ৰূপালী জয়ন্তী – জয়ন্ত শৰ্মা
ডিটিপি খিনি কৰি উঠাৰ পিছতেই অংকুৰৰ ফোন আহিল।
:এইটো প্ৰেছত বোলে কোনোবাই ‘ৰূপজ্যোতি যুৱক সংঘ’ বুলি পেড এটা বনাই নিছে। তহঁতে এটা কাম কৰ বুজিছ। ৰূপজ্যোতিতো ‘ৰূপহী’ বনাই দে। নামটোত গাঁৱৰ চেণ্টি এটাও থাকিব।
চেহ্। আকৌ ৰিচিপ্ত বহীৰ পেড সলাই প্ৰিণ্ট উলিয়াই অনালৈ অলপ দেৰিয়েই হ’ল। মিটিঙ আৰম্ভ হলেই। মানুহ একেবাৰেই কম। তথাপিও কিবাকৈ আগত গৈ তেওঁ দেখাকে আমি কেইটাই কথাই প্ৰতি ইমানেই হাত চাপৰি বজাব আৰম্ভ কৰিলো যে তেওঁৰ মুখখনো উজ্জ্বল হৈ পৰিল।
‘তেওঁ’ মানে ‘এখেত’ যোৱাবাৰৰ আমাৰ সমষ্টিৰ সাংসদ।যোৱাবাৰ নিৰ্বাচন যি পাৰ হ’ল তাৰ পিছত এওঁক সমষ্টিৰ ভাগ্যৱান কেইজনেহে দেখিবলৈ পালে। অৱশ্যে দলৰ ধুনীয়া মহিলা কেইজনীৰ ঘৰত সকামে নিকামে তেখেত আহে। তাৰ ভিতৰতো আকৌ বেছি ধুনীয়া কেইজনীক দলৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাবলৈ তেখেতে মাজে মাজে দিল্লীলৈ লৈ গৈ থাকে। সমষ্টিৰ চকুত পৰাকৈ বিশেষ একো সলনি নহলেও এওঁলোকৰ ঘৰৰ চেহেৰা, বেশভূষা, থকাৰ ধৰণ কৰণ সলনি হৈছে। চকু চৰহা ৰাইজে কাৰো সুখ দেখিব নোৱাৰে। বু বু বা বা কৰে। হেৰৌ, পাঁচ বছৰতে সকলোৰে সম্ভৱ নেকি। যি কেইজনৰ হৈছে তেখেত সকলোতো সমষ্টিৰে মানুহ। না,ৰাইজে নুবুজে। ৰাইজে এইবাৰ এখেতক পুলিয়ে পোখাই উভলাৰ পণ লৈছে।
: ৰাইজ সকল, মই বুজিছোঁ। আপোনালোকে মোক অলপ বেয়া পাই আছে। মোৰ প্ৰতি ক্ষোভ প্ৰকাশো কৰিছে। হয়, খঙ উঠাটো স্বাভাৱিক। কাৰণ বিৰুধী সকলে আপোনালোকৰ আগত এনেকৈ প্ৰচাৰ কৰিছে মই যেন একোৱেই কৰা নাই। কেৱল মাথো দিল্লীত মৌজ মস্তি কৰিছোঁ। কিন্তু নহয় ৰাইজ। মই আপোনালোকৰ অধিকাৰৰ কাৰণে তাত দিন ৰাতি এক কৰি সংগ্ৰাম কৰিছোঁ।
থাপ্ থাপ্ থাপ্ কৈ আমি কেইজনে মৰা হাত তালি কেইটা দেৱালীৰ সেমেকা ফটকাৰ পেকেটৰ দুই এটা ফুটাৰ দৰে শুনা গ’ল। আমি হাততালি মৰাত নামাৰিলে বেয়া দেখি বাবে ওচৰৰ দুই চাৰিজনেও মাৰিলে। ৰাইজৰ মাজৰ পৰা ওহ্ বেল্টৌমুৰীয়া বুলি মৰা চিঞৰ কেইটাক তল পেলাই দলৰ কৰ্মকৰ্তা সকলে মৰা চাপৰি কেইটাত উৎসাহিত হৈ বাওঁ হাতেৰে মুখখন মচি পুণৰ আৰম্ভ কৰিলে।
: ৰাইজ, ক্ষোভ মোৰো আছে। নাই, নাই ভুল নুবুজিব। ক্ষোভ আপোনালোকৰ ওপৰত নহয়। মোৰ ক্ষোভ আগৰ জন সাংসদৰ ওপৰতহে। তেখেত ইমানেই নিষ্কৰ্মা আছিল যে সমষ্টিৰ বাবে একোৱেই নকৰিলে। এতিয়া মই নিজেই সমষ্টিৰ বাবে বহুকেইটা ‘প্ৰকল্প’ বনাই অফিছে অফিছে টেবুলে টেবুলে ঘুৰি কামখিনি আগবঢ়াইছোঁ। নিৰ্বাচন ঘোষণা নকৰিলে ইমান দিনত কাম খিনি হয়েই গ’ল হেতেন ৰাইজ। ৰাইজ আপোনালোকৰ ঘৰে ঘৰে পানীৰ সুবিধা হ’ব, বিজুলী যোগান আধা দামত পাব। হাইৱেৰ মেৰামতি, ট্ৰেইন লাইনৰ কামো আগবঢ়াইছোঁ। এই বিলাকত দিন ৰাতি লাগি থাকিব লগা হোৱা বাবেই সমষ্টিলৈ আহিবলৈ সময়ে নাপাওঁ ৰাইজ। আগৰ জনাই যদি কাম বিলাক অকণমানো আগবঢ়ালে হয় তেতিয়া ৰাইজ মই ইমান কষ্ট কৰিব নালাগিলে হয়। এতিয়া তেঁৱেই আকৌ ৰাইজক মোৰ কথা ওলোটাকে বুজায়। পাঁচ বছৰ বৰ কম সময় ৰাইজ। এইখিনি আগবঢ়াওঁতেই পাঁচ বছৰ পাৰেই হ’ল ৰাইজ। এতিয়া এইবাৰ যদি মোক আকৌ আপোনালোকে দিল্লীলৈ নপঠিয়ায় কাম বিলাক কিন্তু ৰৈ যাব ৰাইজ।
কেলেপ কেলেপ কেলেপ্। এইবাৰ ৰাইজৰ হাত চাপৰিৰ শব্দ অলপ বেছিকৈ শুনা গ’ল। অংকুৰে দূৰৰ পৰাই মানুহৰ মাজৰ পৰাই ওলাই আহিবলৈ ইঙ্গিত দিলে। অংকুৰেই আমাৰ গ্ৰুপটোৰ অঘোষিত নেতা। সাংঘাতিক আইডিয়া তাৰ। হঠাতে তাৰ মনত এনেকুৱা কিছুমান বুদ্ধি আহে যে তাৰ যহতেই আমাৰ সন্ধিয়াৰ চাহ- তামোল, খানা-পিনাৰ খৰচ বিলাক মাজে মাজে যোগাৰ হৈ থাকে। কালিও দলঙত বহি আড্ডা দি থাকোঁতেই দলৰ ধামাধৰা অনিল দাই আহি কলে কাইলৈ আবেলি মিটিঙলৈ ওলাবি। এম পি আহিব। লগে লগেই অংকুৰৰ অঙ্ক আৰম্ভ হৈ গ’ল। প্ৰেচলৈ গৈ ‘সংঘ’ এটা বনোৱা, লগ’ ঠিক কৰা, ক্লাৱৰ ষ্টাম্প পেড বনোৱা, কমিটি বনোৱাৰ পৰা ৰিচিপ্ত বহী চপোৱালৈ সকলোখিনি কৰি আমাক লগত লৈ প্লেনটোও বুজালে। প্লেনমতে সন্মুখৰ কাম খিনি হৈ গ’ল। এতিয়া ওলাই গৈ ষ্টেজৰ পৰা নমাৰ পৰা গাড়ীলৈ যোৱালৈ এনেকৈ তেওঁক আগুৰি ধৰি এনেকুৱা এটা ধাৰণা দিব লাগিব যে তেওঁৰ কাৰণে আমি সকলো কৰিব পাৰো আৰু আমাৰ দলটো যথেষ্ট ডাঙৰ।
: ছাৰ। ফালি দিছে। আমি আপোনাৰ লগত আছোঁ ছাৰ।
: তোমালোক?
: ছাৰ, আমি ৰূপহী সংঘৰ। ক্লাৱতে আপোনাৰ মিটিঙ এখন দিব বিচাৰিছিলোঁ। তাৰিখ ল’বলৈ আহিছিলোঁ। লগতে ৰভা, মাইক, ৰাইজ গোটোৱা, চাহ খুওৱা আদিৰ কাৰণে অলপ খৰচ লাগিছিল ছাৰ। তাতে ক্লাৱৰ ৰূপালী জয়ন্তীও আছে।
কাৰ্যসূচী এখন আৰু ৰিচিপ্ত খনত দিয়া বৰঙনিৰ পৰিমাণটো দেখি তেখেতে তেখেতৰ ব্যক্তিগত সচিবৰ লগত কথা পাতিব দিলে। সচিবে ‘পেইড ফুললি’ বুলি চিল চহী মাৰিব দি আধা সংখ্যক টকাৰে আমাক বিদায় দিলে। আমাৰনো কি কিবা পালেই হ’ল। সচিবে যিমান পাৰে উলিয়াই থাকক।
ব’ল। তাত থাকোতেই অংকুৰে খবৰ গোটালে যে আগৰ এম পি জনে এইবাৰ ভিতৰৰ অঞ্চলৰ ৰাইজৰ ‘ভোট’ টাৰ্গেট কৰি লৈছে। লগত কৃষক নেতা কেইজনক লৈ তেওঁ খুব ঘূৰি আছে। ৪ কি:মি: দূৰৰ আওহতীয়া গাওঁখন গৈ পোৱালৈকে প্ৰাৰ্থী জন আহি পোৱা নাছিল। দুই চাৰিজন মানে গছৰ তলে বাহৰ তলে গোটখাই বান্দৰৰ উৎপাত, শিয়ালে হাঁহ খোৱা কথা আলোচনা কৰি আছিল। এজনে সোনকালে গৈ বাৰীত ফটকা মাৰিব লাগিব বুলি পেণ্টৰ পকেটৰ পৰা ফটকা পেকেট এটা চাৰ্টৰ পকেটত থোৱা অংকুৰে লক্ষ্য কৰিলে।
প্ৰাৰ্থী জন আহি পাওঁতে অংকুৰে মানুহ জনে টলকিব পৰাৰ আগতেই ফটকাৰ পেকেটতো তেওঁৰ পকেটৰ পৰা উলিয়াই কৃষক বন্ধু নিবাৰণ বৰাৰ জয় বুলি ফুটাবলৈ ধৰিলে। মানুহ জনে একো কোৱাৰ সুবিধাই নাপালে । ইফালে প্ৰাৰ্থীজনে কৃষিভিত্তিক এলেকাৰ জনতাৰ স্বতঃস্ফুত সমৰ্থন দেখি পৰম আহ্লাদিত হৈ আৰম্ভ কৰিলে ৰাইজ, আপোনালোকক মই কৃষি প্ৰশিক্ষণৰ বাবে ইজৰাইললৈ পঠিয়াম। আপোনালোকে বোধহয় টিভি, মবাইলত দেখিছে ইজৰাইলৰ খেতি। মাটিৰ পৰাই লাগি থকা নাৰিকল, ট্ৰাকত কঢ়িয়াব লগা ঠোকৰ আঙুৰ। ইজৰাইল এখন সৰু দেশ। অসমতকৈও সৰু। কিন্ত তাৰ মানুহৰ জনমুৰি আয় ভাৰততকৈও বেছি। আপোনালোকৰ দুখৰ দিন শেষ হব। আপোনালোকৰ উৎপাদন দেশৰ বাহিৰলৈ যাব।
: ফালি দিছে ছাৰ। আমি এইবাৰ আপোনাৰ লগত আছোঁ। আমি ৰূপহী যুৱক সংঘৰ পৰা আহিছিলোঁ। ক্লাৱত আপোনাৰ মিটিঙ এখন দিব বিচাৰিছিলোঁ। তাৰিখটো পোৱা হ’লে। লগতে ৰভা, মাইক, মানুহ গোটোৱা, চাহ খুওৱা……
☆★☆★☆
11:57 am
ধুনীয়া লিখনি। পঢ়ি ভাল লাগিল।