ফটাঢোল

আপদীয়া পদ্য – প্ৰদীপ পাটগিৰি

এক)
প্ৰকাশ হ’ল চূড়ান্ত এন আৰ চিৰ তালিকা
খচৰাত নাম নথকা সকলৰ মনত পীড়া
তথাপি শান্ত অসম
মমতা দিদিহে গৰম
টেঁটু ফালি চিঞৰি হ’ব যে আধামৰা।

 

 

 

দুই)
অসমৰ সাংসদ দিল্লীত নিমাতী কইনা
অসমৰ নাই যেন কোনো সমস্যা-যাতনা
সংসদত বহি আৰাম কৰি
মাজে মাজে ঘূমটি মাৰি
সম্পত্তি গোটোৱাৰ কৰে পৰিকল্পনা।

 

তিনি)
লাখ লাখ টকাৰে কিনি ডাঙৰ চাকৰি
কাৰাবন্দী জনপ্ৰতিনিধিৰ পুত্ৰ জীয়াৰী
এতিয়া পাইছে মজা
দুঃচিন্তাত জীৱন কুঁজা
কিদৰে ঘূৰে পলকতে জীবন ঘড়ী।

☆★☆★☆

2 Comments

Leave a Reply to Tabibar Rahman Cancel reply

Your email address will not be published. Required fields are marked *