ফটাঢোল

কৌতুক – অমিতাভ মহন্ত

মাকে ফোনত জীয়েকৰ সৈতে কথা পাতি আছে৷ টপিক জীয়েকলৈ অহা নতুন পাত্ৰৰ খবৰ৷ বোধহয় ফোনৰ সিপাৰে জীয়েকৰ ভীষণ আপত্তি৷ মাকে বুজাই আছে, পৰা নাই৷ ময়ো এনেই কাণখন থিয় কৰি থৈছোঁ৷ উপায়হীন হৈ মাকে এইমাত্ৰ শেষ অস্ত্ৰ এৰিলে,

– হ’ব দে অ’৷ অলপ চাপৰ হ’লে কিনো ইমান ডাঙৰ কথা হ’ল৷ বিয়াৰ পিছত তাক আমি নাৰিকল পৰা কামত নলগাওঁ নহয়!

☆★☆★☆

11 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *