pm
হয় ?
1:20 pm
তামাম সোনটো৷
7:20 pm
ধন্যবাদ দাদা
3:02 pm
ধুনীয়া লাগিল ।
7:20 pm
ধন্যবাদ ?
4:27 pm
ভাল লাগিল আপোনাৰ আনবোৰ লিখনিৰ দৰেই ৷
7:19 pm
ধন্যবাদ পৰী
4:14 am
সোনটো, বঢ়িয়া গল্প লিখিছা৷ লিখি থাকিবা৷
7:19 pm
ধন্যবাদ দাদা ?