ফটাঢোল

শৰ্মা চাৰৰ কুবুদ্ধি – সিদ্ধাৰ্থ শৰ্মা

১)

গুৱাহাটীত পঢ়ি থকা দিনৰ কথা। তেতিয়া দুই এটা চিগাৰেট খাইছিলোঁ। লগৰ এজন আছিল। নিজে চিগাৰেট নিকিনে। সদায় শেষৰ ফাল খুজি খায়। ডায়লগ এটাই- চিগাৰেটৰ শেষৰ ফালৰ সোৱাদ আৰু নতুনকৈ হোৱা প্ৰেমৰ সোৱাদ একেই। তাৰ বৰ সুন্দৰ ফ্ৰেন্স কাট দাঢ়ি আছিল। তাৰ গাৰ্লফ্ৰেণ্ডেও হেনো সেই ষ্টাইলত ফিদা আছিল। এদিন খং উঠিল। সদায় শেষৰ কণ খাই মোক প্ৰথম প্ৰেমৰ সোৱাদৰ পৰা বঞ্চিত কৰে। কু বুদ্ধিয়ে বাহ ল’লে।

চিগাৰেট এটা কিনি জুইশলা কাঠি দুটা লৈ খাৰ থকা মূৰ দুটা ভাঙি ধূপৰ কাঠি এডালেৰে খুচি খুচি চিগাৰেট ভিতৰত শেষলৈ ভৰাই দিলো।

কলমেৰে খাৰ থকা অংশত দাগ অকণ দি ললো যাতে তালৈ কৰা বুদ্ধিটো পাহৰণিত বুমেৰাং হৈ মোলৈ ঘুৰি নাহে।

তাৰ সন্মুখত দাগটো চাই হুপিবলৈ ললো । দাগটো অহালৈ খুজিলেই। চিগাৰেটটো অকণ দে ।

এক টান । দুই টান । তিনি টান । ফচচ ।

শেষৰ ফাল হোৱা বাবে দাঢ়িতে জুইকণ জ্বলিল । মোছৰ আধা অংশ উৰিল ।

আজি চিগাৰেট শেষৰ সোৱাদ ভাল লগা ছোৱালীক প্ৰপ’জ কৰোতে দিয়া বোন্দা চৰটোৰ দৰে লাগিল । মই কিছুদিন ঘৰলৈ যাওঁগৈ । বিনা ফ্ৰেন্স কাটত তাইৰ আগত ওলাবলৈ হে চিন্তা লাগিল ॥

জীৱনত অন্যৰ পৰা চিগাৰেট খুজি নাখাওঁ ।

বি দ্ৰ চিগাৰেট খোৱাটো ক্ষতিকাৰক আৰু অন্যৰ পৰা সদায় খোৱাটো আৰু খটৰনাক

বেচেৰালৈ কিন্তু আজিও মোৰ সহানুভূতি আছে॥

*****

২) প্ৰিন্সৰ লোমহৰ্ষক হত্যা

কলেজত পঢ়ি থকা সময়ৰ কথা । কিছুদিন মেচ কৰি আছিলো । মোৰ ৰূমটোত মই অকলে আছিলো । দেউতা আহিলে বজাৰত লৈ যায় ভাল মাছ কিনি দিয়ে । ঘৰৰ বিশ্বাসী গুৱালৰ গাখীৰ আনি দিয়ে । সৰু লৰা কণৰ কষ্ট হয় । সেয়ে ভাল খোৱাটো জৰুৰী ।

ঘৰৰ মালিকৰ জীয়েকৰ এটা নোদোকা বোন্দা আছিল । নাম প্ৰিন্স । ই অসুৰে মাছ গাখীৰ ইত্যাদি থাকিলে অত্যাচাৰ কৰে । মইও কলেজত লেকাম নোহোৱা ঘোঁৰাৰ দৰেই স্বাধীন আছিলো । দুৱাৰ খিৰিকী মাৰিলোনে নাই চাবৰ সময় নাই ।

এদিন খুড়ীক কলো মেকুৰীটো বান্ধি থবচোন । ই চুৰ কৰি বস্তু খায় ।

জীয়েকে শুনি গৰগৰাই উঠিল মেকুৰীক এৰাল দিয়া কত দেখিছে । প্ৰিন্স বহুত জেন্টল এণ্ড অবিদিয়েন্ট হয় । চুৰ নকৰে ।

মাক কলো মাৰিয়েই পেলাম এইটোক । মায়ে বুজনি দিলে মেকুৰী মাৰিব নাপায় ।মাৰিলে স্বৰ্গত সোণৰ মেকুৰী দান দিব লাগিব ।

বৰ চিন্তাত পৰিলো । ই যিটো হাৰত মোক লুটিছে সোণৰ মেকুৰীৰ দাম মৰ্ত্যতে লৈ লব । গীতাত শ্ৰী কৃষ্ণই বিশ্বৰূপ দৰ্শন দিওঁতে কৈছে হে পাৰ্থ । তুমি নিমিত্তহে । জন্ম মৃত্যু সকলো মোৰ দ্বাৰাই নিয়ন্ত্ৰিত । তুমি নিজ কৰ্তব্য কৰা ।

মইও থিৰাং কৰিলো ইয়াক মাৰিম । কিন্তু বিহ খুৱাই বা টঙনিয়াই মাৰিলে অপৰাধী হম । দক্ষিণ আফ্ৰিকাত এটা জনজাতিয়ে বান্দৰ চিকাৰ কৰে । কিতাপত পঢ়িছিলো । এটা কলহত বাদাম ভৰাই থয় । কলহৰ মুখখন এনেকুৱা যে হাতখন সোমাই যায় কিন্তু বাদাম মুঠি মাৰি ধৰিলে হাতখন ওলাই নাহে । কলহটো বন্ধা থাকে বাবে দাঙিও নিব নোৱাৰে । লুভীয়া বান্দৰে কলহত হাত ভৰাই বাদাম মুঠি মাৰি মানুহে আহি চিকাৰ নকৰালৈকে ৰৈ থাকে ।

বছ । কুবুদ্ধি আহি গল । প্ৰিন্সৰ মৃত্যুৰ কাৰণ তাৰ লোভেই হওঁক ।

পিছদিনা সি জীয়েকৰ কোলাত বহি থাকোতে অকণমান তাক লিৰিকি বিদাৰি মৰম কৰি মূৰ আৰু ডিঙিৰ অকণমান আন্দাজ ললো । তেতিয়াই এনে খং এটা উঠিছিল যে আফুগুটি পিহাদি পিহি পেলাম যেন । একো নকৈ ই বৰ নোদোকা হৈছে বুলি কৈ আহিলো । মোৰ মাছ গাখীৰ চুৰ কৰি খাই নোদোকা হৈছে বুলি কলে বিতৰ্ক হব পাৰে ।

চাই চাই তাৰ জোখেৰে এটা ঘটি আনিলো । তাৰ স্বাস্থ্য পাতি ভাল । ঘটিটো দাঙি ঘুৰিব পাৰিব । অপেক্ষাত ৰলো ।

এদিন আহিল সুযোগ । মালিকৰ ঘৰৰ মানুহবোৰ দিনটোৰ বাবে কৰবালৈ গল । সি বাহিৰত ৰদ পুৱাই থাকোতে তাক দেখুৱাই ঘটিটোত গাখীৰ অলপ ঢালি দুৱাৰখন আধা জপাই বাহিৰৰ বাথৰুমলৈ গলো । তাৰ আগতে ৰুমৰ ভাঙিব পৰা বস্তুবোৰ ট্ৰাংকত ভৰাই থলো ।

দূৰৰ পৰা দেখিলো সি সোমাইছে ঘৰৰ ভিতৰত ।

ঘটিটোত অলপ জোৰ দি মূৰটো সোমাওঁতেই বাহিৰৰ পৰা তলা লগাই ওলাই গলো ।

বাহিৰত অপেক্ষা কৰিলো মানুহবোৰ অহালৈ । মালিক জীয়েক আহি পাওঁতেই তেওঁলোকক দেখুৱাই খুব ব্যস্ত হৈ তলা খুলিলো । ঘটিটোৰ পৰা মূৰটো উলিয়াব নোৱাৰি ৱাল খুন্দিয়াই খুন্দিয়াই মেকুৰীটো মৰিল ।

চিঞৰ এটা মাৰি বকিবলৈ ললো মই কৈছিলোনে ই চুৰ কৰে । আজি ৰুমটোৰ কি অৱস্থা কৰিলে । ই মৰিছে নিজৰ খকত ।

পিছফালে গাঁত এটা খান্দি তাক পোতা হল । কৰবীজোপাৰ পৰা কৰবী ফুল দুপাহ আনি ছটিয়াই দি সেৱা এটা কৰিলো । জীয়েকৰ চলচলীয়া চকু হাল দেখি মনটো সেমেকিছিল যদিও নেদেখুৱাই কলো ই তুমি ভৱাৰ দৰে জেন্টোল নাছিল ॥ নিজৰ দোষৰ শাস্তি নিজেই পালে ॥

মই মৰা নাছিলো তোক সঁচাকৈয়ে ॥ প্ৰিন্স

******

৩)

দোষীয়ে নিজৰ দোষৰ শাস্তি নিজেই পায় । মই নিমিত্তে মাথো ।

বন্ধুৰ ঘৰ গাৱত । এদিন গলো । পথাৰৰ মাজত পুখুৰী । পুখুৰীৰ পৰা কিছু দূৰৈত বাঁহনি । এক নিৰিবিলি নান্দনিক পৰিবেশ । এই পৰিবেশত বিলীন হৈ বাঁহনিৰ কাষেৰে আহি থাকোতে বেয়া গোন্ধ নাকত লাগিল ।

কোনে ইয়াত হেৰি কৰে । লেতেৰা ।

বন্ধুৱে কলে এ নকবি । ওচৰৰে এজন । ঘৰত লেট্ৰিন বাথৰুম থাকোতেও আমাৰ বাঁহনিত হে কৰেহি । পুখুৰীৰ পৰা বাঁহৰ চুঙাত পানী ভৰাই আনি কামফেৰা কৰে আৰু তিতা গামোচাৰে পুখুৰী পাৰত গাটো মচি যায়গৈ । মানা কৰিলেও নুশুনে ।

মূৰত কু বুদ্ধি এটা খেলালে ।

বাঁহৰ চুঙাটো কত থয় ।

পুখুৰীৰ পাৰতে থাকে ।

বল ঘৰলৈ । পাতি হাঁহ এটা আজি ৰাতি খুৱা । কাইলৈ চা সেইজনৰ এই অভ্যাস শেষ হব । আৰু পুখুৰীত এই ঠাণ্ডাত নমাই গা ধুৱাম ।

বন্ধুৱে ঘৰলৈ আহি হাঁহ যোগাৰ কৰাত লাগিল ।

মই পলিথিনৰ ঠোঙা দুটা পিন্ধি বিহ জলকীয়া পাছটা পতাত পিচি কাপোৰেৰে চেকি ৰসকন তাহানিৰ কেমেৰাৰ ৰীলৰ টেমাত ভৰাই ললো ।

আন্ধাৰ নামোতেই পুখুৰীৰ পাৰত গৈ বাঁহৰ চুঙাটোত ৰসখিনি ঢালি জোকাৰি থৈ আহিলো ।

ৰাতি হাঁহৰ মাংসৰে দকচি খাই টিট টিট বজা ঘড়ীত এলাৰ্ম দি শুলো ।

পুৱা পাছ টাত উঠিয়েই সেই ঠাইত চোপ দিলো ।

ঠাণ্ডা লাগিছে যদিও অপেক্ষাত । কুঁৱলী ফালি সেইজন আহিছে । ডিঙি মেলি চালো । চুঙাত পানী ভৰাই বাঁহনিলৈ কোব লৈছে । মনে মনে পিছে পিছে গলো ।

জোপোহা এটাৰ আঁৰত বহিছে । কিছুসময় পিছত চলৌপ পানীৰ শব্দ শুনিলো ।

আৰে । জোপোহাটো কঁপিছে । এটা বিকট চিঞৰেৰে সৰু পুলি নেফানেফ কৰিলে । দুটামান বান্দৰ জাঁপ মাৰি নৰানি ফালি ফালি পুখুৰীলৈ কোব ললে । শিৱ দূৰ্গা শিৱ দূৰ্গা । বিকট মাতেৰে শুনা পালো । বন্ধুৱে কলে ওচৰত গৈ চাওঁ ।

নাযাবি । দেখিলে খেদি খেদি মাৰিব । মূৰে কাম কৰা নাই তাৰ ।

ধপং । শব্দটো শুনিলো । সেইজনে জ্বলাৰ কোবত পানীত জাঁপ দিলে ।

বহুত সময় আতুৰ বিননি শুনিলো । খুপি খুপি চালো তিতা অৰ্ধ উলংগ গাৰেই কঁপি কঁপি ফেৰেকা দৌৰে ঘৰলৈ কোব দিলে । বিননিটো লাহে লাহে কাণত নপৰা হল ।

বন্ধুক সুধিলো কিছুদিন পিছত এতিয়া কেনে সেইফালে ।

আহিবি । বাঁহনিত বনভোজ খাম । এতিয়া পূৰা চাফা সেইখন ।

*****

৪)

অতীতবোৰ ৰোমন্থন কৰি ভাল লাগে । দোষীক শাস্তি দিবলৈ গালি মাৰ জেল নিদিলেও হয় । মাত্ৰ পৰিবেশ অধ্যয়ন কৰিব লাগে । ওচৰত পোৱা সহজলভ্য বস্তুৰ সঠিক প্ৰয়োগ কৰিব লাগে ।

মই নিমিত্তে মাথোন ।

মোৰ স্কুলৰ দিনৰ কথা । মই বৰ অজলা আছিলো । সেয়ে নাম আইতাই থৈছিল ভোলা পিছলৈ ভলু হয়গৈ । শিৱসাগৰত এটা ভাড়াঘৰত বহুতদিন থকাৰ পিছত দেউতাই নিজৰ ঘৰ বুলি মেৰামতি কৰিবলৈ এটা অসমীয়া মিস্ত্ৰী আনিলে । শিৱসাগৰ এৰা পৰ্যন্ত সেইটো ঘৰতে আমি দহ বছৰ আছিলো ।

দাদা জন কামত ভাল । খুব ভাল ব্যৱহাৰ । আমাৰ তাতে থাকি কাম কৰিছিল ঘৰটোৰ । কেৱল গধূলি হলেই ওলাই যায় । অকণমান খাই আৰু নানা কথা পাতে । মায়ে গালি পাৰিলে আৰু দুখ উতলি উঠে । বৌ তই মোক কিয় গালি পাৰ বুলি আৰু দুখত বকে । ইহঁতৰ পঢ়াম মই । বৰ আপোন । মায়ে প্ৰমাদ গনে ।

অন্য একো বেয়া নাছিল । মাত্ৰ কথা পাতে । আমাৰ পঢ়াত দিগদাৰ হয় ।

বাৰাণ্ডাৰ খুটাত এটা ভোমোৰাই খুলি খুলি বাহ লৈছিল । এদিন গধূলি কলো এই খুটাটো ভাঙিব কেতিয়াবা । ইয়াক সলাই দিব । দাদাই চিন্তা নকৰিবি ভলু । মই আছো । চব অ কে হব ।

কিন্তু ভোমোৰাটোক শাস্তি দিব লাগিছিল । ভাল খুটাটো খাই দিলে । ইয়াক বিড়িৰ ধোঁৱা দি দিয়ক ।

দাদাই গুলাপী নিচাত ৰৈ নাথাকি বিড়িটো টান মাৰি ফুটাটোত ফুৱাবলৈ লাগিল ।

গুণ গুণ গুণ । ভোমোৰাই ভিতৰত তাল আফাল লগালে । দাদাই এনে মজা পাই কলে দেখিছ মোৰ পাৱাৰ । ভোমোৰাই নাচি দিছে ।

মইও বিৰাট ৰস পোৱা যেন দেখুৱাই কলো আৰু দিয়ক । ভালকৈ দিয়ক । ওচৰৰ পৰা দিয়ক ।

এইবাৰ দাদাই বিড়িটোত দমদাৰ টান এটা মাৰি ফুটাত মুখ লগাই ফুৱাবলৈ ললে ।

গুণ গুণ গুণ । ভোমোৰাই নাচিছে । গুণ গুণ গুণ ।

আইঅ । এটা বিকট চিঞৰ । বিজুলী বেগে ভোমোৰাই ওলাই আহি প্ৰচণ্ড আক্ৰোশেৰে দাদাৰ জিভাত শুং ডাল সোমোৱাই ওলমি দিলে ।

দাদাৰ জাঁপ ভোমোৰা উফৰি পৰিল । ভোমোৰাৰো চেতন হেৰাল । বিচাৰি আলফুলে thank u এটা দিলো । মহান কাম এটা কৰিলে । এটুকুৰা ভাল জেগাত তাক মৰমেৰে থৈ দাদাৰ ওচৰত আহিলো । জিভাখন ফুলা লুচি ৰ দৰে ফুলি আহিল ।

মায়ে বকিবলৈ ললে পা মজা । ওফাইডাং কথা আৰু কামৰ কাৰণে মৰিছ তই ।

দুদিনলৈ মাত হেৰাল তাৰ । আগৰ দৰে গধুলি কথা নপতা হল লাজতে ।

পিছদিনা দেখিলো ভোমোৰাই ঠাই সলাই মানুহে ঢুকি নোপোৱা ওপৰৰ খুটা এটাত বাহ সাজিছে ।

বাৰাণ্ডাৰ খুটাটোও বহুদিন ভালেৰে গল ।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *